অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

স্বাধীনতা দিৱস (ভাৰত)

স্বাধীনতা দিৱস, ভাৰতবৰ্ষই ১৯৪৭ চনৰ ১৫ আগষ্টৰ দিনটোত ব্ৰিটিছৰ শাসনৰ পৰা স্বাধীনতা লাভ কৰাৰ ঐতিহাসিক দিনটোক সুঁৱৰি প্ৰতিবছৰে ১৫ আগষ্টৰ দিনটোক স্বাধীনতা দিৱস হিচাপে উদ্‌যাপন কৰা হয়। ভাৰতবৰ্ষই ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃত্বত অহিংস আন্দোলনৰ মাধ্যমেৰে এই স্বাধীনতা লাভ কৰিবলৈ সক্ষম হয়।

হালনাগাদ: ৩০ ছেপ্তেম্বৰ ২০২৬ ১,০৯৪ শব্দ · ৬ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

স্বাধীনতা দিৱস, ভাৰতবৰ্ষই ১৯৪৭ চনৰ ১৫ আগষ্টৰ দিনটোত ব্ৰিটিছৰ শাসনৰ পৰা স্বাধীনতা লাভ কৰাৰ ঐতিহাসিক দিনটোক সুঁৱৰি প্ৰতিবছৰে ১৫ আগষ্টৰ দিনটোক স্বাধীনতা দিৱস হিচাপে উদ্‌যাপন কৰা হয়। ভাৰতবৰ্ষই ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃত্বত অহিংস আন্দোলনৰ মাধ্যমেৰে এই স্বাধীনতা লাভ কৰিবলৈ সক্ষম হয়।১ এই স্বাধীনতা লাভৰ লগতে দেশৰ বিভাজনো সংঘটিত হয়।

স্বাধীনতা দিৱসৰ মূল কাৰ্য্যসূচী দেশৰ ৰাজধানী দিল্লীত পালন কৰা হয়। লালকিল্লাত পালন কৰা এই অনুষ্ঠানত ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে আৰু দেশৰ জনসাধাৰণক উদ্দেশ্যি বক্তৃতা দিয়ে। এই দিৱস দেশৰ সকলো অংশতে পতাকা উত্তোলন, পেৰেড তথা বিভিন্ন সাংস্কৃতিক অনুষ্ঠানেৰে পালন কৰা হয়।

ইতিহাস

১৭ শতিকাৰ আৰম্ভণিৰেপৰা ভাৰতবৰ্ষত ইংৰাজে উপনিবেশ স্থাপন কৰিছিল। শক্তিশালী সামৰিক বাহিনীৰ সহায়ত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পেনীয়ে স্থানীয় ৰাজত্ব সমূহক বশীভূত কৰি ১৮ শতিকাত নিজকে আটাইতকৈ শক্তিশালী গোট ৰূপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হয়। ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ পিছত বলবৎ হোৱা Government of India Act 1858 এ ব্ৰিটিছৰ বাবে পোনপটিয়াকৈ ভাৰত শাসন কৰাৰ পথ সুগম কৰি দিয়ে। পৰৱৰ্ত্তী কালত ভাৰতবৰ্ষৰ চুকে কোণে জনসাধাৰণৰ মাজত স্বাধীনতা লাভৰ আকাংক্ষা তীব্ৰতৰ হ'বলৈ ধৰিলে। ১৮৮৫ চনত প্ৰতিষ্ঠিত হোৱা ভাৰতীয় জাতীয় কংগ্ৰেছে এই আকংক্ষাক এক প্ৰবল স্বাধীনতা আন্দোলনৰ ৰূপ দিয়াত আগভাগ লয়॥২৩

প্ৰথম বিশ্বযুদ্ধৰ পিছৰ সময়ছোৱাত ব্ৰিটিছে Montagu–Chelmsford Reforms কে ধৰি কিছু সংশোধনী আৰম্ভ কৰিছিল যদিও একে সময়তে ৰৱাল্ট আইন (Rowlatt Act) ৰ দৰে কঠোৰ আইনৰো বলবৎ কৰাত ভাৰতীয় জনসাধাৰণ প্ৰতিবাদী হৈ উঠে। ইয়াৰে ফলস্বৰূপে মহাত্মা গান্ধীৰ নেতৃত্বত সমগ্ৰ দেশজুৰি অসহযোগ আৰু অহিংস আন্দোলন গঢ় লৈ উঠে।৩

