অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

মহাত্মা গান্ধী ৰাষ্ট্ৰীয় নিয়োগ নিশ্চিত আইন, ২০০৫

মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আইন, ২০০৫ (Mahatma Gandhi National Rural Employment Guarantee Act 2005) বা চমুকৈ এমজিএনৰেগা ভাৰতত ৰূপায়িত নিয়োগৰ নিশ্চয়তা প্ৰদান কৰা আইন। পূৰ্বতে এই আইনক ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আইন বা এনৰেগা বুলি জনা গৈছিল।

হালনাগাদ: ২৪ ছেপ্তেম্বৰ ২০২৬ ১,৭৮০ শব্দ · ১০ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আইন, ২০০৫ (Mahatma Gandhi National Rural Employment Guarantee Act 2005) বা চমুকৈ এমজিএনৰেগা ভাৰতত ৰূপায়িত নিয়োগৰ নিশ্চয়তা প্ৰদান কৰা আইন।১ পূৰ্বতে এই আইনক ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আইন বা এনৰেগা বুলি জনা গৈছিল। এই আইনৰ মূল উদ্দেশ্য হৈছে‘কাম কৰাৰ বা কৰ্মৰ অধিকাৰ’ নিশ্চিত কৰা। ভাৰত চৰকাৰে ৰূপায়ণ কৰা ই একপ্ৰকাৰৰ মাইলৰ খুঁটি স্বৰূপ সমাজ কল্যাণমূলক কাৰ্যসূচী। ভাৰতৰ গ্ৰাম্য জনসাধাৰণক বিশেষকৈ দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা লোকসকলক কৰ্মসংস্থাপন আৰু জীৱিকাৰ সুযোগ প্ৰদান কৰা ইয়াৰ অন্যতম মুখ্য উদ্দেশ্য। ২০০৫ চনৰ ২৩ আগষ্ট তাৰিখে ভাৰতৰ তদানীন্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ ইউ পি এ চৰকাৰৰ অধীনত গ্ৰামোন্নয়ন মন্ত্ৰী ৰঘুবংশ প্ৰসাদ সিঙে বিধেয়কখন সংসদত দাখিল কৰিছিল।২ বিধেয়কখন সংসদত গৃহীত হোৱাৰ পিছত ২০০৬ চনৰ ২ ফেব্ৰুৱাৰী তাৰিখে কাৰ্যকৰী কৰা হয়।

এই আইনৰ মুখ্য উদ্দেশ্য হৈছে গ্ৰাম্য অঞ্চলত জীৱিকাৰ সুৰক্ষা বৃদ্ধি কৰা। যিবোৰ পৰিয়ালৰ প্ৰাপ্তবয়স্ক সদস্যই স্বেচ্ছাই অদক্ষ শাৰীৰিক শ্ৰম থাকে, তেনে প্ৰতিটো পৰিয়ালৰ অন্ততঃ এজন সদস্যক বিত্তীয় বৰ্ষত কমেও ১০০ দিনৰ মজুৰিৰ নিয়োগ প্ৰদান কৰাৰ নিশ্চয়তা এই আইনে প্ৰদান কৰে।৩৪৫ এমজিএনৰেগাৰ অধীনত উপলব্ধ কৰা নিয়োগৰ এক তৃতীয়াংশ মহিলাৰ বাবে সংৰক্ষিত কৰাৰ নিশ্চয়তা দিয়া হয়।৬ এম জি এনৰেগাৰ আন এটা লক্ষ্য হৈছে ৰাজহুৱা সম্পত্তি যেনে পথ, খাল, পুখুৰী আৰু কুঁৱা আদি সৃষ্টি কৰা। এই আইনৰ অধীনত চৰকাৰে আবেদনকাৰীৰ বাসগৃহৰ পৰা ৫ কিলোমিটাৰ ভিতৰত নিয়োগৰ ব্যৱস্থা কৰাৰ বাবাৰ আৰু নূন্যতম মজুৰি প্ৰদান কৰাৰ বাবে দায়বদ্ধ। আবেদন কৰাৰ ১৫ দিনৰ ভিতৰত যদি কামৰ ব্যৱস্থা কৰা নহয়, তেন্তে আবেদনকাৰীয়ে নিবনুৱা ভাট্টা লাভৰ অধিকাৰী হয়। অৰ্থাৎ চৰকাৰে যদি কৰ্মসংস্থাপন প্ৰদানত ব্যৰ্থ হয়, তেন্তে সেইসকল লোকক নিবনুৱা ভাট্টা প্ৰদান কৰিব লাগিব। এইদৰে এম জি এনৰেগাৰ অধীনত নিয়োগ এক আইনী প্ৰাপ্যতা। অৰ্থনৈতিক সুৰক্ষা প্ৰদান আৰু গ্ৰাম্য সম্পত্তি সৃষ্টিৰ উপৰিও এনৰেগাক প্ৰসাৰিত কৰাৰ অন্যতম লক্ষ্য হৈছে পৰিৱেশ সুৰক্ষা, গ্ৰাম্য মহিলাসকলক সবলীকৰণ, গ্ৰাম্য-নগৰীয়া প্ৰব্ৰজন হ্ৰাস কৰা আৰু সামাজিক সমতা গঢ়ি তোলা আদিত সহায়তা প্ৰদান কৰা।৭

