অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

সতীদাহ প্ৰথা

সতীদাহ প্ৰথা হৈছে বৰ্তমান লুপ্ত হোৱা এটি অন্তিম সংস্কাৰ প্ৰক্ৰিয়া য'ত এগৰাকী বিধৱা মহিলাই নিজৰ স্বামীৰ মৃত্যুৰ পিছত স্বামীৰ চিতাত আত্মজাহ দিয়ে। এই প্ৰথাটো তৃতীয় শতাব্দীৰ পৰাই প্ৰচলিত বুলি উল্লেখ আছে যদিও ৰজাৰ পত্নীসকলে পঞ্চমৰ পৰা নৱম শতিকাৰ এই প্ৰথা মানি চলাৰ প্ৰমাণ পোৱা যায়।

হালনাগাদ: ২ ছেপ্তেম্বৰ ২০২৫ ৩৪২ শব্দ · ২ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

সতীদাহ প্ৰথা হৈছে বৰ্তমান লুপ্ত হোৱা এটি অন্তিম সংস্কাৰ প্ৰক্ৰিয়া য'ত এগৰাকী বিধৱা মহিলাই নিজৰ স্বামীৰ মৃত্যুৰ পিছত স্বামীৰ চিতাত আত্মজাহ দিয়ে।১২৩

এই প্ৰথাটো তৃতীয় শতাব্দীৰ পৰাই প্ৰচলিত বুলি উল্লেখ আছে৪ যদিও ৰজাৰ পত্নীসকলে পঞ্চমৰ পৰা নৱম শতিকাৰ এই প্ৰথা মানি চলাৰ প্ৰমাণ পোৱা যায়। এই প্ৰথা উত্তৰ ভাৰতৰ ৰাজতন্ত্ৰৰ পৰা আৰম্ভ হোৱা বুলি কোৱা হয়। দশম শতিকাৰ পৰা এই ধাৰণাই জনপ্ৰিয়তা লাভ কৰে আৰু দ্বাদশৰ পৰা অষ্টাদশ শতিকালৈ বাকী লোকসকলৰ মাজতো চলিব ধৰে। এই প্ৰথাটো কিছুমান হিন্দু সম্প্ৰদায়ৰ মাজত৫ দেখা গৈছিল বিশেষকৈ পৰিয়ালতান্ত্ৰিক ব্যৱস্থাযুক্ত সম্প্ৰদায়ৰ মাজত।৬ দক্ষিণ পূব এছিয়াৰ দেশ ইণ্ডোনেছিয়া৭ আৰু ভিয়েটনামতো এই প্ৰথা দেখা গৈছিল। অৱশ্যে সতীদাহ প্ৰথা সমগ্ৰ ভাৰতীয় উপমহাদেশত প্ৰচলিত নাছিল বা ধৰ্মগ্ৰন্থতো উল্লেখ নাছিল।৮

১৮০৩ চনত কলিকতাত নিষিদ্ধ কৰা সত্ত্বেও কলিকতাৰ ৪৮ কিলোমিটাৰ ব্যাসাৰ্ধত উইলিয়াম কেৰীয়ে ৪৩৮টা সতীদাহৰ ঘটনা প্ৰত্যক্ষ কৰিছিল।৯ ১৮১৫ চনৰ পৰা ১৮১৮ চনলৈ বেঙ্গলত সতীদাহৰ ঘটনা দুগুণ হৈ ৩৭৮ৰ পৰা ৮৩৯টা হৈছিলগৈ। খ্ৰীষ্টান মিছনেৰী উইলিয়াম কেৰী আৰু ব্ৰাহ্মণ হিন্দু সমাজ সংস্কাৰক ৰামমোহন ৰায়ৰ প্ৰচেষ্টাত ১৮২৯ চনত বেঙ্গল চৰকাৰে সতীদাহ প্ৰথা নিষিদ্ধ ঘোষণা কৰে।১০১১ তাৰপিছত ভাৰতৰ বাকী প্ৰিন্সলী ষ্টেটসমূহতো একেই আইন প্ৰয়োগ কৰাৰ পিছত ১৮৬১ চনত মহাৰাণী ভিক্টোৰিয়াই গোটেই ভাৰতত এই প্ৰথা বন্ধ কৰে। নেপালত ১৯২০ চনত সতীদাহ প্ৰথা বন্ধ কৰা হয়। ১৯৮৮ চনত ভাৰতত সতী প্ৰতিৰোধ আইনখন বলৱৎ কৰা হয়।

ব্যুৎপত্তি

অৰ্চ্চা সতী পীঠ
অৰ্চ্চা সতী পীঠছবি: Malaiya · CC BY-SA 4.0

সতী শব্দটো আহিছে দেৱী সতীৰ নামৰ পৰা, যিয়ে পিতৃ দক্ষই তেওঁক আৰু তেওঁৰ পতি মহাদেৱ শিৱক কৰা অপমান সহ্য কৰিব নোৱাৰি পিতৃগৃহতেই আত্মজাহ দিছিল।

হিন্দী আৰু সংস্কৃত পাঠ্যমতে সতী মানে "ভাল পত্নী"।১২ সতী শব্দটোৰে মহিলাগৰাকীক বুজোৱা হয়। প্ৰথাটোক সহগমন, সহমৰণ বা সতীদাহ বুলি কোৱা হয়।১৩ সতী প্ৰতিৰোধ আইন, ১৯৮৭ৰ খণ্ড-১ আৰু ২ (চি) অনুচ্ছেদ মতে সতী মানে সতী প্ৰথাটোক বুজায়।১৪

