অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

গুজৰাট

গুজৰাট (ગુજરાત) ভাৰতৰ আটাইতকৈ পশ্চিমত অৱস্থিত ৰাজ্য। গুজৰাটৰ ৰাজধানী গান্ধীনগৰ। গুজৰাটত ৩৩খন জিলা আছে। গুজৰাটৰ গৱৰ্ণৰ ওম প্ৰকাশ কহলী।

হালনাগাদ: ১৮ জুলাই ২০২৬ ১৯২ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

গুজৰাট (ગુજરાત) ভাৰতৰ আটাইতকৈ পশ্চিমত অৱস্থিত ৰাজ্য১। গুজৰাটৰ ৰাজধানী গান্ধীনগৰ। গুজৰাটত ৩৩খন জিলা আছে। গুজৰাটৰ গৱৰ্ণৰ ওম প্ৰকাশ কহলী।

সধাৰণ তথ্য

গুজৰাটৰ ক্ষেত্ৰফল ১৯৬০২৪ বৰ্গ কিলোমিটাৰ।২ এই ৰাজ্যত ৬৩৮৯১৩০৩ জন মানুহে বসবাস কৰে৩

বুৰঞ্জী

শ্ৰী কৃষ্ণ
শ্ৰী কৃষ্ণছবি: Unknown author · Public domain

হিন্দু বিশ্বাসৰ মতে শ্ৰীকৃষ্ণ আৰু তেওঁৰ ভ্ৰাতৃ বলৰামে তেওঁলোকক দ্বাৰকাত প্ৰতিষ্ঠা কৰিছিল, তেওঁলোক আছিল যাদৱ বংশৰ।৪ মৌৰ্য্য, গুপ্ত, চালুক্য, প্ৰতিহাৰা আদি উল্লেখনীয় ৰাজবংশ।৫ পাৰ্চী সকল ইৰানৰ পৰা ৮ম শতিকাত পলাই গুজৰাটলৈ আহে পবিত্ৰ শিখা লৈ যি এতিয়াও ভলসদত জ্বলি আছে।৬ মুছলমানসকলৰ প্ৰভাৱ এতিয়াও গুজৰাটৰ কলা-সংস্কৃতিত দেখা যায়। পৰ্তুগীজ সকল গুজৰাটলৈ অহা প্ৰথম ইউৰোপীয় লোক। তেওঁলোকে আহি সৌৰাষ্ট্ৰৰ দক্ষিণ অঞ্চলৰ দিউ দ্বীপত বাহৰ পাতে।৭ তাৰ পিছত আহে ইংৰাজ সকল ১৬১২ চনত। তেওঁলোকে চুৰট নামৰ ঠাইত ব্যৱসায় কৰে। ইংৰাজ সকলৰ তলত থাকোঁতে গুজৰাট 'বম্বে প্ৰদেশ'ৰ অংশ আছিল।৮ কিন্তু ১৯৬০ চনত 'গুজৰাটী' লোক সকলে সেই প্ৰদেশৰ পৰা বেলেগ হোৱাৰ সিদ্ধান্ত লয় আৰু বম্বে ২ ৰাজ্য 'গুজৰাট' আৰু 'মহাৰাষ্ট্ৰ'ত বিভক্ত হয়।৯ গুজৰাট এতিয়া ভাৰতৰ আগশাৰীৰ ঔদ্যোগিকৃত ৰাজ্যৰ ভিতৰত অন্যতম। গুজৰাটত বৰ্তমান প্ৰায় ১৫০০ বৃহৎ আৰু মাজু আকাৰৰ উদ্যোগ আৰু প্ৰায় ১৮৪১১৯ সৰু উদ্যোগ আছে।১০

নাম

গুজৰাট নাম গুজ্জৰ নামৰ জনজাতিৰ পৰা অহা। গুজ্জৰ সকলৰ ঠাইক গুজ্জৰ ৰাষ্ট্ৰ বোলা হৈছিলে আৰু সেই গুজ্জৰ ৰাষ্ট্ৰৰ পৰাই গুজৰাট শব্দ আহিল। গুজ্জৰ সকল ৫ম শতাব্দীত হানসকলৰ পৰা পলাই গুজৰাটলৈ আহিছিল।১১

তথ্যসূত্ৰ

  1. ↑ gk-2008.blogspot.in/2007/12/indian-geography.htm
  2. ↑ www.mapsofindia.com/gujarat/geography/area.html
  3. ↑ www.indiaonlinepages.com/population/gujarat-popu
  4. ↑ আৰ্কাইভ কপি
  5. ↑ আৰ্কাইভ কপি
  6. ↑ আৰ্কাইভ কপি
  7. ↑ আৰ্কাইভ কপি
  8. ↑ আৰ্কাইভ কপি
  9. ↑ www.gujarat4u.com/about/historyofgujarat1.htm 4th paragraph
  10. ↑ www.gujarat4u.com/about/historyofgujarat1.htm 9th paragraph
  11. ↑ www.gujarat4u.com/about/historyofgujarat1.htm 6th paragraph

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ ৰাজ্যপোখালি (ভাৰত)

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গুজৰাট” প্ৰবন্ধৰ সংশোধন ৬১৮০৮৫ (১৮ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।