অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদ

কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদ অসমৰ এখন স্বায়ত্বশাসিত জিলা পৰিষদ। ভাৰতৰ সংবিধানৰ ষষ্ঠ অনুসূচী অনুসৰি কাৰ্বি আংলং জিলা আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ স্থানীয় প্ৰশাসন আৰু এই জিলাৰ পাৰ্বত্য জনজাতি সকলৰ উন্নয়নৰ বাবে এই পৰিষদ গঠন কৰা হৈছে। ইয়াৰ মুখ্য কাৰ্যালয় ডিফুত অৱস্থিত।

হালনাগাদ: ২৬ ছেপ্তেম্বৰ ২০২৪ ১৭৩ শব্দ · ১ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদ অসমৰ এখন স্বায়ত্বশাসিত জিলা পৰিষদ। ভাৰতৰ সংবিধানৰ ষষ্ঠ অনুসূচী অনুসৰি কাৰ্বি আংলং জিলা আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ স্থানীয় প্ৰশাসন আৰু এই জিলাৰ পাৰ্বত্য জনজাতি সকলৰ উন্নয়নৰ বাবে এই পৰিষদ গঠন কৰা হৈছে। ইয়াৰ মুখ্য কাৰ্যালয় ডিফুত অৱস্থিত। পৰিষদৰ মুঠ সদস্যৰ সংখ্যা ২৬ গৰাকী। ইয়াৰ বৰ্তমান কাৰ্যবাহী সদস্য হৈছে তুলিৰাম ৰংহাং।১

ইতিহাস

১৯৫১ চনৰ ১৭ নৱেম্বৰ তাৰিখে কাৰ্বি আংলং জিলা পৰিষদ নামেৰে ইয়াক প্ৰতিষ্ঠা কৰা হৈছিল। পিছলৈ ১৯৫২ চনৰ ২৩ জুন তাৰিখে ইয়াৰ নাম কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদ কৰা হৈছিল। বৰ্তমান এই দিনটোক পৰিষদৰ প্ৰতিষ্ঠা দিৱস হিচাপে পালন কৰা হয়।২ ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু ইউনাইটেড পিপলছ ডেম'ক্ৰেটিক চলিদাৰিটিৰ মাজত স্বাক্ষৰিত বুজাবুজিৰ চুক্তি অনুসৰি পৰিষদৰ নাম কাৰ্বি আংলং স্বায়ত্বশাসিত ক্ষেত্ৰীয় পৰিষদ কৰা হৈছে।৩

প্ৰশাসন

কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুৰব্বী হৈছে মুখ্য কাৰ্যবাহী সদস্য। পৰিষদৰ সদস্য সকলক কাৰ্যবাহী সদস্য বোলে। এক বা একাধিক বিভাগ মুখ্য কাৰ্যবাহী সদস্য আৰু কাৰ্যবাহী সদস্য সকলৰ অধীনত থাকে।

মুখ্য কাৰ্যবাহী সদস্যসকল

  • খৰচিং তেৰাং, ২৩/০৬/১৯৫২ ৰ পৰা ২৮/১১/১৯৫৫
  • ড° জয়ন্ত ৰংপি, ২৫/০১/১৯৮৯ ৰ পৰা ২০/০৬/১৯৯৬
  • চুম ৰংহাং, ৩/০৬/২০০৬ ৰ পৰা ২১/১২/২০০৬
  • তুলিৰাম ৰংহাং, ১৭/১০/২০১৩ চনৰ পৰা বৰ্তমানলৈকে৪

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ আৰ্কাইভ কপি
  2. ↑ www.easternmirrornagaland.com/kaac-celebrates-67
  3. ↑ আৰ্কাইভ কপি
  4. ↑ আৰ্কাইভ কপি

সম্পৰ্কিত শ্ৰেণী

অসমৰ প্ৰশাসনঅসমৰ স্বায়ত্বশাসিত পৰিষদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদ” প্ৰবন্ধৰ সংশোধন ৪৩৩৫২০ (২৬ ছেপ্তেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।