নেলীৰ হত্যাকাণ্ড১ বুলিলে ১৯৮৩ চনত অসমৰ নগাঁও জিলাৰ নেলীত সংঘটিত হোৱা সন্দেহজনক অবৈধ অনুপ্ৰৱেশকাৰীৰ হত্যাকাণ্ডক বুজায়।
ইতিহাস
লগতে চাওক: অসম আন্দোলন, অসম চুক্তি
১৯৮৩ চনত অসম আন্দোলনৰ সময়ত অনুষ্ঠিত হোৱা সাধাৰণ নিৰ্বাচনত অসম আন্দোলনৰ নেতাসকলে অবৈধ বাংলাদেশী অনুপ্ৰবেশকাৰী সকলৰ নাম ভোটাৰ তালিকাৰ পৰা আঁতৰাই নিদিয়া পৰ্যন্ত নিৰ্বাচন স্থগিত ৰাখিবলৈ কেন্দ্ৰীয় চৰকাৰক অনুৰোধ জনাইছিল। কিন্তু, চৰকাৰে তেওঁলোকৰ দাবী অগ্ৰাহ্য কৰি নিৰ্বাচন পাতিবলৈ সিদ্ধান্ত গ্ৰহণ কৰাৰ ফলস্বৰূপে ৰাজ্যজুৰি ব্যাপক গণ-আন্দোলনৰ সূত্ৰপাত ঘটে। পৰবৰ্তী কালত, ১৯৮৫ চনত অসম চুক্তি স্বাক্ষৰিত হোৱাৰ পিছত এই নিৰ্বাচনৰ ফলাফলক বাতিল কৰা হয় আৰু নতুনকৈ নিৰ্বাচন অনুষ্ঠিত হয়।
ঘটনাক্ৰম
১৮ ফেব্ৰুৱাৰীৰ দিনা ছঘণ্টা জুৰি চলা এই হত্যালীলাত ২,১৯১ জন লোকৰ প্ৰাণ হানি হৈছিল২৩(বেচৰকাৰী সূত্ৰৰ মতে এই সংখ্যা প্ৰায় ১০,০০০)। আক্ৰান্ত ১৪ খন গাঁও আছিল আলিসিংহ, খোলাপথাৰ, বসুন্ধাৰী, বুগডুবা বিল, বুগডুবা হাবি, বৰজলা, বুতুনী, ইন্দুৰমাৰী, মাটি পৰ্বত, মুলাধাৰী, মাটি পৰ্বত নং ৮, শিলভেটা, বৰবুৰী আৰু নেলী৪। আক্ৰান্তসকলৰ বেছিভাগেই অসমলৈ বাংলাদেশৰ পৰা প্ৰবজন কৰা মুছলমান সম্প্ৰদায়ৰ লোক আছিল বুলি কোনো কোনো সূত্ৰই কয়।৫৬ সেই এলেকাদি পাৰ হৈ যোৱা সংবাদদাতাৰ এটা দল নেলীৰ হত্যাকাণ্ডৰ প্ৰত্যক্ষদৰ্শী আছিল।৭
তদন্ত
অসম চৰকাৰে নেলীৰ হত্যাকাণ্ডত নিহত লোকসকলৰ পৰিয়ালক ৫,০০০ টকাকৈ সাহায্য প্ৰদান কৰে। এই ঘটনাৰ তদন্ত কৰিবলৈ ত্ৰিভুৱন প্ৰসাদ তিৱাৰীৰ অধীনত গঠন কৰা তিৱাৰী কমিচনে ১৯৮৫ চনত অসম চৰকাৰক ৬০০ পৃষ্ঠাজোৰা প্ৰতিবেদন দাখিল কৰে। কিন্তু, হিতেশ্বৰ শইকীয়াৰ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰে এই প্ৰতিবেদন ৰাজহুৱা নকৰিবলৈ সিদ্ধান্ত লয়। হত্যাকাণ্ডৰ পিছত মুঠ ৬৮৮ টা অপৰাধী গোচৰ ৰুজু কৰা হৈছিল আৰু ৩১০ জনকহে চাৰ্জশ্বীট দিয়া হৈছিল। বাকী ৩৭৮ টা গোচৰ প্ৰমাণ নোহোৱাৰ দোহাই দি বন্ধ কৰা হৈছিল। চাৰ্জশ্বীট দিয়া ৩১০ টা গোচৰো অসম চুক্তিমতে ১৯৮৫ চনত গঠিত অসম গণ পৰিষদ চৰকাৰে বাতিল কৰে।২
উৎস
- Assam Tribune. (2008-02-19). ’83 polls were a mistake: KPS Gill. The Assam Tribune
- Lahkar, Bedabrata. (2008-02-18). Recounting a Nightmare. The Assam Tribune
- Gokhale, Nitin. (2005-07-02). The Simple Safety of Numbers. Tehelka
- (2008-03-31). Review of the book 25 years on..Nellie still haunts. The Statesman
- Gokhale, Nitin. (2005-07-16). Vote banks pay dividends. Tehelka
- Kumura, Makiko. (2007-03). The Nellie Massacre. Himal Southasian
- Rehman, Teresa. (2006-09-30). Nellie Revisited: The Horror's Nagging Shadow. Tehelka
- Chadha, Vivek, Low Intensity Conflicts in India. Sage Publications, 2005.
- Saksena, N.S. "Police and Politicians" in Alexander, P.J. (ed.) Policing India in the New Millennium. Allied Publishers, 2002.
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নেলীৰ হত্যাকাণ্ড” প্ৰবন্ধৰ সংশোধন ৫৩৩৮৮০ (১৯ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।