মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি (Statue of Mahatma Gandhi, Parliament of India) হ’ল নতুন দিল্লীৰ সংসদ ভৱনৰ সম্মুখত স্থাপিত এটি প্ৰায় ১৬ ফুট (৪.৯ মিটাৰ) উচ্চতাৰ তামৰ মোহনদাস কৰমচাঁদ গান্ধীৰ মূৰ্তি। ৰাম ভি সুতাৰে এই মূৰ্তিটোৰ নক্সা আঁকিছিল আৰু ১৯৯৩ চনত ইয়াক উদ্বোধন কৰা হৈছিল ৷ বৰ্তমান ই ভাৰতীয় সাংসদসকলৰ প্ৰতিষ্ঠিত প্ৰতিবাদস্থলী ৰূপে পৰিচিত হৈ পৰিছে ৷১
ইতিহাস
১৯৬৮ চনত ইণ্ডিয়া গেটৰ পিছফালে থকা চালিৰ তলৰ পৰা পঞ্চম জৰ্জৰ মূৰ্তিটো আঁতৰাই দিয়া পিছত, নতুন দিল্লীৰ চেণ্ট্ৰেল ভিষ্টাত গান্ধীৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ প্ৰাৰম্ভিক প্ৰস্তাৱ লোৱা হয়৷২ ১৯৬৯ত চৰকাৰৰ দ্বাৰা সংসদত ঘোষণা কৰা হয় যে, ইণ্ডিয়া গেটৰ ওচৰত চৰকাৰী খৰচত এই মূৰ্তিটো নিৰ্মাণ কৰা হ’ব৷৩ ১৯৭৮ চনত মোৰাৰজী দেশাই নেতৃত্বাধীন চৰকাৰে প্ৰতিমূৰ্তিৰ বাবে নিবিদা আহ্বান কৰিছিল৷ সমগ্ৰ ভাৰতৰ মুঠ বাৰজন ভাস্কৰ্যশিল্পীয়ে এই মূৰ্তিৰ বাবে নিবিদা দাখিল কৰিছিল আৰু ৰাম সুতাৰৰ আৰ্হিটো এই ক্ষেত্ৰত নিৰ্বাচন কৰা হৈছিল৷ ৪৫১৯৮১ ত ইণ্ডিয়া গে’টৰ চালিৰ তলত স্থান নিৰ্ধাৰণ কৰি গান্ধীৰ প্ৰতিমূৰ্তিৰ বাবে ধ্যান ভংগীমাৰ গান্ধীৰ মূৰ্তি গঢ়িবলৈ সিদ্ধান্ত লোৱা হয়৷ কিন্তু প্ৰস্তাৱিত মূৰ্তিটোৰ বাবে মঞ্চ প্ৰস্তুত কৰিবলৈ ইণ্ডিয়া গে’টৰ ওচৰৰ চালি আঁতৰোৱাৰ সন্দৰ্ভত সৌন্দৰ্যৰ বিবেচনা কৰি স্থপতিবিদ আৰু ঐতিহ্য সংৰক্ষণবিদসকলৰ বিৰোধীতাৰ বাবে এই কাৰ্য সম্ভৱ নহ’ল৷ ১৯৯৮ চনত মূৰ্তিৰ বাবে প্লাষ্টাৰ কটা সম্পূৰ্ণ হয়৷৬ ১৯৯৩ চনৰ ভিতৰত এই প্ৰতিমূৰ্তিৰ নিৰ্মাণৰ কাম শেষ হৈছিল যদিও ইয়াৰ চালিৰ তলত স্থাপনৰ ক্ষেত্ৰত সাংসদসকলৰ আপত্তি উঠিছিল৷৭ এই বিষয়টো জৰ্জ ফাৰ্ণাণ্ডেজে সংসদত উত্থাপন কৰি “চৰকাৰে গান্ধীক মাজ-ৰাস্তাত এৰি থৈ যোৱা’’ বুলি অভিযোগ দিছিল৷৮ ইয়াৰ পিছত প্ৰতিমূৰ্তিটো নগৰ উন্নয়ন মন্ত্ৰালয়ে সংসদলৈ আগবঢ়ায় আৰু ৰাষ্ট্ৰপতি শংকৰ দয়াল শৰ্মাই ১৯৯৩ চন গান্ধী জয়ন্তীৰ দিনা ইয়াৰ উন্মোচন কৰে৷৯১০
আৰ্হি
ৰাম সুতাৰে আৰ্হি প্ৰস্তুত কৰা এই মূৰ্তিটো এটা পদুমত বহি থকা ধ্যানৰত গান্ধীক প্ৰতিবিম্বিত কৰা হৈছে৷১১ সংসদ ভৱনৰ ১ নং গে’টৰ ওচৰৰ এনে এটুকুৰা ঠাইত ইয়াক স্থাপন কৰা হৈছে যাতে, ভৱনৰ পৰা ওলাই অহা সাংসদসকলে ওলায়েই শান্ত-সৌম্য এই ব্যক্তিত্ব দেখা পায়৷১২১৩ এই ব্ৰঞ্জৰ মূৰ্তিটোৰ উচ্চতা ১৬ ফুট (৪.৯ মিটাৰ)৷ মূৰ্তিটো গান্ধীৰ পৰম্পৰাগত বহি থকা ভংগীমাতকৈ পৃথক আৰু তেওঁৰ নিশ্চিন্ত মানসিকতা আৰু উদাসীনতাক প্ৰতিফলিত কৰিছে৷১৪১৫
