ব্ৰিটিছ ৰাজ (; rāj, সংস্কৃত ভাষা আৰু হিন্দুস্তানী ভাষাত "শাসন") বুলিলে ১৮৫৮ চনৰ পৰা ১৯৪৭ চনলৈ ভাৰতীয় উপমহাদেশত ব্ৰিটিছৰ ঔপনিবেশিক শাসনক বুজায়।১২৩ ব্ৰিটিছৰ নিয়ন্ত্ৰণত থকা অঞ্চলটোক প্ৰচলিত ভাষাত ইণ্ডিয়া বা ভাৰত বোলা হৈছিল। ব্ৰিটিছ ইণ্ডিয়া বুলি কোৱা প্ৰত্যক্ষভাৱে যুক্তৰাজ্যৰ শাসনত থকা অঞ্চল আৰু স্থানীয় শাসকে শাসন কৰা ব্ৰিটিছৰ কৰতলীয়া ৰাজ্যবোৰ ইয়াৰ অন্তৰ্গত আছিল। গোটেই অঞ্চলটোক আনুষ্ঠানিকভাৱে ভাৰতীয় সাম্ৰাজ্য বুলি অভিহিত কৰা হৈছিল। .৪৫ ভাৰত নামেৰে ই লীগ অৱ নেচন্ছ আৰু United Nationsৰ প্ৰতিষ্ঠাপক সদস্য আছিল। এই নামেৰেই ই ১৯০০, ১৯২০, ১৯২৮, ১৯৩২ আৰু ১৯৩৬ চনৰ গ্ৰীষ্মকালীন অলিম্পিক অংশগ্ৰহণ কৰিছিল।৬
১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ পাছত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন ৰানী ভিক্টোৰিয়াৰ হাতলৈ স্থানান্তৰিত হোৱাৰ পাছত শাসনৰ এই পদ্ধতি ১৮৫৮ চনৰ ২৮ জুনৰ পৰা আৰম্ভ হয়।৭ ৰাণিক ১৮৭৬ চনত ভাৰতৰ সম্ৰাজ্ঞী ঘোষণা কৰা হৈছিল। ১৯৪৭ চনত ভাৰতৰ বিভাজন হৈ ভাৰতীয় অধিৰাজ্য (পাছলৈ ভাৰতীয় গণৰাজ্য) আৰু পাকিস্তান অধিৰাজ্য (পাছলৈ পাকিস্তান আৰু বাংলাদেশ) নামৰ দুখন দেশ গঠন হওঁতে এই শাসনৰ অন্ত পৰে। ১৮৫৮ চনত নামনি বাৰ্মা ব্ৰিটিছ শাসিত ভাৰতৰ অংশ আছিলেই, ১৮৮৬ চনত উজনি অংশকো সামৰি লোৱা হয়। ১৯৩৭ চনলৈকে এই মিলিত অঞ্চল ম্যানমাৰক স্বয়ংশাসিত অঞ্চল হিচাপে ৰখা হৈছিল। ১৯৪৮ চনত ম্যানমাৰেও স্বাধীনতা লাভ কৰে।
ভৌগোলিক বিস্তৃতি
আন ইউৰোপীয় দেশে নিয়ন্ত্ৰণ কৰা গোৱা আৰু পুডুছেৰীৰ দৰে সৰু অঞ্চলবোৰৰ বাদে ব্ৰিটিছ ৰাজে বৰ্তমানৰ প্ৰায় গোটেই ভাৰত, পাকিস্তান আৰু বাংলাদেশক সামৰি লৈছিল।৮ এই সমগ্ৰ অঞ্চলটোৰ পৰিবেশ ভিন ভিন আছিল- এফালে হিমালয়ৰ পৰ্বতমালা, বানপ্ৰবল উৰ্বৰভূমি, আনফালে গংগাৰ সমতল, দীঘলীয়া সাগৰতীৰ আৰু থৰ মৰুভূমি।৯ ইয়াৰ লগতে বিভিন্ন সময়ত ইয়াত এডেন প্ৰদেশ (১৮৫৮ৰ পৰা ১৯৩৭),১০ নামনি ব্ৰহ্মদেশ (১৮৫৮-১৯৩৭), উজনি ব্ৰহ্মদেশ (১৮৮৬-১৯৩৭), ব্ৰিটিছ চোমালিলেণ্ড (১৮৮৪-১৮৯৮), আৰু ছিংগাপোৰ (১৮৫৮-১৮৬৭)। পাৰস্য উপসাগৰৰ চুক্তিবদ্ধ ৰাষ্ট্ৰসমূহ আৰু পাৰস্য উপসাগৰীয় আবাসৰ দেশবোৰ কাগজে-পত্ৰই দেশীয় ৰাজ্য আছিল। ব্ৰিটিছ ভাৰতৰ প্ৰেচিডেন্সি আৰু প্ৰদেশসমূহও ১৯৪৭ চনলৈকে ব্ৰিটিছ ৰাজৰ অংগ আছিল।১১
এই অঞ্চলৰ আন দেশবোৰৰ ভিতৰত ১৮০২ চনত এমিয়েন্ছ সন্ধিৰ যোগেদি চেয়লন (এতিয়াৰ শ্ৰীলংকা)ক ব্ৰিটিছৰ হাতত গতাই দিয়া হৈছিল। ১৭৯৩ চনৰ পৰা ১৭৯৮ চনলৈকে ই মাৰ্দাছ প্ৰেচিডেন্সিৰ অংশ আছিল।১২ নেপাল আৰু ভূটানে ব্ৰিটিছৰ লগত যুদ্ধ কৰাৰ পাছত সন্ধি কৰি ব্ৰিটিছে তেওঁলোকক স্বাধীন ৰাজ্য বুলি মানি লয়।১৩১৪ ১৮৬১ চনত এংলো-চিক্কিমিজ সন্ধিৰ পাছত চিক্কিম ৰাজ্যক দেশীয় ৰাজ্যৰ মৰ্যাদা দিয়া হৈছিল; কিন্তু সাৰ্বভৌমত্বৰ কথা স্পষ্ট কৰা নাছিল।১৫ ১৮৮৭ চনৰ পৰা ১৯৬৫ চনলৈকে মালদিভ দ্বীপপুঞ্জ ব্ৰিটিছৰ সুৰক্ষিত অঞ্চলহে আছিল, কিন্তু ব্ৰিটিছ ভাৰতৰ অংশ নাছিল।
তথ্যসূত্ৰ
- ↑ Stein, Burton. (2010). A History of India. John Wiley & Sons. পৃ. 107. ISBN 978-1-4443-2351-1
