ৰাজনীতি আৰু আইন
চৰকাৰ, সংবিধান, নিৰ্বাচন, সংস্থা আৰু অধিকাৰ · ৭৯৫ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
ভাৰতীয় দণ্ড বিধি
ভাৰতীয় দণ্ড বিধি (IPC, Indian Penal Code, भारतीय दण्ड संहिता) ভাৰতৰ মুখ্য অপৰাধ দণ্ড বিধি। অপৰাধ আইনৰ সকলো মূল বিষয়ক সামৰি লোৱাটোৱে ইয়াৰ উদেশ্য, ই এক ব্যাপক বিধান বা আইন।
-
সংবিধান
সংবিধান হৈছে কোনো এটা ৰাজনৈতিক একক, সংগঠন বা আন কোনো ধৰণৰ আইনী সত্তা চলাবলৈ প্ৰযোজ্য মৌলিক নীতিসমূহ বা স্থাপিত পূৰ্বনীতিসমূহৰ সংহিতা, যিয়ে সাধাৰণতে সেই সত্তাটোৰ শাসনৰ ধৰণ নিৰ্ধাৰণ কৰে।
-
অৰুণাচল পশ্চিম (লোকসভা সমষ্টি)
অৰুণাচল পশ্চিম লোকসভা সমষ্টি (Arunachal West Lok Sabha constituency) হৈছে অৰুণাচল প্ৰদেশৰ দুটা লোকসভা সমষ্টিৰ মাজৰ এটা। এই সমষ্টিটোৰ ভিতৰত টাৱাং, পশ্চিম কামেং, পূব কামেং, পাপুমপাৰে, নামনি সোৱণশিৰি, কুৰুং কুমেই, উজনি সোৱণশিৰি আৰু পশ্চিম ছিয়াং জিলাক সামৰি লোৱা হৈছে।
-
ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল
ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল (United People's Party Liberal) চমুকৈ ইউপিপিএল ভাৰতৰ অসম ৰাজ্যৰ এটা স্বীকৃতিপ্ৰাপ্ত আঞ্চলিক ৰাজনৈতিক দল। দলটো বিশেষকৈ অসমৰ বড়োলেণ্ড অঞ্চলত সক্ৰিয়। ২০১৫ চনৰ ৫ আগষ্ট তাৰিখে দলটি গঠন কৰা হৈছিল। উৰ্খাউ গৌড়া ব্ৰহ্ম ইয়াৰ প্ৰতিষ্ঠাপক সভাপতি আছিল।
-
ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্ত
ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্তই ভাৰতৰ নিৰ্বাচন আয়োগৰ নেতৃত্ব দিয়ে, যিটো সংস্থা সাংবিধানিকভাৱে মুক্ত আৰু নিকা নিৰ্বাচন অনুষ্ঠিত কৰাৰ ক্ষমতা প্ৰদান কৰা এক সংস্থা।
-
অৰুণাচল পূব (লোকসভা সমষ্টি)
অৰুণাচল প্ৰদেশ পূব লোকসভা সমষ্টি Arunachal East Lok Sabha constituency) হৈছে অৰুণাচল প্ৰদেশৰ দুটা লোকসভা সমষ্টিৰ মাজৰ এটা। এই সমষ্টিটোৰ ভিতৰত উজনি ছিয়াং, পূব ছিয়াং, দিবাং উপত্যকা, নামনি দিবাং উপত্যকা, লোহিত, অঞ্জাও, চাংলাং আৰু তিৰাপ জিলাক সামৰি লোৱা হৈছে।
-
আহোম সৈন্যবাহিনী
আহোম সৈন্যবাহিনী (চীনা ভাষা:傣 阿洪 军队,থাই ভাষা:กองทัพบก ไทอาหม, ইংৰাজী ভাষা:Tai Ahom Army) হল নৌসেনা আৰু স্থল সেনাৰে আহোম ৰাজ্যৰ পাইক প্ৰথাৰ দ্বাৰা সজ্জিত সৈন্যবাহিনী।
-
বৃত্তিগত সুৰক্ষা, স্বাস্থ্য আৰু কৰ্ম পৰিস্থিতি সংহিতা, ২০২০
বৃত্তিগত সুৰক্ষা, স্বাস্থ্য আৰু কৰ্ম পৰিস্থিতি সংহিতা, ২০২০ (Occupational Safety, Health and Working Conditions Code, 2020) হৈছে ভাৰতৰ সংসদে প্ৰণয়ন কৰা এখন শ্ৰম সংহিতা।
