মহাত্মা গান্ধী
৫৫ প্ৰবন্ধ
-
মোহনদাস কৰমচান্দ গান্ধী
মোহনদাস কৰমচান্দ গান্ধী (મોહનદાસ કરમચંદ ગાંધી; Mohandas Karamchand Gandhi; ২ অক্টোবৰ, ১৮৬৯ – ৩০ জানুৱাৰী, ১৯৪৮) ব্ৰিটিছ ভাৰতৰ স্বাধীনতা আন্দোলনৰ গুৰি ধৰোঁতা এজন মুখ্য পথপ্ৰদৰ্শক নেতা আছিল। অহিংস নীতিৰে পৰিচালিত সত্যাগ্ৰহৰ পথ প্ৰদৰ্শক গান্ধীৰ নেতৃত্বত পৰিচালিত হৈ ভাৰতে স্বাধীনতা লাভ কৰে।
-
খাদী
খাদী বা খদ্দৰ হৈছে ভাৰতীয় উপমহাদেশৰ পূৱ অঞ্চলৰ পৰা আৰম্ভ হোৱা হাতেৰে বোৱা প্ৰাকৃতিক আঁহৰ কাপোৰ। খাদী মুখ্যতঃ পূব ভাৰত, উত্তৰ-পূব ভাৰত আৰু বাংলাদেশত উৎপাদিত হৈছিল যদিও বৰ্তমান বিস্তৃতভাৱে ভাৰত আৰু পাকিস্তানত ব্যৱহাৰ কৰা হয়। খাদী কাপোৰ সাধাৰণতে কপাহৰ পৰা বোৱা হয় যদিও ৰেচম আৰু ঊলৰ ব্যৱহাৰো কৰা হয়।
-
সত্যাগ্ৰহ
সত্যাগ্ৰহ (सत्याग्रह) মহাত্মা গান্ধীয়ে প্ৰতিষ্ঠা কৰা দৰ্শন আৰু অহিংস প্ৰতিৰোধৰ অনুশীলন। মহাত্মা গান্ধীয়ে ভাৰতৰ স্বাধীনতা আন্দোলন আৰু দক্ষিণ আফ্ৰিকাৰ ভাৰতীয়সকলৰ অধিকাৰ প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যে সত্যাগ্ৰহৰ চৰ্চা কৰিছিল।
-
অহিংসা
অহিংসা (Nonviolence) হৈছে কোনো পৰিস্থিতিতে আনৰ অনিষ্ট সাধন নকৰাৰ এক ব্যক্তিগত অনুশীলন। এই অনুশীলনৰ উৎপত্তি হৈছে এই বিশ্বাসৰ আধাৰত যে, সফলতা লভিবৰ বাবে মানুহ, জন্তু বা পৰিৱেশৰ অনিষ্ট সাধন কৰাৰ প্ৰয়োজন নাই। ই হিংসাৰ পৰা আঁতৰি থকাৰ এক সাধাৰণ দৰ্শন।
-
সাবৰমতী আশ্ৰম
সাবৰমতী আশ্ৰম (Sabarmati Ashram) ভাৰতৰ গুজৰাট ৰাজ্যৰ আহমেদাবাদ জিলাৰ প্ৰশাসনিক কেন্দ্ৰ আহমেদাবাদৰ সমীপত সাবৰমতী নদীৰ পাৰত অৱস্থিত। ১৯১৭ চনত আহমেদাবাদৰ কোচৰব নামে ঠাইত মোহনদাস কৰমচান্দ গান্ধীৰ দ্বাৰা সত্যাগ্ৰহ আশ্ৰম স্থাপন কৰা হৈছিল।
-
মহাত্মা গান্ধীৰ হত্যাকাণ্ড
১৯৪৮ চনৰ ৩০ জানুৱাৰীত নতুন দিল্লীৰ বিড়লা হাউছৰ প্ৰাংগনত (এতিয়া গান্ধী স্মৃতি) হত্যা কৰা হৈছিল। তেওঁৰ হত্যাকাৰী আছিল নাথুৰাম গডছে। নাথুৰাম গডছে হিন্দু ৰাষ্ট্ৰীয়তাবাদৰ অধিবক্তা, হিন্দু মহাসভাৰ সদস্য, আৰু হিন্দু ৰাষ্ট্ৰীয়তাবাদী অৰ্ধ-স্বেচ্ছাসেৱী সংগঠন ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ (আৰএছএছ) এজন…