১৯৩০ চনৰ সময়ত ব্ৰিটিছৰ সংশোধনী আইন বলবৎ কৰাৰ পিছত নিৰ্বাচনসমূহত জাতীয় কংগ্ৰেছে সফলতা লাভ কৰিবলৈ সক্ষম হয়।৩ কিন্তু পৰৱৰ্ত্তী দশকটোত কেইবাটাও ঘটনাই ভাৰতৰ ৰাজনৈতিক পৰিৱেশ অস্থিৰ কৰি তোলে। ইয়াত অৰিহণা যোগোৱা প্ৰধান ঘটনাসমূহ হ'ল, দ্বিতীয় বিশ্বযুদ্ধত ভাৰতৰ অংশগ্ৰহণ, অসহযোগ আন্দোলনৰ তীব্ৰতা বৃদ্ধি, ভাৰতীয় মুছলিম লীঘৰ নেতৃত্বত মুছলিম জাতীয়তাবাদৰ উত্থান ইত্যাদি। ইয়াৰে সামূহিক প্ৰভাৱৰ ফলশ্ৰুতি হিচাপে ভাৰতে ১৯৪৭ চনত স্বাধীনতা লাভ কৰে আৰু একেসময়তে দেশ বিভাজনো হয়।৩

স্বাধীনতা লাভৰ পূৰ্বে স্বাধীনতা দিৱস

ভাৰতীয় জাতীয় কংগ্ৰেছৰ ১৯২৯ চনৰ লাহোৰ অধিবেশনত পূৰ্ণ স্বৰাজৰ ঘোষণা বা ভাৰতৰ স্বাধীনতাৰ ঘোষণা কৰা হৈছিল৪ আৰু ২৬ জানুৱাৰী দিনটোক ভাৰতৰ স্বাধীনতা দিৱস হিচাপে ঘোষিত হৈছিল।৪। কংগ্ৰেছে জনগণক আইন অমান্য আন্দোলনৰ পন্থা অৱলম্বন কৰিবলৈ আহ্বান জনোৱাৰ লগতে ভাৰতবৰ্ষই পুৰ্ণাংগ স্বাধীনতা নোপোৱা পৰ্যন্ত "সময়ে সময়ে কংগ্ৰেছৰ তৰফৰ পৰা প্ৰচাৰিত নিয়মাৱলী" পালন কৰিবলৈ আহ্বান জনাইছিল৫। এই ধৰণৰ স্বাধীনতা দিৱস উদযাপনৰ মুখ্য উদ্দেশ্য আছিল- জনগণৰ জাতীয়তাবাদী উদ্দীপনাক জীপাল কৰি তোলা আৰু ইয়াৰ জৰিয়তে ব্ৰিটিছ চৰকাৰক স্বাধীনতা প্ৰদান সম্পৰ্কে বিবেচনা কৰিবলৈ বাধ্য কৰা৬।

১৯৩০ চনৰ পৰা ১৯৪৬ চনলৈকে কংগ্ৰেছে ২৬ জানুৱাৰী দিনটো স্বাধীনতা দিৱস হিচাপে উদযাপন কৰিছিল৭৮। এই উদযাপনৰ অনুষ্ঠানসমূহত অংশগ্ৰহণকাৰীসকলে "স্বাধীনতাৰ অংগীকাৰ" গ্ৰহণ কৰিছিল৬। জৱাহৰলাল নেহৰুৱে তেওঁৰ আত্মজীৱনীত এই অনুষ্ঠানসমূহ শান্তিপূৰ্ণ, গাম্ভীৰ্যপূৰ্ণ আৰু "কোনো ভাষণ বা বক্তৃতাবিহীন" আছিল বুলি বৰ্ণনা কৰিছে৯। গান্ধীৰ চিন্তাধাৰা অনুসৰি সভা সমিতিৰ উপৰিও এই দিনটো "... কিছুমান গঠনমূলক কাম, যেনে সূতা কটা, অথবা অস্পৃশ্য সকলৰ সেৱা কৰা, অথবা হিন্দু আৰু মুছলমান সন্মিলন আয়োজন, অথবা বাধা আৰোপ বা এই সকলোবোৰ..." কাৰ্যসূচীৰ মাজেৰে পালন কৰা হওক১০। ১৯৪৭ চনৰ প্ৰকৃত স্বাধীনতা প্ৰাপ্তিৰ পিছত ভাৰতৰ সংবিধান ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা বলবৎ হৈছিল আৰু তেতিয়াৰে পৰা ২৬ জানুৱাৰী দিনটো গণতন্ত্ৰ দিৱস হিচাপে উদযাপিত হৈ আহিছে।

