অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

যীচু

যীচু ( ৬ৰ পৰা ৪ খ্ৰী.পূ. – ৩০ বা ৩৩ খ্ৰী.), যি যীচু খ্ৰীষ্ট, নাচৰতীয়া যীচু আৰু আন বিভিন্ন নাম আৰু উপাধিৰে পৰিচিত, আছিল ১ম শতিকাৰ যিহূদীয়া প্ৰদেশৰ এজন গালীলীয়া ইহুদী ধৰ্মপ্ৰচাৰক আৰু ধৰ্মীয় নেতা। তেওঁ বিশ্বৰ সৰ্ববৃহৎ ধৰ্ম খ্ৰীষ্টধৰ্মৰ কেন্দ্ৰীয় ব্যক্তিত্ব।

হালনাগাদ: ১৯ জুলাই ২০২৬ ৫৩৭ শব্দ · ৩ মিনিট সংগৃহীত ৬৮
সংশোধনৰ পৰামৰ্শ

যীচু ( ৬ৰ পৰা ৪ খ্ৰী.পূ. – ৩০ বা ৩৩ খ্ৰী.), যি যীচু খ্ৰীষ্ট, নাচৰতীয়া যীচু আৰু আন বিভিন্ন নাম আৰু উপাধিৰে পৰিচিত, আছিল ১ম শতিকাৰ যিহূদীয়া প্ৰদেশৰ এজন গালীলীয়া ইহুদী ধৰ্মপ্ৰচাৰক আৰু ধৰ্মীয় নেতা। তেওঁ বিশ্বৰ সৰ্ববৃহৎ ধৰ্ম খ্ৰীষ্টধৰ্মৰ কেন্দ্ৰীয় ব্যক্তিত্ব। প্ৰকৃততে সকলো১ খ্ৰীষ্টধৰ্ম লোকে যীচুক পুত্ৰ ঈশ্বৰৰ অৱতাৰ আৰু প্ৰত্যাশিত মচীহ বা খ্ৰীষ্ট বুলি বিবেচনা কৰে—যি পুৰণি নিয়মত ভৱিষ্যদ্বাণী কৰা দায়ূদীয় বংশধাৰাৰ এজন উত্তৰাধিকাৰী। ধ্ৰুপদী সভ্যতাৰ প্ৰায় সকলো আধুনিক গৱেষক যীচুৰ ঐতিহাসিক অস্তিত্বৰ ক্ষেত্ৰত একমত। যীচুৰ জীৱনৰ বিৱৰণ পোৱা যায় সুসমাচাৰসমূহত, বিশেষকৈ নতুন নিয়মৰ চাৰিখন কানুনী সুসমাচাৰত। আলোকায়ন যুগৰ পিছৰে পৰা শিক্ষাগত গৱেষণাই সুসমাচাৰসমূহৰ ঐতিহাসিক নিৰ্ভৰযোগ্যতা আৰু সেইবোৰে কিমান ঘনিষ্ঠভাৱে ঐতিহাসিক যীচুক প্ৰতিফলিত কৰে—এই বিষয়ে নানাবিধ মতামত উপস্থাপন কৰিছে।২৩৪