-
গোপালকৃষ্ণ গান্ধী
গোপালকৃষ্ণ দেৱদাস গান্ধী (Gopalkrishna Devdas Gandhi; জন্ম: ২২ এপ্ৰিল ১৯৪৫) এগৰাকী ভাৰতীয় ৰাজনৈতিক নেতা আৰু প্ৰাক্তন কূটনীতিবিদ। তেওঁ ২০০৪ চনৰ পৰা ২০০৯ চনলৈ পশ্চিম বংগৰ ২৩তম ৰাজ্যপাল আছিল। তেওঁ মহাত্মা গান্ধীৰ নাতি।
-
চম্পাৰণ সত্যাগ্ৰহ
চম্পাৰণ সত্যাগ্ৰহ (Champaran Satyagraha) ব্ৰিটিছ ঔপনিৱেশিক কালত ভাৰতৰ বিহাৰৰ চম্পাৰণ জিলাত সংঘটিত হোৱা কৃষকৰ বিদ্ৰোহ আছিল। ১৯১৬ চনৰ সংঘটিত হোৱা চম্পাৰণ সত্যাগ্ৰহ ভাৰতত মহাত্মা গান্ধীৰ নেতৃত্বত প্ৰথম সত্যাগ্ৰহ আন্দোলন আছিল।
-
ৰামদাস গান্ধী
ৰামদাস মোহনদাস গান্ধী (২ জানুৱাৰী ১৮৯৭ - ১৪ এপ্ৰিল ১৯৬৯) মহাত্মা গান্ধীৰ তৃতীয় সন্তান। তেওঁৰ জন্মহয় দক্ষিণ আফ্ৰিকাত। তেওঁ তেওঁৰ পিতৃ-মাতৃ আৰু তেওঁৰ আটাইকেইজন ভায়েকৰ পৰা পৃথক হৈ জীৱন নিৰ্বাহ কৰিছিল। তেওঁৰ আৰু তেওঁৰ পত্নী নিৰ্মলাৰ তিনিটা সন্তান আছিল; সুমিত্ৰা গান্ধী, কানু গান্ধী আৰু উষা গান্ধী।
-
ইণ্ডিয়ান অপিনিয়ন
ইণ্ডিয়ান অপিনিয়ন (Indian Opinion) হৈছে ভাৰতীয় নেতা মহাত্মা গান্ধীয়ে প্ৰতিষ্ঠা কৰা এখন বাতৰি কাকত। এই প্ৰকাশনটো গান্ধী আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃত্বত ৰাজনৈতিক আন্দোলনৰ বাবে আৰু বৰ্ণ বৈষম্যৰ সৈতে যুঁজ দিবলৈ আৰু দক্ষিণ আফ্ৰিকাৰ ভাৰতীয় অনুপ্ৰৱেশকাৰী সম্প্ৰদায়ৰ বাবে অসামৰিক অধিকাৰ লাভ কৰিবলৈ…
-
গান্ধী স্মৃতি
গান্ধী স্মৃতি, যি পূৰ্বতে 'বিৰলা হাউচ' বা 'বিৰলা ভৱন' বুলি জনাজাত, ভাৰতৰ নতুন দিল্লীৰ টিচ জানুৱাৰী ৰোড (পূৰ্বৰ আলবুকুৰ্ক ৰোড)-ত অৱস্থিত মহাত্মা গান্ধীৰ বাবে উৎসৰ্গিত এক যাদুঘৰ। ই সেই স্থান য'ত মহাত্মা গান্ধীয়ে জীৱনৰ অন্তিম ১৪৪ দিন অতিক্ৰম কৰিছিল আৰু ১৯৪৮ চনৰ ৩০ জানুৱাৰীত মৃত্যু হৈছিল।
-
অনুপম মিশ্ৰ
