অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
স্বাস্থ্য আৰু চিকিৎসা

মেলেৰিয়া

মেলেৰিয়া (Maleria)ক সাধাৰণতে অতিপাত জ্বৰৰ এবিধ ৰোগ হিচাপেই জনা যায়। মেলেৰিয়া বীজাণু নামৰ এবিধ ক্ষুদ্ৰ জীৱাণুৰ আক্ৰমণৰ ফলত এই ৰোগ হয়। মেলেৰিয়াৰ এই বীজাণুবোৰ এজন ৰোগীৰ দেহৰ পৰা এজন সুস্থ মানুহৰ দেহলৈ এবিধ বিশেষ মহৰ দ্বাৰা সংক্ৰমিত হয়। সকলো ধৰণৰ মহে মেলেৰিয়া বিয়পাৱ নোৱাৰে।

হালনাগাদ: ১৭ মে’ ২০২৫ ৫৫২ শব্দ · ৩ মিনিট সংগৃহীত ৬৮
সংশোধনৰ পৰামৰ্শ

মেলেৰিয়া (Maleria)ক সাধাৰণতে অতিপাত জ্বৰৰ এবিধ ৰোগ হিচাপেই জনা যায়। মেলেৰিয়া বীজাণু নামৰ এবিধ ক্ষুদ্ৰ জীৱাণুৰ আক্ৰমণৰ ফলত এই ৰোগ হয়। মেলেৰিয়াৰ এই বীজাণুবোৰ এজন ৰোগীৰ দেহৰ পৰা এজন সুস্থ মানুহৰ দেহলৈ এবিধ বিশেষ মহৰ দ্বাৰা সংক্ৰমিত হয়। সকলো ধৰণৰ মহে মেলেৰিয়া বিয়পাৱ নোৱাৰে। এই বীজাণুৰ দ্বাৰা আক্ৰান্ত মাইকী এন'ফিলিচ মহৰ লালটি গ্ৰন্থিত মেলেৰিয়া বীজাণুবোৰ থাকে আৰু এনে মহে কামুৰিলেহে ৰোগ সংক্ৰমিত হয়। (অণুবীক্ষণ যন্ত্ৰৰ সহায়ত মেলেৰিয়াৰ বীজাণুবোৰ চাব পৰা যায় ) এই বীজাণুবোৰে জীৱনৰ এছোৱা মানুহৰ গাত আৰু এছোৱা মহৰ গাত কটায়। যেতিয়া এজনী মাইকী এন'ফিলিছ মহে এজন মেলেৰিয়া ৰোগীক কামোৰে তেতিয়া ই মানুহজনৰ তেজৰ লগতে মেলেৰিয়াৰ বীজাণুবোৰো নিজৰ দেহত সুমুৱাই লয়। যেতিয়া এই বীজাণুবোৰ মহৰ পেটত সোমায় তাৰ ১০-১২ দিনৰ পাছত ই ৰোগ সংক্ৰমিত কৰিব পৰা হয়। এনে ৰোগ বিয়পাব পৰা মহে এজন সুস্থ মানুহক কামুৰিলে মেলেৰিয়াৰ বীজাণুবোৰ মানুহজনৰ দেহত প্ৰৱেশ কৰে। তেনে ক্ষেত্ৰত মানুহজন দুসপ্তাহৰ পৰা তিনি সপ্তাহৰ ভিতৰত মেলেৰিয়াত আক্ৰান্ত হয়। এজন মেলেৰিয়া ৰোগীৰ পৰাই বহুজনলৈ এই ৰোগ বিয়পিব পাৰে।

কিদৰে বিয়পে

যেতিয়া সংক্ৰমিত মাইকী এনোফিলিছ মহে সুস্থ ব্যক্তিক কামোৰে, তেতিয়া মেলেৰিয়া পৰজীৱীৰ অযৌন প্ৰজনন চক্ৰ আৰম্ভ হয়। ইয়াৰ ফলত তেজত Sporozoites বিয়ৰি পৰে। এই Sporozoites বোৰ ৰোগ প্ৰতিৰোধ ক্ষমতা থকা কোষৰ দ্বাৰা ধ্বংস হয় অথবা যকৃতলৈ যায়। যকৃতত ইহঁত যকৃতৰ Schizont-লৈ পৰিণত হয়। ১-২ সপ্তাহৰ পিছত এই Schizont বোৰ ফাটি যায় আৰু তেজত হাজাৰ হাজাৰ মেৰ’জইট(Merozoite) হিচাপে মুক্ত হয়। তাৰ পিছত মেৰ’জইটে লোহিত ৰক্তকণিকা (RBC) সংক্ৰমিত কৰে।

যৌন প্ৰজনন চক্ৰত সংক্ৰমিত ব্যক্তিক কামোৰাৰ সময়ত অসংক্ৰমিত মহে জননকোষ লাভ কৰে। অসংক্ৰমিত মহৰ পাকস্থলীত Male Gametocyte(জননকোষ) বোৰে সূতাৰ দৰে Microgamete গঠন কৰে, যিয়ে Female জননকোষক নিষেচন কৰে। ইয়াৰ ফলত যোজন কোষ গঠন হয়। এই সম্পূৰ্ণ চক্ৰটো সম্পূৰ্ণ হওঁতে প্ৰায় ১০-২০ দিন সময়ৰ প্ৰয়োজন হয়।১