শেহতীয়া ইতিহাস

১৯৪৬ চনত দ্বিতীয় বিশ্বযুদ্ধই জুৰুলি কৰা ব্ৰিটেইনৰ চৰকাৰে ভাৰতৰ ৰাজনৈতিক অস্থিৰতা দুৰ কৰাত হোৱা বিফলতা স্বীকাৰ কৰি লয়।৩১১১২১৩ অৱশেষত ১৯৪৭ চনৰ ফেব্ৰুৱাৰী মাহত প্ৰধানমন্ত্ৰী ক্লীমেণ্ট এটলী (Clement Attlee) এ ১৯৪৮ চনৰ ভিতৰ ভাৰতবৰ্ষক স্বাধীনতা দিয়াৰ প্ৰতিশ্ৰুতি ঘোষণা কৰে।১৪

সেইসময়তে নতুনকৈ হোৱা ভাইচৰয় লুইছ মাইণ্টবেটেন (Louis Mountbatten) এ ক্ংগ্ৰেছ আৰু মুছলিম লীগৰ ক্ৰমান্বয়ে বাঢ়ি গৈ থকা বিৰোধে হিংসুক ৰূপ লোৱাৰ আশংকা কৰি এই স্বাধীনতা প্ৰদানৰ প্ৰক্ৰিয়াটো খৰতকীয়া কৰি তোলে।১৫ তেওঁ দ্বিতীয় বিশ্বযুদ্ধত জাপানে আত্মসমৰ্পণ কৰাৰ দ্বিতীয় বাৰ্ষিকীৰ দিনটো অৰ্থাৎ ১৫ আগষ্টৰ দিনটো ইয়াৰ বাবে ঠিক কৰে।১৫ ১৯৪৭ চনৰ ৩ জুন তাৰিখে ব্ৰিটিছ চৰকাৰে দেশ বিভাজনৰ দাবী গ্ৰহণ কৰে।১৪ ভাৰতীয় স্বাধীনতা আইন ( Indian Independence Act 1947) ৰ মতে অৱশেষত ভাৰতবৰ্ষক ভাৰত আৰু পাকিস্তান নামেৰে বিভাজন কৰা হয়।

দেশ-বিভাজন আৰু স্বাধীনতা

8.30 am Swearing in of governor general and ministers at Government House 9.40 am Procession of ministers to Constituent Assembly 9.50 am State drive to Constituent Assembly 9.55 am Royal salute to governor general 10.30 am Hoisting of national flag at Constituent Assembly 10.35 am State drive to Government House 6.00 pm Flag ceremony at India Gate 7.00 pm Illuminations 7.45 pm Fireworks display 8.45 pm Official dinner at Government House 10.15 pm Reception at Government House
— The day's programme for 15 August 1947১৬

