ৰামদাস মোহনদাস গান্ধী (২ জানুৱাৰী ১৮৯৭ - ১৪ এপ্ৰিল ১৯৬৯) মোহনদাস কৰমচান্দ গান্ধীৰ তৃতীয় সন্তান।১ তেওঁৰ জন্মহয় দক্ষিণ আফ্ৰিকাত। তেওঁ তেওঁৰ পিতৃ-মাতৃ আৰু তেওঁৰ আটাইকেইজন ভায়েকৰ পৰা পৃথক হৈ জীৱন নিৰ্বাহ কৰিছিল। তেওঁৰ আৰু তেওঁৰ পত্নী নিৰ্মলাৰ তিনিটা সন্তান আছিল; সুমিত্ৰা গান্ধী, কানু গান্ধী২ আৰু উষা গান্ধী। তেওঁ পিতাকৰ ভাৰতীয় স্বাধীনতা আন্দোলনৰ সংগ্ৰামটো সক্ৰিয় অংশগ্ৰহণ কৰিছিল।
বৈৰাগ্যৰ প্ৰতি বিশেষভাৱে আকৰ্ষিত নোহোৱা সত্ত্বেও ১৯৩০ চনৰ কঠোৰ অসামৰিক আন্দোলনসমূহত অংশগ্ৰহণ কৰিছিল। বাৰম্বাৰ কাৰাবাস খটাৰ ফলত তেওঁৰ স্বাস্থ্যৰ ওপৰত গুৰুতৰ প্ৰভাৱ পৰিছিল। দক্ষিণ আফ্ৰিকাত ডাঙৰ দীঘল হোৱা বাবে তেওঁ কেতিয়াও পিতৃৰ দৰিদ্ৰতাৰ আদৰ্শবাদক আঁকোৱালি ল'ব পৰা নাছিল।
মহাত্মাৰ শেষকৃত্যত তেওঁৰ অন্তিম ইচ্ছামতে ৰামদাস গান্ধীয়েই মুখাগ্নি কৰিছিল। তেওঁৰ সৈতে তেওঁৰ ভাতৃ দেৱদাস গান্ধীয়েও এই শেষকৃত্যত যোগদান কৰিছিল।
৭২ বছৰ বয়সত পিতৃৰ জন্মশতবৰ্ষৰ সময়তেই তেওঁৰ মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁ পত্নী নিৰ্মলা আৰু তিনিটা সন্তানক এৰি থৈ যায় যাৰ কোনোৱেই এতিয়া জীৱিত নাই।
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰামদাস গান্ধী” প্ৰবন্ধৰ সংশোধন ৩৮৬১০৮ (৬ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।