১৯৯১ চনত প্ৰথমবাৰৰ বাবে এই আইনখন প্ৰস্তাৱ তদানীন্তন প্ৰধানমন্ত্ৰী পি ভি নৰসিংহ ৰাওৰ চৰকাৰে কৰিছিল।৮ অৱশেষত সংসদত ইয়াক গ্ৰহণ কৰি ভাৰতৰ ৬২৫খন জিলাত কাৰ্যকৰী আৰম্ভ কৰা হয়। এই পাইলট অভিজ্ঞতাৰ ভিত্তিত ২০০৮ চনৰ ১ এপ্ৰিলৰ পৰা ভাৰতৰ সকলো জিলাকে সামৰি ল'ব পৰাকৈ এনৰেগাৰ পৰিসৰ নিৰ্ধাৰণ কৰা হৈছিল।৯ এই আইকক চৰকাৰে "বিশ্বৰ আটাইতকৈ ডাঙৰ আৰু অভিলাষী সামাজিক সুৰক্ষা আৰু ৰাজহুৱা কৰ্মৰ কাৰ্যসূচী" বুলি প্ৰশংসা কৰিছিল।১০ ২০০৯ চনত বিশ্ব বেংকে আভ্যন্তৰীণ গতিবিধিৰ ওপৰত নীতিগত নিষেধাজ্ঞাৰ জৰিয়তে উন্নয়নক আঘাত দিয়াৰ বাবে আনৰ সৈতে এই আইনক তিৰস্কাৰ কৰিছিল।১১ কিন্তু ২০১৪ চনৰ বিশ্ব উন্নয়ন প্ৰতিবেদনত বিশ্ব বেংকে ইয়াক "গ্ৰাম্য উন্নয়নৰ জাকত-জিলিকা উদাহৰণ" বুলি অভিহিত কৰিছে।১২ এই আইন মূলতঃ গাঁও পঞ্চায়তৰ দ্বাৰা কাৰ্যকৰী কৰা হয়। আইনখনত উল্লেখ কৰা হৈছে যে ইয়াৰ ফলপ্ৰসূ ব্যৱস্থাপনা আৰু কাৰ্যকৰীকৰণক প্ৰসাৰিত কৰিবলৈ ই বহুতো সুৰক্ষা ব্যৱস্থা প্ৰদান কৰে। আইনখনত কাৰ্যকৰীকৰণৰ বাবে নীতি আৰু সংস্থাসমূহ, অনুমোদিত কামৰ তালিকা, বিত্তীয় সাহায্য, নিৰীক্ষণ আৰু মূল্যায়ন, স্বচ্ছতা আৰু জবাবদিহিতা নিশ্চিত কৰাৰ বাবে বিশদ ব্যৱস্থাসমূহৰ বিষয়ে স্পষ্টভাৱে উল্লেখ কৰা হৈছে।১৩

