ৰাজনীতি আৰু আইন
চৰকাৰ, সংবিধান, নিৰ্বাচন, সংস্থা আৰু অধিকাৰ · ৭৯৫ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
ৰাজনৈতিক দল
ৰাজনৈতিক দল (Political party) হৈছে এনে এক সংগঠন যি এখন দেশৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ প্ৰাৰ্থীসকলক সমন্বয় কৰে। এক ৰাজনৈতিক দলৰ সদস্যসকলৰ মাজত ৰাজনীতিৰ বিষয়ে সচৰাচৰ একে ধৰণৰ ধাৰণা থকা আৰু দলবোৰে নিৰ্দিষ্ট আদৰ্শগত বা নীতিগত লক্ষ্যৰ প্ৰচাৰ কৰে।
-
ৰাজ্য পুনৰ্গঠন আইন, ১৯৫৬
ৰাজ্য পুনৰ্গঠন আইন, ১৯৫৬ (States Reorganisation Act, 1956) ভাৰতৰ ৰাজ্য আৰু অঞ্চলসমূহৰ সীমাৰ ভাষাগত পাৰ্থক্য বিবেচনা কৰি কৰা এক বৃহৎ সংস্কাৰ আছিল। এই আইনখন সংবিধান (সপ্তম সংশোধনী) আইন, ১৯৫৬-ৰ সৈতে একে সময়তে কাৰ্যকৰী হৈছিল।
-
ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা
ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা (ইংৰাজী: National Democratic Alliance, চমুকৈ এনডিএ বা NDA) হৈছে উত্তৰ-পূব ভাৰতৰ পৰা দক্ষিণলৈ সমগ্ৰ ভাৰতজুৰি বিস্তাৰিত এক অন্যতম বৃহৎ ৰাজনৈতিক দলজোট।
-
ৰিছাৰ্চ এণ্ড এনালাইছিছ ৱিং
ৰিচাৰ্চ এণ্ড এনালাইছিচ উইং (Research and Analysis Wing সংক্ষেপে RAW বা R&AW) হৈছে ভাৰত গণৰাজ্যৰ বাহ্যিক চোৰাংচোৱা সংস্থা। ১৯৬৮ চনত ইয়াৰ প্ৰথম সঞ্চালক ৰামেশ্বৰ নাথ কাওৰ নেতৃত্বত ইয়াক গঠন কৰা হয়।
-
ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয় (ভাৰত)
ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয় (Ministry of Electronics and Information Technology) হৈছে ভাৰত গণৰাজ্যৰ কেন্দ্ৰীয় চৰকাৰৰ এক কাৰ্যবাহী সংস্থা।
-
উদাৰনৈতিকতাবাদ
উদাৰনৈতিকতাবাদ বা উদাৰতাবাদ (Liberalism) হৈছে এনে এক ৰাজনৈতিক দৰ্শন আৰু মতাদৰ্শ যি স্বাধীনতা, শাসিত লোকৰ সম্মতি তথা আইনৰ আগত সমতাৰ ভিত্তিত প্ৰতিষ্ঠিত। উদাৰনৈতিকতাবাদৰ ইংৰাজী প্ৰতিশব্দ Liberalism শব্দটো লেটিন শব্দ Liber-ৰ পৰা আহিছে, যাৰ অসমীয়া অৰ্থ হ'ব মুকলি মানুহ।
-
ঔদ্যোগিক সম্পৰ্ক সংহিতা, ২০২০
ঔদ্যোগিক সম্পৰ্ক সংহিতা, ২০২০ (Industrial Relations Code, 2020) ভাৰতৰ সংসদে প্ৰণয়ন কৰা এখন শ্ৰম সংহিতা। এই সংহিতাই শ্ৰমিক সংঘ, ঔদ্যোগিক প্ৰতিষ্ঠান বা উদ্যোগত নিয়োগৰ চৰ্ত আৰু ঔদ্যোগিক বিবাদৰ অনুসন্ধান আৰু নিষ্পত্তি সম্পৰ্কীয় আইনসমূহ একত্ৰিত আৰু সংশোধন কৰিছে।
-
প্ৰসাৰ ভাৰতী
প্ৰসাৰ ভাৰতী (সংস্কৃত: प्रसार भारती, অৰ্থাৎ 'ভাৰতীয় কণ্ঠৰ প্ৰসাৰণ', আনুষ্ঠানিকভাৱে ইংৰাজীত ইণ্ডিয়ান ব্ৰডকাষ্টিং কৰ্পোৰেচন বুলি অনূদিত) হৈছে ভাৰতৰ ৰাজ্যিক মালিকানাধীন ৰাজহুৱা সম্প্ৰচাৰক। ইয়াৰ মুখ্য কাৰ্যালয় নতুন দিল্লীত অৱস্থিত। ই সংসদৰ এক আইনৰদ্বাৰা গঠিত এটা সংবিধিবদ্ধ স্বায়ত্ত্বশাসিত সংস্থা।
-
