আহোম সৈন্যবাহিনী (চীনা ভাষা:傣 阿洪 军队,থাই ভাষা:กองทัพบก ไทอาหม, ইংৰাজী ভাষা:Tai Ahom Army) হল নৌসেনা আৰু স্থল সেনাৰে আহোম ৰাজ্যৰ পাইক প্ৰথাৰ দ্বাৰা সজ্জিত সৈন্যবাহিনী। আহোম সেনাই বহুত সংঘৰ্ষৰ মাজেৰে যুজিব লগা হৈছিল বিশেষকৈ পশ্চিমৰ ফালৰ পৰা বঙাল চুলতান আৰু মোগল সৈন্যৰ আক্ৰমণৰ সময়ত বহু পৰাক্ৰমে যুজিছিল আৰু দক্ষিণফালৰ কুংবাং মান সৈন্যৰো আক্ৰমণত যুজিব লগা হৈছিল। এওলোকে বহু পৰাক্ৰমে তুৰ্বক সেনা (১৫৩২) আৰু মোগল সেনাক শৰাইঘাট (১৬৭১) আৰু ইটাখুলীৰ১ শেষ যুদ্ধ (১৬৮২)-ত পৰাজিত কৰিছিল। এওলোক মান সৈন্য আৰু মিৰ জুমলাৰ হাতত পৰাস্ত হৈছিল। আহোম সৈন্যবাহিনীয়ে মোগল সৈন্যৰ আক্ৰমণৰ সময়ত পৰাক্ৰমেৰে যুঁজিছিল।
ব্যৱস্থাপনা
মূল প্ৰবন্ধ: পাইক প্ৰথা
আহোম সৈন্য মুঠ পাইক প্ৰথাৰ ওপৰত প্ৰতিষ্ঠিত। প্ৰতিটো গোটত ৪ জন (পিছলৈ ৫ জন)কৈ মানুহ ৰখা হৈছিল। প্ৰতিজন ১৫ ৰ পৰা ৫০ বছৰ বয়সৰ পুৰুষ পাইক হৈছিল ফলত সমগ্ৰ প্ৰজাই মিলি এক সুপ্ৰশিক্ষিত বৃহৎ সৈন্যলৈ পৰিৱৰ্তিত হৈছিল। আনকি যুদ্ধ চলি থকা সময়তো কৃষি আৰু বাণ্যিজিক কাম কাজ সমূহ চলিয়ে আছিল।
| পাইক বিষয়া | পাইকৰ সংখ্যা |
|---|---|
| ফু-কন | ৭০০০ |
| ৰাজখোৱা | ৩০০০ |
| হাজৰিকা | ১০০০ |
| শইকিয়া | ১০০ |
| বৰা | ২০ |
লগতে চাওক
উৎস প্ৰসংগ
- Richards, John F. (1995). The Mughal Empire. Cambridge University Press. ISBN 0521566037
তথ্যসূত্ৰ
- ↑ Richards 1995, পৃ. 247
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আহোম সৈন্যবাহিনী” প্ৰবন্ধৰ সংশোধন ৪০৪৩২৮ (৩ ফেব্ৰুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।