দলিত শব্দৰ দ্বাৰা ভাৰতৰ এনে কিছু জাতিগত গোষ্ঠীক বু্ুজোৱা হয় যিসকল সচৰাচৰ নিপীড়িত আৰু পিছপৰা জাতিৰূপে চিহ্নিত।১ সংস্কৃত ভাষা আৰু হিন্দী ভাষাত দলিত শব্দৰ অৰ্থ হৈছে "ভগ্ন" বা "ছেদেলিভেদেলি।" দলিতসকলক হিন্দু ধৰ্মৰ চাৰি বৰ্ণ ব্যৱস্থাৰ পৰা নিলগাই ৰখা হৈছে আৰু পঞ্চম বৰ্ণ হিচাপে দেখা গৈছে, যি পঞ্চমা নামেৰেও পৰিচিত। দলিতসকলে বৰ্তমান হিন্দু ধৰ্ম, বৌদ্ধ ধৰ্ম, শিখ ধৰ্ম, খ্ৰীষ্টধৰ্ম আৰু বিভিন্ন লোকধৰ্ম সহ বিভিন্ন ধৰ্মীয় বিশ্বাসক বিশ্বাস কৰে। ভাৰতৰ ২০১১ চনৰ লোকপিয়ল অনুসৰি দলিতসকলৰ সংখ্যা ২০ কোটি যি ভাৰতৰ জনসংখ্যাৰ ১৬%।২
দলিত শব্দটো ১৯৩৫ চনৰ পূৰ্বৰ ব্ৰিটিছ ৰাজৰ লোকপিয়লৰ শ্ৰেণীবিভাজনৰ সময়ৰ শোকগ্ৰস্ত শ্ৰেণী (Depressed Class)-ৰ অনূদিত ৰূপ। অৰ্থনীতিবিদ আৰু সংস্কাৰক বি আৰ আম্বেদকাৰে (১৮৯১-১৯৫৬) দলিত শব্দটোৰ জনপ্ৰিয়তা বৃদ্ধি কৰে। তেখেতে জাতি-বৰ্ণ নিৰ্বিশেষে সকলো শোকগ্ৰস্ত লোককে দলিত সংজ্ঞাৰ অন্তৰ্ভুক্ত কৰে।৩ তেখেতে গঠন কৰা "লেবাৰ পাৰ্টি"-ত সমাজৰ শোকগ্ৰস্ত শ্ৰেণীৰ সকলো লোককে অন্তৰ্ভুক্ত কৰিছিল যিসকলৰ ভিতৰত মহিলা, ক্ষুদ্ৰ কৃষক তথা পিছপৰা শ্ৰেণীৰ লোকসকলো আছিল। আম্বেদকৰ নিজেই এজন নিঃকুলীয়া মহৰ সম্প্ৰদায়ৰ লোক আছিল। ১৯৭০ দশকত "দলিত" শব্দৰ ব্যৱহাৰ পুনৰ জনপ্ৰিয়তা লাভ কৰিছিল যেতিয়া 'দলিত পেন্থাৰ' সমাজকৰ্মী গোটে ইয়াৰ ব্যৱহাৰ কৰিছিল। লাহে লাহে ৰাজনৈতিক দলসমূহেও নিজৰ লাভালাভৰ বাবে এই শব্দৰ ব্যৱহাৰ আৰম্ভ কৰে। কানহাইয়া কুমাৰৰ দৰে নতুন নেতাৰ অনুসৰি "দলিত" শব্দৰ সংজ্ঞা অধিক ব্যাপক, এজন ব্ৰাহ্মণ সম্প্ৰদায়ৰ কৃষক যি অতি কষ্টৰে জীৱন নিৰ্বাহ কৰিছে তেৱোঁ "দলিত" শ্ৰেণীত পৰে।৪৫
ভাৰতৰ অনুসূচীত জাতিৰ ৰাষ্ট্ৰীয় আয়োগে দলিত শব্দৰ চৰকাৰী ব্যৱহাৰক "অসাংবিধানিক" আখ্যা দিয়ে আৰু 'অনুসূচীত জাতি' শব্দৰ ব্যৱহাৰক প্ৰধান্য দিয়ে। পিছে কিছু সূত্ৰৰ অনুসৰি দলিত শব্দই এনে কিছু জনগোষ্ঠীকো সাঙুৰি লৈছে যিসকলক সাংবিধানিক ভাবে অনুসূচীত জাতিৰ স্বীকৃত দিয়া হোৱা নাই আৰু সাধাৰণতে ই ভাৰতৰ নিপীড়িত লোকসকলক বুজাবলৈ ব্যৱহাৰ কৰা হয়। নেপালতো এনে একেই পৰিস্থিতি বিৰাজ কৰিছে।
মহাত্মা গান্ধীয়ে ১৯৩৩ চনত সমাজত অস্পৃশ্য বুলি বিবেচনা কৰা লোকসকলক হৰিজন নামেৰে নামকৰণ কৰিছিল।৬ হৰিজনৰ অৰ্থ হৈছে হৰি বা ভগৱানৰ লোক। হৰিজন শব্দটো পাছলৈ মৰ্যাদাহানিকৰ (derogatory) আৰু অনুপালক (patronising) বুলি বিবেচনা কৰা হৈছিল। সেয়ে এই শব্দটো বৰ্তমানে ব্যৱহাৰ কৰা নহয়।৭ দলিত শব্দ ব্যৱহাৰো কেৰালা ৰাজ্যত নিষিদ্ধ কৰা হৈছে।৮
তথ্যসূত্ৰ
- ↑ From Buddhist texts to East India Company to now, 'Dalit' has come a long way - Times of India. The Times of India
- ↑ (29 May 2013). India: Official Dalit population exceeds 200 million. idsn.org
- ↑ Independent labour party: 19th July (1937) in Dalit History – Dr. Ambedkar took oath as the member of Bombay Legislative Council. drambedkarbooks.com/. Dr. Ambedkar Books
- ↑ Venu, M.K. (10 November 2016). Kanhaiya Kumar - the journey from Bihar to Tihar. The Wire
- ↑ Ali, Salim. (11 November 2017). Jaggernaut: From Bihar to Tihar - Kanhaiya Kumar, a discussion (11 November 2017). Kanhaiya Kumar Official website (on you tube)
- ↑ अछूत कोन और कैसे: डॉ. भीमराव अम्बेडकर, 1949
- ↑ Ananya, Vajpeyi. (14 August 2018). How to move a mountain. The Hindu
- ↑ (17 October 2017). Kerala government bans use of the words "harijan" and "dalit". Outlook India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দলিত” প্ৰবন্ধৰ সংশোধন ৫৭১২৯১ (২৪ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।