অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

নতুন দিল্লী

নতুন দিল্লী (New Delhi, नई दिल्ली) হৈছে ভাৰতৰ ৰাজধানী। ই ভাৰত চৰকাৰ আৰু ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ দিল্লী চৰকাৰ কেন্দ্ৰ ৰূপে কাম কৰে। নতুন দিল্লী দিল্লী মহানগৰ অন্তৰ্গত আৰু ই দিল্লী কেন্দ্ৰীয় শাসিত অঞ্চলৰ ১১খন জিলাৰ ভিতৰত এখন।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ১,০৯৩ শব্দ · ৬ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

নতুন দিল্লী (New Delhi, नई दिल्ली) হৈছে ভাৰতৰ ৰাজধানী। ই ভাৰত চৰকাৰ আৰু ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ দিল্লী চৰকাৰ কেন্দ্ৰ ৰূপে কাম কৰে। নতুন দিল্লী দিল্লী মহানগৰ অন্তৰ্গত আৰু ই দিল্লী কেন্দ্ৰীয় শাসিত অঞ্চলৰ ১১খন জিলাৰ ভিতৰত এখন। ভাৰতত ব্ৰিটিছৰ শাসনকালৰ সময়ত ১৯১১ চনলৈ ভাৰতৰ ৰাজধানী কলিকতা (বৰ্তমানৰ কলকাতা) আছিল। দেশখনৰ শাসন সুচাৰুৰূপে চলাবৰ বাবে কলিকতাৰ সলনি যদি দিল্লীত যদি ৰাজধানী স্থাপন কৰিলে বেছি ভাল হ'ব বুলি ব্ৰিটিছসকলে অনুভৱ কৰে। ইয়াৰ ফলতে ব্ৰিটিছ সম্ৰাট জৰ্জ পঞ্চমে ১৯১১ চনৰ দিল্লী দৰবাৰৰ সময়ত চনত চহৰখনৰ আধাৰশিলা স্থাপন কৰে।১ বিখ্যাত ব্ৰিটিছ স্থপতিবিদ চাৰ এডৱিন লুটন্স আৰু চাৰ হবাৰ্ট বেকাৰে ইয়াৰ ৰূপৰেখা সৃষ্টি কৰে। ব্ৰিটিছ গভৰ্ণৰ জেনেৰেল লৰ্ড আৰৱিনৰ দ্বাৰা ১৯৩১ চনৰ ১৩ ফেব্ৰুৱাৰীত এই নতুন ৰাজধানীক উদ্বঘাটন কৰা হয়।২

যদিও পূৰ্বতে দিল্লী আৰু নতুন দিল্লী দুয়োটা নামকে দিল্লীৰ ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলটোক বুজাবলে ব্যৱহাৰ কৰা হৈছিল, পিছে বৰ্তমানে এই দুটা নামে পৃথক পৃথক অঞ্চলক বুজায়। নতুন দিল্লী হৈছে বৃহত্তৰ ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল দিল্লীৰ এক সৰু এলেকা, আনহাতে ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলটোৱে নতুন দিল্লীৰ লগতে দাতিকাষৰিয়া ৰাজ্য হাৰিয়ানা আৰু উত্তৰ প্ৰদেশৰ কেইবাখনো চহৰক ধৰি এক বৃহত্তৰ অঞ্চল সামৰি লয়।

