অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

দক্ষিণ আফ্ৰিকা

দক্ষিণ আফ্ৰিকা (South Africa), আনুষ্ঠানিক নাম দক্ষিণ আফ্ৰিকা গণৰাজ্য (Republic of South Africa, চমুকৈ আৰএচএ), হৈছে আফ্ৰিকা মহাদেশৰ দক্ষিণ প্ৰান্তত অৱস্থিত এখন দেশ। ইয়াৰ চাৰিসীমাৰ দক্ষিণে ভাৰত মহাসাগৰ আৰু আটলাণ্টিক মহাসাগৰে ২,৭৯৮ কিলোমিটাৰ বিস্তৃত দক্ষিণ আফ্ৰিকাৰ উপকূল অঞ্চলৰ সৃষ্টি কৰিছে।

হালনাগাদ: ১৭ মাৰ্চ ২০২৪ ৩০৫ শব্দ · ২ মিনিট সংগৃহীত ৬৯
সংশোধনৰ পৰামৰ্শ

দক্ষিণ আফ্ৰিকা (South Africa), আনুষ্ঠানিক নাম দক্ষিণ আফ্ৰিকা গণৰাজ্য (Republic of South Africa, চমুকৈ আৰএচএ), হৈছে আফ্ৰিকা মহাদেশৰ দক্ষিণ প্ৰান্তত অৱস্থিত এখন দেশ। ইয়াৰ চাৰিসীমাৰ দক্ষিণে ভাৰত মহাসাগৰ আৰু আটলাণ্টিক মহাসাগৰে ২,৭৯৮ কিলোমিটাৰ বিস্তৃত দক্ষিণ আফ্ৰিকাৰ উপকূল অঞ্চলৰ সৃষ্টি কৰিছে।১২৩ দেশখনৰ উত্তৰে প্ৰতিবেশী দেশ নামিবিয়া, বৎচোৱানা আৰু জিম্বাবুৱে অৱস্থিত; উত্তৰ আৰু উত্তৰ-পূব দিশত মোজাম্বিক আৰু এস্বাটিনি দেশ। ল'চ'থ' দেশখনক দক্ষিণ আফ্ৰিকাৰ ভূখণ্ডই সম্পূৰ্ণভাৱে আৱৰি ৰাখিছে।৪ দক্ষিণ আফ্ৰিকা মাটিকালৰ ফালৰ পৰা আফ্ৰিকা মহাদেশৰ দক্ষিণাঞ্চলৰ বৃহত্তম দেশ আৰু পৃথিৱীৰ ২৪তম বৃহত্তম দেশ, আনহাতে ৫.৮ কোটি জনসংখ্যাৰে ই পৃথিৱীৰ ২৪তম জনবহুল দেশ। দক্ষিণ আফ্ৰিকা পুৰণা বিশ্ব বা পূব গোলাৰ্ধৰ মূল ভূখণ্ডৰ দক্ষিণতম দেশ আৰু বিষুৱ ৰেখাৰ সম্পূৰ্ণ দক্ষিণে অৱস্থিত সৰ্বাধিক জনবহুল দেশ। দক্ষিণ আফ্ৰিকাৰ প্ৰায় ৮০% বাণ্টু জনগোষ্ঠীৰ বংশোদ্ভোৱৰ,৫ যিসকল বিভিন্ন আফ্ৰিকান ভাষাৰ ভাষিকৰ মাজত বিভক্ত। এনে ৯টা ভাষাক চৰকাৰী ভাষাৰ মৰ্যাদা দিয়া হৈছে।৩ দক্ষিণ আফ্ৰিকা বাকী জনসংখ্যাৰ ভিতৰত ইউৰোপীয় লোক, এছীয় তথা ভাৰতীয় লোক,৬ আৰু বহুজাতীয় লোক উল্লেখযোগ্য।

