অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

অৰুন্ধতী স্বৰ্ণ আঁচনি

অৰুন্ধতী স্বৰ্ণ আঁচনি (Arundhati Gold Scheme) মহিলা সৱলীকৰণৰ বাবে অসম চৰকাৰৰ এক আঁচনি। অসম চৰকাৰে বিত্তীয় বৰ্ষ ২০১৯-২০ চনত আঁচনিখন প্ৰৱৰ্ত্তন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। এই আঁ‌চনিৰ জৰিয়তে বিবাহিত দম্পতীলৈ চৰকাৰে সোণ কিনিবলৈ ৪০ হাজাৰ টকা অনুদান আগবঢ়ায়।

হালনাগাদ: ৫ অক্টোবৰ ২০২৩ ৬০২ শব্দ · ৩ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

অৰুন্ধতী স্বৰ্ণ আঁচনি (Arundhati Gold Scheme) মহিলা সৱলীকৰণৰ বাবে অসম চৰকাৰৰ এক আঁচনি। অসম চৰকাৰে বিত্তীয় বৰ্ষ ২০১৯-২০ চনত আঁচনিখন প্ৰৱৰ্ত্তন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। এই আঁ‌চনিৰ জৰিয়তে বিবাহিত দম্পতীলৈ চৰকাৰে সোণ কিনিবলৈ ৪০ হাজাৰ টকা অনুদান আগবঢ়ায়।১ ২০২০ চনৰ ২৪ ছেপ্টেম্বৰ তাৰিখে তদানীন্তন অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়ায়ে বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণ আৰু ৰাজহ মন্ত্ৰী যোগেন মোহন উপস্থিতিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আঁচনিখনৰ শুভাৰম্ভ কৰিছিল।২অৰুন্ধতী স্বৰ্ণ আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা (পঞ্জীয়ন) বিভাগে মুখ্য বিভাগ হিচাপে ভূমিকা প্ৰদান কৰে।৩

উদ্দেশ্য

অসমত যৌতুক প্ৰথাৰ প্ৰচলন নাই তথাপিও কন্যা সন্তানৰ বিৱাহৰ সময়ত অভিভাৱক সকলে নিজ কন্যাক কিছু ব্যৱহাৰোপযোগী সামগ্ৰী দিবলৈ হেঁপাহ পুহি ৰাখে। অভিভাৱক সকলে তেওঁলোকৰ সামাজিক আৰু অৰ্থনৈতিক স্থিতি নিৰ্বিশেষে নিজ সন্তানক মৰম, ভালপোৱা, আশীৰ্বাদৰ উপৰিও সামান্য পৰিমাণে হ'লেও উপহাৰ দিব বিচাৰে। কিন্তু আৰ্থিক দৈন্যৰ বাবে ইচ্ছা কৰিও কোনো কোনো পিতৃ-মাতৃয়ে তেওঁলোকৰ আশা পূৰণ কৰিব নোৱাৰে।১ সোণ বা সোণৰ গহণাক যিহেতু মাংগলিক বা মূল্যবান ধাতু হিচাপে গণ্য কৰা হয়, সেইবাবে অভিভাৱকে নিজ কন্যাৰ সামাজিক আৰু আৰ্থিক স্থিতি বঢ়াবলৈ সোণৰ অলংকাৰ উপহাৰ হিচাপে প্ৰদান কৰে। এই উদ্দেশ্য আগত ৰাখি আৰ্থিক দৈন্যৰ বাবে যিসকল অভিভাৱকে নিজ কন্যা সন্তানক সোণৰ গহণা উপহাৰ হিচাপে দিবলৈ অসুবিধাৰ সন্মুখীন হোৱা পৰিলক্ষিত হোৱা অভিভাৱকসকলক সামান্য পৰিমাণে সকাহ আগবঢ়োৱাই হ'ল এই আঁচনিখনৰ মূল লক্ষ্য।৪৩