অনুপম মিশ্ৰ (Anupam Mishra; ১৯৪৮ৰপৰা – ১৯ ডিচেম্বৰ, ২০১৬) এগৰাকী গান্ধীবাদী, লেখক, পৰিৱেশবিদ, টেড বক্তা আৰু পানী সংৰক্ষক; যি পানী সংৰক্ষণ, ইয়াৰ ব্যৱস্থাপনা আৰু পৰম্পৰাগত বৰষুণৰ পানী সংগ্ৰহ আৰু ইয়াৰ ব্যৱহাৰৰ বিভিন্ন কৌশলৰ প্ৰচাৰ ভিত্তিক কাম কৰে।১৯৯৬ চনত, ভাৰত চৰকাৰৰ পৰিৱেশ আৰু বন মন্ত্ৰালয়ে অনুপম…
-
কীৰ্তি মেনন
কীৰ্তি মেনন (Kirti Menon; জন্ম: ২ আগষ্ট, ১৯৫৯) হৈছে দক্ষিণ আফ্ৰিকা জোহান্সবাৰ্গৰ এগৰাকী লেখিকা, কৰ্মী আৰু শিক্ষাবিদ। তেওঁ জোহান্সবাৰ্গ বিশ্ববিদ্যালয়ৰ জ্যেষ্ঠ নিৰ্দেশক আৰু দক্ষিণ আফ্ৰিকাৰ গান্ধী চেনটেনেৰি সমিতি (Gandhi Centenary Committee)-ৰ চেয়াৰমেন।
-
কৃষ্ণনাথ শৰ্মা
কৃষ্ণনাথ শৰ্মা (Krishna Nath Sharma) অসমৰ যোৰহাট জিলাৰ এগৰাকী গান্ধীবাদী নেতা, সমাজ-সংস্কাৰক আৰু স্বাধীনতা সেনানী। পেচাত তেওঁ আছিল এগৰাকী অধিবক্তা। যোৰহাটৰ এটি ৰক্ষণশীল ব্ৰাহ্মণ পৰিয়ালত জন্ম গ্ৰহণ কৰা শৰ্মা ১৯২৬ চনত অসমত অনুষ্ঠিত ‘ভাৰতীয় জাতীয় কংগ্ৰেছ’ৰ পাণ্ডু মহাসভাৰ মূল আয়োজক আছিল।
-
কৰমচান্দ উত্তমচান্দ গান্ধী
কৰমচান্দ উত্তমচান্দ গান্ধী (১৮২২ - ১৬ নৱেম্বৰ ১৮৮৫) বা কাবা গান্ধী আছিল পোৰবন্দৰ ৰাজ্যৰ এগৰাকী ৰাজনীতিৰ সৈতে জড়িত ব্যক্তি। তেওঁ পোৰবন্দৰ, ৰাজকোট, আৰু ৱাংকানেৰ অঞ্চলৰ দেৱান আছিল। তেওঁ মহাত্মা গান্ধীৰ দেউতাক আছিল।
-
পূৰ্ণ স্বৰাজ
পূৰ্ণ স্বৰাজৰ ঘোষণা (पूर्ण, পূৰ্ণ, অৰ্থ "সম্পূৰ্ণ", स्व, স্ব, অৰ্থ "নিজৰ" আৰু राज, ৰাজ, অৰ্থ "শাসন"), বা ভাৰতৰ স্বাধীনতা ঘোষণা, ১৯৩০ চনৰ ২৬ জানুৱাৰীত ভাৰতীয় জাতীয় কংগ্ৰেছৰ দ্বাৰা কৰা হৈছিল।
-
মহাত্মা
মহাত্মা (;Mahātmā (/məˈhɑːtmə, -ˈhæt-/) শব্দৰ অৰ্থ হৈছে "মহান আত্মা" (महात्मा mahātmā: महा mahā (মহান) + आत्मं বা आत्मन ātman [আত্মা])। আধুনিক ইংৰাজী শব্দ ‘চেইণ্ট’ ব্যৱহাৰিক অৰ্থত মহাত্মাৰ সমাৰ্থক আৰু ইয়াক "সদগুৰু" বুলি অনুবাদ কৰিব পাৰি।
-
মহাত্মা গান্ধীয়ে কৰা অনশনৰ তালিকা
মহাত্মা গান্ধী অথবা জাতিৰ পিতা হিচাপে জনাজাত মোহনদাস কৰমচান্দ গান্ধীয়ে ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ত ১৭ টা অনশন খাটিছিল। তেওঁৰ আটাইতকৈ দীঘলীয়া অনশন আছিল ২১ দিনৰ। প্ৰতিবাদৰ অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰা অনশন, গান্ধীৰ অহিংসা আদৰ্শ আৰু সত্যাগ্ৰহৰ এক অংগ আছিল।
