দাৰ্শনিক
৭৮ প্ৰবন্ধ
-
মোহনদাস কৰমচান্দ গান্ধী
মোহনদাস কৰমচান্দ গান্ধী (મોહનદાસ કરમચંદ ગાંધી; Mohandas Karamchand Gandhi; ২ অক্টোবৰ, ১৮৬৯ – ৩০ জানুৱাৰী, ১৯৪৮) ব্ৰিটিছ ভাৰতৰ স্বাধীনতা আন্দোলনৰ গুৰি ধৰোঁতা এজন মুখ্য পথপ্ৰদৰ্শক নেতা আছিল। অহিংস নীতিৰে পৰিচালিত সত্যাগ্ৰহৰ পথ প্ৰদৰ্শক গান্ধীৰ নেতৃত্বত পৰিচালিত হৈ ভাৰতে স্বাধীনতা লাভ কৰে।
-
ৱিলিয়াম শ্বেইক্সপিয়াৰ
ৱিলিয়াম শ্বেইক্সপিয়াৰ (William Shakespeare,; (২৬ এপ্ৰিল ১৫৬৪ – ২৩ এপ্ৰিল ১৬১৬) আছিল এজন ইংৰাজ কবি আৰু নাট্যকাৰ যাক ইংৰাজী ভাষাৰ সৰ্বশ্ৰেষ্ঠ লেখক আৰু বিশ্বৰ এজন শ্ৰেষ্ঠ নাট্যকাৰ হিচাপে আখ্যা দিয়া হয়। তেওঁক প্ৰায়ে ইংলেণ্ডৰ জাতীয় কবি আৰু "এভনৰ চাৰণকবি" বুলি উল্লেখ কৰা হয়।
-
এৰিষ্ট'টল
আৰিস্ত’তেলেছ (Ἀριστοτέλης,; Aristotelēs,; ৩৮৪ – ৩২২ খ্ৰীঃপূঃ), আৰস্তু বা এৰিষ্ট’টল এগৰাকী গ্ৰীক দাৰ্শনিক আছিল। তেওঁৰ জন্ম ৩৮৪ খৃঃপূঃত গ্ৰীক দেশৰ এখন প্ৰাচীন নগৰ ষ্টেজাইৰাত হৈছিল। তেওঁৰ শৈশৱ অৱস্থাতে পিতৃ নিকোমাকাচৰ (Nicomachus) মৃত্যু হৈছিল। ফলস্বৰূপে তেওঁ এজন অভিভাৱকৰ তত্ত্বাৱধানত ডাঙৰ-দীঘল হৈছিল।
-
কাৰ্ল মাৰ্ক্স
কাৰ্ল হেনৰিখ মাৰ্ক্স (৫ মে' ১৮১৮ – ১৪ মাৰ্চ ১৮৮৩) এজন জাৰ্মান দাৰ্শনিক, অৰ্থনীতিবিদ, ইতিহাসবিদ, সমাজবিজ্ঞানী, ৰাজনৈতিক তত্ত্ববিদ, সাংবাদিক আৰু সমাজতান্ত্ৰিক বিপ্লৱী আছিল।
-
আদি শংকৰ
আদি শংকৰ হৈছে অষ্টম শতিকাৰ এজন ভাৰতীয় অদ্বৈতবাদী দাৰ্শনিক তথা বৈদিক পণ্ডিত আছিল। হিন্দু ধৰ্মদৰ্শনৰ মীমাংসা ভাগৰ তেওঁ সমৰ্থক আছিল; বহ্মসূত্ৰ,উপনিষদ,গীতা আদিৰ দ্বাৰা তেওঁ আধ্যাত্মিকতাত গুৰুত্ব দিছিল। তেওঁক শংকৰাচাৰ্য নামেৰেও জনা যায়।
-
চিগ্মণ্ড ফ্ৰয়েড
