অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

ইণ্ডিয়ান নেচনেল কাউন্সিল

ইণ্ডিয়ান নেচনেল কাউন্সিল বা ভাৰতীয় জাতীয় পৰিষদ ( Indian National Council) ভাৰতৰ জাতীয়তাবাদী নেতাসকলে থাইলেণ্ডত ১৯৪১ চনৰ ডিচেম্বৰ মাহত প্ৰতিষ্ঠা কৰিছিল।

হালনাগাদ: ৬ অক্টোবৰ ২০২৩ ১৬৯ শব্দ · ১ মিনিট সংগৃহীত ৬২
সংশোধনৰ পৰামৰ্শ

ইণ্ডিয়ান নেচনেল কাউন্সিল বা ভাৰতীয় জাতীয় পৰিষদ ( Indian National Council) ভাৰতৰ জাতীয়তাবাদী নেতাসকলে থাইলেণ্ডত ১৯৪১ চনৰ ডিচেম্বৰ মাহত প্ৰতিষ্ঠা কৰিছিল১। ১৯৪১ চনৰ ২২ ডিচেম্বৰত থাইলেণ্ডৰ ভাৰতীয় সাংস্কৃতিক ভৱনত শুভাৰম্ভণি কৰা২ এই সংস্থাটোৰ প্ৰতিষ্ঠাপক সভাপতি আছিল, স্বামী সত্যানন্দ পুৰী আৰু সম্পাদক আছিল, দেৱনাথ দাস।২৩ ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্স লীগৰ সৈতে লগ লাগি এই সংস্থাটোৱে ভাৰতৰ স্বাধীনতা আন্দোলনৰ প্ৰতি জাপানৰ সাহায্যৰ বাবে ফুজিৱাৰাৰ এফ, কিকানৰ সৈতে চিঠি-পত্ৰৰ আদান-প্ৰদান কৰা অন্যতম সংস্থা আছিল।৩৪

কিন্তু, ভাৰতীয় জাতীয় পৰিষদে ভাৰতীয় জাতীয় কংগ্ৰেছৰ দৃঢ়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল যদিও একে সময়তে, যি সময়ত জাপানে সফলতাৰে মালয় অভিযান আৰম্ভ কৰিছিল, সেই সময়ত পৰিষদে জাপানীসকলৰ মধ্যস্থতাকাৰী হিচাপে কাম কৰিবলৈ ইতস্ততঃ কৰা জাতীয় কংগ্ৰেছৰ মনোভাৱৰ প্ৰতিও সদিচ্ছা দেখুৱাইছিল।৫ ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্স লীগৰ সৈতেও পৰিষদৰ মতানৈক্য ঘটিছিল, সভাপতি পুৰীয়ে চীন আৰু টকিঅ’ৰ ওপৰত জাপানে কৰা সাম্ৰাজ্যবাদী কাৰ্যৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছিল।৬ ১৯৪২ চনত জ্ঞানী প্ৰীতম সিঙৰ সৈতে টকিঅ’ সন্মিলনলৈ যোৱাৰ পথত এটা বিমান দুৰ্ঘটনাত পুৰীৰ মৃত্যু হৈছিল। তাৰ পিছত ৰাসবিহাৰী বসুক দক্ষিণ পূব এছিয়াৰ প্ৰবাসী ভাৰতীয়সকলৰ আন্দোলনৰ নেতা হিচাপে গ্ৰহণ কৰা হৈছিল। পিছত পৰিষদে বেংকক সন্মিলনত অংশগ্ৰহণ কৰিবলৈ প্ৰতিনিধি প্ৰেৰণ কৰিছিল।৭

তথ্যসূত্ৰ

  1. ↑ Bhargava 1982, পৃ. 210
  2. ↑ Corr 1975, পৃ. 105,106
  3. ↑ Kratoska 2002, পৃ. 173
  4. ↑ Ghosh 1969, পৃ. 41,42
  5. ↑ Bose 1975, পৃ. 289
  6. ↑ Kratoska 2002, পৃ. 174
  7. ↑ Kratoska 2002, পৃ. 175,176

সম্পৰ্কিত শ্ৰেণী

ৰাজনৈতিক দল

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইণ্ডিয়ান নেচনেল কাউন্সিল” প্ৰবন্ধৰ সংশোধন ৩৮৬১৭৩ (৬ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।