অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

পুনে

পুনে (पुणे) ভাৰতৰ মহাৰাষ্ট্ৰ ৰাজ্যৰ এখন মহানগৰ। ইয়াক পূৰ্বতে পুনা নামেৰে জনা গৈছিল। মহাৰাষ্ট্ৰৰ মুলা আৰু মুথা নদীৰ সংগম স্থলীত ইতিহাস প্ৰসিদ্ধ পুনে নগৰী অৱস্থিত। ‘দাক্ষিণাত্যৰ ৰাণী’ নামেৰে পৰিচিত পুনে নগৰী মাৰাঠা সকলৰ সাংস্কৃতিক ৰাজধানী বুলিও জনা যায়।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ২৩৩ শব্দ · ১ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

পুনে (पुणे) ভাৰতৰ মহাৰাষ্ট্ৰ ৰাজ্যৰ এখন মহানগৰ। ইয়াক পূৰ্বতে পুনা নামেৰে জনা গৈছিল। মহাৰাষ্ট্ৰৰ মুলা আৰু মুথা নদীৰ সংগম স্থলীত ইতিহাস প্ৰসিদ্ধ পুনে নগৰী অৱস্থিত। ‘দাক্ষিণাত্যৰ ৰাণী’ নামেৰে পৰিচিত পুনে নগৰী মাৰাঠা সকলৰ সাংস্কৃতিক ৰাজধানী বুলিও জনা যায়। সপ্তদশ শতিকাত পুনে নগৰী মাৰাঠা সকলৰ ৰাজধানী আছিল। তাৰ পিছত কিছুবছৰ পুনে মোগল সাম্ৰাজ্যৰ অধীন হয় যদিও পিছত পুনেক পুনৰ উদ্ধাৰ কৰি মাৰাঠা সকলে ৰাজধানী পাতে। ১৮১৭ চনত ব্ৰিটিছ সকলে পুনেত আধিপত্য বিস্তাৰ কৰে। ব্ৰিটিছ ভাৰতৰ অন্তৰ্গত বোম্বে প্ৰেছিডেন্সিৰ পুনে ঋতুকালীন ৰাজধানী আছিল।

ঐতিহাসিক গুৰুত্ব

পুনে নগৰখনৰ আশে-পাশে ঐতিহাসিক গুৰুত্ব সমৃদ্ধ কেইবাটাও কীৰ্তিস্তম্ভ আছে। এই আটাইবোৰে প্ৰাচীন মাৰাঠা সাম্ৰাজ্যৰ গৌৰৱোজ্জ্বল ইতিহাসৰ চানেকি প্ৰদান কৰে। পুনে নগৰীত অৱস্থিত ভীমাশংকৰ শিৱ মন্দিৰ ভাৰতৰ ১২ টা জ্যোতিৰ্লিংগৰ অন্যতম। অতীজৰ তুকাৰাম, জ্ঞানেশ্বৰ আদি অনেক সাধু-কবিয়ে পুনে অঞ্চলত বাস কৰিছিল। ১

ঔদ্যোগিক প্ৰতিষ্ঠান

পুনে নগৰীত যথেষ্ট সংখ্যক ঔদ্যোগিক প্ৰতিষ্ঠান গঢ় লৈ উঠিছে আৰু ইয়ে নগৰখনৰ অৰ্থনৈতিক ভেটি সবল কৰি তুলিছে। ইয়াত থকা প্ৰধান উদ্যোগবোৰ হ’ল- গাড়ী, স্কুটাৰ, ট্ৰাক নিৰ্মাণ প্ৰ্তিষ্ঠান, এণ্টিবায়টিক ফাৰ্মাচিউটিকেল উদ্যোগ ইত্যাদি। পুনে মহানগৰীত সামৰিক সামগ্ৰী উৎপাদন কাৰখানা এটিও আছে।

উল্লেখযোগ্য শৈক্ষিক আৰু গৱেষণা প্ৰতিষ্ঠান

অতীজৰে পৰা পুনে নগৰী ভাৰতৰ এক অন্যতম শৈক্ষিক আৰু সাংস্কৃতিক কেন্দ্ৰ হিচাপে চিহ্নিত হৈ আহিছে। ইয়াত অৱস্থিত প্ৰখ্যাত শৈক্ষিক আৰু গৱেষণা প্ৰতিষ্ঠান সমূহ হ’ল:

  1. ভাণ্ডাৰকাৰ অৰিয়েণ্টেল ৰিছাৰ্চ ইনষ্টিটিউট
  2. গোখলে ইনষ্টিটিউট অৱ পলিটিক্স এণ্ড ইক’নমিক্স
  3. ডেক্কান কলেজ পোষ্ট গ্ৰেজুৱেট ৰিছাৰ্চ ইনষ্টিটিউট
  4. ইণ্ডিয়ান মেটিয়ৰলজিকেল ডিপাৰ্টমেণ্ট
  5. নেশ্যনেল ইনষ্টিটিউট অৱ ভাইৰ’লজি
  6. নেশ্যনেল ডিফেন্স একাডেমী
  7. চেন্ট্ৰেল ৱাটাৰ এণ্ড পাৱাৰ ৰিছাৰ্চ ষ্টেচন
  8. ইনষ্টিটিউট অৱ ট্ৰপিকেল মেটিয়ৰলজি
  9. পুনে বিশ্ববিদ্যালয়
  10. ইণ্টাৰইউনিভাৰ্চিটি এণ্ড ছেণ্টাৰ ফৰ এষ্ট্ৰনমি এণ্ড এষ্ট্ৰফিজিক্স
  11. আৰ্মড ফোৰ্চ মেডিকেল কলেজ

তথ্যসূত্ৰ

  1. ↑ শান্তনু কৌশিক বৰুৱা, জ্ঞানাঞ্জন, প্ৰান্তিক, ৩৫শ বছৰ, ৪ৰ্থ সংখ্যা, পৃষ্ঠা নং: ১৯

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ নগৰ মহানগৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পুনে” প্ৰবন্ধৰ সংশোধন ৩৮১৭৭১ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।