চিগ্মণ্ড ফ্ৰয়েড (Sigmund Freud; ৬ মে' ১৮৫৬ - ২৩ ছেপ্টেম্বৰ ১৯৩৯) হৈছে অষ্ট্ৰিয়াৰ এজন স্নায়ুচিকিৎসাবিজ্ঞানী তথা মনোবিশ্লেষণৰ উদ্ভাৱক, ই হৈছে ৰোগী আৰু মনোবিশ্লেষকৰ মাজত বাৰ্তালাপৰ জৰিয়তে মানসিক ৰোগৰ মূল্যাঙ্কন আৰু চিকিৎসা কৰাৰ এক ক্লিনিকেল পদ্ধতি।
-
আইজাক নিউটন
ছাৰ আইজাক নিউটন (২৫ ডিচেম্বৰ ১৬৪২ – ২০ মাৰ্চ ১৭২৬/২৭) আছিল এগৰাকী ইংৰাজ বহুবিশাৰদ ( Polymath), আৰু তেখেত এগৰাকী গণিতজ্ঞ, পদাৰ্থবিদ, জ্যোতিৰ্বিজ্ঞানী, অপৰসায়নবিদ (alchemist), ধৰ্মতাত্ত্বিক, আৰু লেখক হিচাপে অৱদান আগবঢ়াই গৈছে।
-
চাণক্য
চাণক্য (Chanakya, খ্ৰীষ্টপূৰ্ব ৩৭০-২৮৩) প্ৰাচীন ভাৰতৰ এজন আদৰ্শ গুৰু (শিক্ষক), দাৰ্শনিক আৰু ৰাজ-উপদেষ্টা আছিল। তেওঁক কৌটিল্য অথবা চাণক্য নামেৰেও অভিহিত কৰা হয় যদিও বিষ্ণু গুপ্ত তেওঁৰ পিতৃ প্ৰদত্ত নাম আছিল।
-
পতঞ্জলি
পতঞ্জলি হৈছে এগৰাকী মহামুনি, যোগ সাধক, সংস্কৃত ব্যাকৰণকাৰ। পতঞ্জলিৰ সময় খ্ৰীঃ পূঃ দ্বিতীয় শতাব্দী। তেওঁ ৰজা পুষ্যমিত্ৰৰ সমসাময়িক।
-
প্লিনি দ্য এল্ডাৰ
গাইয়াছ প্লিনিয়াছ চেকুণ্ডাছ (২৩/২৪ খ্ৰীষ্টাব্দ – ৭৯ খ্ৰীষ্টাব্দ), এজন ৰোমান লেখক, প্ৰকৃতিবিদ, প্ৰাকৃতিক দাৰ্শনিক, আৰু প্ৰাক ৰোমান সাম্ৰাজ্যৰ নৌ আৰু সেনা বিষয়া আৰু সম্ৰাট ভেস্পাচিয়ানৰ বন্ধু আছিল। তেঁওক প্লিনি দ্য এল্ডাৰ (/ˈplɪni/) বুলিও জনা যায়।
-
প্লেটো
প্লাত’ন (Πλάτων,; Platōn,; /৪২৩ খ্ৰীঃপূঃ – ৩৪৮/৩৪৭ খ্ৰীঃপূঃ), আফ্লাতুন বা প্লেটো এজন ধ্ৰুপদী গ্ৰীক দাৰ্শনিক আছিল। তেওঁৰ জন্ম হৈছিল ৪২৮ বা ৪২৭ খ্ৰীষ্টপূৰ্বত গ্ৰীচৰ এথেন্স চহৰত। তেওঁৰ শিক্ষক আছিল বিখ্যাত দাৰ্শনিক চক্ৰেটিছ। প্লেটোৰ জীৱনত চক্ৰেটিছৰ প্ৰভাৱ আছিল অনন্য।
-
বৰাহমিহিৰ
বৰাহ-মিহিৰ (Varāhamihira) প্ৰাচীন ভাৰতৰ গুপ্ত সাম্ৰাজ্যৰ সমসাময়িক (আনুমানিক ৫০৫ - ৫৮৭) এজন বিখ্যাত দাৰ্শনিক, জ্যোতিৰ্বিজ্ঞানী, গণিতজ্ঞ আৰু কবি। তেওঁ পঞ্চসিদ্ধান্তিকা নামৰ এটি মহাসংকলনগ্ৰন্থ ৰচনা কৰিছিল, যʼত তেওঁৰ জীৱনকালৰ সময়ৰ গ্ৰীক, মিছৰীয়, ৰোমান আৰু ভাৰতীয় জ্যোতিৰ্বিজ্ঞানৰ সাৰ লিপিবদ্ধ আছে।
