ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থা বা এফ এ অ হৈছে ৰাষ্ট্ৰসংঘৰ এটা বিশেষ সংস্থা। বিশ্বত ক্ষুধাক জয় কৰিবলৈ চলোৱা প্ৰচেষ্টাত আন্তঃৰ্জাতিক স্তৰত ই নেতৃত্ব দিয়ে। উন্নত আৰু উন্নয়নশীল দেশ উভয়ৰ বাবে খাদ্য আৰু কৃষি সংস্থায়ে এক নিৰপেক্ষ মঞ্চ হিচাপে কাম কৰে আৰু ইয়াত সকলোৱে সমানভাৱে নীতি আলোচনা কৰে।
খাদ্য আৰু কৃষি সংস্থায়ে জ্ঞান আৰু তথ্যৰ এক উৎস হিচাপে উন্নয়নশীল দেশসমূহক কৃষিৰ আধুনিকৰণ আৰু উন্নয়ন, বন আৰু মৎস্য উৎপাদন প্ৰক্ৰিয়াত সহায় আগবঢ়ায়। ইয়াৰ জৰিয়তে ই পৃথিৱীত সুপুষ্টি আৰু খাদ্য সুৰক্ষা নিশ্চিত কৰিবলৈ চেষ্টা কৰে। ইয়াৰ নীতিবাক্য হৈছে লেটিন ভাষাত fiat panis যাৰ আক্ষৰিক অৰ্থ সকলোৰে বাবে খাদ্য হওক। ২০১৮ চনৰ আগষ্ট মাহৰলৈকে ইয়াৰ সদস্যৰ সংখ্যা ১৯৭। ইয়াৰে ভিতৰত ইউৰোপিয়ান ইউনিয়ন এক সদস্য সংস্থা হিচাপে,নিউ আৰু কুক দ্বীপপুঞ্জ নিউজিলেণ্ডৰ সৈতে আৰু ফেৰ' দ্বীপপুঞ্জ আৰু টোকেলাউ সহযোগী সদস্য।১
খাদ্য আৰু কৃষি সংস্থাৰ বৰ্তমান সচিব প্ৰধান হৈছে ব্ৰাজিলৰ জছ গ্ৰাজিয়ান' ডা ছিলভা। ইয়াৰ মুখ্য কাৰ্যালয় ইটালী দেশৰ ৰাজধানী ৰোমত অৱস্থিত।
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ List of FAO members. fao.org
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “খাদ্য আৰু কৃষি সংস্থা” প্ৰবন্ধৰ সংশোধন ৪০৩২১৫ (২২ জানুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।