অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

ৰাজঘাট সমাধি পৰিসৰ

ৰাজঘাট ভাৰতৰ দিল্লীত অৱস্থিত জাতিৰ পিতা মহাত্মা গান্ধীৰ সমাধিক্ষেত্ৰ। পূৰ্বতে ৰাজঘাট ঐতিহাসিক পুৰণি দিল্লী বা ছাহজাহানবাদত অৱস্থিত ঘাটৰ নাম আছিল এই ঘাট দৰিয়াগঞ্জৰ পূবত অৱস্থিত গড়েৰে পৰিবেষ্টিত নগৰৰ ৰাজঘাট গেট যমুনা নদীৰ পশ্চিম পাৰৰ ৰাজঘাটত মিলিছিল।

হালনাগাদ: ১৪ আগষ্ট ২০২৪ ১৬২ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

ৰাজঘাট ভাৰতৰ দিল্লীত অৱস্থিত জাতিৰ পিতা মোহনদাস কৰমচান্দ গান্ধীৰ সমাধিক্ষেত্ৰ। পূৰ্বতে ৰাজঘাট ঐতিহাসিক পুৰণি দিল্লী বা ছাহজাহানবাদত অৱস্থিত ঘাটৰ নাম আছিল এই ঘাট দৰিয়াগঞ্জৰ পূবত অৱস্থিত গড়েৰে পৰিবেষ্টিত নগৰৰ ৰাজঘাট গেট যমুনা নদীৰ পশ্চিম পাৰৰ ৰাজঘাটত মিলিছিল।১২ পিছলৈ মহাত্মা গান্ধীৰ স্মৃতিক্ষেত্ৰ খনৰ নামো ৰাজঘাট হয়। গান্ধীজীৰ মৃত্যুৰ এদিন পিছত অৰ্থাৎ ১৯৪৮ চনৰ ৩১ জানুৱাৰী তাৰিখে এই স্থানতে তেওঁৰ অন্তিম সৎকাৰ কৰা হৈছিল। এই স্থানত ক'লা মাৰ্বলৰ এক বেদীত তেওঁ অন্তিম সময়ত উচ্চাৰণ কৰা "হে ৰাম" দেৱনাগেৰী লিপিত খোদিত কৰা হৈছে। ইয়াৰ এফালে অখণ্ড জ্যোতি প্ৰজ্বলিত কৰি থোৱা হৈছে। এই স্থান দিল্লীৰ ৰিং ৰ'ড বা চৰকাৰী ভাবে মহাত্মা গান্ধী পথত অৱস্থিত। ইয়াৰ কাষেৰে স্মৃতিক্ষেত্ৰলৈ শিলেৰে নিৰ্মিত পদপথ আছে। ইয়াৰ লগতে মহাত্মা গান্ধী যাদুঘৰো ইয়াৰ কাষতে অৱস্থিত।

ৰাজঘাট সমাধি পৰিসৰত অৱস্থিত অন্যান্য স্মৃতিক্ষেত্ৰ

মহাত্মা গান্ধীৰ উপৰিও ইয়াত কেইবাগৰাকী বিখ্যাত নেতাৰ সমাধিস্থল ৰাজঘাটত অৱস্থিত। এই স্থানত দেশ-বিদেশৰ নেতা আৰু বিখ্যাত ব্যক্তিয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ আহে। ইয়াৰ লগতে ৰাজঘাট পৰিসৰত অৱস্থিত উদ্যানত গছপুলি ৰোপণ কৰে। প্ৰতিবছৰে সমাধিক্ষেত্ৰ সমূহত স্মৃতিচাৰণৰ বিভিন্ন অনুষ্ঠান অনুষ্ঠিত হয়। ইয়াত অৱস্থিত অন্যান্য নেতাৰ সমাধিক্ষেত্ৰ সমূহ হ'ল:

