খাদী বা খদ্দৰ হৈছে ভাৰতীয় উপমহাদেশৰ পূৱ অঞ্চলৰ পৰা আৰম্ভ হোৱা হাতেৰে বোৱা প্ৰাকৃতিক আঁহৰ কাপোৰ। খাদী মুখ্যতঃ পূব ভাৰত, উত্তৰ-পূব ভাৰত আৰু বাংলাদেশত উৎপাদিত হৈছিল যদিও বৰ্তমান বিস্তৃতভাৱে ভাৰত আৰু পাকিস্তানত ব্যৱহাৰ কৰা হয়।১২৩ খাদী কাপোৰ সাধাৰণতে কপাহৰ পৰা বোৱা হয় যদিও ৰেচম আৰু ঊলৰ ব্যৱহাৰো কৰা হয়। খাদী যঁতৰত সূতা কাটি প্ৰস্তুত কৰা হয়। ই এক বহুমুখী কাপোৰ। খাদী কাপোৰ গ্ৰীষ্মকালত শীতল আৰু শীতকালত গৰম। ইয়াৰ দেখাত উন্নত কৰাৰ বাবে, খাদী বা খদ্দৰক কেতিয়াবা মাৰ দি এক জঠৰ অনুভৱ দিয়া হয়। ইয়াক বিভিন্ন ফেশ্বন বৃত্তত বহুলভাৱে গ্ৰহণ কৰা হয়।৪ ভাৰতত খাদীক খাদী আৰু গ্ৰামোদ্যোগ আয়োগ আৰু মাইক্ৰ', ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ মন্ত্ৰালয়ৰ দ্বাৰা প্ৰচাৰ আৰু প্ৰসাৰ কৰা হয়।
ইতিহাস
খাদীক খদ্দৰ নামেৰেও জনা যায়। ই সাধাৰণতে এক খহটা গাঁথনিৰ কাপোৰ। ভাৰতত খাদী হাতেৰে বোৱা আৰু হাতেৰে যঁতৰত সূতা কটা কাপোৰ বুজায়। খাদী উৎপাদনকাৰী সকলে মিলৰ দ্বাৰা প্ৰস্তুত কৰা সূতা পছন্দ কৰে কিয়নো ই মানদণ্ডত অধিক শক্তিশালী আৰু সুসংগত। বিংশ শতিকাৰ প্ৰথম দুই দশকত মোহনদাস কৰমচান্দ গান্ধী আৰু ভাৰতীয় মিলমালিকসকলে জনপ্ৰিয় কৰা বিদেশী সামগ্ৰী বৰ্জন আৰু স্বদেশী আন্দোলনৰসমৰ্থনকাৰী সকলে বিদেশী কাপোৰ বৰ্জনৰ বাবে আহ্বান জনাইছিল। গান্ধীয়ে যুক্তি দিছিল যে মিলৰ মালিকসকলে হস্ততাঁত তাঁতীসকলক সূতা ক্ৰয় কৰাৰ সুযোগ অস্বীকাৰ কৰিব কিয়নো তেওঁলোকে তেওঁলোকৰ নিজৰ কাপোৰৰ বাবে একচেটিয়া বজাৰৰ সৃষ্টি কৰিব বিচাৰে।৫ অৱশ্যে, হাতেৰে কটা সূতা ব্যয়বহুল আৰু দুৰ্বল মানদণ্ডৰ আছিল। এনেদৰে মহাত্মা গান্ধীয়ে নিযে যঁতৰ ঘুৰাবলৈ আৰম্ভ কৰিছিল আৰু আনক এনে কৰিবলৈ উৎসাহিত কৰিবলৈ আৰম্ভ কৰিছিল। তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সকলো সদস্যৰ বাবে নিজে কাপোৰ ঘূৰাবলৈ আৰু সূতাৰে তেওঁলোকৰ দেয় পৰিশোধ কৰাটো বাধ্যতামূলক কৰিছিল। তেওঁ যঁতৰক ৰাষ্ট্ৰবাদী আন্দোলনৰ প্ৰতীক হিচাপে গঢ়ি তুলিছিল।
আৰম্ভণিতে ভাৰতৰ জাতীয় পতাকাৰ সোঁমাজত অশোক চক্ৰৰ ঠাইত যঁতৰ আছিল। মহাত্মা গান্ধীয়ে হস্ততাঁত আৰু কটা-বোৱাত উদগনি দিবলৈ তৃণমূল পৰ্যায়ৰ সংগঠন সৃষ্টি কৰিবলৈ বৃহৎ পৰিমাণৰ ধন সংগ্ৰহ কৰিছিল। ইয়াক 'খদ্দৰ' বা 'খাদী' আন্দোলন বুলি কোৱা হৈছিল।৬
ব্ৰিটিছ ৰাজৰ অধীনত ভাৰতীয়সকলে ব্যয়বহুল কাপোৰ কিনিবলৈ বাধ্য হৈছিল, যিহেতু ব্ৰিটিছ সকলে কাপোৰৰ বাবে কেঁচা মাল ইংৰাজী কাপোৰ মিললৈ ৰপ্তানি কৰিছিল, তাৰ পিছত সম্পূৰ্ণ হোৱা কাপোৰখন ভাৰতলৈ পুনৰ আমদানি কৰিছিল।৭৮ ভাৰতীয় মিলৰ মালিকসকলে ভাৰতীয় বজাৰত নিজে একাধিপত্য স্থাপন কৰিবলৈ বিচাৰিছিল। আমেৰিকান অসামৰিক যুদ্ধৰ পৰা আমেৰিকান কাপোৰৰ অভাৱ হোৱাৰ পিছৰে পৰা ব্ৰিটেইনে ভাৰতৰ পৰা সস্তীয়া মূল্যত কপাহ ক্ৰয় কৰি আৰু কাপোৰ নিৰ্মাণৰ কৰিবলৈ লৈছিল। গান্ধীৰ খাদী আন্দোলনৰ উদ্দেশ্য আছিল বিদেশী কাপোৰ বৰ্জন কৰা।৯ মহাত্মা গান্ধীয়ে ১৯২০ চনৰ পিছত গ্ৰাম্য স্ব-নিয়োজন আৰু আত্মনিৰ্ভৰশীলতাৰ বাবে (ব্ৰিটেইনত ঔদ্যোগিকভাৱে নিৰ্মিত কাপোৰ ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে) বাবে খাদীব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছিল। এনেদৰে তেওঁ খাদীক স্বদেশী আন্দোলনৰ অবিচ্ছেদ্য আৰু অখণ্ড অংগ হিচাপে তৈয়াৰ কৰে।১০১১১২১৩১৪