ইতিহাস

স্থাপন

১৯১১ চনৰ ডিচেম্বৰলৈ ব্ৰিটিছ ৰাজৰ আমোলত কলিকতা (বৰ্তমানে কলকাতা) ভাৰতৰ ৰাজধানী আছিল। ১৯ শতিকাৰ শেষৰ ফালে কলিকতা জাতীয়তাবাদী আন্দোলনৰ কেন্দ্ৰত পৰিণত হৈছিল, এয়াই আছিল ব্ৰিটিছ ভাৰতৰ ভাইছৰয় লৰ্ড কাৰ্জন ১৯০৫ চনত কৰা বঙ্গভঙ্গৰ প্ৰধান কাৰণ। এয়াৰ ফলত কলিকতাত ব্যাপক ৰাজনৈতিক আৰু ধৰ্মীয় প্ৰতিবাদৰ সৃষ্টি হৈছিল, আনকি ব্ৰিটিছ কৰ্মকৰ্তাসকল ৰাজনৈতিক হত্যাৰো বলি হৈছিল। জনতাৰ মাজত উপনিবেশবিৰোধী মনোভাব সৃষ্টি হৈছিল আৰু ব্ৰিটিছ সামগ্ৰী সম্পূৰ্ণ বয়কট কৰা আৰম্ভ কৰিছিল, সেয়ে ঔপনেবিশ চৰকাৰে পুনৰায় বঙ্গদেশক এক কৰে আৰু তাৎক্ষণিকভাবে ব্ৰিটিছ ভাৰতৰ ৰাজধানী নতুন দিল্লীলৈ স্থানান্তৰিত কৰাত বাধ্য হয়।৩

পুৰণা দিল্লী প্ৰাচীন ভাৰতৰ কেইবাটাও সাম্ৰাজ্যৰ ৰাজনৈতিক তথা অৰ্থনৈতিক কেন্দ্ৰ হিচাপে কাম কৰিছিল, বিশেষকৈ মোগল সাম্ৰাজ্যৰ সময়ত ১৬৪৯ ৰ পৰা ১৮৫৭ লৈ। ১৯ শতিকাৰ আৰম্ভণিতে ব্ৰিটিছ ভাৰতীয় সাম্ৰাজ্যৰ ৰাজধানী পূব উপকূলস্থিত কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰৰ প্ৰস্তাব আগবঢ়োৱা হৈছিল।৪ ব্ৰিটিছ ভাৰতৰ চৰকাৰে অনুভৱ কৰিছিল যে উত্তৰ ভাৰতৰ কেন্দ্ৰস্থল দিল্লীৰ পৰা ভাৰতক পৰিচালনা কৰা সহজ হ'ব। নতুন দিল্লী চহৰ স্থাপনৰ বাবে ভূমি অধিগ্ৰহণ আইন ১৯৯৪-ৰ অধীনত ভূমি অধিগ্ৰহণ কৰা হৈছিল।৫