যোগ্যতা

অৰুন্ধতী আঁচনিৰ জৰিয়তে লাভৱান হ'বলৈ হলে যোগ্যতাৰ মাপকাঠী ধাৰ্য কৰা হৈছে। সেইকেইটা হৈছে:১

  1. বিবাহ পঞ্জীয়নৰ সময়ত দৰা-কইনাৰ ন্যূনতম বয়স ক্ৰমে ২১ আৰু ১৮ বছৰ হ'ব লাগিব।
  2. আবেদনকাৰীৰ বিবাহ, বিশেষ বিবাহ আইন, ১৯৫৪ৰ অধীনত পঞ্জীয়নভূক্ত হ'ব লাগিব।
  3. আবেদনকাৰীগৰাকী ২০১৯ চনৰ ১ ডিচেম্বৰত বা তাৰ পিছত বিবাহ সম্পন্ন কৰা হ'ব লাগিব।
  4. আবেদনকাৰীগৰাকীয়ে ২০২০ চনৰ ১ জানুৱাৰীত বা তাৰ পিছত বিবাহৰ বাবে পঞ্জীয়ন কৰিব লাগিব।
  5. আবেদনকাৰী কন্যাগৰাকীয়ে বিবাহ পঞ্জীয়নৰ বাবে কৰা আবেদনৰ দিনাখন অৰুন্ধতী স্বৰ্ণ উপহাৰ আঁচনিৰ অধীনত পাবলগীয়া লাভালাভৰ বাবে আবেদন কৰিব লাগিব।
  6. আবেদনকাৰী কন্যাগৰাকীৰ পিতৃ-মাতৃৰ বাৰ্ষিক আয় ৫ লাখ টকাতকৈ কম হ'ব লাগিব।
  7. এই লাভালাভৰ সুবিধা আবেদনকাৰী কন্যাগৰাকীৰ প্ৰথম বিবাহৰ ক্ষেত্ৰতহে প্ৰযোজ্য হ'ব।
  8. ৰাজ্যখনৰ আদিবাসী সম্প্ৰদায়সমূহ আৰু চাহ জনজাতি লোকসকলৰ বাহিৰে, অন্যান্য সকলো সম্প্ৰদায়ৰ দৰা-কইনাৰ ন্যূনতম শিক্ষাগত অৰ্হতা হাইস্কুল শিক্ষান্ত পৰীক্ষা বা সমপৰ্যায়ৰ পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব।৫
  9. পৰৱৰ্ত্তী পাঁচ বছৰৰ বাবে আদিবাসী সম্প্ৰদায়কে সামৰি চাহ জনজাতিৰ লোকসকলৰ ক্ষেত্ৰত কোনো ন্যূনতম শিক্ষাগত অৰ্হতাৰ প্ৰয়োজন নাই, কিয়নো অসমৰ বেছিভাগ চাহ বাগিচাতে হাইস্কুলৰ সুবিধা নাই।৬

এই যোগ্যতা সমূহ পূৰণ কৰা জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে নৱবিবাহিত দম্পতীয়ে আঁচনিখনৰ অধীনত আবেদেন কৰিলে তেওঁলোকৰ সহায় হোৱাকৈ সোণ ক্ৰয় কৰিবলৈ ৪০,০০০ লাভ কৰিব।৪