-
গেলিলিঅ’ গেলিলি
গেলিলিঅ’ গেলিলি (ইংৰাজী:Galileo Galilei) (; জন্ম ১৫ফেব্ৰুৱাৰী ১৫৬৪ – ৮ জানুৱাৰী ১৬৪২), একাধাৰে এজন ইটালী দেশৰ পদাৰ্থবিদ, গণিতজ্ঞ, জ্যোতিৰ্বিদ আৰু দাৰ্শনিক আছিল আৰু তেওঁ বৈজ্ঞানিক বিপ্লৱৰ সৈতে ওতপ্ৰোত ভাৱে জড়িত ব্যক্তি আছিল।
-
লালন
লালন (Lalon, ১৪ অক্টোবৰ ১৭৭২ - ১৭ অক্টোবৰ ১৮৯০) বৰ্তমান বাংলাদেশৰ কুষ্টিয়াৰ এগৰাকী প্ৰখ্যাত বঙালী দাৰ্শনিক, লেখক, বাউল সন্ত, ৰহস্যবাদী, গীতিকাৰ, সমাজ-সংস্কাৰক আৰু চিন্তাবিদ আছিল। ফকিৰ লালন শাহ , লালন শাহ বা লালন ফকিৰ নামেৰেও জনাজাত লালনক বঙালী সংস্কতিৰ প্ৰতীক ৰূপে গণ্য কৰা হয়।
-
ছক্ৰেটিছ
ছ’ক্ৰাতেছ (Σωκράτης,; Sōcratēs,; – ৩৯৯ খ্ৰী.পূ.), ছুক্ৰাৎ বা ছক্ৰেটিছ আছিল এগৰাকী ধ্ৰুপদী গ্ৰীক আথেনীয় দাৰ্শনিক। প্লেটোৰ লিখনিসমূহত থকা মতে নীতিশিক্ষাৰ ক্ষেত্ৰত ছক্ৰেটিছৰ অৱদান অপৰিসীম।
-
বাৰ্ট্ৰেণ্ড ৰাছেল
বাৰ্ট্ৰেণ্ড ৰাছেল (Bertrand Russell) সম্পূৰ্ণ নাম বাৰ্ট্ৰেণ্ড আৰ্থাৰ উইলিয়াম ৰাছেল, তৃতীয় আৰ্ল ৰাছেল, অ’ এম, এফ আৰ এছ (১৮ মে' ১৮৭২ – ২ ফেব্ৰুৱাৰী ১৯৭০) একাধাৰে এজন ব্ৰিটিছ দাৰ্শনিক, গণিতজ্ঞ আৰু ন’বেল বঁটা বিজয়ী সাহিত্যিক হোৱাৰ উপৰিও এজন মানৱ মুক্তি আৰু মানৱাধিকাৰৰ প্ৰবক্তা আছিল।
-
কনফুচিয়াছ
কনফুচিয়াছ (৫৫১–৪৭৯ খ্ৰীষ্টপূৰ্ব) আছিল চীন দেশৰ সবাতোকৈ জনপ্ৰিয় শিক্ষক, দাৰ্শনিক আৰু ৰাজনৈতিক তত্ত্ববিদ। তেওঁৰ শিক্ষাই পূব এছিয়াৰ সভ্যতাক প্ৰভাৱিত কৰিছিল বুলি ভবা হয়। কনফুচিয়াছে প্ৰৱৰ্তন কৰা দৰ্শনক কনফুচিয়াছ ধৰ্ম বুলি জনা যায়।
-
ইমানুৱেল কাণ্ট
ইমানুৱেল কাণ্ট (২২ এপ্ৰিল, ১৭২৪ - ১২ ফেব্ৰুৱাৰী, ১৮০৪) ১৮ শতিকাৰ এজন বিখ্যাত জাৰ্মান দাৰ্শনিক। কাণ্টৰ জন্ম হৈছিল কনিগছবাৰ্গত, যিটো বৰ্তমান ৰাছিয়াৰ অংশ। কাণ্টক আধুনিক ইউৰোপৰ অন্যতম প্ৰভাৱশালী চিন্তাবিদ হিচাপে গণ্য কৰা হয়। তেওঁৰ "Critique of Pure Reason" (১৭৮১) নামৰ গ্ৰন্থখনৰ বাবে জনপ্ৰিয়।