স্বাধীনতা লাভৰ মাহটোত আৰু তাৰ পিছতো লাখ লাখ মুছলমান, শিখ আৰু হিন্দু শৰণাৰ্থীয়ে নতুনকৈ থিৰ কৰা সীমান্তৰে পাৰ হ'ল।১৭ পঞ্জাবৰ শিখসকলক দুভাগ কৰি থিৰ কৰা সীমান্তৰ দুয়োকাষেই বহুতো ৰক্তপাতৰ ঘটনা ঘটিল। পশ্চিমবংগ আৰু বিহাৰত অৱশ্যে মহাত্মা গান্ধীৰ উপস্থিতিয়ে হিংসাত্মক ঘটনাৰ হাৰ কিছু পৰিমাণে হ'লেও কমাই ৰাখিলে। সকলো মিলাই ভাৰতবৰ্ষত দেশ বিভাজনৰ সময়ত বিভিন্ন হিংসাত্মক ঘটনাত প্ৰায় ২৫০,০০০ ৰ পৰা ১,০০০,০০০ পৰ্যন্ত লোকৰ প্ৰাণহানি হ'ল বুলি তথ্য পোৱা যায়।১৮ দেশজুৰি স্বাধীনতা লাভৰ বাবে হোৱা আনন্দৰ পৰা আঁতৰি গান্ধীজীয়ে কলকাতাতে বাহৰ পাতি হিংসা প্ৰতিৰোধৰ প্ৰচেষ্টা লয়।১৯

Constituent Assembly of India ই ১৪ আগষ্টৰ দিনা নতুন দিল্লীৰ Constitution Hall ত মিলিত হয়। ইয়াৰ সভাপতি আছিল ৰাজেন্দ্ৰ প্ৰসাদ। এই সভাত পণ্ডিত জৱাহৰলাল নেহৰুৱে বক্তৃতা দিয়ে আৰু কয় যে২০ -

Long years ago we made a tryst with destiny, and now the time comes when we shall redeem our pledge, not wholly or in full measure, but very substantially. At the stroke of the midnight hour, when the world sleeps, India will awake to life and freedom. A moment comes, which comes but rarely in history, when we step out from the old to the new, when an age ends, and when the soul of a nation, long suppressed, finds utterance. It is fitting that at this solemn moment, we take the pledge of dedication to the service of India and her people and to the still larger cause of humanity.
— x

এই সদনত সকলো সদস্যই দেশৰ বাবে কাম কৰি যোৱাৰ অংগীকাৰ কৰে। ভাৰতৰ নাৰীৰ প্ৰতিনিধিসকলে পোণপ্ৰথমবাৰৰ বাবে এই সদনতে ৰাষ্ট্ৰীয় পতাকাৰ প্ৰদৰ্শন কৰে।২০

স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী হিচাপে নেহৰু আৰু গভৰ্ণৰ জেনেৰেল হিচাপে ভাইচৰয় হিচাপে লৰ্ড মাউণ্টবেটেন অধীষ্ঠিত হয়।১৬ মহাত্মা গান্ধীৰ নাম দেশৰ বহু জনসাধাৰণে প্ৰস্তাব কৰিছিল যদিও তেওঁ স্ব-ইচ্ছাৰে সকলো আনন্দ-উৎসৱৰ পৰা আঁতৰি থাকিল। তাৰ পৰিৱৰ্ত্তে তেওঁ দিনটো কলকাতাতত উপবাসে থাকি হিন্দু-মুছলমানৰ মাজত সম্প্ৰীতি বঢ়োৱাৰ অৰ্থে যত্নপৰ হয়।১৬

উদ্‌যাপন

.]]