প্ৰয়োজনীয় নথি-পত্ৰ

আবেদনকাৰী কন্যাগৰাকীৰ যোগ্যতাৰ মাপকাঠী নিৰ্ণয় কৰিবলৈ প্ৰয়োজন হোৱা নথি-পত্ৰঃ১

  • বয়সৰ প্ৰমাণৰ বাবে নথি
    • চাহ জনজাতি আৰু আদিবাসী সম্প্ৰদায়ক বাদ দি বয়সৰ প্ৰমাণ স্বৰূপে হাইস্কুল শিক্ষান্ত পৰীক্ষা বা সমপৰ্যায়ৰ পৰীক্ষাত উত্তীৰ্ণৰ প্ৰমাণ পত্ৰ, যাৰ দ্বাৰা কইনাৰ বয়স আইনৰ দৃষ্টিত কইনাৰ বয়স ১৮ বছৰ আৰু দৰাৰ বয়স ২১ বছৰ বুলি প্ৰমাণ হ’ব তেনে নথি গ্ৰহণ কৰা হয়।
    • আদিবাসী সম্প্ৰদায়কে সামৰি চাহ জনজাতিৰ ক্ষেত্ৰত বিশেষ বিবাহ আইন, ১৯৫৪ৰ অধীনত কইনা আৰু দৰাৰ বয়স ক্ৰমে ১৮ আৰু ২১ বছৰ বুলি প্ৰতিপন্ন কৰিবলৈ বিবাহ পঞ্জীয়নৰ সময়ত বয়সৰ প্ৰমাণ হিচাপে জাননীকৃত কৰ্তৃপক্ষই প্ৰদান কৰা দৰা আৰু কইনা দুয়োৰে জন্মৰ প্ৰমাণ পত্ৰ বা কোনো শিক্ষাগত প্ৰমাণ পত্ৰ নাইবা উপযুক্ত কৰ্তৃপক্ষৰ দ্বাৰা স্বাস্থ্য পৰীক্ষাৰ জৰিয়তে লাভ কৰা প্ৰমাণ পত্ৰ জমা দিব লাগিব।৬
  • বিশেষ বিবাহ (অসম) আইন, ১৯৫৪ৰ চতুৰ্থ অনুসূচীত সন্নবিষ্ট প্ৰ-পত্ৰত, বিবাহ বিষয়াৰ দ্বাৰা জাৰী কৰা বিবাহৰ প্ৰমাণ পত্ৰৰ প্ৰত্যয়িত প্ৰতিলিপি।
  • কন্যাগৰাকীয়ে তেওঁৰ পিতৃ-মাতৃৰ সৈতে স্থায়ীভাবে বসবাস কৰা এলেকাৰ চক্ৰ বিষয়া গৰাকীয়ে কন্যাৰ পিতৃ-মাতৃৰ আয়ৰ প্ৰমাণ পত্ৰ সংস্কৰণ কৰে।
  • হিতাধিকাৰীগৰাকীৰ বেংক একাউণ্টৰ বিৱৰণ/বেংক পাচবুকৰ প্ৰতিলিপি।৬
  • আবেদনকাৰী কন্যাগৰাকীৰ এইখনেই প্ৰথম বিয়া বুলি তেওঁৰ পিতৃ-মাতৃৰ সৈতে স্থায়ীভাবে বসবাস কৰা ঠাইখনৰ গাওঁবুঢ়া/মৌজাদাৰে প্ৰমাণ পত্ৰ প্ৰদান কৰিব লাগিব।১৪

আবেদন প্ৰক্ৰিয়া

আবেদনকাৰীয়ে বিশেষ বিবাহ আইন, ১৯৫৪ৰ অধীনত, বিবাহৰ পঞ্জীয়নৰ বাবে আবেদন কৰাৰ দিনাই অৰুন্ধতী স্বৰ্ণ আঁচনিৰ বাবেও আবেদন কৰিব লাগিব। বিবাহ পঞ্জীয়নৰ বাবে আবেদন কৰা, বিবাহ পঞ্জীয়ন সম্পৰ্কীয় বিষয়াৰ কাৰ্যালয়ত বিবাহৰ আবেদনৰ সৈতে শাৰীৰিক আবেদনৰ প্ৰপত্ৰ পূৰণ কৰি আবেদনকাৰীৰ দ্বাৰা জমা দিব লাগিব।৬ আবেদনকাৰীয়ে, অৰুন্ধতী স্বৰ্ণ আঁচনিৰ অধীনত লাভালাভৰ বাবে দাবী জনাবলৈ এখন অনলাইন প্ৰপত্ৰও জমা দিব লাগিব। অনলাইন আবেদন প্ৰপত্ৰখন ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা (পঞ্জীয়ন) বিভাগৰ ৱেবচাইটত উপলব্ধ।১৪