ভাৰতীয় ক্ৰান্তি দল
ভাৰতীয় ক্ৰান্তি দল (Bharatiya Kranti Dal) ১৯৬৭ চনত চৰণ সিঙে বিহাৰ, উৰিষ্যা, পশ্চিমবংগ আৰু উৰিষ্যাৰ কংগ্ৰেছী-ত্যাগী নেতাসকলৰ সহযোগত গঠন কৰা ভাৰতৰ এটা অধুনালুপ্ত ৰাজনৈতিক দল। ১৯৭৪ চনত ই ভাৰতীয় লোক দলৰ সৈতে চামিল হৈ যায়।
-
ভাৰতীয় নাগৰিকৰ ৰাষ্ট্ৰীয় পঞ্জী
ভাৰতীয় নাগৰিকৰ ৰাষ্ট্ৰীয় পঞ্জী (চমূকৈ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী) ভাৰতৰ কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা প্ৰকাশিত নাগৰিকত্ব (নাগৰিক পঞ্জীকৰণ আৰু ৰাষ্ট্ৰীয় পৰিচয় পত্ৰৰ জাৰিকৰণ) নিয়মাৱলী-২০০৩ ( Citizenship (Registration of Citizens and Issue of National Identity Cards) Rules, 2003) ৰ নিয়ম(২)(ট)ত…
-
ভাৰতীয় শ্ৰম আইন
ভাৰতত শ্ৰম আৰু নিয়োগ সম্পৰ্কীয় আইনসমূহক সাধাৰণতে "ঔদ্যোগিক আইন" হিচাপে শ্ৰেণীবদ্ধ কৰা হয়। এই শ্ৰেণীবিভাজনৰ মূল কাৰণ হৈছে ভাৰতৰ বহুতো শ্ৰম আইন সীমিত ক্ষেত্ৰতহে প্ৰযোজ্য।
-
হিন্দু বিধৱা পুনৰ্বিবাহ আইন, ১৮৫৬
হিন্দু বিধৱা পুনৰ্বিবাহ আইন, ১৮৫৬খন ১৮৫৬ চনৰ ২৬ জুলাইৰ দিনা গৃহীত হৈছিল। এই আইনখনে ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনৰ অধীনত অহা সকলো এলেকাত হিন্দু বিধৱাৰ পুনৰ্বিবাহক আইনী মৰ্যাদা দিছিল। এই আইনখনৰ খচৰা লৰ্ড ডেলহাউচিয়ে প্ৰস্তুত কৰিছিল যদিও আইনখন পিছৰজন গভৰ্ণৰ লৰ্ড কেনিঙে গৃহীত কৰাইছিল।
-
১৯৫৭ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন
১৯৫৭ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন যোগে ২য় লোকসভাৰ সদস্যসকলক নিৰ্বাচিত কৰা হৈছিল। নিৰ্বাচন ২৪ ফ্ৰেব্ৰুৱাৰীৰ পৰা ১৪ মাৰ্চৰ ভিতৰত অনুষ্ঠিত হৈছিল। First past the post ভোটিং পদ্ধতি ব্যৱহাৰ হোৱা এই নিৰ্বাচনত মুঠ লোকসভা সমষ্টি আছিল ৪০৩ টা আৰু আসনৰ সংখ্যা আছিল ৪৯৪খন।
-
১৯৬২ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন
ভাৰতৰ সাধাৰণ নিৰ্বাচন, ১৯৬২ তৃতীয় লোকসভা গঠনৰ উদ্দেশ্যে ১৯৬২ চনৰ ১৯ ফেব্ৰুৱাৰীৰৰ পৰা ২৫ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হৈছিল। পূৰ্বৱৰ্তী নিৰ্বাচনৰ দৰে এইটো নিৰ্বাচনত কোনো লোকসভা সমষ্টিতে দুজনকৈ সাংসদ নিৰ্বাচন কৰা হোৱা নাছিল।
-
১৯৯৬ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন
ভাৰতৰ সাধাৰণ নিৰ্বাচন, ১৯৯৬ ১১শ লোকসভাৰ সদস্যসকলক নিৰ্বাচন কৰিবলৈ অনুষ্ঠিত হৈছিল। এই নিৰ্বাচনৰ ফলাফলে এখন ওলমা সংসদ দিবলৈ সক্ষম হৈছিল আৰু ফলস্বৰূপে ১৯৯৮ চনত ভাৰতবৰ্ষত পুনৰ নিৰ্বাচন অনুষ্ঠিত কৰিবলগীয়া হৈছিল। মাত্ৰ ২বছৰৰ চমু কালচোৱাত দেশখনে ৩জনকৈ প্ৰধান মন্ত্ৰী লাভ কৰিছিল।
-
আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়
আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয় বা বিশ্ব ন্যায়ালয় বা আন্তঃৰাষ্ট্ৰীয় ন্যায়বিচাৰ আদালত (International Court of Justice) হৈছে ৰাষ্ট্ৰসংঘৰ চূড়ান্ত ন্যায়পালিকা। ৰাষ্ট্ৰ সমূহৰ মাজৰ মতানক্য সমাধান কৰা আৰু ৰাষ্ট্ৰসংঘ আৰু ইয়াৰ অংগ সমূহক আইনী পৰামৰ্শ প্ৰদান কৰা ইয়াৰ মুখ্য কাৰ্য।
-
উত্তৰ শ্বিলং বিধানসভা সমষ্টি
উত্তৰ শ্বিলং বিধানসভা সমষ্টি (North Shillong Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ মেঘালয় ৰাজ্যৰ ৬০ টা বিধানসভা সমষ্টিৰ অন্যতম। ২০০৮ চনৰ সংসদীয় আৰু বিধানসভা সমষ্টি পুনৰ নিৰ্ধাৰণৰ জৰিয়তে এই সমষ্টিটো গঠন কৰা হয় আৰু ২০১৩ চনত সমষ্টিটোত প্ৰথমবাৰৰ বাবে সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হয়।
-
উমচনিং বিধানসভা সমষ্টি
উমচনিং বিধানসভা সমষ্টি (Umsning Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ মেঘালয় ৰাজ্যৰ ৬০ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ২০০৮ চনৰ সংসদীয় আৰু বিধানসভা সমষ্টি পুনৰ নিৰ্ধাৰণৰ জৰিয়তে এই সমষ্টিটো গঠন কৰা হয় আৰু ২০১৩ চনত সমষ্টিটোত প্ৰথমবাৰৰ বাবে সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হয়।
-
কমলা হেৰিছ
কমলা দেৱী হেৰিছ (Kamala Devi Harris; জন্ম: ২০ অক্টোবৰ, ১৯৬৪) এগৰাকি আমেৰিকাৰ ৰাজনীতিবিদ আৰু অধিবক্তা। তেওঁ ২০১৭ চনৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফৰ্ণিয়াত জুনিয়ৰ চিনেটৰ হিচাপে কাম কৰিছিল। তেওঁ ২০২০ চনৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিৰ্বাচনত উপ-ৰাষ্ট্ৰপতি পদত ডেমক্ৰেটিক দলৰ প্ৰাৰ্থী ৰূপে মনোনীত হৈছে।
-
কৰ্মচাৰী ৰাজ্য বীমা নিগম
কৰ্মচাৰী ৰাজ্য বীমা নিগম চমুকৈ ই এছ আই চি শ্ৰম আৰু নিয়োগ মন্ত্ৰালয় আৰু ভাৰত চৰকাৰৰ প্ৰশাসনিক নিয়ন্ত্ৰণৰ অধীনত থকা দুটা মুখ্য আইনগত সামাজিক সুৰক্ষা সংস্থাৰ এটা। আনটো হৈছে কৰ্মচাৰী ভৱিষ্যনিধি সংগঠন।
-
জিৰাং বিধানসভা সমষ্টি
জিৰাং বিধানসভা সমষ্টি (Jirang Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ মেঘালয় ৰাজ্যৰ ৬০ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ১৯৭৮ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল। এই সমষ্টিটো ৰি-ভোই জিলাৰ অন্তৰ্গত আৰু ই শ্বিলং লোকসভা সমষ্টিৰ এক অংশ হিচাপে চিহ্নিত।
-
তথ্য জনাৰ অধিকাৰ আইন, ২০০৫
তথ্য জনাৰ অধিকাৰ আইন, ২০০৫ (Right to Information Act, 2005; सूचना का अधिकार अधिनियम, २००५) ভাৰতৰ সংসদৰ দ্বাৰা গৃহীত এখন আইন, য'ত নাগৰিকসকলে লোক কৰ্তৃপক্ষৰ নিয়ন্ত্ৰণৰ অধীনত থকা তথ্য যাতে সহজে লাভ কৰিব পাৰে তাৰবাবে ব্যৱহাৰিক পদ্ধতি এটা প্ৰৱৰ্তন কৰা হৈছে।
-
নৈৰাজ্যবাদ
