চক্ৰৱৰ্তী ৰাজাগোপালাচাৰী (Chakravarti Rajagopalachari; জন্ম:১৮৭৯ – মৃত্যু:১৯৭২) ভাৰতীয় জাতীয় কংগ্ৰেছৰ এগৰাকী কৰ্ণধাৰ সদস্য আছিল। তেওঁ স্বাধীন ভাৰতৰ প্ৰথম গৱৰ্ণৰ জেনেৰেল আৰু স্বতন্ত্ৰ দলৰ অন্যতম প্ৰতিষ্ঠাপক আছিল। তেওঁ ওকালতি, ৰাজনীতি, প্ৰশাসন, সাহিত্য আদি প্ৰতিটো দিশতে ব্যুৎপত্তি আছিল। তেওঁ জাতত ব্ৰাহ্মণ পৰিয়ালৰ লোক আছিল যদিও ধৰ্মত তেওঁৰ গোড়ামি নাছিল। সকলো শ্ৰেণীৰ লোককে তেওঁ সমভাৱত চাইছিল। তেওঁৰ চৰিত্ৰৰ এক বিশেষ বৈশিষ্ট্য আছিল যে, সত্য কথা তেওঁ সদায় লুক-ঢাক নকৰাকৈ প্ৰকাশ কৰিছিল। সমস্যা যিমানেই গভীৰ নহওক, তাৰ সন্মুখীন হ’বপৰা দক্ষতা তেওঁৰ আছিল। তদুপৰি তেওঁ আছিল দূৰদৰ্শী লোক। সেয়ে এনেবোৰ গুণেৰে বিভূষিত আছিল কাৰণে লোকে তেওঁক আধুনিক চাণক্য নাম দিছিল। সৰ্বসাধাৰণে তেওঁক ৰাজাজী বা ৰাজাগোপালাচাৰী বুলিহে সম্বোধন কৰিছিল। ১০৪৮ চনৰ পৰা ১৯৫০ চনলৈ তেওঁ ভাৰতৰ গৱৰ্ণৰ জেনেৰেল আছিল, ১৯৫১ চনৰ পৰা তেওঁ ভাৰত চৰকাৰৰ গৃহমন্ত্ৰী আৰু ১৯৫২ চনৰ পৰা ১৯৫৪ চনলৈ তেওঁ আছিল তামিলনাডুৰ মুখ্যমন্ত্ৰী। ১৯৫৪ চনত ভাৰত চৰকাৰে তেওঁক ভাৰত ৰত্ন উপাধিৰে সন্মানিত কৰিছিল৷১
জন্ম আৰু শিক্ষা
চক্ৰৱৰ্তী ৰাজাগোপালাচাৰীৰ জন্ম হয় ১৮৭৯ চনত মাদ্ৰাছ প্ৰেছিডেন্সীৰ অন্তৰ্গত তামিলনাডুৰ থোৰাপল্লী গাঁৱত।২৩৪ পিতাক আছিল মুন্সিফ। ৰাজাজী সৰুৰে পৰা পঢ়াত বৰ চোকা বুদ্ধিৰ আছিল। কিন্তু সৰু কালত হোৱা তেওঁৰ চকুৰ অসুখৰ বাবে, সৰু কালছোৱাত তেওঁক পঢ়া-শুনাত বৰ আমনি দিছিল। কিন্তু তেনে অসুখত ভুগিও তেওঁ পঢ়া-শুনাত সদায় সুনাম আৰ্জিছিল।
তেওঁ চেন্নাইৰ চেণ্ট্ৰল হিন্দু কলেজৰ পৰা বি এ পৰীক্ষাত উত্তীৰ্ণ হৈছিল আৰু মাদ্ৰাজৰপৰাই তেওঁ আইন পৰীক্ষাতো উত্তীৰ্ণ হৈছিল। আইন পৰীক্ষাত উত্তীৰ্ণ হৈয়ে তেওঁ ওকালতিত মনোযোগ দিছিল। কম দিনৰ ভিতৰতে তেওঁ এজন ভাল উকিল হিচাপে সমাজত জনাজাত হৈছিল।১
কৰ্মজীৱন
মহামানৱ মোহনদাস কৰমচান্দ গান্ধীৰ অহিংস অসহযোগৰ আহ্বান দিয়াৰ সময়তে দেশৰ শ শ লোকৰ সৈতে ৰাজাজীয়েও নিজৰ লাভবান ব্যৱসায় এৰি ভাৰতৰ স্বাধীনতা আন্দোলনত জঁপিয়াই পৰিছিল। এনেদৰে তেওঁ ১৯২০ চনৰ পৰা ভাৰতৰ জাতীয় কংগ্ৰেছৰ প্ৰতিটো আন্দোলনতে অংশ গ্ৰহণ কৰি বহুবাৰ কাৰাবৰণ কৰিছিল। ১৯৪২ চনৰ ভাৰত ত্যাগ প্ৰস্তাৱৰ সময়ত আন আন নেতাৰ লগত মনোমালিন্য ঘটি তেওঁ কংগ্ৰেছৰ পৰা ওলাই আহিছিল। তেওঁ বিভিন্ন ৰাজহুৱা বিষয়-পদত থাকি, দেশলৈ অৰিহণা আগবঢ়াইছিল। তেওঁ জৱাহৰলাল নেহৰু চৰকাৰৰ মন্ত্ৰীসভাতো যোগদান কৰিছিল। কিছুদিনৰ কাৰণে তেওঁ পশ্চিমবংগৰ ৰাজ্যপাল হিচাপে নিযুক্ত হৈছিল। ১৯৪৮ চনৰ পৰা ১৯৫০ চনলৈ তেওঁ ভাৰতৰ প্ৰথম গৱৰ্ণৰ জেনেৰেল পদত কাৰ্য্যনিৰ্বাহ কৰিছিল। ১৯৫১ চনৰ পৰা তেওঁ ভাৰত চৰকাৰৰ গৃহমন্ত্ৰী আৰু ১৯৫২ চনৰ পৰা ১৯৫৪ চনলৈ তেওঁ আছিল চেন্নাই (তামিলনাডু)ৰ মুখ্যমন্ত্ৰী।