-
নাগাৰ্জুন
নাগাৰ্জুন (আনুমানিক ১৫০-২৫০ খ্ৰীষ্টাব্দ) আছিল গৌতম বুদ্ধৰ পিছৰ অন্যতম প্ৰভাৱশালী বৌদ্ধ দাৰ্শনিক। শিষ্য আৰ্যদেৱৰ সৈতে ‘মহাযান’ বৌদ্ধ ধৰ্মৰ ‘গৌণ’ শাখা প্ৰতিষ্ঠা কৰাৰ কৃতিত্ব তেওঁক দিয়া হয়।
-
পাইথেগাৰাছ
পাইথেগাৰাছ (; আনুমানিক খ্ৰীষ্টপূৰ্ব ৫৭০ – খ্ৰীষ্টপূৰ্ব ৪৯৫) আছিল প্ৰাচীন গ্ৰীচৰ গণিতজ্ঞ, জ্যোতিৰ্বিজ্ঞানী আৰু দাৰ্শনিক। তেওঁৰ জন্ম আৰু মৃত্যুৰ সঠিক সময় জনা নাযায়। তেওঁৰ জন্ম হৈছিল গ্ৰীচৰ ছামোছত।
-
এডাম স্মিথ
আডাম স্মিথ (Adam Smith; ১৭২৩ – ১৭ জুলাই ১৭৯০) এগৰাকী স্কটিছ অৰ্থনীতিবিদ, দাৰ্শনিক আৰু লেখক আছিল। তেওঁ ৰাজনৈতিক অৰ্থনীতিৰ গুৰিধৰোঁতা আৰু স্কটিছ নৱজাগৰণৰ এগৰাকী মুখ্য ব্যক্তি। তেওঁক "অৰ্থনীতিৰ জনক" বা "পুঁজিবাদৰ জনক" বুলিও জনা যায়।
-
ঠাকুৰ অনুকূলচন্দ্ৰ
অনুকূলচন্দ্ৰ চক্ৰৱৰ্তী বা শ্ৰীশ্ৰীঠাকুৰ অনুকূলচন্দ্ৰ (১৪ ছেপ্টেম্বৰ, ১৮৮৮ - ২৭ জানুৱাৰী, ১৯৬৯) ভাৰতৰ এগৰাকী ধৰ্ম সংস্কাৰক। তেওঁ সৎসঙ্গ নামৰ এটি সংগঠনৰ প্ৰবৰ্তক।তেওঁ ব্ৰিটিছ শাসিত ভাৰতৰ বঙ্গ প্ৰদেশৰ পাবনা জিলাৰ হিমায়তপুৰত (বৰ্তমান বাংলাদেশৰ অন্তৰ্গত) জন্মগ্ৰহণ কৰে।
-
য়ুভাল নোৱা হাৰাৰি
য়ুভাল নোৱা হাৰাৰি (יובל נח הררי; জন্ম-২৪ ফেব্ৰুৱাৰী ১৯৭৬) হৈছে এগৰাকী ইজৰাইলী ইতিহাসবিদ, প্ৰসিদ্ধ লেখক, আৰু জেৰুজালেমৰ হিব্ৰু বিশ্ববিদ্যালয়ৰ এগৰাকী অধ্যাপক। তেওঁ বহুকেইখন জনপ্ৰিয় বিজ্ঞান-সাহিত্যৰ লেখক।
-
ৰ্যনে দেকাৰ্ত
ৰ্যনে দেকাৰ্ত (René Descartes,; ৩১ মাৰ্চ ১৫৯৬ – ১১ ফেব্ৰুৱাৰী ১৬৫০) এজন ফৰাচী দাৰ্শনিক, বিজ্ঞানী আৰু গণিতজ্ঞ আছিল, যাক আধুনিক দৰ্শন আৰু বিজ্ঞানৰ উদ্ভৱনৰ ক্ষেত্ৰত এক প্ৰাথমিক ব্যক্তিত্ব হিচাপে গণ্য কৰা হয়।
-
আৰুণি