নৈৰাজ্যবাদ হৈছে এক ধৰণৰ ৰাজনৈতিক দৰ্শন যি ৰাষ্ট্ৰক অপ্ৰয়োজনীয়,অনাকাংক্ষিত আৰু ক্ষতিকৰ বুলি বাখ্যা কৰে আৰু তাৰ পৰিৱৰ্তে ৰাষ্ট্ৰবিহীন সমাজৰ পোষকতা কৰে৷ নৈৰাজ্যবাদীসকলে সংস্কাৰপন্থী বামধাৰাক আদৰ্শ হিচাপে গ্ৰহণ কৰে।
-
পশ্চিম শ্বিলং বিধানসভা সমষ্টি
পশ্চিম শ্বিলং বিধানসভা সমষ্টি (West Shillong Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ মেঘালয় ৰাজ্যৰ ৬০ টা বিধানসভা সমষ্টিৰ অন্যতম। ২০০৮ চনৰ সংসদীয় আৰু বিধানসভা সমষ্টি পুনৰ নিৰ্ধাৰণৰ জৰিয়তে এই সমষ্টিটো গঠন কৰা হয় আৰু ২০১৩ চনত সমষ্টিটোত প্ৰথমবাৰৰ বাবে সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হয়।
-
পিনথৰুমখ্ৰাহ বিধানসভা সমষ্টি
পিনথৰুমখ্ৰাহ বিধানসভা সমষ্টি (Pynthorumkhrah Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ মেঘালয় ৰাজ্যৰ ৬০ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ১৯৭৮ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল। এই সমষ্টিটো পূব খাচী পাহাৰ জিলাৰ অন্তৰ্গত আৰু ই শ্বিলং লোকসভা সমষ্টিৰ এক অংশ হিচাপে চিহ্নিত।
-
বেটি বচাও, বেটি পঢ়াও
বেটি বচাও, বেটি পঢ়াও অভিযান (অনুবাদ: কন্যা শিশু ৰক্ষা কৰক, কন্যা শিশুক শিক্ষা দিয়ক) ই ভাৰতৰ এটি সামাজিক প্ৰচাৰ অভিযান, যাৰ লক্ষ্য হ'ল কন্যা সন্তানৰ বাবে কল্যাণমূলক সেৱা প্ৰদানৰে দক্ষতা বৃদ্ধি তথা সচেতনতা সৃষ্টি।
-
ভাৰত বতৰ বিজ্ঞান বিভাগ
ভাৰত বতৰ বিজ্ঞান বিভাগ (India Meterological Department, IMD) ভাৰত চৰকাৰৰ ভূ-বিজ্ঞান মন্ত্ৰালয়ৰ অধীনস্থ এটা ভাৰতীয় সংস্থা। বতৰ বিজ্ঞান পৰ্যবেক্ষণ, বতৰ পূৰ্বাভাস আৰু ভূমিকম্প বিজ্ঞানৰ বাবে ই প্ৰধান সংস্থা। আই এম ডিৰ মুখ্য কাৰ্যালয় দিল্লীত আছে।
-
ভাৰতীয় মৌলিক অধিকাৰ, নিৰ্দেশাত্মক নীতি আৰু মূল কৰ্তব্য
মৌলিক অধিকাৰ, ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতি আৰু মূল কৰ্তব্য ভাৰতীয় সংবিধানৰ তিনিটা প্ৰধান অংশ। এই তিনিটা অংশত নাগৰিকসকলৰ প্ৰতি ৰাষ্ট্ৰৰ মৌলিক দায়দায়িত্ব আৰু ৰাষ্ট্ৰৰ প্ৰতি নাগৰিকসকলৰ কৰ্তব্যসমূহৰ বিশদ ব্যাখ্যা দিয়া হৈছে।
-
ভাৰতীয় স্বাধীনতা আইন ১৯৪৭
ভাৰতীয় স্বাধীনতা আইন ১৯৪৭ (10 & 11 Geo. 6. c. 30) যুক্তৰাজ্যৰ সংসদত গৃহীত হোৱা এখন আইন, যিখন আইনে ব্ৰিটিছ ভাৰতক ভাৰত আৰু পাকিস্তান নামেৰে দুখন নতুন স্বাধীন অধিৰাজ্যত বিভক্ত কৰিছিল। ১৯৪৭ চনৰ ১৮ জুলাইত এই আইনখনে ৰাজকীয় সন্মতি লাভ কৰে আৰু এইদৰেই ১৫ আগষ্টত আধুনিক ভাৰত আৰু পাকিস্তান গঠন হয়।
-
মাওলাই বিধানসভা সমষ্টি
মাওলাই বিধানসভা সমষ্টি (Mawlai Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ মেঘালয় ৰাজ্যৰ ৬০ টা বিধানসভা সমষ্টিৰ অন্যতম। ১৯৭২ চনত মেঘালয় ৰাজ্য গঠনৰ সময়তে এই সমষ্টিটো প্ৰথমবাৰৰ বাবে সৃষ্টি কৰা হৈছিল। এই সমষ্টিটো পূব খাচী পাহাৰ জিলাৰ অন্তৰ্গত আৰু ই শ্বিলং লোকসভা সমষ্টিৰ এক অংশ।