-
ভাৰতীয় আৰক্ষী সেৱা
ভাৰতীয় আৰক্ষী সেৱা (Indian Police Service) সৰ্বভাৰতীয় সেৱাৰ অধীনত এক অসামৰিক সেৱা। ইংৰাজ সাম্ৰাজ্যৰ পৰা ভাৰত স্বাধীন হোৱাৰ এবছৰৰ পাছত ১৯৪৮ চনত ভাৰতীয় সাম্ৰাজ্যিক পুলিচৰ (Indian Imperial Police ) ঠাইত এই সেৱাক প্ৰৱৰ্তন কৰা হয়।
-
ভাৰতীয় নাগৰিকত্ব আইন
ভাৰতত ৰাষ্ট্ৰীয়তা প্ৰয়োজনীয়তা নিশ্চিত কৰা দুটা প্ৰাথমিক আইন আছে, ভাৰতৰ সংবিধান আৰু নাগৰিকত্ব আইন, ১৯৫৫। ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা ১৯৮৭ চনৰ ১ জুলাইৰ ভিতৰত ভাৰতত জন্মগ্ৰহণ কৰা সকলো ব্যক্তিয়ে পিতৃ-মাতৃৰ ৰাষ্ট্ৰীয়তা নিৰ্বিশেষে স্বয়ংক্ৰিয়ভাৱে জন্মৰ ভিত্তিত নাগৰিকত্ব লাভ কৰিছিল।
-
সতীশ ধৱন মহাকাশ কেন্দ্ৰ
সতীশ ধৱন মহাকাশ কেন্দ্ৰ (ইংৰাজী: Satish Dhawan Space Centre, সংক্ষেপে SDSC) বা শ্ৰীহৰিকোটা ৰেঞ্জ (ইংৰাজী: Sriharikota Range, সংক্ষেপে SHAR) ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ দ্বাৰা পৰিচালিত এটা ৰকেট উৎক্ষেপণ কেন্দ্ৰ। অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাত এই কেন্দ্ৰটো অৱস্থিত।
-
১৯৭৭ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন
১৯৭৭ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচনত বিভিন্ন ঘটনাপ্ৰবাহৰ পৰিপ্ৰেক্ষিতত পোনপ্ৰথমবাৰৰ বাবে ভাৰতীয় জাতীয় কংগ্ৰেছ দলে শাসনৰ বাঘজৰী হেৰুৱাবলগীয়া হৈছিল। ২১মহীয়া অন্তৰ্ৱৰ্তী জৰুৰীকালীন অৱস্থাৰ সামৰণি পেলাই প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে ষষ্ঠ লোকসভা গঠনৰ উদ্দেশ্যে সাধাৰণ নিৰ্বাচন ঘোষণা কৰিছিল।
-
ৰাষ্ট্ৰীয় জনতা দল
ৰাষ্ট্ৰীয় জনতা দল (Rashtriya Janata Dal) চমুকৈ আৰজেডি হৈছে ভাৰতীয় ৰাজনৈতিক দল। এই দলটো ভাৰতৰ বিহাৰ আৰু ঝাৰখণ্ড ৰাজ্যত অৱস্থিত। ১৯৯৭ চনত লালু প্ৰসাদ যাদৱে ৰাষ্ট্ৰীয় জনতা দলৰ প্ৰতিষ্ঠা কৰিছিল।
-
অসম জাতীয় পৰিষদ
অসম জাতীয় পৰিষদ চমুকৈ অজাপ (Assam Jatiya Parishad) ভাৰতৰ অসম ৰাজ্যৰ এটা স্বীকৃতিপ্ৰাপ্ত আঞ্চলিক ৰাজনৈতিক দল। ২০২০ চনৰ ১৭ ডিচেম্বৰ তাৰিখে আনুষ্ঠানিকভাৱে এই দল গঠন কৰা হৈছিল।
-
নেলীৰ হত্যাকাণ্ড
নেলীৰ হত্যাকাণ্ড বুলিলে ১৯৮৩ চনত অসমৰ নগাঁও জিলাৰ নেলীত সংঘটিত হোৱা সন্দেহজনক অবৈধ অনুপ্ৰৱেশকাৰীৰ হত্যাকাণ্ডক বুজায়।
-
প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংগঠন
