অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

অগাষ্টা কালোচ ক্ৰীষ্টি

অগাষ্টা কালোচ ক্ৰীষ্টি (Augusta Kalloch Christie; ২৮ অক্টোবৰ ১৮৮৭ – ২২ জানুৱাৰী ১৯৮১) এগৰাকী আমেৰিকান শিক্ষাবিদ আৰু ৰাজনীতিবিদ আছিল। ১৯৫২ চনৰ পৰা ১৯৬৪ চনলৈকে মেইন হাউছ অৱ ৰিপ্ৰেজেণ্টেটিভ আৰু মেইন চেনেট দুয়োটাতে কাৰ্যনিৰ্বাহ কৰা তেওঁ প্ৰথমগৰাকী মহিলা।

হালনাগাদ: ৮ মে’ ২০২৫ ২০৫ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

অগাষ্টা কালোচ ক্ৰীষ্টি (Augusta Kalloch Christie; ২৮ অক্টোবৰ ১৮৮৭ – ২২ জানুৱাৰী ১৯৮১) এগৰাকী আমেৰিকান শিক্ষাবিদ আৰু ৰাজনীতিবিদ আছিল। ১৯৫২ চনৰ পৰা ১৯৬৪ চনলৈকে মেইন হাউছ অৱ ৰিপ্ৰেজেণ্টেটিভ আৰু মেইন চেনেট দুয়োটাতে কাৰ্যনিৰ্বাহ কৰা তেওঁ প্ৰথমগৰাকী মহিলা। ক্ৰীষ্টিয়ে মেইন ৱমেনছ খ্ৰীষ্টান টেম্পেৰেন্স ইউনিয়ন (W.C.T.U.)ৰ সভানেত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। নৰ্দাৰ্ণ মেইন কমিউনিটি কলেজৰ এটা অট্টালিকাৰ নাম তেওঁৰ সন্মানত নামকৰণ কৰা হৈছে।

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

মেইনৰ এছলেণ্ডত ক্ৰীষ্টিৰ জন্ম হৈছিল। তেওঁৰ পিতৃ-মাতৃ আছিল ৰুফাছ জি কালোচ আৰু মাৰ্থা জান (চেণ্ডলাৰ) কালোচ। প্ৰেস্কু আইল হাইস্কুল আৰু আৰুষ্টুক ষ্টেট নৰ্মেল স্কুলত পঢ়িছিল।১

কৰ্মজীৱন

এছলেণ্ডৰ আশে-পাশে থকা গ্ৰাম্য বিদ্যালয়ত শিক্ষকতা কৰি ক্ৰীষ্টিয়ে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। পিছলৈ তেওঁৰ কেৰিয়াৰ ব্যৱসায়িক কেৰিয়াৰলৈ পৰিৱৰ্তিত হয় আৰু তেওঁ বেংগৰৰ বিল স্কুল অৱ শ্বৰ্টহেণ্ডত অধ্যয়ন কৰে। স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত ৱালটাৰ আৰ ক্ৰীষ্টিৰ সৈতে বিবাহপাশত আবদ্ধ হোৱালৈকে প্ৰেস্কু আইলত আলু ব্যৱসায়ী এজনৰ ওচৰত কাম কৰিছিল।১১৯৬১ চনত যেতিয়া প্ৰেস্কু আইলৰ সামৰিক ঘাটিটো বন্ধ হৈ যায়, তেতিয়া ক্ৰীষ্টীয়ে পূৰ্বৰ ঘাটিটোৰ মাটিৰ অংশত বৰ্তমানৰ নৰ্দাৰ্ণ মেইন কমিউনিটি কলেজ স্থাপন কৰা এল ডি ১৫৪২ আগবঢ়াই পাছ কৰাত সহায় কৰে।২

ৰাজনৈতিক কেৰিয়াৰ

১৯৫২ চনত মেইন হাউছ অৱ ৰিপ্ৰেজেণ্টেটিভলৈ নিৰ্বাচিত হোৱা ক্ৰীষ্টিয়ে চাৰিটা কাৰ্যকাল কাৰ্যনিৰ্বাহ কৰে। তেওঁ সুৰা নিয়ন্ত্ৰণ সমিতিৰ সদস্য আছিল আৰু শেষৰ কাৰ্যকালত ইয়াৰ গৃহ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ক্ৰীষ্টিয়ে সুৰা বিলৰ বিৰোধিতা কৰিছিল আৰু সুৰা, জুৱা আৰু প্ৰতিকূল শ্ৰম আইনসমূহৰ বিৰুদ্ধে আইন প্ৰণয়নৰ সমৰ্থন কৰিছিল। ১৯৬১ চনত মেইন চেনেটলৈ নিৰ্বাচিত হয় আৰু তাত তেওঁ দুটা কাৰ্যকাল কাৰ্যনিৰ্বাহ কৰে। তেওঁৰ কাৰ্যকালত ৰাজ্য চৰকাৰৰ সমিতিৰ সদস্য আছিল আৰু আৰুষ্টুক কাউণ্টিৰ প্ৰতিনিধি দলৰ অধ্যক্ষ আছিল।১

তথ্যসূত্ৰ

  1. ↑ Augusta Kalloch Christie. Kalloch Family Reunion Association
  2. ↑ (2023-07-02). NMCC History - AK Christie Building

সম্পৰ্কিত শ্ৰেণী

আমেৰিকা যুক্তৰাষ্ট্ৰৰ নাৰী অধিকাৰ কৰ্মীশিক্ষাবিদৰাজনীতিবিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অগাষ্টা কালোচ ক্ৰীষ্টি” প্ৰবন্ধৰ সংশোধন ৫০৬৯৭২ (৮ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।