ইতিহাস

সৰ্বপ্ৰথম ইতিহাস

কিছুমান বিশ্বাসযোগ্য উৎসৰ মতে সতী প্ৰথা গুপ্ত যুগৰ আগৰে পৰাই প্ৰচলিত আছিল। গ্ৰীক ইতিহাসবিদ ডিঅ'ডৰাছৰ মতে ৰৱি আৰু বিয়াছ নদীৰ মাজত থকা কেথেই জনগোষ্ঠীৰ মানুহৰ মাজত সতীদাহ চলিছিল। ডিঅ'ডৰাছে এই কথাও উল্লেখ কৰিছিল যে ৩১৬ খ্ৰীষ্টপূৰ্বৰ গেবিয়েনৰ যুদ্ধত সেনাপতি কেটেউছৰ মৃত্যুত তেওঁৰ বিধৱা পত্নীয়ে নিজৰ পতিৰ চিতাত উঠি আত্মজাহ দিছিল।১৫

একজেল মাইকেলছৰ মতে নেপালত ৪৬৪ খ্ৰীষ্টাব্দ আৰু ভাৰতত ৫১০ খ্ৰীষ্টাব্দৰ পৰা সতী প্ৰথাৰ প্ৰথম লিখিত প্ৰমাণ পোৱা যায়।৫ সতী প্ৰথা সাধাৰণ লোকৰ মাজত খুব কম পৰিমাণে হৈছিল বুলি প্ৰথম সাক্ষ্যসমূহে কয়।৫ কেইবা শতিকা পিছত সতী দাহৰ ঘটনাসমূহ সতী শিলাত খোদিত কৰি থোৱা হৈছিল।অষ্টম বা নৱম শতিকাৰ পূৰ্বৰ তেনেকুৱা শিলা খুবেই কমকৈ পোৱা যায়।১৬ একাদশ শতিকাৰ পৰাহে তেনে শিলা অধিক পৰিমাণে পোৱা গৈছিল আৰু বেছিসংখ্যক শিলা ৰাজস্থানত পোৱা গৈছিল।৫ দক্ষিণ ভাৰতৰ চোলা ৰাজবংশতো কেইটামান সতীদাহৰ ঘটনা হৈছিল।১৭১৮

তথ্যসূত্ৰ

  1. ↑ Feminist Spaces: Gender and Geography in a Global Context, Routledge, Ann M. Oberhauser, Jennifer L. Fluri, Risa Whitson, Sharlene Mollett
  2. ↑ Sophie Gilmartin (1997), The Sati, the Bride, and the Widow: Sacrificial Woman in the Nineteenth Century, Victorian Literature and Culture, Cambridge University Press, Vol. 25, No. 1, page 141, Quote: "Suttee, or sati, is the obsolete Hindu practice in which a widow burns herself upon her husband's funeral pyre..."
  3. ↑ sfn|Sharma|2001|pp=19–21
  4. ↑ Eraly, Abraham. The First Spring: The Golden Age of India. Penguin. পৃ. 370
  5. ↑ Michaels, Axel. (2004). Hinduism: Past and Present. Princeton University Press. পৃ. 149–153. ISBN 9780691089539
  6. ↑ Altekar, Anant S. (1956). The Position of Women in Hindu Civilization: From Prehistoric Times to the Present Day. Motilal Banarsidass Pub. পৃ. 131–132. ISBN 9788120803244
  7. ↑ A History of Modern Indonesia since c. 1300, by Merle Calvin Ricklefs, on forced treaties, see Wiener, Margaret J. (1995). Visible and Invisible Realms: Power, Magic, and Colonial Conquest in Bali. University of Chicago Press. পৃ. 267–268. ISBN 9780226885827
  8. ↑ Jain, Meenakshi. (2016). Sati: Evangelicals, Baptist Missionaries, and the Changing Colonial Discourse. Aryan Books International. ISBN 9788173055522
  9. ↑ Hardgrave, Jr, Robert L. Bengal Past and Present. University of Texas
  10. ↑ Marshman, John Clark. (1876). History of India from the earliest period to the close of the East India Company's government. Edinburgh: W. Blackwood. পৃ. 374
  11. ↑ H. H. Dodwell. (1932). The Cambridge History of the British Empire, Volume 5. The Indian empire 1858–1918. পৃ. 140
  12. ↑ P. J. Cain, Mark Harrison. (2001). Imperialism: Critical Concepts in Historical Studies. Routledge. পৃ. 209. ISBN 9780415206303
  13. ↑ Weinberger-Thomas, Catherine. (1999). Ashes of Immortality: Widow-Burning in India. University of Chicago Press. পৃ. 21. ISBN 9780226885681
  14. ↑ Commission of Sati (Prevention) Act, 1987 Official text of the Act. ভাৰত চৰকাৰ's National Resource Centre for Women (NCRW)
  15. ↑ Irfan Habib; Vivekanand Jha. (2004). Mauryan India. A People's History of India. Aligarh Historians Society / Tulika Books. পৃ. 3. ISBN 978-81-85229-92-8
  16. ↑ J. C. Harle (1970), An Early Indian Hero-Stone and a Possible Western Source, The Journal of the Royal Asiatic Society of Great Britain and Ireland, No. 2 (1970), Cambridge University Press, pp. 159–164
  17. ↑ Sita Anantha Raman. Women in India: A Social and Cultural History (2 volumes): A Social and Cultural History. ABC-CLIO, 8 June 2009 – Social Science – 468 pages. পৃ. 167
  18. ↑ B. S. Chandrababu, L. Thilagavathi. Woman, Her History and Her Struggle for Emancipation. Bharathi Puthakalayam, 2009 – Feminism – 624 pages. পৃ. 136

সম্পৰ্কিত শ্ৰেণী

হিন্দু ধৰ্মীয় প্ৰথা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সতীদাহ প্ৰথা” প্ৰবন্ধৰ সংশোধন ৫৩৬৮৬৩ (২ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।