-
মহাত্মা গান্ধীৰ অনুশীলন আৰু বিশ্বাস
মহাত্মা গান্ধীৰ অনুশীলন আৰু বিশ্বাস, মহাত্মা গান্ধীৰ বক্তব্য, চিঠি আৰু জীৱন বিষয়ক বহু ৰাজনৈতিক আৰু বিদ্যায়তনিক বিশ্লেষণ হৈছে, য’ত গান্ধীক প্ৰভাৱিত কৰা বিষয়সমূহৰ লগতে তেওঁৰ নীতি, অনুশীলন আৰু বিশ্বাসৰ বিষয়ে আলোচিত হৈছে।
-
মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি (হিউষ্টন)
মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি (Statue of Mahatma Gandhi (Houston)) আমেৰিকাৰ টেক্সাছ ৰাজ্যৰ হিউষ্টন চহৰত প্ৰতিষ্ঠিত।এখন সৰু পাহাৰৰ ওপৰত স্থাপন কৰা, ড. মাৰ্টিন লুথাৰ কিং, জুনিয়ৰ প্ৰতিমূৰ্তিৰ বিপৰীতে, মহাত্মা গান্ধী এই প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে।
-
মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি, গান্ধী ময়দান
মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি পাটনাৰ গান্ধী ময়দানত থকা ভাৰতৰ জাতিৰ পিতা মহাত্মা গান্ধীৰ ৰাজহুৱা স্মৃতিসৌধ। এই প্ৰতিমূৰ্তিটো হৈছে বিশ্বৰ সৰ্বোচ্চ ব্ৰঞ্জেৰে তৈয়াৰী এটা মূৰ্তি। ২০১৩ চনৰ ১৫ ফেব্ৰুৱাৰীত বিহাৰৰ তদানীন্তন মুখ্যমন্ত্ৰী নীতিশ কুমাৰে ইয়াক উন্মোচন কৰিছিল।
-
মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি, ভাৰতীয় সংসদ ভৱন
মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি (Statue of Mahatma Gandhi, Parliament of India) হ’ল নতুন দিল্লীৰ সংসদ ভৱনৰ সম্মুখত স্থাপিত এটি প্ৰায় ১৬ ফুট (৪.৯ মিটাৰ) উচ্চতাৰ তামৰ মোহনদাস কৰমচাঁদ গান্ধীৰ মূৰ্তি।
-
মহিলা আত্মৰক্ষা সমিতি
মহিলা আত্মৰক্ষা সমিতি (Mahila Atma Raksha Samiti, চমুকৈ MARS) আছিল ভাৰতৰ বংগত হোৱা নাৰীসমাজৰ এক আন্দোলন। এই গণসংগঠনটো ভাৰতৰ কমিউনিষ্ট পাৰ্টি অৱ ইণ্ডিয়াৰ লগত সংযুক্ত আছিল।
-
হিন্দ স্বৰাজ
