অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বাহিনী

ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বাহিনী বা ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী (National Disaster Response Force) হৈছে ভাৰতৰ এক বিশেষ বাহিনী, যাক ভাৰতৰ প্ৰাকৃতিক আৰু মানৱসৃষ্ট দুৰ্যোগৰ প্ৰতি সঁহাৰি জনোৱাৰ দায়িত্ব দিয়া হৈছে।

হালনাগাদ: ৩০ জানুৱাৰী ২০২৬ ২৪৪ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বাহিনী বা ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী (National Disaster Response Force) হৈছে ভাৰতৰ এক বিশেষ বাহিনী, যাক ভাৰতৰ প্ৰাকৃতিক আৰু মানৱসৃষ্ট দুৰ্যোগৰ প্ৰতি সঁহাৰি জনোৱাৰ দায়িত্ব দিয়া হৈছে। ই গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ অধীনত কাম কৰে৷ ইয়াক ২০০৬ চনত দেশত দুৰ্যোগ ব্যৱস্থাপনা ক্ষমতা শক্তিশালী কৰাৰ লক্ষ্যৰে প্ৰতিষ্ঠা কৰা হয়৷১

ভাৰতৰ দুৰ্যোগ পৰিচালনাৰ দায়িত্ব ৰাজ্য চৰকাৰসমূহৰ। প্ৰাকৃতিক দুৰ্যোগ ব্যৱস্থাপনাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ‘ন’ডেল মন্ত্ৰালয়’ হৈছে গৃহ পৰিক্ৰমা মন্ত্ৰালয়।২

এই বাহিনীটোৱে সংঘটিত হোৱা আৰু ৰাজ্যিক কৰ্তৃপক্ষৰ সম্পদক প্ৰভাৱিত কৰা দুৰ্যোগৰ প্ৰতি সঁহাৰিৰ সমন্বয়ৰ ক্ষেত্ৰতো সহায় কৰে।৩

এন ডি আৰ এফৰ নেতৃত্বত এজন সঞ্চালক প্ৰধান আৰু ইয়াৰ উপৰিও কেইবাজনো মহাপৰিদৰ্শক (আই জি) আৰু উপ আই জি আছে, যিসকল পতাকা বিষয়া আৰু ৰেংকৰ বেজ পিন্ধে।

গাঁথনি

ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বাহিনী (এন ডি আৰ এফ) হৈছে ১৬টা বেটেলিয়নৰ বাহিনী, যিটো অৰ্ধসামৰিক লাইনত সংগঠিত, আৰু য'ত ভাৰতৰ অৰ্ধসামৰিক বাহিনীৰ প্ৰতিনিধিত্ব থকা ব্যক্তিসকলে কাম কৰে৷ তিনিটা সীমান্ত সুৰক্ষা বাহিনী, তিনিটা কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী, দুটা কেন্দ্ৰীয় ঔদ্যোগিক নিৰাপত্তা বাহিনী, দুটা ভাৰত-তিব্বতী সীমান্ত আৰক্ষী, দুটা সশস্ত্ৰ সীমা বল আৰু এটা অসম ৰাইফলছৰ দল। প্ৰতিটো বেটেলিয়নৰ মুঠ শক্তি হ'ল প্ৰায় ১১৪৯ জন।৪ প্ৰতিটো বেটেলিয়ন অভিযন্তা, কাৰিকৰী লোক, ইলেক্ট্ৰিচিয়ান, আৰু চিকিৎসা/পেৰামেডিকেলকে ধৰি ৪৫ জনকৈ কৰ্মীৰ ১৮টা স্বয়ংসম্পূৰ্ণ বিশেষজ্ঞ অনুসন্ধান আৰু উদ্ধাৰ দল প্ৰদান কৰিবলৈ সক্ষম।৫

মোতায়েন

এনডিআৰএফ বেটেলিয়নসমূহ দেশৰ ১২টা ভিন্ন স্থানত অৱস্থিত; যাতে তেওঁলোকৰ নিয়োগৰ বাবে সঁহাৰিৰ সময় কমাব পৰা যায়। দুৰ্যোগৰ পৰিস্থিতিৰ বাবে প্ৰস্তুতিৰ সময়ছোৱাত এন ডি এম এয়ে ৰাজ্যিক কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰি এই বাহিনীসমূহৰ সক্ৰিয় নিয়োগ কৰিব লাগিব। এন ডি আৰ এফ বেটেলিয়নৰ অৱস্থিতি তলত দিয়া ধৰণৰ:

ক্ৰমাংকএন ডি আৰ এফৰ গোটৰাজ্যঅৰ্ধসামৰিক বাহিনী
১১ নং বেটেলিয়ন, এনডিআৰএফ, গুৱাহাটীঅসমবিএছএফ
২২ নং বেটেলিয়ন এনডিআৰএফ, নাদিয়াপশ্চিম বংগবিএছএফ
৩৩ নং বেটেলিয়ন এনডিআৰএফ, কটকওড়িশাচিআইএচএফ
৪৪ নং বেটেলিয়ন এনডিআৰএফ, ভেলোৰতামিলনাডুচিআইএচএফ
৫৫ নং বেটেলিয়ন এনডিআৰএফ, পুণেমহাৰাষ্ট্ৰচিআৰপিএফ
৬৬ নং বেটেলিয়ন এনডিআৰএফ, বৰোদাগুজৰাটচিআৰপিএফ
৭৭ নং বেটেলিয়ন এনডিআৰএফ, ভাটিণ্ডাপঞ্জাবআইটিবিপি
৮৮ নং বেটেলিয়ন এনডিআৰএফ, গাজিয়াবাদউত্তৰ প্ৰদেশআইটিবিপি
৯৯ নং বেটেলিয়ন এনডিআৰএফ, পাটনাবিহাৰবিএছএফ
১০১০ নং বেটেলিয়ন এনডিআৰএফ, বিজয়ৱাড়াঅন্ধ্ৰ প্ৰদেশচিআৰপিএফ
১১১১ নং বেটেলিয়ন এনডিআৰএফ, বাৰানসীউত্তৰ প্ৰদেশএচএচবি
১২১২ নং বেটেলিয়ন এনডিআৰএফ, ইটানগৰঅৰুণাচল প্ৰদেশএচএচবি
১৩১৩ নং বেটেলিয়ন এনডিআৰএফ, চাম্বাজম্মু আৰু কাশ্মীৰঅসম ৰাইফলচ
১৪১৪ নং বেটেলিয়ন এনডিআৰএফ, মন্দীহিমাচল প্ৰদেশআইটিবিপি
১৫১৫ নং বেটেলিয়ন এনডিআৰএফ, হালদৱানীউত্তৰাখণ্ডআইটিবিপি
১৬১৬ নং বেটেলিয়ন এনডিআৰএফ, নাজফগড়নতুন দিল্লীবিএছএফ

তথ্যসূত্ৰ

  1. ↑ Parliament of India. (23 December 2005). Disaster Management Act, 2005, (23rd December, 2005.) NO. 53 OF 2005. Ministry of Home
  2. ↑ Disaster Management Division. (2011). Disaster Management in India. Ministry of Home Affairs. পৃ. 113
  3. ↑ Disaster Management Division. (2011). Disaster Management in India. Ministry of Home Affairs. পৃ. 107–10
  4. ↑ About Us. Ndrfandcd.gov
  5. ↑ NDRF. AboutUs. MHA

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বাহিনী” প্ৰবন্ধৰ সংশোধন ৫৭২৫৭১ (৩০ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।