প্ৰতিবাদৰ ঠাই
গান্ধীৰ প্ৰতিমূৰ্তিৰ সম্মুখভাগ প্ৰতিবাদৰ স্থান হিচাপে পৰিচিত হৈছে৷ সংসদৰ সদস্যসকলে, বিশেষকৈ বিৰোধী দলসমূহৰ সদস্যসকলে ইয়াৰ সম্মুখত প্ৰতিবাদ আৰু সংবাদ মেল অনুষ্ঠিত কৰে৷১৬১৭১৮ ২০০৫ চনত বিৰোধীয়ে সঘনাই সংসদৰ কামত বাধা জন্মোৱাৰ বাবে শাসকীয় দলৰ কেইবাজনো সদস্যই সেই স্থানত প্ৰতিবাদ সাব্যস্ত কৰিছিল৷১৯ ২০২২ চনত লোকসভাৰ সচিবালয়ে সংসদৰ চৌহদত কোনো ধৰণৰ বিক্ষোভ বা প্ৰতিবাদ বা ধৰ্মীয় অনুষ্ঠান কৰাত বাধা আৰোপ কৰি এক বুলেটিন জাৰি কৰিছিল৷ ইয়াৰ পিছতে, বিৰোধী দল তৃণমূল কংগ্ৰেছৰ সদস্য মহুৱা মৈত্ৰই এই প্ৰতিমূৰ্তিটো সংসদ ভৱনৰ চৌহদৰ পৰা আঁতৰাবলৈ সংসদত প্ৰস্তাৱ উত্থাপন কৰে৷২০
স্থানান্তৰ
নতুন সংসদ ভৱনৰ নিৰ্মাণ কাৰ্যৰ অংশ হিচাপে এই মূৰ্তিটো সংসদ ভৱনৰ মূল গে’টৰ ওচৰৰ পৰা ৩নং গে’টৰ ওচৰলৈ স্থানান্তৰ কৰা হয়৷২১ নতুন ভৱনটোৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পিছত ইয়াক পুনৰ স্থানান্তৰিত কৰাৰ প্ৰস্তাৱ দিয়া হৈছে৷২২
অনুৰূপ মূৰ্তি
২০১৪ চনত কৰ্ণাটক বিধান সভা সৌধত নিৰ্মিত ২৭ ফুট উচ্চতাৰ গান্ধী মূৰ্তি সংসদ ভৱনৰ গান্ধীমূৰ্তিটোৰ হুবহু প্ৰতিলিপি৷ বহি থকা অৱস্থাত বিশ্বৰ ভিতৰত গান্ধীৰ আটাইতকৈ ওখ মূৰ্তি বুলি দাবী কৰা এই প্ৰতিমূৰ্তিটোৰো নিৰ্মাণকৰ্তা ৰাম সুতাৰ৷২৩২৪২৫
তথ্যসূত্ৰ
- ↑ Mahatma Gandhi's Statue At Parliament Moved To Make Way For Construction. NDTV.com
- ↑ Vohra, Pankaj. (22 January 2022). Not Gandhi's but Netaji statue under the canopy next to India Gate. The Daily Guardian
- ↑ Alley, Kelly D. (1997). Gandhiji on the Central Vista: A Postcolonial Refiguring. Modern Asian Studies. পৃ. 967–994
- ↑ Alley, Kelly D. (1997). Gandhiji on the Central Vista: A Postcolonial Refiguring. Modern Asian Studies. পৃ. 967–994
- ↑ The Location of Netaji's Statue Should Have Been Better Chosen. The Wire
- ↑ Alley, Kelly D. (1997). Gandhiji on the Central Vista: A Postcolonial Refiguring. Modern Asian Studies. পৃ. 967–994
- ↑ (30 January 2022). Why PM Modi wasted no time in installing Netaji's statue. The Indian Express
- ↑ Mathew, Liz. (26 November 2020). Mahatma Gandhi's iconic statue, part of Parliament's identity, site of protest and veneration. The Indian Express