ভাষা সাহিত্যলৈও তেওঁ যথেষ্ট বৰঙণি আগবঢ়াইছে। সাহিত্য-সাধক ৰাজাজীয়ে ভালেকেইখন ইংৰাজী আৰু তামিল গ্ৰন্থ ৰচনা কৰিছিল। ৰাজাজীৰ ৰামায়ণ আৰু মহাভাৰত সমগ্ৰ ভাৰতৰে আজিও আদৰৰ বস্তু। তেওঁৰ আন দুখন জনপ্ৰিয় গ্ৰন্থ হ’ল-চক্ৰেটিছ আৰু মাৰ্ক্স আৰেলিয়চ।১
পুৰস্কাৰ প্ৰাপ্ত বঁটা
গ্ৰন্থ সংকলন
- চক্ৰেটিছ
- মাৰ্ক্স আৰেলিয়চ
- ৰামায়ণ
- মহাভাৰত
মৃত্যু
চক্ৰৱৰ্তী ৰাজাগোপালাচাৰী, এই লোহ মানৱগৰাকীয় দেহাৱসান ঘটে ১৯৭২ চনত মাদ্ৰাজ (চেন্নাই) চহৰত।
গ্ৰন্থপঞ্জী
- Varma, B. G.; Pandey, Saurabh. Our Leaders, Volume 10. Children's Book Trust
- Bakshi, S. R. (1991). C. Rajagopalachari: Role in Freedom Movement. Anmol Publications PVT. LTD
- Guha, Ramachandra. (2001). An Anthropologist Among the Marxists and Other Essays. Orient Blackswan. ISBN 81-7824-003-3, ISBN 978-81-7824-003-9
- Kothari, Rajni. (2004). Caste in Indian Politics. Orient Blackswan
- Ralhan, O. P. (2002). Encyclopaedia of Political Parties. Anmol Publications PVT. LTD
- Ralhan, O. P. (1998). Encyclopaedia of Political Parties Volume 60:The Swatantra Party 1966–1968. Anmol Publications PVT. LTD
- Kesavan, C. R. (2003). Unfolding Rajaji. East West Books (Madras)
- Pasricha, Ashu. (2008). Encyclopaedia Eminent Thinkers (vol. 15: The Political Thought Of C. Rajagopalachari). Concept Publishing Company
- Ghose, Sankar. (1993). Jawaharlal Nehru, a Biography: A Biography. Allied Publishers
- Zachariah, Benjamin. (2004). Nehru: Historical Biographies Series. Routledge
- Reddy, Pingle Jaganmohan. (1986). Governors under the Constitution. Nagarjuna University
- Erdman, Howard Loyd. (2008). The Swatantra Party and Indian Conservatism. Cambridge University Press
অধিক পঢ়ক
- Gandhi, Rajmohan. (1997). Rajaji, A life. Penguin books. ISBN 0-14-026967-3, ISBN 978-0-14-026967-3.
- Kamat, Jyotsna. Chakravarti Rajagopalachari. Kamat's Potpourri
- Varadarajan, R. (2 October 2000). In the footsteps of Rajaji. The Hindu
তথ্যসূত্ৰ
- ↑ সমীন কলিতা. ভাৰত-ৰত্ন. অজয় কুমাৰ দত্ত, ষ্টুডেণ্টচ্ ষ্ট'ৰচ্. পৃ. ৭,৮
- ↑ Bakshi, p 1
- ↑ (2007). Famous Indians of the 21st Century. Pustak Mahal. পৃ. 42. ISBN 81-223-0829-5, ISBN 978-81-223-0829-7
- ↑ Hopley, Antony R. H. Chakravarti Rajagopalachari. Oxford Dictionary of National Biography
- ↑ ভাৰত-ৰত্ন বঁটা বিজয়ীৰ তালিকা (১৯৫৪ - ২০০৭. ভাৰতৰ গৃহ মন্ত্ৰালয়
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চক্ৰৱৰ্তী ৰাজাগোপালাচাৰী” প্ৰবন্ধৰ সংশোধন ৬৩২৪৫৯ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।