হিন্দ স্বৰাজ মহাত্মা গান্ধীৰ দ্বাৰা লিখিত এখন গ্ৰন্থ। এই গ্ৰন্থ ১৯০৯ত লিখা হৈছিল। তেওঁ এই গ্ৰন্থত নিজৰ স্বৰাজ, আধুনিক সভ্যতা আৰু যান্ত্ৰিকীকৰণৰ বিষয়ে মত দাঙি ধৰিছে।
-
হৰিজন (আলোচনী)
হৰিজন (অৰ্থ: ঈশ্বৰৰ সন্তান; দলিত বা অস্পৃশ্যসকলক বুজাবলৈ গান্ধীয়ে উদ্ভাৱন কৰা এটা শব্দ) আলোচনীখন ১৯৩৩ চনৰ পৰা ১৯৫৫ চনলৈকে প্ৰকাশ পাইছিল; মাজত মাত্ৰ ১৯৪০-ৰ দশকৰ ভাৰত ত্যাগ আন্দোলন চলি থকা সময়চোৱাত ইয়াৰ প্ৰকাশনা বন্ধ আছিল।
-
খেড়া সত্যাগ্ৰহ
খেড়া সত্যাগ্ৰহ (Kheda Satyagraha) ব্ৰিটিছ ঔপনিৱেশিক কালত ভাৰতৰ গুজৰাটৰ খেড়া জিলাত সংঘটিত হোৱা কৃষকৰ বিদ্ৰোহ আছিল। মোহনদাস কৰমচান্দ গান্ধীয়ে ১৯১৮ চনত এই সত্যাগ্ৰহ আন্দোলনৰ আয়োজন কৰিছিল। ভাৰতীয় স্বাধীনতা আন্দোলনৰ ই অন্যতম উল্লেখযোগ্য বিদ্ৰোহ আছিল।
-
গান্ধী শান্তি বঁটা
গান্ধী শান্তি বঁটা (Gandhi Peace Award) হৈছে বছৰি প্ৰদান কৰা এক বঁটা আৰু নগদ পুৰস্কাৰ।এই বঁটা আন্তৰ্জাতিক শান্তি আৰু সদিচ্ছাৰ প্ৰচাৰত আগবঢ়োৱা অৱদানৰ বাবে ব্যক্তিসকলক প্ৰদান কৰা হয়।
-
গান্ধী, মাই ফাদাৰ
গান্ধী, মাই ফাদাৰ (Gandhi, My Father হিন্দী ভাষাৰ এখন জীৱনভিত্তিক ভাৰতীয় চলচ্চিত্ৰ। ফিৰোজ আব্বাছ খানৰ পৰিচালনাত আৰু অনিল কাপুৰৰ প্ৰযোজনাত ২০০৭ চনৰ ৩ আগষ্ট তাৰিখে এই চলচ্চিত্ৰখনে মুক্তি পাইছিল।
-
গান্ধীগিৰি
গান্ধীগিৰি হৈছে ভাৰতৰ এক নব্যবাদ, যাক গান্ধীবাদৰ মতবাদ (ইয়াৰ ভিতৰত আছে সত্যাগ্ৰহ, অহিংসা, আৰু সত্য) হিচাপে সমকালীন ক্ষেত্ৰত প্ৰকাশ কৰিবলৈ ব্যৱহাৰ কৰা হয়। ২০০৬ চনত মুক্তি লাভ কৰা হিন্দী ছবি 'লাগে ৰহো মুন্না ভাই'ত ব্যৱহাৰৰ পিছত এই শব্দটো জনপ্ৰিয় হৈ পৰিছিল।
-
দাণ্ডি সমুদ্ৰ-তীৰ
দাণ্ডি সমুদ্ৰ-তীৰ হ'ল গুজৰাটৰ দাণ্ডি গাঁৱত অৱস্থিত এটি উল্লেখযোগ্য সমুদ্ৰ-তীৰ। আৰৱ সাগৰৰ ই এখন আটাইতকৈ পৰিস্কাৰ সমুদ্ৰ-তীৰ। দাণ্ডি সমুদ্ৰ-তীৰ ঐতিহাসিক ভাৱে প্ৰসিদ্ধ স্থান কাৰণ মোহনদাস কৰমচান্দ গান্ধীয়ে সৱৰমতী আশ্ৰমৰপৰা দাণ্ডি সমুদ্ৰ-তীৰলৈ হোৱা লোণ আইন অমান্য আন্দোলনৰ নেতৃত্ব দিছিল।