- ↑ Statues / Busts of National Leaders installed outside the Parliament House building. Lok Sabha, India
- ↑ (25 November 2020). PM Modi likely to lay foundation stone for new Parliament building in December. Deccan Herald
- ↑ (19 December 2021). Story behind the statue of protest in Parliament. The Indian Express
- ↑ (1 October 2016). This Gandhi Jayanti, we follow trail of the Mahatma's statues in Delhi NCR. Hindustan Times
- ↑ Modi Likely To Lay Foundation Stone for New Parliament Building in December. The Wire
- ↑ Narayanan, Nayantara. Two Indian sculptors have created most of the Gandhi statues around the world. Scroll.in
- ↑ (1 October 2020). Ram Sutar and Mahatma Gandhi -the journey goes back to many decades. Times of India
- ↑ Iconic Gandhi Statue at Parliament House to Be Moved During Construction of New Building. The Wire
- ↑ (21 January 2021). New Parliament building: Gandhi statue hurriedly shifted, move raises eyebrows. Hindustan Times
- ↑ Protests or Religious Ceremonies Cannot Be Held in the Parliament House: Rajya Sabha Circular. The Wire
- ↑ Mathew, Liz. (26 November 2020). Mahatma Gandhi's iconic statue, part of Parliament's identity, site of protest and veneration. The Indian Express
- ↑ 'Why not just remove Gandhi's statue': TMC MP Mahua Moitra after Parliament says no dharna inside House. TimesNow
- ↑ (21 January 2021). Parliament work on, Gandhi statue moved temporarily. The Indian Express
- ↑ Nath, Damini. (24 November 2020). Gandhi statue to be shifted to temporary spot to make way for Parliament construction. The Hindu
- ↑ Prasad, Shyam. Vidhana Soudha to get bronze Mahatma. Bangalore Mirror
- ↑ (2 September 2014). Tall Gandhi statue to grace Vidhana Soudha. Deccan Herald
- ↑ (2 October 2014). Showing peace on Gandhi's face was quite a task: Sculptor. Deccan Herald
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি, ভাৰতীয় সংসদ ভৱন” প্ৰবন্ধৰ সংশোধন ৫৩৯৩৫৬ (১৯ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।