সুসমাচাৰ আৰু পাঁচনিসকলৰ কাৰ্যবিৱৰণত সংৰক্ষিত খ্ৰীষ্টীয় পৰম্পৰা অনুসৰি, যীচুৰ জন্মৰ অষ্টম দিনা তেওঁৰ ত্বকছেদ কৰা হয়, ডেকা বয়সত বাপ্তিস্মক যোহনৰ দ্বাৰা বাপ্তিস্ম কৰা হয় আৰু মৰুভূমি অঞ্চলত চল্লিশ দিন আৰু চল্লিশ ৰাতি উপবাস কৰাৰ পিছত তেওঁ নিজৰ পৰিচৰ্যা কাৰ্য আৰম্ভ কৰে। তেওঁ আছিল এজন ভ্ৰাম্যমাণ শিক্ষক, যিয়ে ঐশ্বৰিক কৰ্তৃত্বৰে ঈশ্বৰৰ বিধান ব্যাখ্যা কৰিছিল আৰু প্ৰায়েই তেওঁক ৰব্বি বুলি সম্বোধন কৰা হৈছিল। যীচুৱে প্ৰায়েই তেওঁৰ সহধৰ্মী ইহুদীসকলৰ সৈতে ঈশ্বৰক সৰ্বোত্তমভাৱে অনুসৰণ কৰাৰ বিষয়ে তৰ্কত লিপ্ত হৈছিল, আৰোগ্য দান কৰিছিল, দৃষ্টান্তৰ মাধ্যমেৰে শিক্ষা দিছিল আৰু অনুগামী সংগ্ৰহ কৰিছিল; তেওঁলোকৰ মাজৰ পৰা ১২ জনক তেওঁ নিজৰ পাঁচনি হিচাপে নিযুক্ত কৰে। তেওঁক যীৰূচালেমত গ্ৰেপ্তাৰ কৰা হয় আৰু ইহুদী কৰ্তৃপক্ষৰ দ্বাৰা বিচাৰ কৰা হয়,৫ ইয়াৰ পিছত তেওঁক ৰোমান চৰকাৰৰ হাতত গতাই দিয়া হয় আৰু যিহূদিয়াৰ দেশাধিপতি পন্তীয় পীলাতৰ আদেশত ক্ৰুচবিদ্ধ কৰা হয়। তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ অনুগামীসকলে দৃঢ়ভাৱে বিশ্বাস কৰিবলৈ লয় যে তেওঁ মৃতকৰ মাজৰ পৰা পুনৰুত্থিত হৈছে আৰু তেওঁলোকে গঠন কৰা এই সম্প্ৰদায়টো পৰৱৰ্তী সময়ত আদি খ্ৰীষ্টান মণ্ডলীলৈ ৰূপান্তৰিত হয়, যি ক্ৰমে এটা বিশ্বব্যাপী আন্দোলন হিচাপে বিস্তৃতি লাভ কৰে।৬

খ্ৰীষ্টান ধৰ্মতত্ত্বত বিশ্বাস কৰা হয় যে, যীচু পবিত্ৰ আত্মাৰ দ্বাৰা গৰ্ভজাত হৈছিল, মৰিয়ম নামৰ এগৰাকী কুমাৰীৰ গৰ্ভত তেওঁৰ জন্ম হৈছিল, তেওঁ বিভিন্ন অলৌকিক কাৰ্য সম্পাদন কৰিছিল, খ্ৰীষ্টীয় মণ্ডলী প্ৰতিষ্ঠা কৰিছিল, পাপৰ প্ৰায়শ্চিত্ত সাধনৰ বাবে আত্মবলিদানস্বৰূপ ক্ৰুচবিদ্ধ হৈ মৃত্যুবৰণ কৰিছিল, তৃতীয় দিনা মৃতকৰ মাজৰ পৰা পুনৰুত্থিত হৈছিল আৰু স্বৰ্গলৈ আৰোহণ কৰিছিল—যি ঠাইৰ পৰা তেওঁ পুনৰ প্ৰত্যাৱৰ্তন কৰিব। সাধাৰণভাৱে খ্ৰীষ্টানসকলে বিশ্বাস কৰে যে, যীচুৰ মাধ্যমেৰে মানুহ ঈশ্বৰৰ সৈতে পুনৰ মিলি হ’বলৈ সক্ষম। নিকাইয়াৰ ধৰ্মমত অনুসৰি, যীচুৱে জীৱিত আৰু মৃতকৰ বিচাৰ কৰিব—তেওঁলোকৰ দৈহিক পুনৰুত্থানৰ আগতে বা পিছত—যি ঘটনাটো খ্ৰীষ্টীয় পৰকালবিদ্যাত যীচুৰ দ্বিতীয় আগমনৰ সৈতে সম্পৰ্কিত। অধিকাংশ খ্ৰীষ্টানে যীচুক ত্ৰিত্বৰ তিনি ব্যক্তিৰ ভিতৰত দ্বিতীয়, অৰ্থাৎ পুত্ৰ ঈশ্বৰৰ অৱতাৰ হিচাপে উপাসনা কৰে। যীচুৰ জন্ম প্ৰতি বছৰে সাধাৰণতে ২৫ ডিচেম্বৰত বৰদিন হিচাপে উদ্‌যাপন কৰা হয়। তেওঁৰ ক্ৰুশাৰোপণক পূণ্যশুক্ৰবাৰত স্মৰণ কৰা হয় আৰু তেওঁৰ পুনৰুত্থানক পূণ্যৰবিবাৰত উদ্‌যাপন কৰা হয়। বিশ্বৰ সৰ্বাধিক ব্যৱহৃত বৰ্ষপঞ্জী ব্যৱস্থা—য’ত বৰ্তমান বৰ্ষ গ্ৰেগৰিয়ান বৰ্ষপঞ্জী বা সাধাৰণাব্দ—যীচুৰ জন্মৰ আনুমানিক তাৰিখৰ ওপৰত ভিত্তি কৰি নিৰ্ধাৰণ কৰা হৈছে।৭

