ৰাজনীতি আৰু আইন
চৰকাৰ, সংবিধান, নিৰ্বাচন, সংস্থা আৰু অধিকাৰ · ৭৯৫ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছ
সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছ (ইংৰাজীঃ All India Trinamool Congress; সংক্ষিপ্ত ৰূপত. AITC), সাধাৰণভাৱে তৃণমূল কংগ্ৰেছ (সংক্ষিপ্ত ৰূপত. TMC) হৈছে এটা ভাৰতীয় ৰাজনৈতিক দল যিটো প্ৰধানকৈ পশ্চিমবংগত সক্ৰিয়।
-
জনতা পাৰ্টি
জনতা পাৰ্টি (Janata Party) ভাৰতৰ এটা ৰাজনৈতিক দল আছিল। প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে বলবৎ কৰা ১৯৭৫ৰ পৰা ১৯৭৭লৈ চলা জৰুৰীকালীন অৱস্থাৰ বিৰোধ কৰা ৰাজনৈতিক দলবোৰৰ একত্ৰীকৰণেৰে এই দলটো গঠন কৰা হৈছিল।
-
ভাৰতীয় সেনা
ভাৰতীয় সেনা (Indian Army) ভাৰতীয় সশস্ত্ৰ বাহিনীৰ স্থলভিত্তিক শাখা আৰু সামৰিক ক্ষেত্ৰৰ সৰ্ববৃহৎ উপাদান, যাৰ ফলত ই বিশ্বৰ দ্বিতীয় বৃহত্তম সেনা আৰু বিশ্বজুৰি চতুৰ্থ শক্তিশালী সামৰিক বাহিনী হিচাপে পৰিগণিত।
-
ভাৰতীয় প্ৰশাসনিক সেৱা
ভাৰতীয় প্ৰশাসনিক সেৱা চমুকৈ আই এ এছ (Indian Administrative Service, IAS) সৰ্বভাৰতীয় সেৱাৰ প্ৰশাসনিক বিভাগ। ই ভাৰতৰ প্ৰতিষ্ঠিত অসমৰিক সেৱাসমূহৰ ভিতৰত অন্যতম। ভাৰতীয় পুলিচ সেৱা আৰু ভাৰতীয় বৈদেশিক সেৱাৰ লগতে ভাৰতীয় প্ৰশাসনিক সেৱা সৰ্বভাৰতীয় সেৱাৰ মুখ্য তিনিটা বিভাগ।
-
ৱিকিমিডিয়া ফাউণ্ডেশ্যন
ৱিকিমিডিয়া ফাউণ্ডেশ্যন, ইন্ক'ৰ্প'ৰেছন হৈছে এটা আমেৰিকান অব্যৱসায়িক দাতব্য সংস্থা। ফ্ল'ৰিডাৰ আইনৰ অধীনত ইয়াক প্ৰতিষ্ঠা কৰা হৈছিল আৰু ইয়াৰ মুখ্য কাৰ্যালয় চান ফ্ৰান্সিচ্ক', কেলিফ'ৰ্নিয়াত অৱস্থিত।
-
আম আদমি পাৰ্টী
আম আদমি পাৰ্টী (Aam Aadmi Party; সংক্ষেপে আপ; অৰ্থ: সাধাৰণ লোকৰ দল) এক ভাৰতীয় ৰাজনৈতিক দল। ইয়াৰ আনুষ্ঠানিক আৰম্ভ হয় ২০১২ চনৰ ২ নৱেম্বৰ তাৰিখে আৰু বৰ্তমানে ই ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল দিল্লী আৰু পঞ্জাবৰ শাসকদল।
-
ভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)
ভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী) (Communist Party of India (Marxist) CPI(M), সংক্ষেপত: চিপিআই(এম)) হৈছে ভাৰতৰ এক কমিউনিষ্ট ৰাজনৈতিক দল। সদস্য আৰু নিৰ্বাচনী আসনৰফালৰপৰা ই ভাৰতৰ আটাইতকৈ ডাঙৰ কমিউনিষ্ট দল, আৰু ভাৰতৰ ছয়টা ৰাষ্ট্ৰীয় দলৰ ভিতৰত অন্যতম।
-
ৰাজনীতি