প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংগঠন (ইংৰাজী: Defence Research and Development Organisation চমুকৈ DRDO, হিন্দী: रक्षा अनुसंधान एवं विकास संघठन) হ'ল ভাৰতৰ ৰক্ষা সম্বন্ধীয় গৱেষণাৰ কাৰ্যকলাপৰ লগত জড়িত এটি সংস্থা। নতুন দিল্লীত এই সংস্থাৰ কাৰ্যালয় অৱস্থিত।
-
সামাজিক সুৰক্ষা সংহিতা, ২০২০
সামাজিক সুৰক্ষা সংহিতা, ২০২০ ভাৰতৰ সংসদে প্ৰণয়ন কৰা এখন শ্ৰম সংহিতা। এই সংহিতাৰ উদ্দেশ্য হৈছে সামাজিক সুৰক্ষাৰ সৈতে জড়িত বিভিন্ন আইন সংশোধন আৰু একত্ৰিত কৰা আৰু সংগঠিত, অসংগঠিত অথবা আন যিকোনো খণ্ডৰ সকলো কৰ্মচাৰী আৰু শ্ৰমিকলৈ সামাজিক সুৰক্ষাৰ সুবিধা সম্প্ৰসাৰণ কৰা।
-
১৯৫১-৫২ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন
ভাৰতৰ সাধাৰণ নিৰ্বাচন, ১৯৫১-৫২ স্বাধীন ভাৰতৰ প্ৰথম লোকসভাৰ সদস্যসকলক নিৰ্বাচন কৰিবলৈ অনুষ্ঠিত কৰা হৈছিল। ভোটগ্ৰহণ ২৫ অক্টোবৰ,১৯৫১ৰ পৰা ২১ ফেব্ৰুৱাৰী, ১৯৫২লৈ চলিছিল। সৰ্বপ্ৰথম ভোটগ্ৰহণ হিমাচল প্ৰদেশৰ চিনি জিলাত অনুষ্ঠিত হৈছিল।
-
ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বাহিনী
ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বাহিনী বা ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী (National Disaster Response Force) হৈছে ভাৰতৰ এক বিশেষ বাহিনী, যাক ভাৰতৰ প্ৰাকৃতিক আৰু মানৱসৃষ্ট দুৰ্যোগৰ প্ৰতি সঁহাৰি জনোৱাৰ দায়িত্ব দিয়া হৈছে।
-
কপিৰাইট
কপিৰাইট (copyright) এটা আইনী সংজ্ঞা। স্ৰষ্টাৰ নিজৰ সৃষ্টিৰ (যেনে, লেখা, সংগীত বা শিল্প-কলা), ছপা, প্ৰচাৰ, বিতৰণ, আৰু প্ৰদৰ্শন, সংৰক্ষণৰ ওপৰত স্ৰষ্টাৰ আৰু অকল স্ৰষ্টাৰ আইনী অধিকাৰ থাকে। এই আইনী অধিকাৰকে কপিৰাইট (স্বত্ব্ব) বোলা হয়।
-
কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদ
কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদ অসমৰ এখন স্বায়ত্বশাসিত জিলা পৰিষদ। ভাৰতৰ সংবিধানৰ ষষ্ঠ অনুসূচী অনুসৰি কাৰ্বি আংলং জিলা আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ স্থানীয় প্ৰশাসন আৰু এই জিলাৰ পাৰ্বত্য জনজাতি সকলৰ উন্নয়নৰ বাবে এই পৰিষদ গঠন কৰা হৈছে। ইয়াৰ মুখ্য কাৰ্যালয় ডিফুত অৱস্থিত।
-
খাদ্য আৰু কৃষি সংস্থা
ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থা বা এফ এ অ হৈছে ৰাষ্ট্ৰসংঘৰ এটা বিশেষ সংস্থা। বিশ্বত ক্ষুধাক জয় কৰিবলৈ চলোৱা প্ৰচেষ্টাত আন্তঃৰ্জাতিক স্তৰত ই নেতৃত্ব দিয়ে। উন্নত আৰু উন্নয়নশীল দেশ উভয়ৰ বাবে খাদ্য আৰু কৃষি সংস্থায়ে এক নিৰপেক্ষ মঞ্চ হিচাপে কাম কৰে আৰু ইয়াত সকলোৱে সমানভাৱে নীতি আলোচনা কৰে।
-
জন লোকপাল বিল