আৰুণি (আৰুণি উদ্দালক বা উদ্দালক বাৰুণী বুলিও কোৱা হয়), হিন্দু ধৰ্মৰ বৈদিক যুগৰ এজন পূজনীয় বৈদিক ঋষি আছিল। বৈদিক যুগৰ বহুতো সংস্কৃত গ্ৰন্থত তেওঁৰ উল্লেখ আছে আৰু উপনিষদ শাস্ত্ৰৰ ভিতৰত দুখন পুৰণি গ্ৰন্থ বৃহদাৰণ্যক উপনিষদ আৰু চান্দোগ্য উপনিষদত তেওঁৰ দাৰ্শনিক শিক্ষাই অন্যতম কেন্দ্ৰবিন্দু হৈ পৰিছে।
-
জঁ-জাক ৰুছ’
জঁ-জাক ৰুছ’ (Jean-Jacques Rousseau; ২৮ জুন ১৭১২ – ২ জুলাই ১৭৭৮) আছিল এগৰাকী জেনেভান দাৰ্শনিক, লেখক আৰু সুৰকাৰ। তেখেতৰ ৰাজনৈতিক দৰ্শনে সমগ্ৰ ইউৰোপ আলোকপ্ৰাপ্তিৰ যুগটোৰ বিস্তাৰত প্ৰভাব পেলাইছিল আৰু সৰ্বোপৰি ফৰাচী বিপ্লৱৰ প্ৰেক্ষাপট এবং আধুনিক ৰাজনৈতিক, অৰ্থনৈতিক চিন্তাৰ প্ৰসাৰে ভূমিকা ৰাখিছে।
-
ফিয়দৰ দস্তয়েৱস্কী
ফিয়দৰ মিখাইল'ৱিচ দস্তয়েৱস্কী (Фёдор Михайлович Достоевский,; – ) আছিল এজন ৰাছিয়ান ঔপন্যাসিক, চুটি গল্প লেখক, প্ৰবন্ধকাৰ, সাংবাদিক আৰু দাৰ্শনিক। দস্তয়েভস্কিৰ সাহিত্যিক কৰ্মৰাজীত ১৯ শতিকাৰ ৰাছিয়ান সাম্ৰাজ্যত সমস্যাৰে ভাৰাক্ৰান্ত হৈ পৰা ৰাজনৈতিক, সামাজিক আৰু আধ্যাত্মিক বাতাৱৰণৰ কালছোৱাত মানৱীয়…
-
উইলিয়াম জেম্ছ
ৱিলিয়াম জেইম্ছ (William James) (১১ জানুৱাৰী, ১৮৪২– ২৬ আগষ্ট, ১৯১০)এগৰাকী আমেৰিকান দাৰ্শনিক, মনোবিজ্ঞানী আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত মনোবিজ্ঞানৰ পাঠ্যক্ৰম আগবঢ়োৱা প্ৰথমজন শিক্ষাবিদ।
-
জন ষ্টুৱাৰ্ট মিল
জন ষ্টুৱাৰ্ট মিল (ইংৰাজীঃ John Stuart Mill; ২০ মে' ১৮০৬ - ৭ মে' ১৮৭৩) এজন ইংৰাজ দাৰ্শনিক, ৰাজনৈতিক অৰ্থনীতিবিদ, ৰাজনীতিবিদ আৰু অসামৰিক সেৱাৰ বিষয়া আছিল।
-
ফ্ৰিড্ৰিচ এংগেল্ছ
ফ্ৰিড্ৰিচ এংগেল্ছ; ২৮ নৱেম্বৰ ১৮২০ – ৫ আগষ্ট ১৮৯৫) এগৰাকী জাৰ্মান দাৰ্শনিক, সমাজ বিজ্ঞানী, সাংবাদিক আৰু ব্যৱসায়ী। . তেখেতে কাৰ্ল মাৰ্ক্সৰ সৈতে মাৰ্ক্সবাদী সূত্ৰ তৈয়াৰ কৰিছিলে আৰু প্ৰচাৰ কৰিছিলে।