ৰাজনীতি (Politics) হৈছে গোটত নিৰ্ণয় লোৱা, বা ব্যক্তিৰ মাজত অন্যান্য প্ৰকাৰৰ শক্তি সম্পৰ্কৰ সৈতে সম্পৰ্কিত কাৰ্যকলাপৰ সংহতি, যেনে সম্পদ বা স্থিতি বিতৰণ। ৰাজনীতিৰ শৈক্ষিক অধ্যয়নক ৰাজনীতি বিজ্ঞান বুলি কোৱা হয়।
-
মাৰ্ক্সবাদ
মাৰ্ক্সবাদ হৈছে এক মতাদৰ্শ তথা বিশ্লেষণৰ এক পদ্ধতি, যি ঐতিহাসিক বস্তুবাদী দৃষ্টিৰে সমাজখনৰ শ্ৰেণী সম্বন্ধ তথা সামাজিক দ্বন্দ্ববিলাকৰ বিশ্লেষণ কৰে। মাৰ্ক্সবাদৰ আৰম্ভণি ঘটিছিল ১৯ শতিকাৰ দ্বিতীয় ভাগত, জাৰ্মান দাৰ্শনিক কাৰ্ল মাৰ্ক্স আৰু ফ্ৰেডৰিক এংগেলছৰ জৰিয়তে।
-
শ্বিলং লোকসভা সমষ্টি
শ্বিলং লোকসভা সমষ্টি (Shillong Lok Sabha constituency) হৈছে উত্তৰ-পূব ভাৰতৰ মেঘালয় ৰাজ্যৰ দুটা লোকসভা সমষ্টিৰ ভিতৰত অন্যতম (আনটো হৈছে তুৰা)। ১৯৫৭ চনত এই সংসদীয় সমষ্টিটো গঠন কৰা হৈছিল।
-
ভাৰতৰ জৰুৰীকালীন অৱস্থা, ১৯৭৫
ভাৰতীয় সংবিধানত থকা জৰুৰীকালীন ক্ষমতা সমুহ
-
অসমৰ ৰাজ্যপালসকলৰ তালিকা
ভাৰতবৰ্ষৰ ৰাজ্য একোখনৰ ৰাজ্যপালজন হৈছে ৰাষ্ট্ৰপতিৰ প্ৰতিনিধি আৰু লগতে ৰাজ্যখনৰ সাংবিধানিক মুৰব্বী। ৰাষ্ট্ৰপতিয়ে ৰাজ্যপালক ৫ বছৰৰ বাবে নিযুক্তি দিয়ে। অসমৰ বৰ্তমানৰ ৰাজ্যপাল হৈছে লক্ষ্মণ আচাৰ্য। ২০২৪ চনৰ ৩০ জুলাই তাৰিখে তেওঁ ২৮ সংখ্যক অসমৰ ৰাজ্যপাল হিচাপে কাৰ্যভাৰ আৰম্ভ কৰে।
-
সমাজবাদ
সমাজবাদ (Socialism) অৰ্থনৈতিক আৰু সামাজিক ব্যৱস্থাৰ এক গোট যাক উৎপাদনৰ মাধ্যমৰ সামাজিক মালিকী আৰু গণতান্ত্ৰিক নিয়ন্ত্ৰণেৰে চিহ্নিত কৰা হয়। তেনে সমাজ গঠনৰ উদ্দেশ্য ৰখা ৰাজনৈতিক ভাবাদৰ্শ, সূত্ৰ আৰু আন্দোলনকো সমাজবাদ বোলা হয়।
-
সাম্যবাদ
সাম্যবাদ (Communism; লেটিন ভাষাৰ communis-ৰ পৰা, যাৰ অৰ্থ 'উমৈহতীয়া', 'সাৰ্বজনীন') হৈছে এক দাৰ্শনিক, সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক আদৰ্শ আৰু আন্দোলন যাৰ চূড়ান্ত লক্ষ্য হৈছে এক সাম্যবাদী সমাজ স্থাপন কৰা, যি হৈছে উৎপাদনৰ মাধ্যমৰ উমৈহতীয়া মালিকীস্বত্ব আৰু সামাজিক শ্ৰেণী, মুদ্ৰা, আৰু ৰাষ্ট্ৰৰ…
-
মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়
মহিলা আৰু শিশু বিকাশ মন্ত্ৰণালয় ভাৰত চৰকাৰৰ অন্তৰ্গত এখন মন্ত্ৰণালয়। মহিলা আৰু শিশুৰ সৰ্বাংগীন উন্নয়নৰ বাবে ২০০৬ চনৰ ৩০ জানুৱাৰী তাৰিখে ভাৰত চৰকাৰে এই মন্ত্ৰণালয় গঠন কৰিছিল। ভাৰতত মহিলা আৰু শিশুৰ বিকাশৰ বাবে গ্ৰহণ কৰা নীতি আৰু আইন সমূহ এই মন্ত্ৰণালয়ে প্ৰস্তুত কৰে।
-
১৯৫১ৰ অসম বিধানসভা নিৰ্বাচন