লোকপাল শব্দটো আহিছে সংস্কৃত ভাষাত জনতাৰ সুৰক্ষা প্ৰদানকাৰী বুজোৱা শব্দৰ পৰা। ভাৰতৰ নিৰ্বাচন আয়োগৰ নিচিনাই এই লোকপাল হৈছে এক স্বতন্ত্ৰ সংস্থা। চৰকাৰৰ পৰা আগতীয়া অনুমতি নোলোৱাকৈয়ে যিকোনো দুৰ্নীতিগ্ৰস্ত ৰাজনীতিক আৰু আমোলাৰ বিৰুদ্ধে তদন্ত কৰাৰ ক্ষমতা থাকিব লোকপালৰ হাতত।
-
ভাৰতীয় জাতীয় কংগ্ৰেছ (অৰ্গেনাইজেচন)
ভাৰতীয় জাতীয় কংগ্ৰেছ (অৰ্গেনাইজেচন) ( Indian National Congress (Organisation) বা Congress (O)) ভাৰতৰ এটা অধুনালুপ্ত ৰাজনৈতিক দল। ইন্দিৰা গান্ধীক কংগ্ৰেছৰ পৰা নিলম্বন কৰা ঘটনাৰ পৰিপ্ৰেক্ষিতত এই দলটো গঠিত হৈছিল।
-
ভাৰতীয় নৌসেনা
ভাৰতীয় নৌসেনা (Indian Navy) ভাৰতীয় সশস্ত্ৰ বাহিনীৰ সামুদ্ৰিক শাখা। ভাৰতৰ ৰাষ্ট্ৰপতি ভাৰতীয় নৌসেনাৰ উচ্চতম সেনাধ্যক্ষ। চাৰি তাৰকাযুক্ত এডমিৰেল ছিফ অৱ নেভেল ষ্টাফে নৌসেনাৰ কমাণ্ড কৰে।
-
ভাৰতীয় লোক দল
ভাৰতীয় লোক দল (Bharatiya Lok Dal বা চমুকৈ BLD) ১৯৭৪ চনত গঠিত এটা অধুনালুপ্ত ৰাজনৈতিক দল। ইন্দিৰা গান্ধী নেতৃত্বাধীন ভাৰতীয় জাতীয় কংগ্ৰেছৰ বিৰুদ্ধে এটা ৰাষ্ট্ৰীয় বিকল্প তৈয়াৰ কৰিবলৈ চৰণ সিঙৰ নেতৃত্বত সাতটা সাতটা ৰাজনৈতিক দল একত্ৰিত কৰি এই দলটো গঠন কৰা হ’ল।
-
মজুৰি সংহিতা, ২০১৯
মজুৰি সংহিতা, ২০১৯ (Code on Wages, 2019), বা চমুকৈ মজুৰি সংহিতা, ভাৰতৰ সংসদে প্ৰণয়ন কৰা এখন শ্ৰম আইন। এই সংহিতাই মজুৰি আৰু বোনাছ পৰিশোধৰ সৈতে জড়িত চাৰিখন কেন্দ্ৰীয় শ্ৰম আইন একত্ৰিত আৰু সৰল কৰিছে।
-
স্বতন্ত্ৰ পাৰ্টি
স্বতন্ত্ৰ পাৰ্টি (Swatantra Party, সংক্ষিপ্ত ৰূপ: SWA) ভাৰতৰ এটা ধ্ৰুপদী-উদাৰপন্থী ৰাজনৈতিক দল। ১৯৫৯ত গঠিত এই দলটো ১৯৭৪ত ভাৰতীয় লোক দলত চামিল হৈ যায়। জৱাহৰলাল নেহৰুৰ প্ৰভাৱাধীন ভাৰতীয় জাতীয় কংগ্ৰেছৰ ক্ৰমবৰ্ধমান সমাজতান্ত্ৰিক আৰু ৰাজ্যবাদী দৃষ্টিভংগীৰ প্ৰতিক্ৰিয়া স্বৰূপে চক্ৰৱৰ্তী…
-
১৯৭১ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন
১৯৭১ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন ৫ম লোকসভা গঠন কৰিবলৈ অনুষ্ঠিত হৈছিল। এখনীয়া আসনৰ ৫১৮টা সমষ্টিয়ে ২৭খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলক প্ৰতিনিধিত্ব কৰিছিল।
-
ৰাইজৰ দল
ৰাইজৰ দল (Raijor Dal) ভাৰতৰ অসম ৰাজ্যৰ এটা স্বীকৃতিপ্ৰাপ্ত আঞ্চলিক ৰাজনৈতিক দল। ২০২০ চনৰ ২ অক্টোবৰ তাৰিখে আনুষ্ঠানিকভাৱে এই দল গঠন কৰা হৈছিল। কৃষক নেতা আৰু তথ্য জনাৰ অধিকাৰ কৰ্মী অখিল গগৈ আৰু শাসক দল ভাৰতীয় জনতা পাৰ্টিৰ মাজত ৰাজনৈতিক মতানক্যৰ এই দল অস্তিত্বলৈ আহিছিল।