মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি পাটনাৰ গান্ধী ময়দানত থকা ভাৰতৰ জাতিৰ পিতা মোহনদাস কৰমচান্দ গান্ধীৰ ৰাজহুৱা স্মৃতিসৌধ। এই প্ৰতিমূৰ্তিটো হৈছে বিশ্বৰ সৰ্বোচ্চ ব্ৰঞ্জেৰে তৈয়াৰী এটা মূৰ্তি। ২০১৩ চনৰ ১৫ ফেব্ৰুৱাৰীত বিহাৰৰ তদানীন্তন মুখ্যমন্ত্ৰী নীতিশ কুমাৰে ইয়াক উন্মোচন কৰিছিল।১ বিহাৰ চৰকাৰে ₹৩৫ কোটি ব্যয় সাপেক্ষে ইয়াক প্ৰতিষ্ঠা কৰিছিল।২ দ্বিতীয় সৰ্বোচ্চ গান্ধীৰ প্ৰতিমূৰ্তি কৰ্ণাটকৰ তুৰুৱনুৰ চিত্ৰদুৰ্গা তালুকত অৱস্থিত।
বিৱৰণ
এই প্ৰতিমূৰ্তিটো 72 ফুট উচ্চতাৰ ভিত্তিৰ সৈতে ব্ৰঞ্জৰে তৈৰী কৰা হৈছে। ৰাম সুতাৰৰ ফাৰ্মে ভাস্কৰ্য্য নিৰ্মাণ কৰা এইখন ঐতিহাসিক গান্ধী ময়দানৰ পশ্চিম মূৰত, পাটনাৰ ছেইণ্ট জেভিয়াৰ হাইস্কুলৰ সন্মূখত অৱস্থিত।৩ ইয়াত দেখা গৈছে মহাত্মা গান্ধীয়ে দুটা সন্তানৰ সৈতে মৰমেৰে থিয় হৈ আছে। 24 ফুট উচ্চতাৰ এই পেডেষ্টেলটোত গান্ধীৰ জীৱনৰ চাৰিটা উল্লেখযোগ্য পৰিঘটনা- ১৯৩০ চনত দাণ্ডী মাৰ্চ, ১৯৪২ চনত ভাৰত ত্যাগ আন্দোলন, ১৯১৭ চনত চম্পাৰণ সত্যগ্ৰহ আৰু গান্ধীৰ প্ৰতীক হিচাপে চৰখা (যঁতৰ) ডাঙৰ আখৰেৰে লিখা আছে।৪
ৰামসুতাৰ আৰ্টছ প্ৰাইভেট লিমিটেড চলোৱা ভাস্কৰ্য শিল্পী অনিলে কয় যে "গান্ধীক হাঁহিমুখীয়া চাৱনিৰে প্ৰদৰ্শন কৰা এই মূৰ্তিটোৱে বিশ্ব শান্তিৰ বাৰ্তা বিয়পাই দিব আৰু ধনী আৰু দুখীয়াৰ মাজৰ বিভাজন দূৰ কৰিবলৈ সকলোকে প্ৰেৰণা যোগাব।"৫
লগতে চাওক
- গান্ধী সংগ্ৰহলয়, পাটনা
- মহাত্মা গান্ধীৰ কলাত্মক চিত্ৰণৰ তালিকা
তথ্যসূত্ৰ
- ↑ (2013-02-15). World's Tallest Statue of Mahatma Gandhi Unveiled in Patna. PatnaDaily.Com
- ↑ (2012-08-05). Tallest Gandhi statue to be installed at Patna – The Times of India. Timesofindia.indiatimes.com
- ↑ (13 September 2013). Gandhi vs Gandhi: Two statues of the Father of the Nation are getting differential treatment in Patna.. PIYUSH KUMAR TRIPATHI. The Telegraph (Calcutta), Patna
- ↑ (2013-02-16). Mahatma Gandhi's tallest statue unveiled – The Times of India. Timesofindia.indiatimes.com
- ↑ PTI. (2013-02-15). World’s tallest Gandhi statue unveiled in Patna. The Hindu
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি, গান্ধী ময়দান” প্ৰবন্ধৰ সংশোধন ৩৮৭৪৮২ (১৪ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।