- ↑ Lowe, Lisa. The Intimacies of Four Continents. Duke University Press. পৃ. 71. ISBN 978-0-8223-7564-7 Quote: "Company rule in India lasted effectively from the Battle of Plassey in 1757 until 1858, when following the 1857 Indian Rebellion, the British Crown assumed direct colonial rule of India in the new British Raj."
- ↑ Wright, Edmund. (2015). A Dictionary of World History. Oxford University Press. পৃ. 537. ISBN 978-0-19-968569-1 Quote: "More than 500 Indian kingdoms and principalities […] existed during the 'British Raj' period (1858–1947)"
- ↑ Morefield, Jeanne. (2014). Empires Without Imperialism: Anglo-American Decline and the Politics of Deflection. Oxford University Press. পৃ. 189. ISBN 978-0-19-938725-0 Quote: "The 'Indian Empire' was a name given to those areas in the Indian subcontinent both directly and indirectly ruled by Britain after the rebellion; the British issued passports after 1876 under that name."
- ↑ Bowen, H. V. (2012). Britain's Oceanic Empire: Atlantic and Indian Ocean Worlds, C. 1550–1850. Cambridge University Press. পৃ. 106. ISBN 978-1-107-02014-6 Quote: "British India, meanwhile, was itself the powerful 'metropolis' of its own colonial empire, 'the Indian empire'."
- ↑ Mansergh, Nicholas. Constitutional relations between Britain and India. His Majesty's Stationery Office. পৃ. xxx Quote: "India Executive Council: Sir Arcot Ramasamy Mudaliar, Sir Firoz Khan Noon and Sir V. T. Krishnamachari served as India's delegates to the London Commonwealth Meeting, April 1945, and the U.N. San Francisco Conference on International Organisation, April–June 1945."
- ↑ Kaul, Chandrika. From Empire to Independence: The British Raj in India 1858–1947
- ↑ (1882). The Geography of British India, Political & Physical. Archive.org. UK Archives
- ↑ Baten, Jörg. (2016). A History of the Global Economy. From 1500 to the Present. Cambridge University Press. পৃ. 247. ISBN 978-1107507180
- ↑ Marshall (2001), p. 384
- ↑ Subodh Kapoor. (January 2002). The Indian encyclopaedia: biographical, historical, religious .., Volume 6. Cosmo Publications. পৃ. 1599. ISBN 978-81-7755-257-7
- ↑ Codrington, 1926, Chapter X:Transition to British administration
- ↑ Encyclopædia Britannica. 2008
- ↑ "Bhutan." Encyclopædia Britannica. 2008
- ↑ "Sikkim." Encyclopædia Britannica. 2007. Encyclopædia Britannica Online. 5 August 2007 www.britannica.com/eb/article-46212
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ব্ৰিটিছ ৰাজ” প্ৰবন্ধৰ সংশোধন ৬৩০৮৮১ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।