ইহুদী ধৰ্মই এই বিশ্বাস প্ৰত্যাখ্যান কৰে যে যীচু আছিল প্ৰত্যাশিত মচীহ; তেওঁলোকৰ যুক্তি হ’ল: তেওঁ মচীহ-সংক্ৰান্ত ভৱিষ্যদ্বাণীসমূহ পূৰণ কৰা নাছিল, বিধিসন্মতভাৱে অভিষিক্ত হোৱা নাছিল আৰু তেওঁ ঐশ্বৰিকো নাছিল, বা পুনৰুত্থিতো হোৱা নাছিল। আনহাতে, ইছলামত যীচুক মচীহ আৰু আল্লাহৰ এজন নবী হিচাপে গণ্য কৰা হয়; তেওঁক বনী ইস্ৰায়েলৰ ওচৰলৈ প্ৰেৰণ কৰা হৈছিল আৰু তেওঁ কিয়ামতৰ আগতে পুনৰ পৃথিৱীলৈ প্ৰত্যাৱৰ্তন কৰিব। মুছলমানসকলে বিশ্বাস কৰে যে, যীচুৰ জন্ম কুমাৰী মৰিয়মৰ গৰ্ভত হৈছিল, পিছে তেওঁ ঈশ্বৰ নহয় আৰু ঈশ্বৰৰ পুত্ৰও নহয়। অধিকাংশ মুছলমানে বিশ্বাস নকৰে যে তেওঁক হত্যা বা ক্ৰুচবিদ্ধ কৰা হৈছিল; বৰঞ্চ তেওঁলোকে বিশ্বাস কৰে যে ঈশ্বৰে তেওঁক জীৱিত অৱস্থাতে স্বৰ্গলৈ উঠাই লৈছিল। যীচু মানী, দ্ৰুজ, বাহাই আৰু ৰাস্তাফাৰি ধৰ্মতো এজন সন্মানীয় ব্যক্তিত্ব।

তথ্যসূত্ৰ

  1. ↑ (2011-12-19). Global Christianity – A Report on the Size and Distribution of the World’s Christian Population. পিউ ৰিচাৰ্চ চেণ্টাৰ
  2. ↑ Powell 1998, পৃ. 168–173
  3. ↑ Bowman Jr. Komoszewski 2019, পৃ. 22–23
  4. ↑ Evans. (1993). Life-of-Jesus Research and the Eclipse of Mythology. Theological Studies. পৃ. 13–14
  5. ↑ Sanders 1993, পৃ. 11
  6. ↑ Sanders 1993, পৃ. 11, 14
  7. ↑ (2003). anno Domini

সম্পৰ্কিত শ্ৰেণী

খ্ৰীষ্টান ধৰ্ম

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “যীচু” প্ৰবন্ধৰ সংশোধন ৬১৮২০৬ (১৯ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।