অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

নৱজীৱন ট্ৰাষ্ট

নৱজীৱন ট্ৰাষ্ট ভাৰতৰ গুজৰাট ৰাজ্যৰ আহমেদাবাদ চহৰত অৱস্থিত প্ৰকাশনগোষ্টী। ১৯২৯ চনত মহাত্মা গান্ধীয়ে ইয়াক স্থাপন কৰিছিল। বৰ্তমানলৈকে নৱজীৱন ট্ৰাষ্টে ইংৰাজী, গুজৰাটী, হিন্দী আৰু অন্যান্য ভাষাত ৮০০তকৈও অধিক গ্ৰন্থ প্ৰকাশিত কৰিছে।

হালনাগাদ: ১৬ ছেপ্তেম্বৰ ২০২১ ২৯৫ শব্দ · ২ মিনিট সংগৃহীত ৬৬
সংশোধনৰ পৰামৰ্শ

নৱজীৱন ট্ৰাষ্ট ভাৰতৰ গুজৰাট ৰাজ্যৰ আহমেদাবাদ চহৰত অৱস্থিত প্ৰকাশনগোষ্টী। ১৯২৯ চনত মোহনদাস কৰমচান্দ গান্ধীয়ে ইয়াক স্থাপন কৰিছিল।১ বৰ্তমানলৈকে নৱজীৱন ট্ৰাষ্টে ইংৰাজী, গুজৰাটী, হিন্দী আৰু অন্যান্য ভাষাত ৮০০তকৈও অধিক গ্ৰন্থ প্ৰকাশিত কৰিছে। ইয়াৰে ভিতৰত গান্ধীজীয়ে লিখা আৰু গান্ধী আদৰ্শৰ ওপৰত ভিত্তি কৰি লিখা গ্ৰন্থৰ সংখ্যা সৰহ।

প্ৰথমে নৱজীৱন বুলিলে মহাত্মা গান্ধীয়ে ১৯১৯ চনৰ ৭ ছেপ্টেম্বৰৰ পৰা ১৯৩১ চনলৈ গুজৰাটী ভাষাত আহমেদাবাদৰ পৰা প্ৰকাশ কৰা সাপ্তাহিক বাতৰিকাকতক বুজাইছিল।

উদ্দেশ্য

১৯৩১ চনৰ ৬ ডিচেম্বৰ তাৰিখৰ নৱজীৱন আলোচনীৰ পৃষ্ঠা
১৯৩১ চনৰ ৬ ডিচেম্বৰ তাৰিখৰ নৱজীৱন আলোচনীৰ পৃষ্ঠাছবি: Mahatma Gandhi · Public domain

হিন্দী, গুজৰাটী আৰু অন্যান্য ভাৰত-আৰ্য ভাষা পৰিয়ালৰ ভাষাত "নৱজীৱন"ৰ অৰ্থ হৈছে নতুন জীৱন।

আৰম্ভণিতে নৱজীৱন ট্ৰাষ্টৰ মুখ্য উদ্দেশ্য আছিল সাধাৰণত জনতাক শান্তিপূৰ্ণ প্ৰক্ৰিয়াৰে 'হিন্দ স্বৰাজ'ৰ বিষয়ে সজাগতা সৃষ্টি কৰা আৰু বিশুদ্ধ উপায়েৰে ভাৰতৰ প্ৰতি সেৱা আগবঢ়োৱা।

নৱজীৱন ট্ৰাষ্টে ইয়াৰ উদ্দেশ্য সমূহ সফলভাবে ৰূপায়ণ কৰিবলৈ কিছুমান কাৰ্যপন্থাত বিশেষ ভাৱে মনোনিবেশ কৰিছিল। সেইসমূহ হ'ল:

  • যঁতৰ আৰু খাদী ব্যৱহাৰৰ বাবে উৎসাহ যোগোৱা
  • সমাজৰ পৰা অস্পৃশ্যতা নিৰ্মূল কৰা
  • হিন্দু আৰু মুছলমানৰ লগতে ভাৰতত বসবাস কৰা বিভিন্ন সম্প্ৰদায়ৰ মাজত একতা ভাৱ জগাই তোলা
  • গোধনৰ ৰক্ষা কৰা আৰু গৌশালা ইত্যাদি স্থাপন কৰা
  • নাৰীসৱলীকৰণৰ উদ্দেশ্য কাৰ্যপন্থা যেনে:
    • বাল্য বিবাহ নিষিদ্ধ কৰা
    • বিধবা বিবাহৰ প্ৰচলন কৰা
    • স্ত্ৰীশিক্ষাত মনোনিবেশ কৰা
  • ইংৰাজী ভাষাৰ সলনি হিন্দী আৰু অন্যান্য ভাৰতীয় ভাষাৰ প্ৰচাৰ-প্ৰসাৰত গুৰুত্ব দিয়া
  • ধৰ্মীয়, সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক উত্তৰোত্তৰ সাধনৰ উদ্দেশ্য বিভিন্ন গ্ৰন্থ আৰু গৱেষণা পত্ৰ প্ৰকাশ কৰা
  • বিজ্ঞাপন গ্ৰহণ নকৰা আৰু ট্ৰাষ্টৰ উদ্দেশ্যৰ বৰ্হিভূত গ্ৰন্থ ইত্যাদি প্ৰকাশ নকৰা
  • প্ৰশাসনিক বৰ্ষশেষৰ তিনিমাহৰ ভিতৰত বৰ্ষ খতিয়ান প্ৰকাশ কৰা
  • প্ৰতিষ্ঠানৰ কাম-কাজ সমূহ সম্পূৰ্ণ আত্মনিৰ্ভৰশীলতাৰে কৰা

নৱজীৱন ট্ৰাষ্টে গান্ধীজীৰ কাৰ্যকলাপ, লেখনি আদিৰ লগতে অন্যান্য ধৰ্মীয়, সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক উত্তৰোত্তৰ সাধনৰ উদ্দেশ্যে বিভিন্ন গৱেষণা পত্ৰ, গ্ৰন্থ আদি প্ৰকাশ কৰে। ইয়াৰ সকলো কাম-কাজ নিজ ক্ষমতাৰ সামৰ্থত কৰা হয়। নৱজীৱন ট্ৰাষ্টৰ ন্যাসৰক্ষী সকলে আত্মনিৰ্ভৰশীলতাৰ ওপৰত কঠোৰ দৃষ্টি নিক্ষেপ কৰি আহিছে। ইয়াৰ লগতে তেওঁলোকে ট্ৰাষ্টৰ উদ্দেশ্যয়ো স্থিৰ ৰাখিবলৈ সক্ষম হৈছে। ট্ৰাষ্টৰ দ্বাৰা প্ৰকাশিত সাপ্তাহিক কাকত, গ্ৰন্থ আৰু অন্যান্য প্ৰকাশিত সমলত কেতিয়াও বিজ্ঞাপন লোৱা নহয়। ইয়াৰ লগতে আত্মনিৰ্ভৰশীলতাৰ বাবে ই বৰ্তমানলৈকে কাৰোৰে পৰা দান অথবা অনুদান গ্ৰহণ কৰা নাই।

তথ্যসূত্ৰ

  1. ↑ http://www.navajivantrust.org/about.html

সম্পৰ্কিত শ্ৰেণী

কোম্পানী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নৱজীৱন ট্ৰাষ্ট” প্ৰবন্ধৰ সংশোধন ২৯৭৭৫৪ (১৬ ছেপ্তেম্বৰ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।