১৯১১ চনৰ ১২ ডিচেম্বৰত দিল্লী দৰবাৰত অংশগ্ৰহণ কৰি কিংছৱে কেম্পৰ কৰোনেছন পাৰ্কত ভাইছৰয় বাসভৱনৰ আধাৰশিলাও স্থাপনৰ সময়ত৬৭ ভাৰতৰ তৎকালীন সম্ৰাট জৰ্জ পঞ্চম আৰু তেওঁৰ পত্নী কুইন মেৰিয়ে ঘোষণা কৰে যে ব্ৰিটিছ ৰাজৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰিত কৰা হ'ব।৮৯ তিনি দিনৰ পাছত ১৯১১ চনৰ ১৫ ডিচেম্বৰ, দিল্লী দৰবাৰ অনুষ্ঠিত হোৱা কিংছৱে কেম্পতে সম্ৰাট জৰ্জ পঞ্চম আৰু কুইন মেৰিয়ে ৰাজধানী ৰূপে নতুন দিল্লীৰ আধাৰশিলা স্থাপন কৰে।১০ বিখ্যাত ব্ৰিটিছ স্থপতিবিদ চাৰ এডৱিন লুটন্সে নতুন দিল্লীলৈ প্ৰথম বাৰৰ বাবে ১৯১২ চনত আহে আৰু তেখেতৰ সহযোগী স্থপতিবিদ চাৰ হবাৰ্ট বেকাৰৰ সৈতে নতুন দিল্লীৰ অধিকাংশৰ ৰূপৰেখা সৃষ্টি কৰে।১১ প্ৰথম পৰিকল্পনা অনুসৰি নিৰ্মাণৰ স্থান ৰূপে টুগলকাবাদৰ টুগলকাবাদ দুৰ্গৰ ভিতৰ অংশক নিৰ্বাচন কৰা হৈছিল, পিছে দিল্লী-কলিকতা ট্ৰাঙ্ক লাইন দুৰ্গৰ মাজেৰে যোৱাৰ বাবে এই পৰিকল্পনা বাদ দিয়া হৈছিল। প্ৰথম বিশ্বযুদ্ধৰ পাছৰ পৰাহে নিৰ্মাণৰ কাম প্ৰকৃততে আৰম্ভ হয় আৰু ই সমাপ্ত হয় ১৯৩১ চনত। সেইসময়ত "লুটন্স দিল্লী" নামেৰে পৰিচিত এই নতুন চহৰটিৰ উদ্বোধন কৰে ভাইছৰয় লৰ্ড আৰৱিনে ১৯৩১ চনৰ ১০ ফেব্ৰুৱাৰীত। চহৰখনৰ কেন্দ্ৰীয় প্ৰশাসনিক অঞ্চলটোৰ লুটন্সে কৰা ডিজাইনত ভাৰতক লৈ ব্ৰিটিছ সাম্ৰাজ্যই কৰা আকাঙ্ক্ষাৰ কথা পৰিষ্ফুট হৈছে।১২১৩

ভাৰতৰ ৰাজধানী দিল্লীলৈ স্থানান্তৰিত কৰাৰ পাছত, ১৯১২ চনত উত্তৰ দিল্লীত কেইমাহ মানৰ ভিতৰতে এক অস্থায়ী সচিবালয় ভৱন নিৰ্মিন কৰা হৈছিল। নতুন ৰাজধানীৰ বেছিভাগ চৰকাৰী কৰ্মচাৰী পুৰণা দিল্লীস্থিত এই সচিবালয়ৰ পৰা কাম কৰিবলৈ লয়। এয়া আছিল ১৯৩১ চনৰ উদ্ঘাটনৰ ১০ বছৰৰ আগৰ কথা। বৰ্তমানে এই সচিবালয়ৰ দিল্লী বিধানসভাৰ কাৰ্যালয়। সচিবালয়ৰ বহুতো কৰ্মচাৰী তেতিয়াৰ বেঙ্গল প্ৰেচিডেন্সি আৰু মাদ্ৰাজ প্ৰেচিডেন্সিৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা অনা হৈছিল। পিছলৈ ১৯২০-ৰ দশকত তেওঁলোকৰ বাবে গোল মাৰ্কেট এলেকাত বাসগৃহ নিৰ্মাণ কৰা হৈছিল।১৪ ১৯৪০-ৰ দশকত উচ্চত্তম চৰকাৰী কৰ্মচাৰীসকলৰ বাবে লোধি এষ্টেট অঞ্চলত আবাসিক গৃহ নিৰ্মাণ কৰা হৈছিল।১৫

