অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্ত

ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্তই ভাৰতৰ নিৰ্বাচন আয়োগৰ নেতৃত্ব দিয়ে, যিটো সংস্থা সাংবিধানিকভাৱে মুক্ত আৰু নিকা নিৰ্বাচন অনুষ্ঠিত কৰাৰ ক্ষমতা প্ৰদান কৰা এক সংস্থা।

হালনাগাদ: ১১ নৱেম্বৰ ২০২৫ ১৯১ শব্দ · ১ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্তই ভাৰতৰ নিৰ্বাচন আয়োগৰ নেতৃত্ব দিয়ে, যিটো সংস্থা সাংবিধানিকভাৱে মুক্ত আৰু নিকা নিৰ্বাচন অনুষ্ঠিত কৰাৰ ক্ষমতা প্ৰদান কৰা এক সংস্থা। ভাৰতৰ প্ৰধানমন্ত্ৰীৰ নেতৃত্বত তিনিজনীয়া বাছনি সমিতিৰ পৰামৰ্শ মতে এজন নিৰ্বাচন আয়ুক্তক ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে আৰু সকলোতকৈ জ্যেষ্ঠ নিৰ্বাচন আয়ুক্তক মুখ্য নিৰ্বাচন আয়ুক্ত হিচাপে নিযুক্তি দিয়ে। চি-ই-চিৰ কাৰ্যকাল সৰ্বাধিক ছয় বছৰ বা তেওঁৰ বয়স পয়ষষ্ঠি বছৰ হোৱালৈকে হ’ব পাৰে। সাধাৰণতে মুখ্য নিৰ্বাচন আয়ুক্ত ভাৰতীয় অসামৰিক সেৱাৰ সদস্য আৰু বেছিভাগেই ভাৰতীয় প্ৰশাসনিক সেৱাৰ।

ক্ষমতা আৰু কাৰ্য

ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্তই ভাৰতীয় নিৰ্বাচন আয়োগৰ নেতৃত্ব দিয়ে, যিটো সংস্থা ৰাষ্ট্ৰীয়, ৰাজ্যিক বিধায়িনী দল, ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতিৰ বাবে মুক্ত আৰু নিকা নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ সাংবিধানিকভাৱে ক্ষমতা প্ৰদান কৰা সংস্থা। ভাৰতীয় নিৰ্বাচন আয়োগৰ এই ক্ষমতা ভাৰতৰ সংবিধানৰ ৩২৪ নং অনুচ্ছেদত লিখা আছে।১ মুখ্য নিৰ্বাচন আয়ুক্ত সাধাৰণতে ভাৰতীয় অসামৰিক সেৱাৰ সদস্য আৰু বেছিভাগেই ভাৰতীয় প্ৰশাসনিক সেৱাৰ পৰা অহা। ভাৰতীয় নিৰ্বাচন আয়োগ এজন মুখ্য নিৰ্বাচন আয়ুক্ত আৰু দুজন নিৰ্বাচন আয়ুক্তৰে গঠিত। মুখ্য নিৰ্বাচন আয়ুক্তৰ অভাৰৰুলিং ক্ষমতা নাথাকে আৰু যিকোনো সিদ্ধান্ত তিনিওজনৰ মাজৰ সংখ্যাগৰিষ্ঠৰ মতামতৰ দ্বাৰা লোৱা হয়।১