ইতিহাস

ঔপনিৱেশিক যুগতে গ্ৰাম্য অঞ্চলত দৰিদ্ৰতা আৰু কৰ্মসংস্থাপনৰ অভাৱৰ সমস্যাই উদ্ভৱ হৈছিল। ঔপনিৱেশিক চৰকাৰে গ্ৰাম্য অৰ্থনীতিৰ মূল্যত নগৰীয়া অৰ্থনীতি বৃদ্ধি কৰাত গুৰুত্ব দিয়াৰ বাবেই এই একপক্ষীয় অৰ্থনৈতিক বিকাশৰ ধৰণটো সৃষ্টি হৈছিল। এই ধাৰণা ভাৰতে স্বাধীনতা লাভ কৰাৰ পিছতো থাকি গ’ল। ইয়াৰ উপৰিও ঔপনিৱেশিক কৰ্তৃপক্ষই ভূমি ৰাজহৰ পদ্ধতি স্থাপন কৰাৰ ফলত ভূমিৰ মালিকীস্বত্ব নিৰ্বাচিত কেইজনমানৰ হাতত কেন্দ্ৰীভূত হৈ পৰিছিল। পিছলৈ এই ব্যৱস্থায়ে গ্ৰাম্য দৰিদ্ৰসকলক প্ৰান্তীয়কৰণত অৰিহণা যোগাইছিল। ইয়াৰ উপৰিও ব্ৰিটিছে খাদ্য শস্যৰ তুলনাত নগদ শস্যৰ বৃদ্ধিৰ প্ৰসাৰ ঘটোৱাৰ ফলত কৃষি উৎপাদনশীলতা হ্ৰাস পাইছিল আৰু দেশৰ কিছুমান অঞ্চলত দুৰ্ভিক্ষৰ সৃষ্টি হৈছিল। স্বাধীনতাৰ পিছতো ঔপনিৱেশিকতাৰ উত্তৰাধিকাৰ হিচাপে গ্ৰাম্য অঞ্চলত নিয়োগৰ সমস্যা দেখা গৈছে।

বিশেষকৈ ঔপনিৱেশিকতাবাদে ভাৰতৰ অৰ্থনৈতিক আৰু সামাজিক উন্নতিৰ ওপৰত স্থায়ী প্ৰভাৱ পেলাইছিল। গ্ৰাম্য অঞ্চল আৰু জনসাধাৰণৰ ওপৰত আটাইতকৈ বেছি নেতিবাচক প্ৰভাৱ পৰিছিল। গ্ৰাম্য আন্তঃগাঁথনিৰ অভাৱনীয় পুঁজি, ব্যৱস্থাগত সামাজিক সাহায্য কাৰ্যসূচীৰ অভাৱ, চাকৰিৰ সম্ভাৱনাৰ অভাৱ আদিয়ে ঔপনিৱেশিক যুগৰ প্ৰভাৱ এতিয়াও স্পষ্ট কৈ ধৰিব পাৰি। এই অসুবিধাসমূহ দূৰ কৰিবলৈ গ্ৰামাঞ্চলৰ ঐতিহাসিক অৱহেলা ওলোটা কৰি উন্নয়নক অগ্ৰাধিকাৰ দিয়াৰ এক দৃঢ় প্ৰচেষ্টা চলাব লাগিব।