অসম বিধানসভা নিৰ্বাচন, ১৯৫১ স্বাধীনোত্তৰ অসমৰ প্ৰথম বিধানসভাখন গঠন কৰিবলৈ অনুষ্ঠিত কৰা হৈছিল। আধিকাৰিকভাবে এই নিৰ্বাচনটোক ১৯৫১ চনৰ বিধানসভা নিৰ্বাচন বুলি জনা যায় যদিও দৰাচলতে নিৰ্বাচন অনুষ্ঠিত হৈছিল ১৯৫২ চনৰ ২৭ মাৰ্চ তাৰিখে।
-
পুঁজিবাদ
পুঁজিবাদ বা ধনতন্ত্ৰ (Capitalism) হৈছে এক প্ৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থা আৰু উৎপাদন পদ্ধতি য’ত ব্যৱসায়, উদ্যোগ আৰু উৎপাদনৰ কাৰক বা উপাদানসমূহ সম্পূৰ্ণৰূপে নাইবা অধিকাংশই ব্যক্তিগত মালিকাধীন।
-
ৰাষ্ট্ৰীয় মূল্যাংকন আৰু প্ৰত্যায়ন পৰিষদ
ৰাষ্ট্ৰীয় মূল্যাংকন আৰু প্ৰত্যায়ন পৰিষদ চমুকৈ নাক (NAAC) ভাৰতৰ উচ্চশিক্ষাৰ প্ৰতিষ্ঠানসমূহৰ মূল্যাংকন আৰু প্ৰত্যায়নৰ লগত জড়িত অনুষ্ঠান। বিশ্ববিদ্যালয় অনুদান আয়োগৰ অধীনত এই অনুষ্ঠানটো সম্পূৰ্ণ স্বায়ত্ত্বশাসিত।
-
চৰকাৰ
চৰকাৰ (Government) হ'ল কোনো দেশৰ সৰ্বোচ্চ সংস্থা তথা কৰ্তৃপক্ষ যাৰ মাধ্যমৰে দেশখনৰ শাসন কাৰ্য পৰিচালিত হয়। গণতান্ত্ৰিক শাসন ব্যৱস্থাত চৰকাৰ জনসাধাৰণৰ নিৰ্বাচিত প্ৰতিনিধি, যেনে সংসদীয় সদস্যৰ দ্বাৰা গঠিত হয়।
-
অসম আৰক্ষী
অসম আৰক্ষী (Assam Police) হৈছে অসম ৰাজ্যৰ আইন শৃংখলাৰক্ষী বাহিনী। ১৮২৬ চনত ইয়াণ্ডাবু সন্ধিৰ পিচতে ইংৰাজসকলে আইন শৃংখলা ৰক্ষাৰ্থে এই বাহিনী গঠন কৰিছিল। অসম আৰক্ষী ৰাজ্যৰ গৃহ বিভাগৰ অধীনষ্ঠ। "জনহিত জনসেৱাৰ্থে" বাণীৰে অসম আৰক্ষীয়ে অসম ৰাজ্যৰ আটাইকেইখন জিলাতে সেৱা আগবঢ়াই আহিছে।
-
ইউনাইটেড ডেম’ক্ৰেটিক পাৰ্টী (মেঘালয়)
ইউনাইটেড ডেম’ক্ৰেটিক পাৰ্টী (ইংৰাজী: United Democratic Party, চমুকৈ ইউডিপি বা UDP) হৈছে উত্তৰ-পূব ভাৰতৰ মেঘালয় ৰাজ্যৰ এক স্বীকৃতিপ্ৰাপ্ত ৰাজ্যিক ৰাজনৈতিক দল। ১৯৯৭ চনত মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ইভানছক্লেণ্ড মাওলঙৰ নেতৃত্বত দলটো প্ৰতিষ্ঠা কৰা হৈছিল।
-
ভাৰতীয় জন সংঘ
ভাৰতীয় জন সংঘ (Bharatiya Jana Sangh, সম্পূৰ্ণ নাম: অখিল ভাৰতীয় জন সংঘ, চমুকৈ: জন সংঘ, সংক্ষিপ্তৰূপ: BJS) ভাৰতৰ এটা অধুনালুপ্ত সোঁপন্থী ৰাজনৈতিক দল। ১৯৫১ চনৰ পৰা ১৯৭৭ চনলৈ সক্ৰিয় হৈ থকা এই দলটো হিন্দুত্ববাদী সংগঠন ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ৰাজনৈতিক শাখা আছিল।
-
জাতীয়তাবাদ
জাতীয়তাবাদ হৈছে একপ্ৰকাৰ ৰাজনৈতিক চিন্তাধাৰা। ই জাতি বুলি চিহ্নিত কৰা কোনো প্ৰতীক বা ধাৰণাৰ লগত কোনো ব্যক্তি বা সমূহৰ গভীৰ সম্পৰ্ক সূচিত কৰে। জাতিৰ 'আধুনিকতাবাদী' ধাৰণা অনুসৰি জাতীয়তাবাদে এক জাতীয় অস্তিত্বৰ সৃষ্টি কৰে। জাতিৰ বিভিন্ন সংজ্ঞা অনুসৰি জাতিয়তাবাদৰো ভিন ভিন ৰূপ নিৰ্ণীত হয়।