দক্ষিণ আফ্ৰিকা এখন বহু সংস্কৃতি, ভাষা আৰু ধৰ্মৰ সমন্বিত সমাজ। দেশখনৰ সংবিধানে ১১টা ভাষাক চৰকাৰী ভাষাৰ স্বীকৃতি দিছে, যি পৃথিৱীৰ চতুৰ্থ সৰ্বাধিক সংখ্যা। ইয়াৰ মাজতে দুটা ভাষা ইউৰোপীয় বংশোদ্ভূত: ওলন্দাজ ভাষাৰ পৰা বিকাশ হোৱা আফ্ৰিকান্স ভাষা হৈছে বেছিভাগ বহুজাতীয় তথা শ্বেতাংগ দক্ষিণ আফ্ৰিকানসকলৰ প্ৰথম ভাষা; ইংৰাজী ভাষাই ব্ৰিটিছ উপনিবেশক প্ৰতিফলিত কৰে, যাক চৰকাৰী আৰু বাণিজ্যিকভাবে ব্যৱহাৰ কৰা হয় আৰু ইয়াৰ স্থান প্ৰথম কথিত ভাষা হিচাপে চতুৰ্থ।৩ দেশখন আফ্ৰিকাৰ কেইবাখনো দেশৰ মাজত এখন, যাৰ কেতিয়াও অভ্যুত্থান হোৱা নাই আৰু প্ৰায় এক শতিকাৰ পূৰ্বৰে পৰাই নিয়মিত নিৰ্বাচন অনুষ্ঠিত হৈ আহিছে। পিছে ১৯৯৪ চনলৈকে দক্ষিণ আফ্ৰিকাৰ গৰিষ্ঠসংখ্যক কৃষ্ণাঙ্গলোকক ভোটদানৰ ক্ষমতা দিয়া হোৱা নাছিল। বিংশ শতাব্দীত, দেশখনৰ কৃষ্ণাঙ্গ সংখ্যাগৰিষ্ঠলোকসকলে প্ৰভাবশালী শ্বেতাংগ সংখ্যালঘুসকলৰ পৰা ৰাজনৈতিক অধিকাৰ দাবি কৰি সংগ্ৰাম কৰিছিল, এই সংগ্ৰামে দেশখনৰ সাম্প্ৰতিক ইতিহাস আৰু ৰাজনীতিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। শাসক দল নেশ্বনেল পাৰ্টিয়ে ১৯৪৮ চনত বৰ্ণবৈষম্য নীতি প্ৰৱৰ্তন কৰে, যিয়ে পূৰ্বৰে পৰা চলি অহা বৰ্ণবৈষম্যক আনুষ্ঠানিক বৈধতা দিয়ে। আফ্ৰিকান নেশ্বনেল কংগ্ৰেছ (এএনচি) আৰু আন বৰ্ণবৈষম্যবিৰোধী দল-সংগঠনে দেশখনৰ ভিতৰে-বাহিৰে দীৰ্ঘদিন ধৰি কৰা সংগ্ৰামৰ পাছত ১৯৮০ দশকৰ মাজভাগৰ পৰা বৰ্ণবৈষম্য নীতিক বাতিল কৰা আৰম্ভ হয়।

তথ্যসূত্ৰ

  1. ↑ South African Maritime Safety Authority. South African Maritime Safety Authority
  2. ↑ Coastline. The World Factbook. CIA
  3. ↑ (April 2007). South Africa Fast Facts. SouthAfrica.info
  4. ↑ Guy Arnold. Lesotho: Year In Review 1996 – Britannica Online Encyclopedia. Encyclopædia Britannica
  5. ↑ (2012). Census 2011: Census in brief. Statistics South Africa. পৃ. 23–25. ISBN 978-0621413885
  6. ↑ "Into that Heaven of Freedom: The impact of apartheid on an Indian family's diasporic history", Mohamed M Keshavjee, 2015, by Mawenzi House Publishers, Ltd., Toronto, ON, Canada

সম্পৰ্কিত শ্ৰেণী

আফ্ৰিকাৰ দেশৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰসমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দক্ষিণ আফ্ৰিকা” প্ৰবন্ধৰ সংশোধন ৪১২৩৬৬ (১৭ মাৰ্চ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।