ভাৰতৰ তিনিটা জাতীয় বন্ধৰ দিনৰ এটা হ'ল স্বাধীনতা দিৱস। (অন্য দুটা হ'ল ২৬ জানুৱাৰীত পালন কৰা গণতন্ত্ৰ দিৱস আৰু ২ অক্টোবৰত পালন কৰা গান্ধী জয়ন্তী। ) ভাৰতৰ প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত স্বাধীনতা দিৱস পালন কৰা হয়। স্বাধীনতা দিৱসৰ আগদিনা ভাৰতৰ ৰাষ্ট্ৰপতিয়ে জাতিক উদ্দেশি ভাষণ প্ৰদান কৰে। ১৫ আগষ্টৰ দিনা প্ৰধান মন্ত্ৰীয়ে দিল্লীৰ ঐতিহাসিক লালকিল্লাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। এই পবিত্ৰ অনুষ্ঠানটোৰ সন্মানত ২১ জাই তোপধ্বনি কৰা হয়।২১ প্ৰধান মন্ত্ৰীৰ ভাষণত বিগত বৰ্ষৰ খতিয়ান দাঙি ধৰা হয়, প্ৰয়োজনীয় বিষয়বোৰ উত্থাপন কৰা হয় আৰু অধিক উন্নয়নৰ প্ৰতিশ্ৰুতি দিয়া হয়। তেখেতে ভাৰতীয় স্বাধীনতা আন্দোলনৰ নেতাসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। ভাৰতৰ ৰাষ্ট্ৰীয় সঙ্গীত 'জন গণ মন' গোৱা হয়। ভাষণৰ পিছত ভাৰতীয় সামৰিক আৰু অসামৰিক বাহিনীৰ ডিভিজনসমূহে মাৰ্চ পাষ্ট কৰে। লগতে পেৰেড আৰু ভাৰতৰ স্বাধীনতা আন্দোলন আৰু বৈচিত্ৰ্যময় সাংস্কৃতিক পৰম্পৰাৰ প্ৰদৰ্শন হয়। ৰাজ্যৰ ৰাজধানীবোৰতো একেধৰণৰ কাৰ্যসূচী পালন কৰা হয়, য'ত নিজ-নিজ ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলে পতাকা উত্তোলন কৰে।২২২৩ লগতে ৰাজ্যৰ বিভিন্ন স্থানত বিধায়ক আৰু ৰাজ্যপাল সকলে পতাকা উত্তোলন কৰে।

A child holding the Indian national flag.
A child holding the Indian national flag.ছবি: Ganesh Dhamodkar (User:Shivashree) · CC BY-SA 3.0

সমগ্ৰ ভাৰতবৰ্ষৰ চৰকাৰী আৰু বেচৰকাৰী প্ৰতিষ্ঠানবোৰত পতাকা উত্তোলন আৰু সাংস্কৃতিক কাৰ্যসূচী পালন কৰা হয়।২৪ বিদ্যালয় আৰু মহাবিদ্যালয়বোৰতো পতাকা উত্তোলনৰ লগতে সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়। প্ৰধান প্ৰধান চৰকাৰী ভৱনবোৰত আলোকসজ্জা কৰা হয়।২৫ দিল্লী আৰু আনকেইখনমান মহানগৰত স্বাধীনতা দিৱস উপলক্ষে চিলা উৰোওৱা হয়।২১২৬ বৃহৎ সংখ্যক বিভিন্ন আকৃতিৰ ৰাষ্ট্ৰীয় পতাকা দেশৰ প্ৰতি থকা আনুগত্যৰ প্ৰতিকী ৰূপত ব্যৱহাৰ কৰা হয়।২৭ নাগৰিকসকলে তেওঁলোকৰ পোচাক, ৰিষ্টবেণ্ড (wristbands), বাহন, ঘৰুৱা সামগ্ৰী আদি ৰাষ্ট্ৰীয় পতাকাৰ অনুকৰণত তিনিবৰণীয়া নক্সাৰে অলংকৃত কৰে।২৭ সময়ৰ পৰিৱৰ্তনৰ লগে লগে এই দিবসৰ উদযাপন ৰাষ্ট্ৰীয়তাবাদ (nationalism)ৰ ক্ষুদ্ৰ পৰিসৰতে আবদ্ধ নাথাকি অন্যান্য সকলো দিশ সামৰি লোৱা দেখা গৈছে।২৮২৯

বিশ্বৰ বিভিন্ন কোণত থকা প্ৰবাসী ভাৰতীয় সকলেও পেৰেড তথা অন্যান্য কাৰ্য্যসূচীৰে উলহ মালহেৰে এই দিবসটো পালন কৰে।৩০ কোনো কোনো অঞ্চলত বিশেষকৈ নিউয়ৰ্ক আদি ঠাইত এই দিনটো 'ভাৰত দিবস' ৰূপে পৰিগণিত হৈ পৰিছে।৩১