নিযুক্তি আৰু কাৰ্যকাল

মুখ্য নিৰ্বাচন আয়ুক্ত আৰু অন্যান্য নিৰ্বাচন আয়ুক্ত(নিযুক্তি, সেৱাৰ চৰ্ত আৰু কাৰ্যকাল) আইন, ২০২৩ত নিৰ্ধাৰিত মুখ্য নিৰ্বাচন আয়ুক্তৰ নিযুক্তি আৰু কাৰ্যকালৰ উল্লেখ আছে। আইনৰ ৭নং ধাৰা অনুসৰি, ভাৰতৰ প্ৰধানমন্ত্ৰীৰ নেতৃত্বত আৰু লোকসভাৰ বিৰোধী দলৰ নেতা আৰু প্ৰধানমন্ত্ৰীয়ে মনোনীত হ’বলগীয়া কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ সদস্যৰে গঠিত বাছনি সমিতিৰ পৰামৰ্শ অনুসৰি ভাৰতৰ ৰাষ্ট্ৰপতিয়ে এজন নিৰ্বাচন আয়ুক্ত নিযুক্তি দিয়ে।২ নিৰ্বাচন আয়োগৰ সকলোতকৈ জ্যেষ্ঠ সদস্যক ৰাষ্ট্ৰপতিয়ে মুখ্য নিৰ্বাচন আয়ুক্ত হিচাপে নিযুক্তি দিয়ে।১ চিইচিৰ কাৰ্যকাল তেওঁ নিজৰ কাৰ্যভাৰ গ্ৰহণ কৰাৰ তাৰিখৰ পৰা সৰ্বাধিক ছবছৰ হ’ব পাৰে। কিন্তু কাৰ্যকাল শেষ হোৱাৰ আগতে তেওঁৰ বয়স পয়ষষ্ঠি বছৰ হ'লে চিইচিয়ে কাৰ্যভাৰৰ পৰা অৱসৰ লয়।১ লোকসভা আৰু ৰাজ্যসভাৰ দুই তৃতীয়াংশ সংখ্যাগৰিষ্ঠতা উপস্থিত থাকি একেটাৰ বাবে ভোটদান কৰিব লাগিব বুলি অভিযোগনামা প্ৰক্ৰিয়াৰ জৰিয়তে চিইচিক কাৰ্যালয়ৰ দ্বাৰা অপসাৰণ কৰিব পাৰি।১

দৰমহা

১৯৯১ চনৰ নিৰ্বাচন আয়োগ (Condition Of Service Of Election Commissions And Transaction Of Business) আইন অনুসৰি মুখ্য নিৰ্বাচন আয়ুক্তৰ দৰমহা ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ দৰমহাৰ সৈতে একে। ৩ চিইচিয়ে মাহিলী দৰমহা ৩৫০,০০০ টকা (৪,২০০ মাৰ্কিন ডলাৰ) আৰু অন্যান্য ভাট্টা লয়।৩৪