স্বাধীনতা-উত্তৰ

১৯৪৭ চনত ভাৰতে ব্ৰিটিছ শাসনৰ পৰা স্বাধীনতা লাভ কৰাৰ পাছত, নতুন দিল্লীক সীমিত স্বায়ত্তশাসন প্ৰদান কৰা হয় আৰু ভাৰত চৰকাৰৰ দ্বাৰা নিযুক্ত এজন প্ৰধান কমিছনাৰ দ্বাৰা পৰিচালিত হয়। ১৯৬৬ চনত দিল্লীক কেন্দ্ৰীয় শাসিত অঞ্চললৈ ৰূপান্তৰ কৰা হয় আৰু প্ৰধান কমিছনাৰৰ সলনি লেফটনেণ্ট গভৰ্নৰৰ দ্বাৰা পৰিচালিত কৰা হয়। ভাৰতৰ সংবিধানৰ ঊনসপ্ততিতম সংশোধনীৰ আইন, ১৯৯১ অনুসৰি দিল্লী কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ নাম আনুষ্ঠানিকভাবে দিল্লী নামৰে পৰিচিত হয়।১৬ নিৰ্বাচিত স্থানীয় দিল্লী চৰকাৰক বহুল ক্ষমতা প্ৰদান কৰাৰ ব্যৱস্থা কৰা হয়, কেৱল আইন-শৃঙ্খলাৰ ক্ষমতা কেন্দ্ৰীয় চৰকাৰৰ হাতত থাকে। এই আইনটো ১৯৯৩ চনৰ পৰা কাৰ্যকৰ হয়।

"লুটন্স দিল্লী"ৰ বাহিৰত নতুন দিল্লীৰ প্ৰথম ডাঙৰ সম্প্ৰসাৰণ কৰা হয় ১৯৫০-ৰ দশকত যেতিয়া কেন্দ্ৰীয় লোক নিৰ্মাণ বিভাগে লুটন্স দিল্লীৰ দক্ষিণ-পশ্চীমৰ চাণক্যপুৰীৰ এক বিশাল অঞ্চলত কূটনৈতিক বহিঃক্ষেত্ৰ গঠন কৰি বিভিন্ন দেশৰ দূতাবাস, উচ্চায়ুক্ত আদিৰ বাবে ভূমি আৱন্তন কৰিছিল।১৭

ভূগোল

৪২.৭ বৰ্গ কিলোমিটাৰ (১৬.৫ বৰ্গ মাইল) মাটিকালিৰে নতুন দিল্লী বূহত্তৰ দিল্লী কেন্দ্ৰীয় শাসিত অঞ্চলৰ এক সৰু অংশ।১৮ অঞ্চলটো যিহেতু সিন্ধু-গংগা সমভূমিত অৱস্থিত, সেয়ে অঞ্চলজুৰি উচ্চতাৰ বিশেষ পাৰ্থক্য নাই। নতুন দিল্লী আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলসমূহ এসময়ত আৰাৱলী পৰ্বতমালাৰ অংশ আছিল; এই পৰ্বতমালাৰ যা কিছু অৱশিষ্ট আছেগৈ সেয়া হ'ল দিল্লী ৰিজ, যাক দিল্লীৰ হাঁওফাঁও বোলা হয়। যদিও নতুন দিল্লী যমুনা নদীৰ প্লাবনভূমিত অৱস্থিত, ই মূলতঃ এক স্থলবেষ্টিত চহৰ।

নতুন দিল্লী ভূমিকম্প অঞ্চলৰ IV শ্ৰেণীত পৰে, সেয়ে এই অঞ্চলটো ভূমিকম্পৰ পৰা সংবেদনশীল।১৯ নতুন দিল্লীত বহুকেইটা ফল্ট লাইন থকাৰ বাবে ইয়াত সঘনাই ভূমিকম্পৰ জোঁকাৰণি অনুভৱ হয়, ইয়াৰ বেছিভাগৰে তীব্ৰতা মধ্যমীয়া। ২০১১ ৰ পৰা ২০১৫ ৰ মাজত ভূমিকম্পৰ সংখ্যা বৃদ্ধি পাইছিল, ইয়াৰ মাজৰ উল্লেখযোগ্য আছিল ২০১৫ চনৰ নেপালৰ কেন্দ্ৰস্থলৰ ৫.৪ প্ৰাবল্যৰ ভূমিকম্প, ২৫ নৱেম্বৰ ২০০৭ৰ ৪.৭ প্ৰাবল্যৰ ভূমিকম্প, ৭ চেপ্টেম্বৰ ২০১১ৰ ৪.২ প্ৰাবল্যৰ ভূমিকম্প, ৫ মাৰ্চ ২০১২ৰ ৫.২ প্ৰাবল্যৰ ভূমিকম্প আদি।

