অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল

ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল (United People's Party Liberal) চমুকৈ ইউপিপিএল ভাৰতৰ অসম ৰাজ্যৰ এটা স্বীকৃতিপ্ৰাপ্ত আঞ্চলিক ৰাজনৈতিক দল। দলটো বিশেষকৈ অসমৰ বড়োলেণ্ড অঞ্চলত সক্ৰিয়। ২০১৫ চনৰ ৫ আগষ্ট তাৰিখে দলটি গঠন কৰা হৈছিল। উৰ্খাউ গৌড়া ব্ৰহ্ম ইয়াৰ প্ৰতিষ্ঠাপক সভাপতি আছিল।

হালনাগাদ: ১৬ আগষ্ট ২০২৬ ১৭২ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল (United People's Party Liberal) চমুকৈ ইউপিপিএল ভাৰতৰ অসম ৰাজ্যৰ এটা স্বীকৃতিপ্ৰাপ্ত আঞ্চলিক ৰাজনৈতিক দল। দলটো বিশেষকৈ অসমৰ বড়োলেণ্ড অঞ্চলত সক্ৰিয়।১২ ২০১৫ চনৰ ৫ আগষ্ট তাৰিখে দলটি গঠন কৰা হৈছিল। উৰ্খাউ গৌড়া ব্ৰহ্ম ইয়াৰ প্ৰতিষ্ঠাপক সভাপতি আছিল। দলটিৰ মুখ্য কাৰ্যালয় কোকৰাঝাৰ জিলাৰ মৱিদাৰ খ'ৰ'ত (হাতীমাতা) অৱস্থিত।৩৪ ২০১৫ চনৰ বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদৰ পৰিষদীয় নিৰ্বাচনত ইউপিপিলয়ে প্ৰথমবাৰৰ বাবে নিৰ্বাচনত অংশগ্ৰহণ কৰিছিল যদিও এটা সমষ্টিতো জয়ী হব পৰা নাছিল। ২০২০ চনৰ পৰিষদীয় নিৰ্বাচনত ইউপিপিএলয়ে ১২খন আসনত জয়ী হয়। ১০খন আসনত জয়ী ভাৰতীয় জনতা পাৰ্টী আৰু ১খন আসনত জয়ী গণ সুৰক্ষা পাৰ্টিৰ সহযোগত ইউপিপিএলে পৰিষদ দখল কৰে আৰু৫৬ ইউপিপিএলৰ বৰ্তমান সভাপতি প্ৰমোদ বড়োয়ে বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পদত অধিষ্ঠিত হয়।

ইতিহাস

ইউপিপিএল ২০১৫ চনৰ ৫ অক্টোবৰ তাৰিখে গঠন কৰা হৈছিল। পূৰ্বতে পিপলছ কৰ্ডিনেশ্বন ফৰ ডেমক্ৰেটিক ৰাইট (পিচিডিআৰ) আছিল।৭ জাতি, ধৰ্ম বৰ্ণ নিৰ্বিশেষে জনকল্যাণৰ বাবে কাম কৰাৰ উদ্দেশ্যৰে দলটো গঠন কৰা হৈছিল।৮ বড়ো সাহিত্যিক আৰু সাংসদ উৰ্খাউ গৌড়া ব্ৰহ্ম ইয়াৰ প্ৰতিষ্ঠাপক সভাপতি আছিল।

চিহ্ন

ইউপিপিএলৰ পতাকা তিনিবৰণীয়া। ইয়াৰ ওপৰত হালধীয়া, মাজত বগা আৰু তলত সেউজীয়া। পাৰ্টিৰ চিহ্নটো ট্ৰেক্টৰ আৰু ই বগা অংশৰ মাজত অৱস্থিত।

তথ্যসূত্ৰ

  1. ↑ (2018-10-03). United People's Party Liberal (UPPL) of Kokrajhar to go alone in forthcoming Lok Sabha election: UG Brahma
  2. ↑ Urkhao Gwra Brahma: Urkhao Gwra Brahma United Peoples Party, Liberal from KOKRAJHAR in Lok Sabha Elections | Urkhao Gwra Brahma News, images and videos
  3. ↑ Urkhao Gwra Brahma(United Peoples Party, Liberal):Constituency- KOKRAJHAR(ASSAM) - Affidavit Information of Candidate
  4. ↑ (2019-04-21). BPF Campaigns in Kokrajhar, United People's Party Liberal (UPPL) in Bijni
  5. ↑ Assam: United People's Party Liberal releases poll manifesto at Kokrajhar
  6. ↑ (2019-04-08). AIUDF forms alliance with UPPL in Assam. Business Standard India
  7. ↑ (2015-08-05). PCDR to form new party. Assam Times
  8. ↑ (2015-08-06). New party launched in BTC. Telegraph India

সম্পৰ্কিত শ্ৰেণী

অসমৰ ৰাজনৈতিক দল

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল” প্ৰবন্ধৰ সংশোধন ৬২৮০০৬ (১৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।