সুৰক্ষাৰ প্ৰতি ভাবুকি

স্বাধীনতাৰ তিনি বছৰ পাছতেই নগা নেছনেল কাউন্সিলে উত্তৰ-পূৰ্বাঞ্চলত স্বাধীনতা দিৱস বৰ্জনৰ আহ্বান জনায়।৩২ আশীৰ দশকত অঞ্চলটোত বিচ্ছিন্নতাবাদী গোটৰ বিক্ষোভ বৃদ্ধি পায়। সংযুক্ত মুক্তি বাহিনী, অসম, নেচনেল ডেম'ক্ৰেটিক ফ্ৰণ্ট অৱ বড়োলেণ্ড আদি সন্ত্ৰাসবাদী সংগঠনৰ আক্ৰমণ, বৰ্জনৰ আহ্বানে স্বাধীনতা দিৱস উদ্‌যাপনত ব্যাঘাত জন্মায়।৩৩ জম্মু আৰু কাশ্মীৰত আশীৰ দশকৰ পৰা বাঢ়ি অহা বিদ্ৰোহত৩৪ বিচ্ছিন্নতাবাদী বিক্ষোভকাৰীসকলে "বন্ধ"ৰ আহ্বান দি, ক'লা পতাকাৰ ব্যৱহাৰ কৰি আৰু পতাকা জ্বলাই এই দিৱস বৰ্জন কৰে।৩৫৩৬৩৭ লস্কৰ-ই-তৈবা, হিজ্‌বুল মুজাহিদীন আদিৰ দৰে সন্ত্ৰাসবাদী সংগঠনে ভাবুকি প্ৰদানৰ লগতে স্বাধীনতা দিৱসৰ আশে-পাশে আক্ৰমণৰ ঘটনা সংঘটিত কৰি আহিছে।৩৮ মাও বিদ্ৰোহী সংগঠনসমূহেও স্বাধীনতা দিৱস বৰ্জনৰ আহ্বান জনাই আহিছে।৩৯৪০

সন্ত্ৰাসবাদীৰ আক্ৰমণৰ আশংকাত সমগ্ৰ ভাৰততে বিশেষকৈ দিল্লী, মুম্বাইৰ দৰে ডাঙৰ নগৰত আৰু সমস্যাজৰ্জৰ ৰাজ্য যেনে জম্মু-কাশ্মীৰত সুৰক্ষা কট্‌কটীয়া হয়।৪১৪২ আকাশী আক্ৰমণ ৰোধ কৰিবলৈ লালকিল্লাৰ চৌপাশৰ উৰণস্থানক "ন' ফ্লাই জ'ন" ঘোষণা কৰা হয়।৪৩ আৰু আন নগৰবোৰত অতিৰিক্ত আৰক্ষী মোতায়ন কৰা হয়।৪৪

বৰ্তমান সময়ত জনপ্ৰিয়তা

স্বাধীনতা দিবসৰ দিনা দূৰদৰ্শন তথা ৰেডিঅ' চেনেল সমূহত সমগ্ৰ দেশতে হিন্দী তথা অন্যান্য ৰাজ্যিক ভাষাসমূহত দেশ-প্ৰেমমূলক প্ৰচাৰ কৰা হয়।৪৫ পতাকা উত্তোলনৰ অনুষ্ঠান সমূহতো এনে সংগীত পৰিবেশন কৰা হয়।৪৫ তদুপৰি দেশজুৰি দেশপ্ৰেমমূলক চলচ্চিত্ৰও প্ৰদৰ্শিত হয়।২৪ তদুপৰি বহু লোকে জাতীব পোছাক বা ত্ৰিৰংগী পতাকাৰ লগত সামঞ্জস্য ৰাখি পোছাক পৰিধান কৰে।২৮৪৬ বহুজাতিক কোম্পানী তথা অন্য ব্যৱসায়িক প্ৰতিষ্ঠান সমূহে এই দিনটোৰ লগত সংগতি ৰাখি ৰেহাই মূল্যৰো ব্যৱস্থা কৰে।৪৭৪৮

ভাৰতীয় ডাকবিভাগে স্বাধীনতা আন্দোলনৰ নেতা সকলক লৈ ১৫ আগষ্টৰ দিনটোতে ডাকটিকট প্ৰচলন কৰে।৪৯ ইণ্টাৰনেটত গুগুলে ২০০৩ চনৰ পৰা এই দিনটোতে ভাৰতীয় হোমপেজ সমূহত স্বাধীনতা দিবসৰ সৈতে সংগতি ৰাখি বিশেষ গুগুল দুদুল প্ৰস্তুত কৰি আহিছে।৫০

