ইয়ং ইণ্ডিয়া (Young India) হ'ল মোহনদাস কৰমচান্দ গান্ধী য়ে প্ৰকাশ কৰা ইংৰাজী ভাষাৰ এখন সাপ্তাহিক কাকত, যিখন ১৯১৯ চনৰপৰা ১৯৩১ চনলৈ প্ৰকাশ হৈছিল।১ এই কাকতখনত গান্ধীয়ে লিখা বিভিন্ন বাণীয়ে বহুজনক প্ৰভাৱিত কৰিছিল। ইয়ং ইণ্ডিয়াৰ জৰিড়তে তেওঁ অহিংস আন্দোলনৰ যথাযোগ্যতা প্ৰতিপন্ন কৰিবলৈ নিজৰ একক আদৰ্শ আৰু চিন্তাধাৰা ব্যক্ত কৰিছিল আৰু পাঠকসকললৈ আহ্বান কৰিছিল- তেওঁলোকে যাতে ভাৰতক ব্ৰিটিছ শাসন মুক্ত কৰিবলৈ আয়োজন আৰু যোজনা বনায়।

১৯৩৩চনত গান্ধীজীয়ে 'হৰিজন' নামে এখন সাপ্তাহিক কাকত প্ৰকাশ কৰে। হৰিজন মানে 'ভগৱানৰ মানুহ।' কাকতখন ইংৰাজী ভাষাত প্ৰকাশ হৈছিল। এই সময়খিনিতে গান্ধীয়ে গুজৰাটী ভাষাত 'হৰিজন বন্ধু' আৰু হিন্দী ভাষাত 'হৰিজন সেৱক' প্ৰকাশ কৰিছিল। এই গোটেইকেইখন কাকতে ভাৰতৰ লগতে পৃথিৱীৰ সামাজিক আৰু অৰ্থনৈতিক অসুবিধাসমূহৰ ওপৰত আলোকপাত কৰিছিল।২
কাকতখন লালা লাজপত ৰায়ে ১৯১৪ চনত আমেৰিকাৰ হ'ম ৰুল লীগ অৱ আমেৰিকাৰ দ্বাৰা পুনৰ প্ৰকাশ কৰিছিল।
লগতে চাওক
- Gandhi Heritage Portal এই পৰ্টেলত গান্ধীৰ কামসমূহ সংৰক্ষণ কৰা হৈছে।
- young India portal গান্ধীৰ ভাৰত
বাহ্যিক সংযোগ
- Issues of Young India in the South Asian American Digital Archive (SAADA).
- www.youngindia24.com
- Young India, Journal collection
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইয়ং ইণ্ডিয়া” প্ৰবন্ধৰ সংশোধন ৪২৩৮৫৯ (২৩ জুন ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।