১৯৬০ চনৰ পৰা ভাৰতৰ বিশাল গ্ৰাম্য অঞ্চলত উপযুক্ত কৰ্মসংস্থাপন আঁচনি নিৰ্ধাৰণৰ বাবে প্ৰায় ৩০ বছৰ বিভিন্ন আঁচনিৰ ৰূপায়ণৰ চেষ্টা কৰা হৈছিল। এই আঁচনি সমূহৰ জৰিয়তে চৰকাৰে এই আইনৰ ভেঁটি তৈয়াৰ কৰিছিল। ইয়াৰ ভিতৰত উল্লেখযোগ্য আঁচনি সমূহ হৈছে বিত্তীয় ব্যৱস্থাপনাৰ অসুবিধাসমূহৰ ওপৰত আলোকপাত কৰা ‘গ্ৰাম্য জনশক্তি কাৰ্যসূচী’, ফলাফলৰ পৰিকল্পনাৰ ওপৰত ‘গ্ৰাম্য নিয়োগৰ বাবে ক্ৰেছ আঁচনি’, শ্ৰমকেন্দ্ৰিক ‘পাইলট শ্ৰমকেন্দ্ৰিক গ্ৰাম্য নিয়োগ কাৰ্যসূচী’, ‘খৰাং প্ৰৱণ অঞ্চল কাৰ্যসূচী’, সংহত গ্ৰাম্য উন্নয়নৰ, গ্ৰাম্য অৰ্থনৈতিক উন্নয়নৰ ‘প্ৰান্তীয় কৃষক আৰু কৃষি শ্ৰমিক আঁচনি’, সামগ্ৰিক উন্নয়ন আৰু ৰাজ্যসমূহৰ সৈতে উন্নত সমন্বয়ৰ ‘কাৰ্য্যৰ বাবে খাদ্য আঁচনি’ (এফ ডব্লিউ পি), সম্প্ৰদায়ৰ উন্নয়নৰ বাবে ‘ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ কাৰ্যসূচী’ (এন আৰ ই পি) আৰু ভূমিহীন পৰিয়ালক কেন্দ্ৰ কৰি ‘গ্ৰাম্য ভূমিহীন নিয়োগ নিশ্চয়তা কাৰ্যসূচী’ (আৰ এল ই জি পি) আদিয়ে প্ৰধান।১৪ পিছত পৰিকল্পনা আয়োগে এই আঁচনিসমূহৰ ফলপ্ৰসূ ৰূপায়ণৰ পৰিকল্পনাত অনুমোদন জনায় আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত ইয়াক গ্ৰহণ কৰা হয়।১৫

এমজিএনৰেগা আঁচনিৰ অধীনত শুকান পুখুৰীৰ পৰা বোকা কঢ়িয়াই থকা শ্ৰমিক
এমজিএনৰেগা আঁচনিৰ অধীনত শুকান পুখুৰীৰ পৰা বোকা কঢ়িয়াই থকা শ্ৰমিকছবি: Mulkh Singh · CC BY-SA 4.0

১৯৮৯ চনৰ এপ্ৰিল মাহত গ্ৰাম্য অঞ্চলত নিয়োগ সৃষ্টি, আন্তঃগাঁথনি উন্নয়ন আৰু খাদ্য সুৰক্ষাক একত্ৰিত কৰিবলৈ চৰকাৰে এন আৰ ই পি আৰু আৰ এল ই জি পিক এক নতুন আঁচনি জৱাহৰ ৰোজগাৰ যোজনাৰ (জে আৰ ৱাই) সৈতে একত্ৰিত কৰে। স্থানীয় গাঁও চৰকাৰ বা পঞ্চায়তীৰাজ প্ৰতিষ্ঠান (পি আৰ আই)ৰ জৰিয়তে স্থানীয় লোকসকলক জড়িত কৰি কাৰ্যকৰীকৰণৰ বিকেন্দ্ৰীকৰণ আৰু সেয়েহে আমোলাতন্ত্ৰৰ ভূমিকা হ্ৰাস কৰা ইয়াৰ আটাইতকৈ উল্লেখযোগ্য পৰিৱৰ্তন আছিল।১৬ ১৯৯৩ চনৰ অক্টোবৰ মাহত কৃষি নকৰা অৱস্থাত কৃষকসকলক কৰ্মসংস্থাপন প্ৰদানৰ বাবে নিয়োগ নিশ্চয়তা আঁচনি (EAS) আৰম্ভ কৰা হয়। ‘জিলা পৰিষদ’ নামৰ জিলা পৰ্যায়ত স্থানীয় স্বশাসনক মূল কাৰ্যকৰী কৰ্তৃপক্ষ হিচাপে লৈ পি আৰ আইৰ ভূমিকা আৰু অধিক শক্তিশালী কৰা হৈছিল। পিছলৈ ২০০১ চনত ই এ এছ সম্পূৰ্ণ গ্ৰামীণ ৰোজগাৰ যোজনাৰ (এছ জি আৰ ৱাই) সৈতে একত্ৰিত কৰা হয়।১৭