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Indian National Congress by Encyclopædia Britannica
  2. ↑ Sarkar, Sumit. (1983). Modern India, 1885–1947. Macmillan. পৃ. 1–4. ISBN 978-0-333-90425-1
  3. ↑ Metcalf, B.; Metcalf, T. R. (9 October 2006). A Concise History of Modern India. Cambridge University Press. ISBN 978-0-521-68225-1
  4. ↑ Wolpert, Stanley A. (12 October 1999). India. University of California Press. পৃ. 204. ISBN 978-0-520-22172-7
  5. ↑ Datta, V.N. (2006). India's Date with Destiny. Allied Publishers. পৃ. 34–39. ISBN 978-81-7764-932-1
  6. ↑ Guha, Ramachandra. (12 August 2008). India After Gandhi: The History of the World's Largest Democracy. Harper Collins. ISBN 978-0-06-095858-9
  7. ↑ Vohra, Ranbir. (2001). The Making of India: a Historical Survey. M.E. Sharpe. পৃ. 148. ISBN 978-0-7656-0711-9
  8. ↑ Ramaseshan, Radhika. (26 January 2012). Why January 26: the History of the Day. The Telegraph
  9. ↑ Nehru, Jawaharlal. (1989). Jawaharlal Nehru, An Autobiography: With Musings on Recent Events in India. Bodley Head. পৃ. 209. ISBN 978-0-370-31313-9
  10. ↑ Gandhi, (Mahatma). (1970). Collected Works of Mahatma Gandhi. Publications Division, Ministry of Information and Broadcasting, Government of India. পৃ. 398–400
  11. ↑ Hyam, Ronald. (2006). Britain's Declining Empire: the Road to Decolonisation, 1918–1968. Cambridge University Press. পৃ. 106. ISBN 978-0-521-68555-9
  12. ↑ Brown, Judith Margaret. (1994). Modern India: the Origins of an Asian Democracy. Oxford University Press. পৃ. 330. ISBN 978-0-19-873112-2
  13. ↑ Sarkar, Sumit. (1983). Modern India, 1885–1947. Macmillan. পৃ. 418. ISBN 978-0-333-90425-1
  14. ↑ Romein, Jan. (1962). The Asian Century: a History of Modern Nationalism in Asia. University of California Press. পৃ. 357
  15. ↑ Read, Anthony; Fisher, David. (1 July 1999). The Proudest Day: India's Long Road to Independence. W. W. Norton & Company. পৃ. 459–60. ISBN 978-0-393-31898-2
  16. ↑ Guha, Ramachandra. (2007). India After Gandhi: The History of the World's Largest Democracy. Macmillan. ISBN 978-0-230-01654-5
  17. ↑ Keay, John. (2000). India: A History. Grove Press. পৃ. 508. ISBN 9780802137975
  18. ↑ DeRouen, Karl; Heo, Uk. Civil Wars of the World: Major Conflicts since World War II. ABC-CLIO. পৃ. 408–414. ISBN 978-1-85109-919-1
  19. ↑ Alexander, Horace. (1 August 2007). A miracle in Calcutta. Prospect
  20. ↑ Constituent Assembly of India Volume V. Parliament of India
  21. ↑ Independence Day. Government of India
  22. ↑ (15 August 2012). India Celebrates Its 66th Independence Day. Outlook
  23. ↑ (15 August 2007). Barring Northeast, Peaceful I-Day Celebrations across India (State Roundup, Combining Different Series). Monsters and Critics
  24. ↑ Gupta, K.R.; Gupta, Amita. (1 January 2006). Concise Encyclopaedia of India. Atlantic Publishers. পৃ. 1002. ISBN 978-81-269-0639-0
  25. ↑ Independence Day Celebration. Government of India
  26. ↑ Bhattacharya, Suryatapa. (15 August 2011). Indians Still Battling it out on Independence Day. The National
  27. ↑ (15 August 2007). When India Wears its Badge of Patriotism with Pride. DNA
  28. ↑ Ansari, Shabana. (15 August 2011). Independence Day: For GenNext, It’s Cool to Flaunt Patriotism. DNA