-
নাগৰিকত্ব (সংশোধনী) আইন, ২০১৯
নাগৰিকত্ব (সংশোধনী) আইন, ২০১৯ (Citizenship (Amendment) Act, 2019; চমুকৈ কা (CAA), পূৰ্বতে কেব (CAB) ) হৈছে ভাৰতৰ সংসদৰ দ্বাৰা ২০১৯ চনৰ ১১ ডিচেম্বৰত গৃহীত এখন আইন।
-
অসম লোকসেৱা আয়োগ
অসম লোকসেৱা আয়োগ চমুকৈ এপিএছচি অসম চৰকাৰৰ অধীনৰ ৰাজ্যিক লোকসেৱা আয়োগ। অসম চৰকাৰৰ অধীনৰ বিভিন্ন পদসমূহৰ বাছনি পৰীক্ষা অসম লোকসেৱা আয়োগে আয়োজন কৰে। অসম অসামৰিক সেৱাৰ বিষয়াৰ নিযুক্তিৰ বাবে অসম লোকসেৱা আয়োগে সংযুক্ত প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত কৰে।
-
ভাৰতীয় বায়ু সেনা
ভাৰতীয় বায়ুসেনা (Indian Air Force) হৈছে ভাৰতীয় সশস্ত্ৰ বাহিনীৰ বায়ুসেনা। ভাৰতীয় আকাশমাৰ্গ সুৰক্ষিত কৰা আৰু সশস্ত্ৰ সংঘাতৰ সময়ত আকাশী যুদ্ধ চলোৱাটো ইয়াৰ প্ৰধান অভিযানৰ অংশ।
-
২০১৪ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন
ভাৰতৰ সাধাৰণ নিৰ্বাচন,২০১৪ৰ যোগেদি দেশখনৰ ৫৪৩টা লোকসভা সমষ্টিৰ পৰা সাংসদ নিৰ্বাচন কৰি ষোড়শ লোকসভা গঠন কৰা হয়। ৭ এপ্ৰিল, ২০১৪ৰ পৰা ২৪ মে', ২০১৪লৈ মুঠ নটা পৰ্যায়ত হোৱা দেশৰ ইতিহাসৰ আটাইতকৈ দীঘলীয়া নিৰ্বাচন।
-
নেছনেল পিপলছ পাৰ্টি (ভাৰত)
নেছনেল পিপলছ পাৰ্টি (National People's Party) চমুকৈ এন.পি.পি, ভাৰতৰ এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাজনৈতিক দল যদিও ইয়াৰ প্ৰভাৱ বেছিভাগেই মেঘালয় ৰাজ্যত কেন্দ্ৰীভূত। ২০১২ চনৰ জুলাই মাহত এন চি পিৰ পৰা বহিষ্কাৰ হোৱাৰ পিছত পি এ চাংমাই এই দলটো প্ৰতিষ্ঠা কৰিছিল।
-
তালিবান আৰু মহিলাৰ প্ৰতি আচৰণ
মহিলাৰ প্ৰতি তালিবানৰ আচৰণ (Treatment of women by the Taliban) অত্যন্ত বিতৰ্কিত। তালিবান হৈছে আফগানিস্তানৰ এক সামৰিক সংগঠন। এই সংগঠনৰ আদৰ্শ দেওবন্দী মৌলবাদ আৰু উগ্ৰপন্থী ইছলামবাদৰ ওপৰত আধাৰিত শ্বৰিয়া ইছলামিক আইনৰ এক "অভিনৱ" ৰূপ হিচাপে বৰ্ণনা কৰা হয়।
-
অখিল ভাৰতীয় হিন্দু মহাসভা
অখিল ভাৰতীয় হিন্দু মহাসভা (All-India Hindu Assembly) ভাৰতৰ এটা হিন্দু জাতীয়তাবাদী ৰাজনৈতিক দল। এই সংগঠনটো ১৯০৬ চনত মুছলিম গঠন তথা মৰ্লে-মিণ্টো সংস্কাৰৰ অধীনত ভাৰত চৰকাৰে মুছলমানসকলৰ বাবে সুকীয়া নিৰ্বাচনী ব্যৱস্থা কৰাৰ পিছত ব্ৰিটিছ ভাৰতৰ হিন্দু সম্প্ৰদায়ৰ অধিকাৰ সুৰক্ষিত কৰিবলৈ গঠন কৰা হৈছিল।