ভাৰতীয় লোক দল (Bharatiya Lok Dal বা চমুকৈ BLD) ১৯৭৪ চনত গঠিত এটা অধুনালুপ্ত ৰাজনৈতিক দল। ইন্দিৰা গান্ধী নেতৃত্বাধীন ভাৰতীয় জাতীয় কংগ্ৰেছৰ বিৰুদ্ধে এটা ৰাষ্ট্ৰীয় বিকল্প তৈয়াৰ কৰিবলৈ চৰণ সিঙৰ নেতৃত্বত সাতটা সাতটা ৰাজনৈতিক দল একত্ৰিত কৰি এই দলটো গঠন কৰা হ’ল। জৰুৰীকালীন অৱস্থাৰ পিছত ১৯৭৭ চনত অনুষ্ঠিত সাধাৰণ নিৰ্বাচনৰ পূৰ্বে ইন্দিৰাক প্ৰতিহত কৰিবলৈ গঠন কৰা জনতা মৰ্চাৰ এক গুৰুত্বপূৰ্ণ অংশীদাৰ আছিল ভাৰতীয় লোক দল। ১৯৭৭ৰ সাধাৰণৰ নিৰ্বাচনৰ পিছত ই জনতা পাৰ্টিত চামিল হৈ যায়।১
ইতিহাস
চৰণ সিঙে ভাৰতীয় জাতীয় কংগ্ৰেছৰ বিৰুদ্ধে এক ৰাষ্ট্ৰীয় বিকল্প হিচাপে বহুধা-বিভক্ত ৰাজনৈতিক দলবোৰক একগোট কৰাৰ নিৰন্তৰ প্ৰচেষ্টা চলাই গৈছিল। তাৰেই পৰিণতি হিচাপে ১৯৭৪ চনৰ ২৯ আগষ্টত সাতটা ৰাজনৈতিক দল লগলগাই ভাৰতীয় লোক দল নামেৰে নতুন দল এটা গঠন কৰা হয়। ইয়াত চামিল হোৱা দলবোৰৰ ভিতৰত চৰণ সিঙৰ ভাৰতীয় ক্ৰান্তি দলৰ উপৰিও আছিল ৰাজ নাৰায়ণৰ সংযুক্ত ছোচিয়েলিষ্ট পাৰ্টি, বিজু পাটনায়কৰ উৎকল কংগ্ৰেছ আৰু বলোৰাম মাধোকৰ ৰাষ্ট্ৰীয় লোকতান্ত্ৰিক দল। বি.এল.ডি.ত ভাৰতীয় জন সংঘ আৰু ভাৰতীয় জাতীয় কংগ্ৰেছ (অৰ্গেনাইজেচন)-কো চামিল হোৱাৰ বাবে আহ্বান জনোৱা হৈছিল যদিও দল দুটাই নিজস্ব ৰাজনৈতিক পৰিচয় ত্যাগ কৰাৰ বাবে আগ্ৰহ নেদেখুৱালে।২
১৯৭৭ৰ ১৮ জানুৱাৰীত ইন্দিৰা গান্ধীয়ে জৰুৰীকালীন অৱস্থা প্ৰত্যাহাৰ কৰে আৰু ২৩ জানুৱাৰীত লোকসভাত ৬ষ্ঠ লোকসভা গঠনৰ বাবে নিৰ্বাচন অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰে। ইতিমধ্যে জৰুৰীকালীন অৱস্থাত কাৰাৰুদ্ধ কৰি থোৱা বিৰোধী নেতাবোৰকো মুকলি কৰি দিয়া হৈছিল।৩
ইন্দিৰা গান্ধীক প্ৰতিহত কৰিবলৈ জয়প্ৰকাশ নাৰায়ণৰ পথ-নিৰ্দেশনাত বিৰোধী দলসমূহ ঐকবদ্ধ হয়। ১৯৭৭ৰ ২৩ জানুৱাৰীত ভাৰতীয় লোক দল, জনসংঘ, ভাৰতীয় জাতীয় কংগ্ৰেছ (অৰ্গেনাইজেচন) আদি বহুকেইটা সৰু-ডাঙৰ ৰাজনৈতিক দল একত্ৰিত হৈ জনতা পাৰ্টি নামে এটা নতুন ৰাজনৈতিক দলৰ জন্ম দিয়া হ’ল।২ যিহেতু নিৰ্বাচনলৈ খুব কম সময় আছিল আৰু তেনে চমু সময়ত নিৰ্বাচন আয়োগৰ ওচৰত দল এটা পঞ্জীভূক্ত কৰা সম্ভৱ নহয়, সেয়েহে জনতা মৰ্চাৰ অংশীদাৰী সকলো দলে নিজা নিজা দলৰ নাম ত্যাগ কৰি ভাৰতীয় লোক দলৰ বেনাৰত আৰু প্ৰতীকত নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে। একমাত্ৰ তামিলনাডু ৰাজ্যতহে জনতা মৰ্চাৰ অংশীদাৰ দল কংগ্ৰেছ (ও)-ই নিজা নাম আৰু প্ৰতীকেৰে নিৰ্বাচনত অৱতীৰ্ণ হয়। ১৯৭৭ৰ সাধাৰণ নিৰ্বাচনত বি.এল.ডি.য়ে ২৯৫খন আসন লাভ কৰে।৪
চামিল হোৱা দলসমূহ
- ভাৰতীয় ক্ৰান্তি দল
- স্বতন্ত্ৰ পাৰ্টি
- সংযুক্ত ছোচিয়েলিষ্ট পাৰ্টি
- উৎকল কংগ্ৰেছ
- ৰাষ্ট্ৰীয় লোকতান্ত্ৰিক দল
- কিষান মজদুৰ পাৰ্টি
- পাঞ্জাব খেতিবাৰী জমিনদাৰী ইউনিয়ন২
তথ্যসূত্ৰ
- ↑ Harsh Singh Lohit. Charan Singh, A Brief Life History. Charan Singh Archives. পৃ. 32
- ↑ Charan Singh Archives. charansingh.org
- ↑ Ravi Visvesvaraya Sharada Prasad. Multiple narratives exist for why Indira Gandhi lifted the Emergency. The Indian Express
- ↑ STATISTICAL REPORTS OF GENERAL ELECTION TO LOK SABHA 1977. Election Commission of india
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাৰতীয় লোক দল” প্ৰবন্ধৰ সংশোধন ২৭৯০৯৬ (২৭ মে’ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।