১৯৭১ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন ৫ম লোকসভা গঠন কৰিবলৈ অনুষ্ঠিত হৈছিল। এখনীয়া আসনৰ ৫১৮টা সমষ্টিয়ে ২৭খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলক প্ৰতিনিধিত্ব কৰিছিল।১ কংগ্ৰেছ দল বিভাজন হোৱাৰ পিছতো ইন্দিৰা গান্ধীৰ নেতৃত্বত ভাৰতীয় জাতীয় কংগ্ৰেছে (আৰ)-এ দৰিদ্ৰতা নিৰ্মূলৰ প্ৰচাৰ চলাই চমকপ্ৰদ বিজয় সাব্যস্ত কৰিছিল আৰু বিগত নিৰ্বাচনৰ তুলনাত অধিক আসন লাভ কৰিছিল।
৪ৰ্থ লোকসভাৰ কাৰ্যকাল চলি থাকোঁতেই ভাৰতীয় জাতীয় কংগ্ৰেছ দলত ইন্দিৰা গান্ধীৰ সৈতে মোৰাৰজী দেশাই, কামৰাজ আদি নেতাৰ মাজত অন্তৰ্কলহে দেখা দিছিল। ১৯৬৯ত ইন্দিৰা গান্ধীক দলৰ পৰা বহিষ্কাৰ কৰা হৈছিল ফলস্বৰূপে দল দুই ভাগত বিভাজন হৈছিল। গৰিষ্ঠ সংখ্যক কংগ্ৰেছ সাংসদ আৰু তৃণমূল সমৰ্থকে গান্ধীৰ ভাৰতীয় জাতীয় কংগ্ৰেছ (আৰ)-ত যোগ দিছিল আৰু এই গোটটোক ভাৰতৰ নিৰ্বাচন আয়োগে মূল কংগ্ৰেছৰ উত্তৰাধিকাৰী বুলি অনুমোদন দিছিল। বাকী গান্ধীৰ বিৰোধিতা কৰা ৩২জন সাংসদক লৈ ভাৰতীয় জাতীয় কংগ্ৰেছ (অৰ্গেনাইজেচন) গঠন কৰা হৈছিল। ১৯৭১ৰ নিৰ্বাচনত ইন্দিৰা গান্ধীৰ 'আৰ' (R) কংগ্ৰেছে শক্তিশালী বিজয় লাভ কৰিছিল আৰু অৰ্গেনাইজেচন কংগ্ৰেছে তেওঁলোকৰ আধা আসন হেৰুৱাইছিল।
১২ জুন ১৯৭৫ৰ দিনা এলাহাবাদ উচ্চ ন্যায়ালয়ে ৰায়বেৰেলি সংসদীয় সমষ্টিৰ পৰা ইন্দিৰা গান্ধীৰ বিজয় অবৈধ আছিল বুলি ৰায় দিয়ে। গান্ধীয়ে পদত্যাগ কৰাৰ সলনি ৰাজনৈতিক বিৰোধীসকলক বশ কৰিবলৈ দেশজুৰি জৰুৰীকালীন অৱস্থা ঘোষণা কৰে।
ফলাফল
দলভিত্তিক ফলাফল
| লোকসভা নিৰ্বাচন, ১৯৭১ | % | জয়লাভ (মুঠ 545) | |
|---|---|---|---|
| ভাৰতীয় জন সংঘ | BJS | 7.35 | 22 |
| ভাৰতৰ কমিউনিষ্ট পাৰ্টি | CPI | 4.37 | 23 |
| ভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী) | CPI(M) | 5.12 | 25 |
| ভাৰতীয় জাতীয় কংগ্ৰেছ (আৰ) | INC(R) | 43.68 | 352 |
| ভাৰতীয় জাতীয় কংগ্ৰেছ (অৰ্গেনাইজেচন) | INC(O) | 10.43 | 16 |
| প্ৰজা ছোচিয়েলিষ্ট পাৰ্টি | PSP | 1.04 | 2 |
| সংযুক্ত ছোচিয়েলিষ্ট পাৰ্টি | SSP | 2.43 | 3 |
| স্বতন্ত্ৰ পাৰ্টি | SWA | 3.07 | 8 |
| অল পাৰ্টি হিল লিডাৰচ্ কনফাৰেঞ্চ | APHLC | 0.06 | 1 |
| ফৰৱাৰ্ড ব্লক | AIFB | 0.66 | 2 |
| বাংলা কংগ্ৰেছ | BC | 0.35 | 1 |
| ভাৰতীয় ক্ৰান্তি দল | BKD | 2.18 | 1 |
| দ্ৰাবিড়া মুনেত্ৰা কাঝাগম | DMK | 3.84 | 23 |
| ইণ্ডিয়ান ইউনিয়ন মুচলিম লিগ | IUML | 0.28 | 2 |
| জন কংগ্ৰেছ | JC | 0.04 | 0 |
| চোটানগপুৰ চান্থাল পৰগণাজ্ জনতা পাৰ্টি | JP | 0.09 | 0 |
| কেৰালা কংগ্ৰেছ | KC | 0.37 | 3 |
| মহাৰাষ্ট্ৰবাদী গোমন্তক পাৰ্টি | MGP | 0.04 | 0 |
| নগা নেচনেলিষ্ট অৰ্গেনাইজেচন | NNO | 0.04 | 0 |
| পিজেণ্টচ্ এণ্ড ৱাৰ্কাৰ্চ পাৰ্টি অৱ ইণ্ডিয়া | PWPI | 0.51 | 0 |
| বিপ্লৱী সমাজবাদী পাৰ্টি | RSP | 0.49 | 3 |
| শিৰোমণি আকালি দল | SAD | 0.87 | 1 |
| ইউনাইনেড ফ্ৰণ্ট অৱ নাগালেণ্ড | UFN | 0.06 | 1 |
| ইউনাইটেড গোৱানচ্ (চেকুৱেৰা গ্ৰুপ) | UG(S) | 0.04 | 1 |
| বিশাল হাৰিয়ানা | VH | 0.24 | 1 |
| পাৰ্টি | JP | 0.19 | 1 |
| ৰিপাব্লিকান পাৰ্টি অৱ ইণ্ডিয়া | RPI | 0.1 | 1 |
| টেলেংগানা প্ৰজা সমিতি | TPS | 1.28 | 10 |
| উৎকল কংগ্ৰেছ | UC | 0.72 | 1 |
| নিৰ্দলীয় | - | 8.38 | 14 |
| মনোনীত (ইংগ-ভাৰতীয়) | - | - | 2 |
তথ্যসূত্ৰ
- ↑ General Election of India 1971, 5th Lok Sabha. Election Commission of India. পৃ. 6
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “১৯৭১ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন” প্ৰবন্ধৰ সংশোধন ৩৩৮৬৮৮ (২২ নৱেম্বৰ ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।