+ ৰাজঘাট সমাধি পৰিসৰত অৱস্থিত স্মৃতিক্ষেত্ৰ সমূহনামপদবী/শিৰোনামমৃত্যুৰ চনস্মৃতিস্থলৰ নামমাটিকালি (একৰ)৩বৈশিষ্ট্য
মোহনদাস কৰমচান্দ গান্ধীজাতিৰ পিতা১৯৪৮ৰাজঘাট৫.১ক'লা মাৰ্বলৰ এক বেদীত তেওঁ অন্তিম সময়ত উচ্চাৰণ কৰা "হে ৰাম" দেৱনাগেৰী লিপিত খোদিত
জৱাহৰলাল নেহৰুভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী১৯৬৪শান্তিবন৫২.৬উদ্ভিদেৰে পৰিবেষ্টিত বেদী
লালবাহাদুৰ শাস্ত্ৰীভাৰতৰ দ্বিতীয় প্ৰধানমন্ত্ৰী১৯৬৬বিজয় ঘাট৪০১৯৬৫ চনত ভাৰত-পাকিস্তান যুদ্ধত তেওঁৰ নেতৃত্বত ভাৰত জয়ী হৈছিল
ইন্দিৰা গান্ধীভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী১৯৮৪শক্তি স্থল৪৫ৰঙা বৰণৰ এটা বৃহৎ শিল
জগজীৱন ৰামভাৰতৰ চতুৰ্থ উপ-প্ৰধানমন্ত্ৰী১৯৮৬সমতা স্থল১২.৫—
চৌধুৰী চৰণ সিংভাৰতৰ পঞ্চম প্ৰধানমন্ত্ৰী১৯৮৭কিষান ঘাট১৯—
ৰাজীৱ গান্ধীভাৰতৰ প্ৰধানমন্ত্ৰী১৯৯১বীৰ ভূমি১৫সম্পূৰ্ণকৈ ফুলি থকা শিলৰ পদুমফুলৰ চাৰিওফালে তেওঁৰ জীৱনকালক সূচোৱা ৪৬ টা পদুমফুল, ভাৰতৰ গোটেইকেইখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ শিল ইয়াৰ চাৰিওফালে সিঁচৰত৪
গিয়ানী জাইল সিংভাৰতৰ সপ্তম ৰাষ্ট্ৰপতি১৯৯৪একতা স্থল২২.৫৬—
শঙ্কৰ দয়াল শৰ্মা৫ভাৰতৰ নৱম ৰাষ্ট্ৰপতি১৯৯৯কৰ্ম ভূমিবিজয় ঘাটৰ কাষত
দেৱী লালভাৰতৰ ষষ্ঠ উপ-প্ৰধানমন্ত্ৰী২০০১সংঘৰ্ষ স্থলকিষান ঘাটৰ কাষত
চন্দ্ৰ শেখৰভাৰতৰ অষ্টম প্ৰধানমন্ত্ৰী২০০৭জননায়ক স্থল৬—
ইন্দেৰ কুমাৰ গুজৰালভাৰতৰ দ্বাদশ প্ৰধানমন্ত্ৰী২০১২স্মৃতি স্থল—
অটল বিহাৰী বাজপায়ীভাৰতৰ দশম প্ৰধানমন্ত্ৰী২০১৮ৰাষ্ট্ৰীয় স্মৃতি স্থলৰাজঘাট আৰু বিজয় ঘাটৰ ওচৰত

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Fanshawe, p. 67
  2. ↑ 1863 Atlas Map of Delhi
  3. ↑ (16 May 2013). No space for 'samadhis', VVIPs to share memorial place in Delhi. Rediff.com
  4. ↑ (18 August 2004). 'Rajiv' to bloom at Veer Bhumi. The Tribune Trust
  5. ↑ (28 December 1999). Tearful farewell to S.D. Sharma. The Tribune. The Tribune Trust
  6. ↑ (23 April 2015). Former PM Chandrashekhar’s samadhi to be called Jannayak Sthal. The Times of India

সম্পৰ্কিত শ্ৰেণী

কীৰ্তিস্তম্ভ আৰু স্মাৰক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাজঘাট সমাধি পৰিসৰ” প্ৰবন্ধৰ সংশোধন ৪২৮৭৭৮ (১৪ আগষ্ট ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।