জনগাঁথনি

২০১১ চনৰ লোকপিয়ল অনুসৰি নতুন দিল্লীৰ জনসংখ্যা ১,৪২,০০৪ জন।২০ হিন্দী ভাষা হৈছে অঞ্চলটোৰ সৰ্বাধিক কথিত ভাষা। ইংৰাজী ভাষা ব্যৱসায়-বাণিজ্য আৰু চৰকাৰী কাৰ্যালয়সমূহত আনুষ্ঠানিক ভাষাৰূপে ব্যৱহাৰ কৰা হয়।২১ ২০১১ চনৰ লোকপিয়ল অনুসৰি নতুন দিল্লীৰ সাক্ষৰতা হাৰ ৮৯.৩৮%, এয়া দিল্লী কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ ভিতৰতে সৰ্বোচ্চ।২২

ধৰ্ম

হিন্দু ধৰ্মৰ বাহিৰে নতুন দিল্লীত আন ধৰ্মৰ লোকৰ সংখ্যা দিল্লীৰ তুলনাত কম।২৩ ২০১১ চনৰ লোকপিয়ল অনুসৰি নতুন দিল্লীৰ ৮৯.৮% লোক হিন্দু ধৰ্মী। আন ধৰ্মালম্বী লোকৰ মাজত ইছলাম ধৰ্মী (৪.৫%), খ্ৰীষ্টান ধৰ্মী (২.৯%), শিখ ধৰ্মী (২.০%), জৈন ধৰ্মী (০.৪%) লোকৰ সংখ্যা উল্লেখযোগ্য।২৩ আন সংখ্যালঘিষ্ট সম্প্ৰদায়সমূহ হৈছে পাৰ্চী, বৌদ্ধ ধৰ্মী আৰু ইহুদি ধৰ্মী লোক।২৪

প্ৰশাসন

ভাৰতৰ ৰাজধানী নতুন দিল্লীক ভাৰতৰ কেন্দ্ৰীয় চৰকাৰ আৰু দিল্লীৰ স্থানীয় চৰকাৰ উভয়েই যৌথভাবে পৰিচালনা কৰে। নতুন দিল্লী দিল্লীৰ ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ (এন চি টি)-ৰ ৰাজধানীও। বৃহত্তৰ দিল্লী মহানগৰক সচৰাচৰ পুৰণা দিল্লী নামৰ বিপৰীতে নতুন দিল্লী নামেৰেহে পৰিচিত।

নতুন দিল্লী নগৰপালিকা পৰিষদ (এন ডি এম চি) অঞ্চলটোৰ মূল প্ৰশাসনিক পৰিষদ। দিল্লী মহানগৰীৰ অন্যান্য অঞ্চল দিল্লী নগৰ নিগম (এম চি ডি)-ৰ দ্বাৰা পৰিচালিত হয়। ২০১৫ চনৰ তথ্য অনুসৰি, নতুন দিল্লী নগৰপালিকা পৰিষদ এগৰাকী অধ্যক্ষ, দিল্লী বিধানসভাৰ তিনিজন সদস্য, দিল্লীৰ মুখ্যমন্ত্ৰীৰ দ্বাৰা মনোনীত দুজন সদস্য আৰু কেন্দ্ৰীয় চৰকাৰ দ্বাৰা মনোনীত পাঁচজন সদস্যৰ দ্বাৰা গঠিত।