স্বাধীনতা আন্দোলনত খাদী কাপোৰৰ ব্যৱহাৰ আৰু বিদেশী নিৰ্মিত কাপোৰ বৰ্জন চাৰিওফালে প্ৰচাৰিত হয়। যেতিয়া কিছুমান লোকে মহাত্মা গান্ধীক খাদীৰ ব্যয়ৰ বিষয়ে অভিযোগ কৰিছিল, তেওঁ কেৱল ধুতি পিন্ধিবলৈ আৰম্ভ কৰিছিল। যদিও ঠাণ্ডা হ'লে তেওঁ ঊলৰ চাদৰ ব্যৱহাৰ কৰিছিল। কিছুমানে উচ্চ মানদণ্ডৰ মিলৰ সূতা ব্যৱহাৰ কৰি আৰু বিলাসী বজাৰৰ বাবে পৰিৱেশ সৃষ্টি কৰি যুক্তিসঙ্গত জীৱন যাপন কৰিবলৈ সক্ষম হৈছিল। মহাত্মা গান্ধীয়ে এই প্ৰক্ৰিয়াটো শেষ কৰিবলৈ চেষ্টা কৰিছিল। তেওঁ আনকি তেওঁৰ পথ নাপালে খাদী একেবাৰে পৰিহাৰ কৰাৰ হুংকাৰ দিছিল।১০
বাহ্যিক উৎস
- খাদী সংস্কৃতি: দেশৰ মূলৰ কাপোৰ
- ভাৰতীয় খাদী সংস্কৃতি
- খাদী আৰু গ্ৰামোদ্যোগ আয়োগ, ভাৰত চৰকাৰ
- খাদীৰ বিষয়ে তথ্য
তথ্যসূত্ৰ
- ↑ (12 April 2017). The Fascinating History of the Fabric That Became a Symbol of India's Freedom Struggle. The Better India
- ↑ "Freedom@70: How Khadi is getting a new spin.", The Economic Times, 13 August 2017
- ↑ Clothing Gandhi's Nation: Homespun and Modern India - News - Hamilton College. www.hamilton.edu
- ↑ Khadi. getcopaycom.ipage.com
- ↑ Sinha, Sangita. The Story Of Khadi, India's Signature Fabric. Culture Trip
- ↑ Selin, Helaine. (1997). Encyclopaedia of the History of Science, Technology, and Medicines in Non- Western Cultures. Kluwer Academic Publishers. পৃ. 961. ISBN 978-0792340669
- ↑ www.google.ca/books/edition/Pakistan/P8Ee8RaSlUU
- ↑ Mahesh, Aggarwal R. C. /Bhatnagar. (July 27, 2005). Constitutional Development & National Movemen in India. S. Chand Publishing. ISBN 9788121905657
- ↑ Historical background of Khadi. www.chandrakantalrks.org
- ↑ (6 January 2007). Saturday Dressing: Kerala govt staff opt for khadi. Business Standard. Press Trust of India
- ↑ Brown, Theodore M.; Fee, Elizabeth. (1 January 2008). Spinning for India's Independence. American Journal of Public Health. পৃ. 39
- ↑ Pritchett, Frances. spinning. www.columbia.edu
- ↑ Cosgrove, Ben. Gandhi and His Spinning Wheel: The Story Behind an Iconic Photo. Time
- ↑ Cosgrove, Ben. Gandhi: Quiet Scenes From a Revolutionary Life. Time
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “খাদী” প্ৰবন্ধৰ সংশোধন ৫১৮৩৮৭ (১৬ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।