প্ৰপত্ৰখন জমা দিয়াৰ আগতে আবেদনকাৰীয়ে প্ৰপত্ৰখনৰ এখন প্ৰতিলিপি উলিয়াব লাগিব আৰু তাত উল্লিখিত ঘোষণা পত্ৰত স্বাক্ষৰ কৰাৰ লগতে সম্পৰ্কীয় বিবাহ পঞ্জীয়ন বিষয়াৰ কাৰ্যালয়ত ওপৰোক্ত “ডি” নম্বৰ দফাত সূচীবদ্ধ সকলো নথিৰ এখন প্ৰতিলিপিৰ সৈতে সোঁ-শৰীৰে গৈ জমা দিব লাগিব।৬ অৰুন্ধতী স্বৰ্ণ আঁচনি আৰু ইয়াৰ সৈতে সংলগ্ন বিষয়সমূহৰ অধীনত আবেদন পত্ৰ জমা দিব পৰা উপ পঞ্জীয়কৰ কাৰ্যালয়ৰ তালিকা সন্দৰ্ভত, নিৰ্দেশনাৱলীৰ “পি” নম্বৰ দফাত উল্লেখ কৰা হৈছে। আবেদনকাৰীয়ে, আবেদন পত্ৰ জমা দিয়া সম্পৰ্কীয় বিবাহ পঞ্জীয়ন বিষয়াৰ কাৰ্যালয়ৰ পৰা আবেদন পত্ৰ আৰু আৱশ্যকীয় নথি জমা দিয়াৰ পিছত এখন ৰচিদ লাভ কৰিব। আবেদন পত্ৰ গ্ৰহণ বা বৰ্জনৰ তথ্য সম্পৰ্কে আবেদনকাৰীক এছ.এম.এছ বা মেইল যোগে (অনলাইন আবেদন পত্ৰত প্ৰদান কৰা মোবাইল নম্বৰ বা মেইলৰ আধাৰত)সূচিত কৰিব। যদি আবেদন পত্ৰখন সম্পৰ্কীয় বিবাহ পঞ্জীয়ন বিষয়াৰ দ্বাৰা স্বীকাৰ কৰা হয়, তেন্তে আঁচনিখনৰ অধীনত লাভ কৰিবলগীয়া ধনৰাঁশি আবেদনকাৰীৰ বেংক একাউণ্টলৈ প্ৰত্যক্ষ লাভালাভ স্থানান্তৰ প্ৰক্ৰিয়াৰ মাধ্যমেৰে, পঞ্জীয়ক মহানিৰীক্ষকৰ জৰিয়তে প্ৰেৰণ কৰা হ’ব। এই ক্ষেত্ৰত, অনলাইন প্ৰপত্ৰত উল্লিখিত বিবৰণ অনুসৰি বেংক একাউণ্ট সংখ্যাৰ সৈতে প্ৰদান কৰা আই.এফ.এছ.চি কোডৰ সামঞ্জস্য থকাটো বাঞ্চণীয়।১৪

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ অৰুন্ধতী স্বৰ্ণ আঁচনি
  2. ↑ অৰুন্ধতী স্বৰ্ণ আঁচনিৰ শুভাৰম্ভণি
  3. ↑ Arundhati Gold Scheme
  4. ↑ Arundhati Gold Yojona
  5. ↑ অৰুন্ধতী স্বৰ্ণ আঁচনিত অনুমোদন কেবিনেটৰ; কইনাৰ বছৰি আয় ৫ লাখ টকাৰ তলত হ’ব লাগিব
  6. ↑ Arundhati Gold Yojona

সম্পৰ্কিত শ্ৰেণী

অসম চৰকাৰৰ আঁচনি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অৰুন্ধতী স্বৰ্ণ আঁচনি” প্ৰবন্ধৰ সংশোধন ৩৮৪৭৩৪ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।