১৯৯৯ চনৰ ১ এপ্ৰিলত একেটা উদ্দেশ্যৰে জে আৰ ৱাইৰ নতুন ৰূপ দি জৱাহৰ গ্ৰাম সমৃদ্ধি যোজনা (জে জি এছ ৱাই) নামেৰে নামাকৰণ কৰা হয়। ‘গাঁও পঞ্চায়ত’ নামৰ গাঁও পৰ্যায়ত স্থানীয় স্বায়ত্ব শাসনৰ একমাত্ৰ কাৰ্যকৰী কৰ্তৃপক্ষ হিচাপে পি আৰ আইৰ ভূমিকা আৰু অধিক শক্তিশালী কৰি তোলা হৈছিল। ২০০১ চনত ইয়াক সম্পূৰ্ণ গ্ৰাম ৰোজগাৰ যোজনাৰ সৈতে একত্ৰিত কৰা হয়।১৮১৯ ২০০১ চনৰ ২৫ ছেপ্টেম্বৰত গ্ৰাম্য অঞ্চলত নিয়োগ সৃষ্টি, আন্তঃগাঁথনি উন্নয়ন আৰু খাদ্য সুৰক্ষাক একত্ৰিত কৰিবলৈ চৰকাৰে ই এ এছ আৰু জে জি এছ ৱাইক এক নতুন আঁচনি এছ জি আৰ ৱাইত একত্ৰিত কৰে। 'গাঁও পঞ্চায়ত'ক একমাত্ৰ কাৰ্যকৰী কৰ্তৃপক্ষ হিচাপে লৈ পি আৰ আইৰ ভূমিকা বজাই ৰখা হৈছিল।২০ ৰূপায়ণৰ সমস্যাৰ বাবে ইয়াক ২০০৬ চনত এনৰেগাৰ সৈতে একত্ৰিত কৰা হয়।২১ ২০০১ চনৰ জানুৱাৰী মাহত চৰকাৰে ১৯৭৭ চনত আৰম্ভ কৰা এফ ডব্লিউ পিৰ দৰেই এফ ডব্লিউ পি প্ৰৱৰ্তন কৰে। এবাৰ এনৰেগা প্ৰণয়ন হোৱাৰ পিছত ২০০৬ চনত দুয়োটাকে একত্ৰিত কৰা হয়।২২ এনৰেগাৰ এই পূৰ্বসূৰীসমূহৰ বাবে মুঠ চৰকাৰী আবণ্টন ৭৫ হাজাৰ কোটি টকা (১৩ বিলিয়ন মাৰ্কিন ডলাৰ) টকা আছিল।২৩ ২০০৫ চনৰ পিছত সৃষ্টি হোৱা নিয়োগ সৃষ্টিৰ কাৰ্যসূচীসমূহৰ ভিতৰত প্ৰধানমন্ত্ৰী নিয়োগ সৃষ্টি কাৰ্যসূচী (PMEGP) উল্লেখযোগ্য।২৪

গ্ৰাম্য অঞ্চলত শিপাই থকা নিয়োগৰ সমস্যাৰ প্ৰতি সঁহাৰি জনাই ভাৰত চৰকাৰে এই বিষয়টোকে লক্ষ্য কৰি দেশজোৰা কল্যাণমূলক আঁচনি এখন যুগুত কৰিলে আৰু ইয়াৰ নাম মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আইন বা এম জি এনৰেগা ৰখা হ'ল। গ্ৰামাঞ্চলৰ নিবনুৱা সমস্যা আৰু দৰিদ্ৰতাৰ সমস্যা দূৰ কৰিবলৈ ভাৰত চৰকাৰে ২০০৫ চনত এমজিএনৰেগা সমাজ কল্যাণ কাৰ্যসূচী আৰম্ভ কৰিছিল। ভাৰতৰ গ্ৰাম্য অঞ্চলত বিশেষকৈ জনসাধাৰণৰ অভাৱগ্ৰস্ত গোটৰ মাজত নিবনুৱা সমস্যা আৰু দৰিদ্ৰতাৰ উচ্চ হাৰক স্বীকৃতি দিয়াৰ ফলত এনে এক কাৰ্যসূচীৰ প্ৰয়োজনীয়তায়ে দেখা দিছিল।

