অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

অসম সন্মিলিত মৰ্চা

অসম সন্মিলিত মৰ্চা (ইংৰাজী: Asom Sonmilito Morcha, চমুকৈ এএছএম বা ASM) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ এক প্ৰধান বিৰোধী ৰাজনৈতিক দলজোট। ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃত্বত অসমৰ কেইবাটাও আঞ্চলিক আৰু বাওঁপন্থী ৰাজনৈতিক দলে বিজেপি নেতৃত্বাধীন মিত্ৰজোটৰ বিৰুদ্ধে একত্ৰিত হৈ এই মৰ্চা গঠন কৰে।

হালনাগাদ: ২১ আগষ্ট ২০২৬ ১৯০ শব্দ · ১ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

অসম সন্মিলিত মৰ্চা (ইংৰাজী: Asom Sonmilito Morcha, চমুকৈ এএছএম বা ASM) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ এক প্ৰধান বিৰোধী ৰাজনৈতিক দলজোট। ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃত্বত অসমৰ কেইবাটাও আঞ্চলিক আৰু বাওঁপন্থী ৰাজনৈতিক দলে বিজেপি নেতৃত্বাধীন মিত্ৰজোটৰ বিৰুদ্ধে একত্ৰিত হৈ এই মৰ্চা গঠন কৰে। ৰাষ্ট্ৰীয় পৰ্যায়ত এই মৰ্চাৰ অধিকাংশই ভাৰতীয় জাতীয় উন্নয়নমূলক অন্তৰ্ভুক্তিমূলক মৰ্চা (I.N.D.I.A.)-ৰ অংশীদাৰ।

ইতিহাস

২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ নেতৃত্বত গঠিত হোৱা 'মহাজোঁট'ৰ পৰৱৰ্তী পৰ্যায় হিচাপে এই মৰ্চাৰ ভেটি গঢ় লৈ উঠে। ২০২৪ চনৰ লোকসভা নিৰ্বাচন আৰু উপ-নিৰ্বাচনৰ পাছত বিৰোধী শক্তিসমূহক অধিক সুসংহত কৰাৰ উদ্দেশ্যে এই মৰ্চাক ন-ৰূপত 'অসম সন্মিলিত মৰ্চা' হিচাপে নামকৰণ কৰা হয়।

মতাদৰ্শ

মৰ্চাৰ মূল নীতি আৰু উদ্দেশ্যসমূহ হ’ল:

  • কা (CAA)-ৰ সম্পূৰ্ণ বিৰোধিতা আৰু অসম চুক্তিৰ ৬ নং দফাৰ কাৰ্যকৰীকৰণ।
  • অসমৰ খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ সাংবিধানিক সুৰক্ষা।
  • গণতান্ত্ৰিক আৰু ধৰ্মনিৰপেক্ষ মূল্যবোধ ৰক্ষা কৰা।
  • কৃষক, শ্ৰমিক আৰু যুৱক-যুৱতীসকলৰ অৰ্থনৈতিক উন্নয়ন।

সদস্য দলসমূহ

অসম সন্মিলিত মৰ্চাৰ অন্তৰ্গত প্ৰধান দলসমূহ:

নেতৃত্ব

  • চেয়াৰমেন: গৌৰৱ গগৈ
  • সভাপতি: অজিত কুমাৰ ভূঞা
  • সাধাৰণ সম্পাদক: লুৰীণজ্যোতি গগৈ

লগতে চাওক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসম সন্মিলিত মৰ্চা” প্ৰবন্ধৰ সংশোধন ৬২৯৬৮৩ (২১ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।