  29. ↑ Dutta Sachdeva, Sujata; Mathur, Neha. (14 August 2005). It's Cool to Be Patriotic: GenNow. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  30. ↑ (16 August 2010). Indian-Americans Celebrate Independence Day. দ্য হিন্দু
  31. ↑ Ghosh, Ajay. (2008). India’s Independence Day Celebrations across the United States—Showcasing India’s Cultural Diversity and Growing Economic Growth. NRI Today
  32. ↑ Sharma, Suresh K. (2006). Documents on North-East India: Nagaland. Mittal Publications. পৃ. 146, 165. ISBN 978-81-8324-095-6
  33. ↑ Mazumdar, Prasanta. (11 August 2011). ULFA’s Independence Day Gift for India: Blasts. DNA Office of the Coordinator for Counterterrorism. Country Reports on Terrorism 2004. United States Department of State. পৃ. 129 Schendel, Willem Van; Abraham, Itty. (2005). Illicit Flows and Criminal Things: States, Borders, and the Other Side of Globalization. Indiana University Press. পৃ. 55–56. ISBN 978-0-253-21811-7 (10 August 2010). Rebels Call for I-Day Boycott in Northeast. Rediff Biswas, Prasenjit; Suklabaidya, Chandan. (6 February 2008). [http://books.google.com/books?id=lO8MAQ
  34. ↑ Heiberg, Marianne; O'Leary, Brendan; Tirman, John. (2007). Terror, Insurgency, and the State: Ending Protracted Conflicts. University of Pennsylvania Press. পৃ. 254. ISBN 978-0-8122-3974-4
  35. ↑ (15 August 2008). Kashmir Independence Day Clashes. BBC
  36. ↑ Behera, Navnita Chadha. Demystifying Kashmir. Pearson Education India. পৃ. 146. ISBN 978-81-317-0846-0
  37. ↑ Das, Suranjan. (1 August 2001). Kashmir and Sindh: Nation-Building, Ethnicity and Regional Politics in South Asia. Anthem Press. পৃ. 49. ISBN 978-1-898855-87-3
  38. ↑ (14 August 2002). LeT, JeM Plan Suicide Attacks in J&K on I-Day. The Economic Times (11 August 2007). Ayodhya Attack Mastermind Killed in Jammu. OneIndia News (12 August 2012). LeT to Hijack Plane Ahead of Independence Day?. The First Post (7 August 2009). Two Hizbul Militants Held in Delhi. NDTV
  39. ↑ (15 August 2011). Maoist Boycott Call Mars I-Day Celebrations in Orissa. The Hindu
  40. ↑ Verma, Bharat. (1 June 2012). Indian Defence Review Vol. 26.2: Apr–Jun 2011. Lancer Publishers. পৃ. 111. ISBN 978-81-7062-219-2
  41. ↑ Ramgopal, Ram. (14 August 2002). India Braces for Independence Day. CNN
  42. ↑ (11 August 2006). US Warns of India Terror Attacks. BBC
  43. ↑ (16 August 2011). Rain Brings Children Cheer, Gives Securitymen a Tough Time. The Hindu
  44. ↑ (14 August 2006). India Heightens Security ahead of I-Day. The Times of India
  45. ↑ Nayar, Pramod K. (14 June 2006). Reading Culture: Theory, Praxis, Politics. SAGE. পৃ. 57. ISBN 978-0-7619-3474-5
  46. ↑ Vohra, Meera; Shashank Tripathi. (14 August 2012). Fashion fervour gets tri-coloured!. Times of India
  47. ↑ Sharma, Kalpana. (13 August 2010). Pop Patriotism—Is Our Azaadi on Sale?. The Times of India
  48. ↑ Basu, Sreeradha D; Mukherjee, Writankar. (14 August 2010). Retail Majors Flag Off I-Day Offers to Push Sales. The Economic Times
  49. ↑ Indian Postage Stamps Catalogue 1947–2011. India Post
  50. ↑ (15 August 2012). Google doodles Independence Day India. CNN-IBN

সম্পৰ্কিত শ্ৰেণী

ভাৰতদিৱসসমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “স্বাধীনতা দিৱস (ভাৰত)” প্ৰবন্ধৰ সংশোধন ৬৪০৩০৩ (৩০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।