অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

গুজৰাটী ভাষা

গুজৰাটী ভাষা ইণ্ডো-আৰ্য ভাষা। ই বৃহত্তৰ ইণ্ডো-ইউৰোপীয় ভাষা-পৰিবাৰৰ অন্তৰ্ভুক্ত। ভাষাটো ভাৰতৰ গুজৰাট ৰাজ্যত বহুল প্ৰচলিত। গুজৰাটৰ বাহিৰেও দমন আৰু দিউ আৰু দাদৰা আৰু নাগৰ হাভেলি অঞ্চলত এই ভাষা প্ৰচলিত।

হালনাগাদ: ১৮ ফেব্ৰুৱাৰী ২০২৬ ১৫৯ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

গুজৰাটী ভাষা ইণ্ডো-আৰ্য ভাষা। ই বৃহত্তৰ ইণ্ডো-ইউৰোপীয় ভাষা-পৰিবাৰৰ অন্তৰ্ভুক্ত। ভাষাটো ভাৰতৰ গুজৰাট ৰাজ্যত বহুল প্ৰচলিত। গুজৰাটৰ বাহিৰেও দমন আৰু দিউ আৰু দাদৰা আৰু নাগৰ হাভেলি অঞ্চলত এই ভাষা প্ৰচলিত। ২০১১ চনৰ হিচাপত গুজৰাটী ভাষা থলুৱা ভাষীৰ সংখ্যাৰ হিচাপত ভাৰতৰ ৬ নং সৰ্বাধিক কথিত ভাষা, ৫৫.৫ মিলিয়ন ভাষীয়ে এই ভাষাত কথা পাতে, যিটো মুঠ ভাৰতীয় জনসংখ্যাৰ প্ৰায় ৪.৫ শতাংশ।১ ২০০৭ চনৰ হিচাপত ই বিশ্বৰ ২৬তম সৰ্বাধিক প্ৰচলিত ভাষা।২ গুজৰাটী ভাষাত গোটেই বিশ্বত প্ৰায় ৪ কোটি ৬০ লাখ মানুহে কথা পাতে।

লিখন পদ্ধতি

অন্যান্য নাগৰী লিখন পদ্ধতিৰ দৰেই গুজৰাটী লিপিও এটা আবুগিদা লিপি৷ ইয়াৰ দ্বাৰা গুজৰাটী আৰু কুট্‌চি ভাষা লিখা হয়। ই দেৱনাগৰী লিপিৰ এটা ভিন্নতা, আখৰবোৰৰ ওপৰত চলি থকা বৈশিষ্ট্যপূৰ্ণ অনুভূমিক ৰেখাডাল হেৰুৱাই আৰু বাকী থকা আখৰবোৰত কম সংখ্যক পৰিৱৰ্তনৰ দ্বাৰা পৃথক।

গুজৰাটী বৰ্ণ আৰু সংখ্যা

স্বৰবৰ্ণ

અઆઇઈઉઊઋ
অআইঈউঊঋ
એઐઍઓઔઑ
এঐএ'ওঔঅ'

ব্যঞ্জনবৰ্ণ

કખગઘઙચછજઝઞ
কখগঘঙচছজঝঞ
ટઠડઢણતથદધન
টঠডঢণতথদধন
પફબભમયરલવ
পফবভমযৰলৱ
શષસહળ
শষসহল্

সংখ্যা

૦૧૨૩૪૫૬૭૮૯
০১২৩৪৫৬৭৮৯

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Scheduled Languages in descending order of speaker's strength – 2011. Registrar General and Census Commissioner of India
  2. ↑ Mikael Parkvall, "Världens 100 största språk 2007" (The World's 100 Largest Languages in 2007), in Nationalencyklopedin. Asterisks mark the 2010 estimates for the top dozen languages

সম্পৰ্কিত শ্ৰেণী

ভাষাভাৰতৰ ভাষাপোখালি (ভাষা)

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গুজৰাটী ভাষা” প্ৰবন্ধৰ সংশোধন ৫৭৮৭২২ (১৮ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।