গ্ৰাম্য পৰিয়ালসমূহক নিশ্চিত কামৰ সম্ভাৱনাৰ ৰূপত সুৰক্ষাৰ জাল দিয়াৰ ধাৰণাৰে গঠন কৰা হৈছিল এম জি এনৰেগা। দেশৰ প্ৰতিটো গ্ৰাম্য পৰিয়ালে এই কাৰ্যসূচীৰ অংশ হিচাপে প্ৰতি বছৰে ১০০ দিনৰ নিশ্চিত নিয়োগ লাভ কৰে। ইয়াৰ ফলত প্ৰতিটো পৰিয়ালে নূন্যতম পৰিমাণৰ আয়ৰ সুবিধা লাভ কৰাৰ নিশ্চয়তা প্ৰদান কৰিব পৰা গৈছে। এই কাৰ্যসূচী শ্ৰম-কেন্দ্ৰিক হোৱাৰ উদ্দেশ্যৰে নিয়োগৰ মূল উৎস হিচাপে পথ নিৰ্মাণ, পানী সংৰক্ষণ, বনানীকৰণৰ দৰে পদক্ষেপ অন্তৰ্ভুক্ত কৰা হৈছে। ভাৰত চৰকাৰৰ গ্ৰামোন্নয়ন মন্ত্ৰালয়ে এই আইনৰ পৰিকল্পনা ৰূপায়ণ আৰু ৰূপায়ণৰ তদাৰকীৰ দায়িত্ব পালন কৰিছে। গাঁও পঞ্চায়তৰ শাসক মুৰব্বীসকল স্থানীয় পৰ্যায়ত আঁচনিখন ৰূপায়ণৰ বাবে দায়বদ্ধ।

প্ৰসংগ

উৎস

তথ্যসূত্ৰ

  1. ↑ National Rural Employment Guarantee (Amendment) Act, 2009. loksabhaph.nic.in
  2. ↑ (June 2014). Frequently Asked Questions (FAQs) on MGNREGA Operational Guidelines 2013
  3. ↑ Ministry of Rural Development 2005, পৃ. 1
  4. ↑ Chitravanshi, Ruchika. (8 October 2015). Nationwide review of rural job scheme NREGS ordered by government. The Economic Times
  5. ↑ Comptroller and Auditor General of India 2013b, পৃ. i
  6. ↑ Chandra, Bipan; Mukherjee, Aditya; Mukherjee, Mridula. (2008). India Since Independence. Penguin Books India. পৃ. 374. ISBN 978-0-14-310409-4
  7. ↑ Ministry of Rural Development 2005, পৃ. 1–2
  8. ↑ Seetapati, Vinay. (1 February 2015). Half - Lion: How P.V Narasimha Rao Transformed India. Penguin Books. ISBN 978-0670088225
  9. ↑ Ministry of Rural Development 2005, পৃ. 10
  10. ↑ Ministry of Rural Development 2012, পৃ. ix
  11. ↑ (15 March 2009). World Bank sees NREGA as a barrier to economic development. The Economic Times. PTI
  12. ↑ (10 October 2013). World Bank calls NREGA a stellar example of rural development. The Economic Times
  13. ↑ Dutta, Sujoy. (2015). An uneven path to accountability: A comparative study of MGNREGA in two states of India. Research Papers in Economics
  14. ↑ Planning Commission 2001, পৃ. 12–20
  15. ↑ ANI. (2013-07-01). President Mukherje pays tribute to former Maharashtra CM Vasantrao Naik. Business Standard India
  16. ↑ Planning Commission 2001, পৃ. 16, 24–27
  17. ↑ Planning Commission 2001, পৃ. 17–19
  18. ↑ Planning Commission 2001, পৃ. 21–23
  19. ↑ Ranganna, T.S. (16 November 2001). PR Dept. loses Central assistance. The Hindu
  20. ↑ Ministry of Rural Development 2002, পৃ. 1–3
  21. ↑ Dorairaj, S. (15 August 2006). CAG report reveals irregularities in Sampoorna Rozgar Yojana. The Hindu
  22. ↑ Planning Commission 2001, পৃ. 20
  23. ↑ Centre for Science and Environment 2007, পৃ. 7
  24. ↑ Chapter 1, Employment Guarantee Programme and Dynamics of Rural Transformation in India 2018, পৃ. 5

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ আইন

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মহাত্মা গান্ধী ৰাষ্ট্ৰীয় নিয়োগ নিশ্চিত আইন, ২০০৫” প্ৰবন্ধৰ সংশোধন ৬৩৭৬৪৩ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।