মুখ্য নিৰ্বাচন আয়ুক্তৰ তালিকা

তলত উল্লেখ কৰা ব্যক্তিসকল মুখ্য নিৰ্বাচন আয়ুক্ত আছিল।৫

সংখ্যানামপ্ৰতিকৃতিকাৰ্যকাল
১সুকুমাৰ সেন২১ মাৰ্চ ১৯৫০১৯ ডিচেম্বৰ ১৯৫৮৮ বছৰ ২৭৩ দিন
২কল্যাণ সুন্দৰম২০ ডিচেম্বৰ ১৯৫৮৩০ ছেপ্তেম্বৰ ১৯৬৭
৩এছ. পি. সেন বাৰ্মা১ অক্টোবৰ ১৯৬৭৩০ ছেপ্তেম্বৰ ১৯৭২
৪নগেন্দ্ৰ সিং১ অক্টোবৰ ১৯৭২৬ ফেব্ৰুৱাৰী ১৯৭৩
৫টি স্বামীনাথন৭ ফেব্ৰুৱাৰী ১৯৭৩১৭ জুন ১৯৭৭
৬এছ. এল. শ্বাকধৰ১৮ জুন ১৯৭৭১৭ জুন ১৯৮২
৭আৰ. কে. ত্ৰিবেদী১৮ জুন ১৯৮২৩১ ডিচেম্বৰ ১৯৮৫
৮আৰ. ভি. এছ. পেৰি শাস্ত্ৰী১ জানুৱাৰী ১৯৮৬২৫ নৱেম্বৰ ১৯৯০
৯ভি. এছ. ৰমাদেৱী২৬ নৱেম্বৰ ১৯৯০১১ ডিচেম্বৰ ১৯৯০১৬ দিন
১০টি. এন. শেষনT.N. Seshan in 1994.jpg১২ ডিচেম্বৰ ১৯৯০১১ ডিচেম্বৰ ১৯৯৬৬ বছৰ
১১এম. এছ. গীলMinister of State for Youth Affairs & Sports, Dr. M.S. Gill.jpg১২ ডিচেম্বৰ ১৯৯৬১৩ জুন ২০০১৪ বছৰ ৬৯ দিন
১২জে.এম.লিংডো১৪ জুন ২০০১৭ ফেব্ৰুৱাৰী ২০০৪২ বছৰ ২৬৯ দিন
১৩টি. এছ. কৃষ্ণমূৰ্তিThe Chief Election Commissioner Shri T. S. Krishna Murthy delivering the keynote address on "Media Coverage of Election in India towards Free and Fair Elections" at a function organised by Centre for Advocacy and Research (cropped).jpg৮ ফেব্ৰুৱাৰী ২০০৪১৫ মে’ ২০০৫১ বছৃ ৬৭ দিন
১৪বি. বি. টেণ্ডনShri B.B. Tandon in his office after assuming the charge as the Chief Election Commissioner of India in New Delhi on May 16, 2005.jpg১৬ মে’ ২০০৫২৯ জুন ২০০৬২৬৯ দিন
১৫এন. গোপালাস্বামীThe Chief Election Commissioner, Shri N. Gopalaswami announcing the schedule for the Lok Sabha polls, at a Press Conference, in New Delhi on March 02, 2009 (cropped).jpg৩০ জুন ২০০৬২০ এপ্ৰিল ২০০৯
১৬নবীন চাওলাElection Commissioner Shri Navin. B. Chawla releasing Landmark Judgments on Election Law at a meeting with Chief Electoral Officers of all the States, in New Delhi on June 28, 2006 (cropped).jpg২১ এপ্ৰিল ২০০৯২৯ জুলাই ২০১০১ বছৰ ৮৯ দিন
১৭এছ. ওৱাই. কুৰেশ্বিDr. S.Y. Quraishi taking charge as the Chief Election Commissioner of India, in New Delhi on July 30, 2010 (cropped).jpg৩০ জুলাই ২০১০১০ জুন ২০১২১ বছৰ ৩১৬ দিন
১৮ভি. এছ. সম্পথShri V. S. Sampath assuming the charge of the Election Commissioner, in New Delhi on April, 21, 2009.jpg১১ জুন ২০১২১৫ জানুৱাৰী ২০১৫২ বছৰ ২১৮ দিন
১৯হৰিশংকৰ ব্ৰহ্ম১৬ জানুৱাৰী ২০১৫১৮ এপ্ৰিল ২০১৫৯২ দিন
২০নাছিম জাইদী১৯ এপ্ৰিল ২০১৫৬৫ জুলাই ২০১৭২ বছৰ ৭৭ দিন
২১এ. কে. জ্যোতি৬ জুলাই ২০১৭৭২২ জানুৱাৰী ২০১৮
২২ওম প্ৰকাশ ৰাৱত২৩ জানুৱাৰী ২০১৮৮১ ডিচেম্বৰ ২০১৮
২৩সুনীল আৰোৰা২ ডিচেম্বৰ ২০১৮৯১০১২ এপ্ৰিল ২০২১
২৪সুশীল চন্দ্ৰা১৩ এপ্ৰিল ২০২১ ১১১৪ মে’ ২০২২
২৫ৰাজীৱ কুমাৰ১৫ মে’ ২০২২কৰ্মৰত১২

তথ্যসূত্ৰ

  1. ↑ Election, FAQ. Government of India
  2. ↑ (13 February 2024). SC refuses to stay new law on appointment of CEC and ECs, issues notice to Centre. The Economic Times
  3. ↑ Election Commission (Condition Of Service Of Election Commissions And Transaction Of Business) Act, 1991. Vakil No. 1
  4. ↑ The High Court and Supreme Court Judges Salaries and Conditions of Service Amendment Bill 2008. PRS India
  5. ↑ Former Chief Election Commissioners. ভাৰতৰ নিৰ্বাচন আয়োগ
  6. ↑ Election Commission of India. ECI.nic.in
  7. ↑ Borgohain. (3 July 2017). India's new Chief Election Commissioner Achal Kumar Jyoti to take charge on 6 July. ইণ্ডিয়া টুডে
  8. ↑ (21 January 2018). Om Prakash Rawat to succeed AK Joti as new Chief Election Commissioner. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ
  9. ↑ (2018-11-26). President Kovind appoints Sunil Arora as new Chief Election Commissioner
  10. ↑ (2018-12-02). Sunil Arora takes over as Chief Election Commissioner, will oversee 2019 polls
  11. ↑ Nath, Damini. (12 April 2021). Sushil Chandra appointed Chief Election Commissioner. The Hindu
  12. ↑ (15 May 2022). Rajiv Kumar takes charge as 25th Chief Election Commissioner, says EC won't shy away from tough calls. The Hindu

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্তনিৰ্বাচন

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্ত” প্ৰবন্ধৰ সংশোধন ৫৫০০৭৩ (১১ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।