দিল্লী কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ প্ৰধান হ'ল কেন্দ্ৰীয় চৰকাৰৰ পৰামৰ্শৰে ভাৰতৰ ৰাষ্ট্ৰপতিৰ দ্বাৰা নিযুক্ত লেফটেনেণ্ট গভৰ্নৰ গৰাকী। এই পদটি মূলতঃ আনুষ্ঠানিকতাৰ বাবেহে, দৰাচলতে দিল্লী কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ মুখ্যমন্ত্ৰী গৰাকীয়েই হৈছে চৰকাৰৰ প্ৰধান আৰু বেছিভাগ কাৰ্যনিৰ্বাহী ক্ষমতা তেখেতৰ ওপৰতে ন্যস্ত থাকে। ভাৰতীয় সংবিধান অনুসৰি, দিল্লী বিধানসভাৰ দ্বাৰা গৃহীত কোনো আইন যদি ভাৰতৰ সংসদৰ দ্বাৰা গৃহীত কোন আইনৰ বিপৰীত হয়, তেন্তে সংসদৰ দ্বাৰা গৃহীত আইনখনক প্ৰাধান্য দিয়া হ'ব।২৫

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Lahiri, Tripti. (13 January 2012). New Delhi: One of History's Best-Kept Secrets. The Wall Street Journal
  2. ↑ Stancati, Margherita. (8 December 2011). New Delhi becomes the capital of Independent India. The Wall Street Journal
  3. ↑ 86 years ago New Delhi took over as power capital of India. Times Of India
  4. ↑ Wright, Tom. (11 November 2011). Why Delhi? The Move From Calcutta. The Wall Street Journal
  5. ↑ Land and Acquisition Act 1894
  6. ↑ Hall, P. (2002). Cities of Tomorrow. Blackwell Publishing. পৃ. 198–206. ISBN 978-0-631-23252-0
  7. ↑ Coronation park Hindustan Times, 14 August 2008
  8. ↑ Wright, Tom. (22 November 2011). In 1911, Rush to Name Delhi as Capital Causes a Crush. The Wall Street Journal
  9. ↑ (28 November 2011). Was New Delhi a Death Knell for Calcutta?. The Wall Street Journal
  10. ↑ Lahiri, Tripti. (20 November 2011). The New Delhis That Might Have Been. The Wall Street Journal
  11. ↑ Patwant, Singh. (2002–2003). Sir Edwin and the building. wmf.org
  12. ↑ Yadgaar. National Museum, New Delhi
  13. ↑ Architecture of New Delhi. Apollo (magazine)
  14. ↑ (1 September 2011). Capital story: Managing a New Delhi. Hindustan Times
  15. ↑ (1 September 2011). A tale of two cities. Hindustan Times
  16. ↑ The Constitution (Sixty-Ninth Amendment) Act, 1991. The Constitution (Amendment) Acts, The Constitution of India. National Informatics Centre, Ministry of Communications and Information Technology, Government of India
  17. ↑ Viswambhar Nath. (2007). Urbanization, urban development, and metropolitan cities in India. Concept Publishing Company. পৃ. 248, 251. ISBN 978-81-8069-412-7
  18. ↑ NDMC Act. Ndmc.gov.in
  19. ↑ Hazard profiles of Indian districts. National Capacity Building Project in Disaster Management. UNDP
  20. ↑ Delhi (India): Districts, Cities and Towns - Population Statistics, Charts and Map. City Population
  21. ↑ Know about Delhi Fast Facts, Area, population, Geographical Location, Languages
  22. ↑ Provisional Population Totals, Census of India 2011; Cities having population 1 lakh and above. Office of the Registrar General & Census Commissioner, India
  23. ↑ Religion PCA. censusindia.gov.in. ভাৰত চৰকাৰ 'In the downloaded Excel file, scroll down to row number 56'' which mentions religious data for NDMC
  24. ↑ Data on Religion. Census of India 2001. পৃ. 1
  25. ↑ The Constitution (Amendment). Indiacode.nic.in

সম্পৰ্কিত শ্ৰেণী

ৰাজধানীভাৰতৰ নগৰ মহানগৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নতুন দিল্লী” প্ৰবন্ধৰ সংশোধন ৬৩১৫৩৫ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।