অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

দ্য মেকিং অৱ দ্য মহাত্মা

দ্য মেকিং অৱ দ্য মহাত্মা (The Making of the Mahatma) হৈছে ১৯৯৬ চনত নিৰ্মিত এখন ইংৰাজী ভাষাৰ কথাছবি। শ্যাম বেনেগালে পৰিচালনা কৰা ছবিখন দক্ষিণ আফ্ৰিকা আৰু ভাৰতৰ যৌথ প্ৰযোজনাত নিৰ্মিত হৈছিল। ছবিখন মহাত্মা গান্ধীৰ প্ৰাৰম্ভিক জীৱনৰ ওপৰত আধাৰিত।

হালনাগাদ: ১৯ মাৰ্চ ২০২৩ ১৯৫ শব্দ · ১ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

দ্য মেকিং অৱ দ্য মহাত্মা (The Making of the Mahatma) হৈছে ১৯৯৬ চনত নিৰ্মিত এখন ইংৰাজী ভাষাৰ কথাছবি। শ্যাম বেনেগালে পৰিচালনা কৰা ছবিখন দক্ষিণ আফ্ৰিকা আৰু ভাৰতৰ যৌথ প্ৰযোজনাত নিৰ্মিত হৈছিল। ছবিখন মোহনদাস কৰমচান্দ গান্ধীৰ প্ৰাৰম্ভিক জীৱনৰ ওপৰত আধাৰিত। দক্ষিণ আফ্ৰিকাত গান্ধীয়ে কটোৱা একৈশটা বছৰৰ ঘটনাৱলীক ছবিখনে সামৰি লৈছে। ছবিখন ফাটিমা মীৰ-এ লিখা দ্য এপ্ৰেনটিশ্বিপ অৱ এ মহাত্মা শীৰ্ষক গ্ৰন্থখনৰ আধাৰত নিৰ্মিত। উল্লেখযোগ্য যে, ফাটিমা মীৰে ছবিখনৰ চিত্ৰনাট্যও লিখিছে।১

সংক্ষিপ্ত কাহিনী

এগৰাকী প্ৰতিপত্তিশালী ভাৰতীয়ক আইনী যুঁজত সহায় কৰাৰ মানসেৰে ১৮৯৩ চনত মোহনদাস কৰমচান্দ গান্ধী দক্ষিণ আফ্ৰিকালৈ ৰাওনা হৈছিল। কামটো সমাপ্ত কৰি কেইমাহমানৰ ভিতৰতে তেওঁ দেশলৈ ঘূৰি অহা কথা আছিল যদিও দক্ষিণ আফ্ৰিকাত তেওঁ আন্দোলনত জড়িত হৈ পৰে। পৰিণতিস্বৰূপে তেওঁ সেই দেশখনত একৈশটা বছৰ কটাবলগীয়া হয়। দক্ষিণ আফ্ৰিকাৰ সেইসমূহ অভিজ্ঞতাৰ দ্বাৰা সমৃদ্ধ হৈ মহাত্মা গান্ধী ভাৰতলৈ উভতি আহে আৰু ভাৰতৰ স্বাধীনতাৰ সংগ্ৰামখনত অগ্ৰণী ভূমিকা পালন কৰে।২

অভিনয়ত

বঁটা

  • ১৯৯৬: শ্ৰেষ্ঠ অভিনেতাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, ৰজীত কাপুৰ (গান্ধীৰ ৰূপত)৩
  • ১৯৯৬: ইংৰাজীত নিৰ্মিত শ্ৰেষ্ঠ চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা৪

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ The Making of the Mahatma. IMDB
  2. ↑ The Making of the Mahatma (1996) Plot. IMDB
  3. ↑ Rajit Kapoor Awards. IMDB
  4. ↑ SHYAM BENEGAL AWARDS. Times of India

সম্পৰ্কিত শ্ৰেণী

ইংৰাজী চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দ্য মেকিং অৱ দ্য মহাত্মা” প্ৰবন্ধৰ সংশোধন ৩৪৯৪১৯ (১৯ মাৰ্চ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।