অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

অসম বিদ্যুৎ নিয়ামক আয়োগ

অসম বিদ্যুৎ নিয়ামক আয়োগ (Assam Electricity Regulatory Commission, AERC) হৈছে অসম চৰকাৰৰ এটি নিয়ামক সংস্থা, যিয়ে অসমৰ বিদ্যুৎ শক্তিৰ উৎপাদন, সংবহন আৰু বিতৰণৰ লগত জড়িত কেতবোৰ নীতি প্ৰতিষ্ঠা, নিয়ন্ত্ৰণ আৰু পৰিচালনা কৰে।

হালনাগাদ: ১১ অক্টোবৰ ২০২৩ ২১৫ শব্দ · ১ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

অসম বিদ্যুৎ নিয়ামক আয়োগ (Assam Electricity Regulatory Commission, AERC) হৈছে অসম চৰকাৰৰ এটি নিয়ামক সংস্থা, যিয়ে অসমৰ বিদ্যুৎ শক্তিৰ উৎপাদন, সংবহন আৰু বিতৰণৰ লগত জড়িত কেতবোৰ নীতি প্ৰতিষ্ঠা, নিয়ন্ত্ৰণ আৰু পৰিচালনা কৰে। বিভিন্ন স্তৰত বিদ্যুতৰ পাইকাৰী আৰু খুচুৰা নিৰিখ ধাৰ্য কৰাটো সংস্থাটোৰ মূল কৰ্তব্য। বিদ্যুৎ আইন, ২০০৩ৰ অধিনিয়ম ৮৬ৰ অধীনত আয়োগে তেওঁলোকৰ দায়িত্বসমূহ পালন কৰি আহিছে। আয়োগে আন্তঃৰাজ্যিক বিদ্যুৎ সংবহনৰ প্ৰক্ৰিয়াটোকো গতিপ্ৰদান কৰে। প্ৰয়োজনীয় বিদ্যুৎ বিভৱ বা ভল্টেজত গ্ৰাহকসকলে যাতে অবিৰতভাৱে বিদ্যুৎ সেৱা লাভ কৰে, তাৰ বাবে আয়োগে এক নিশ্চিতি প্ৰদান কৰে।১২ সুভাষ চন্দ্ৰ দাস বৰ্তমান আয়োগৰ অধ্যক্ষ।৩৪

কৰ্তব্য আৰু দায়িত্ব

আয়োগৰ দুটামান গুৰুত্বপূৰ্ণ কৰ্তব্য আৰু দায়িত্ব হৈছে-

  • ৰাজ্যৰ ভিতৰুৱা উৎপাদন, বিতৰণ, সংবহন আৰু বিদ্যুতৰ আৱৰ্তন বাবে পাইকাৰী আৰু খুচুৰা মূল্য নিৰ্ধাৰণ কৰা,
  • বিদ্যুত ক্ৰয়ৰ নিয়ামক আৰু বিতৰণ অনুজ্ঞাপত্ৰ সংগ্ৰহকৰণ।
  • আন্তঃৰাজ্যিক বিদ্যুৎ সংবহনৰ সুবিধা প্ৰদান কৰা,
  • ৰাজ্যৰ ভিতৰত বিতৰণ, সংবহনৰ অনুজ্ঞাপত্ৰ বিচৰা ব্যক্তিবিশেষ আৰু বিদ্যুৎ ব্যৱসায়ীক অনুজ্ঞাপত্ৰ প্ৰদান কৰা,
  • সহ-উৎপাদনৰ বাবে উদ্গনি জনোৱা,
  • বিদ্যুৎ আইন ২০০৩ৰ অধিনিয়ম ৭৯ৰ অধীনত অনুচ্ছেদ(h)ৰ উপ-অনুচ্ছেদ (1)ৰ ৰাজ্যৰ সংগতি ৰাখি ৰাজ্যৰ বাবে গ্ৰীড কোড নিৰ্ধাৰণ কৰা,
  • শক্তি উদ্যোগৰ প্ৰতিযোগিতা, সক্ষমতা আৰু বিত্তীয় গতিবিধিক প্ৰসাৰ কৰিবলৈ ৰাজ্য চৰকাৰক পৰামৰ্শ দিয়া,
  • শক্তি উদ্যোগত বিনিয়োগৰ প্ৰসাৰ কৰিবলৈ ৰাজ্য চৰকাৰক পৰামৰ্শ দিয়া,
  • ৰাজ্যৰ শক্তি উদ্যোগৰ পুনৰ্গঠনৰ বাবে ৰাজ্য চৰকাৰক পৰামৰ্শ দিয়া, ইত্যাদি১

লগতে চাওক

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Functions of the Commission. AERC
  2. ↑ Mission and Vission. AERC
  3. ↑ Key Officials of AERC. AERC
  4. ↑ Chairperson. AERC

সম্পৰ্কিত শ্ৰেণী

অসমৰ চৰকাৰী সংস্থা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসম বিদ্যুৎ নিয়ামক আয়োগ” প্ৰবন্ধৰ সংশোধন ৩৮৬৯৮৩ (১১ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।