মেলেৰিয়াৰ লক্ষণ

মেলেৰিয়া জ্বৰত সাধাৰণতে তিনিটা স্তৰ থাকে। ১

(১)শীতল অৱস্থা (Cold Stage)- এই অৱস্থাটো ঠাণ্ডা লগা ভাৱ,কঁপনি,মূৰৰ বিষ,বমিৰ ভাৱ আদিৰে আৰম্ভ হয়। ৰোগীয়ে লেপ-কম্বলজাতীয় গৰম কাপোৰ ল'বলৈ বিচাৰে। আঙুলিবোৰ আৰু ওঁঠ দুটা শুকাই যোৱাৰ ফলত এইবোৰৰ ৰং সামান্য নীলা চানেকীয়া হয় আৰু ৰোগীৰ গাৰ নোমবোৰ শিয়ঁৰি উঠে। দেহৰ উষ্ণতা তাৎক্ষণিক ভাৱে ৩৯-৪১° পৰ্য্যন্ত বৃদ্ধি পায়। প্ৰাৰম্ভিক অৱস্থাত দেহৰ উষ্ণতা কমি থাকে যদিও পিছলৈ বাঢ়ি যায়। এনে অৱস্থা ১৫ মিনিটৰ পৰা ১ ঘণ্টা পৰ্য্যন্ত থাকে।

(২)উষ্ণ অৱস্থা (Hot Stage)- এই অৱস্থাত জ্বৰ ইমানেই বেছি হয় যে ৰোগীজনৰ‌ প্ৰচণ্ড উত্তাপ অনুভৱ হয় আৰু গাৰ কাপোৰ খুলি পেলাই দিয়াৰ দৰে অৱস্থা হয়। ৰোগীৰ তীব্ৰ মূৰ কামুৰণি হয়। মাজে মাজে বমিও হয়। এই অৱস্থা ২ ৰ পৰা ৬ ঘণ্টা পৰ্য্যন্ত থাকে। নাড়ীৰ স্পন্দন জোৰেৰে হয়। ৰোগীৰ খুব পিয়াঁহ লাগে।

(৩)ঘৰ্মাক্ত অৱস্থা (Sweating Stage)- এই অৱস্থাত ৰোগী বৰকৈ ঘামে আৰু জ্বৰ কমি যায়। ৰোগী সাধাৰণতে গভীৰভাৱে টোপনি যায় আৰু সাৰ পালে দুৰ্বল অনুভৱ কৰে। এই অৱস্থা ২ৰ পৰা ৪ ঘণ্টা পৰ্য্যন্ত থাকে।

মেলেৰিয়াৰ প্ৰকাৰ

পৃথিৱীত মুঠ চাৰিবিধ মেলেৰিয়া ৰোগ আছে। সাধাৰণতে ভাৰতত ইয়াৰে তিনিবিধ মেলেৰিয়া ৰোগহে দেখা পোৱা যায়। এই তিনিবিধৰ ভিতৰতো দুবিধ হ'ল (১) ভাইভেক্স মেলেৰিয়া (সাধাৰণ বিধৰ মেলেৰিয়া) (২) ফেলচিপেৰাম মেলেৰিয়া (তীব্ৰ বিধৰ মেলেৰিয়া)। ইয়াৰ পিছতে তৃতীয় বিধ তথা মাৰাত্মক হ'ল চেৰিব্ৰেল মেলেৰিয়া (মস্তিস্ক সংক্ৰান্ত অতি তীব্ৰতৰ মেলেৰিয়া) এইবিধ মেলেৰিয়া বৰ বিপদজনক। অতি শীঘ্ৰে চিকিৎসা ব্যৱস্থা নকৰিলে ৰোগী ২-৩ দিনৰ ভিতৰত মৃত্যু মুখত পৰিব পাৰে। পূৰ্বে ভাৰতত ভাইভেক্স বা সাধাৰণবিধ মেলেৰিয়াৰ প্ৰাদুৰ্ভাৱ আছিল আৰু ৰোগীৰ শতকৰা ৬০ ভাগৰ পৰা ৬৫ ভাগেই আছিল এইবিধ ৰোগীহে। শেহতীয়া ভাৱে এই ধাৰাটো বদলি হৈছে। আজিকালি ভয়াবহ পি ফেলচিপৰাম মেলেৰিয়া সকলো ঠাইতে বৃদ্ধি পাইছে।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Park, K. (2023). Park's Textbook of Preventive and Social Medicine. Bhanot Publishers. ISBN 9789382219162

সম্পৰ্কিত শ্ৰেণী

পতংগজনিত ৰোগ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মেলেৰিয়া” প্ৰবন্ধৰ সংশোধন ৫০৯৪৩৪ (১৭ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।