অৰুণোদয় আঁচনি (Orunodoi Scheme) হৈছে ২০২০ চনৰ ২ অক্টোবৰ তাৰিখে অসম চৰকাৰৰ দ্বাৰা উন্মোচিত এখন আঁচনি।১ অৰুণোদয় আঁচনিৰ জৰিয়তে মহিলাসকলৰ স্বাস্থ্য আৰু পৰিপুষ্টিগত অভাৱ পূৰণৰ বাবে আৰু চিকিৎসা সম্বন্ধীয় খৰচৰ বাবে অসম চৰকাৰে আৰ্থিক সাহায্য প্ৰদান কৰে, আৰু এই আঁচনি মহিলা সবলীকৰণৰ ক্ষেত্ৰত এক পদক্ষেপ হিচাপে ঘোষিত হৈছে।২ আচঁনিখনৰ উন্মোচনৰ সময়ত চৰকাৰীভাৱে প্ৰচাৰিত ঘোষণাপত্ৰৰ জৰিয়তে কোৱা হৈছিল যে, এই আঁচনিখনৰ জৰিয়তে ৰাজ্যত বাস কৰা প্ৰায় ১৭ লাখ পৰিয়ালক প্ৰত্যক্ষ লাভালাভ স্থানান্তৰণ পদ্ধতিৰ মাধ্যমেৰে প্ৰতি মাহে ৮৩০ টকাৰ বিত্তীয় অনুদান প্ৰদান কৰা হ'ব। ২০২০ চনৰ অক্টোবৰ মাহৰ আৰম্ভণিৰ পৰা প্ৰতি মাহৰ প্ৰথম দিনা তেওঁলোকে ধন লাভ কৰি আহিছে। উল্লেখনীয় যে, চৰকাৰৰ ঘোষিত নীতি অনুসৰি পৰিয়ালৰ মুখ্য তত্ত্বাৱধায়ক মহিলা গৰাকীক আঁচনিৰ হিতাধিকাৰী হিচাপে গণ্য কৰা হয়।৩
আঁচনিৰ বিৱৰণ
২০২০ চনৰ ১ ডিচেম্বৰ তাৰিখে কামৰূপ (গ্ৰাম্য) জিলাৰ আমিনগাঁও নুমলী জলাহ পেৰেড গ্ৰাউণ্ডত অনুষ্ঠিত এক চৰকাৰী কাৰ্য্যসূচীত অসমৰ তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিৰ শুভাৰম্ভ কৰে।৪৫ চৰকাৰী বিৱৰণ অনুসৰি হিতাধিকাৰীসকলক ঔষধ ক্ৰয়ৰ বাবে ৪০০ টকা, ৪ কিলোগ্ৰাম দাইলজাতীয় খাদ্য আৰু ৪ কিলোৰাম চেনিৰ বাবদ ৫০% ৰাজসাহায্যৰ হাৰত ক্ৰমে ২০০ টকা আৰু ৮০ টকা, আৰু শাক-পাচলি আৰু ফল-মূলৰ ক্ৰয়ৰ বাবে ১৫০ টকা ধাৰ্য্য কৰা হৈছে।১ উল্লেখনীয় যে, এই আঁচনিখনে অসমৰ বড়োলেণ্ড টেৰিট'ৰিয়েল ৰিজ'ন (বিটিআৰ)ৰ অন্তৰ্গত ৪খন জিলাৰ ব্যতিৰেকে অসমৰ আন সকলো জিলাকে সাঙুৰি লয়।
চৰকাৰৰ দ্বাৰা ঘোষিত নীতি অনুসৰি, অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলক নিৰ্বাচন কৰিবলৈ একোখন জিলা পৰ্য্যায়ৰ নিৰীক্ষণ সমিতি থাকিব। হিতাধিকাৰীৰ প্ৰাথমিক নিৰ্বাচন যোগ্যতা বা অযোগ্যতা চুক্তিৰ ভিত্তিত গাঁও পঞ্চায়ত, গ্ৰাম্য পৰিষদ উন্নয়ন সমিতি, নগৰ স্থানীয় সংস্থা পৰ্যায়ত কৰা হ'ব। অবিবাহিত, বিবাহ বিচ্ছেদ হোৱা, স্বামীহাৰা তথা দিব্যাংগ লোক থকা দৰিদ্ৰ পৰিয়ালৰ হিতাধিকাৰীয়ে মাহেকৰ ৰেচনৰ সামগ্ৰী আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয় কৰাৰ বাবে এই ধন পাব। এই ধনৰাশিৰ ফলত বছৰত অতিৰিক্ত ১০,০০০ টকা উপাৰ্জন হ’ব পৰিয়ালটোৰ। অৰুণোদয় আঁচনিৰ সুবিধা হিতাধিকাৰী পৰিয়ালৰ ঘৰৰ বাহিৰত বিভাগীয় চৰকাৰৰ ল'গ’ লগোৱা থাকিব। চৰকাৰৰ ঘোষণা অনুসৰি, এই আঁচনিৰ কাৰণে চৰকাৰে বাৰ্ষিক বাজেটত মুঠ ২৮০০ কোটি টকা ধাৰ্য কৰিছে।১
২০২১ চনৰ ১৬ জুলাই তাৰিখে অসম চৰকাৰৰ দ্বাৰা প্ৰস্তাৱিত ২০২১-২০২২ বৰ্ষৰ বিত্তীয় বাজেটত অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলে পাবলগা ধনৰ পৰিমাণ ৮৩০ টকাৰ পৰা ১০০০ টকালৈ বৃদ্ধি কৰা হৈছে।২৬
বৰ্তমান অৰুণোদয় আঁচনিৰ ধন ১২৫০ টকালৈ বৃদ্ধি কৰিছে।
তথ্যসূত্ৰ
- ↑ অসম অৰুণোদয় আঁচনি. অসম চৰকাৰ
- ↑ (১৬ জুলাই, ২০২১). বাজেট ২০২১-২২: অৰুণোদয় আঁচনিৰ ধন ৮৩০ টকাৰ পৰা ১০০০ টকালৈ বৃদ্ধি. নিয়মীয়া বাৰ্তা, প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেড
- ↑ (১৪ আগষ্ট, ২০২০). অসম চৰকাৰৰ বিত্ত বিভাগৰ দ্বাৰা জাৰিকৃত অৰুণোদয় আঁচনিৰ জাননী. অসম চৰকাৰৰ বিত্ত বিভাগ
- ↑ (১ ডিচেম্বৰ, ২০২০). অসম চৰকাৰৰ অৰুণোদয় আঁচনিৰ আনুষ্ঠানিক শুভাৰম্ভ. নিউজ লাইভ টি ভি, প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটে
- ↑ (১ ডিচেম্বৰ, ২০২০). মাহেকত ৮৩০ টকাকৈ একাউণ্টত পাব ৰাজ্যৰ মহিলাসকলে, অভিলাষী অৰুণোদয় আঁচনি উদ্বোধন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ. নিউজ ১৮ অসম, নৰ্থ ইষ্ট
- ↑ (২০ আগষ্ট, ২০২১). অৰুণোদয় আঁচনিৰ ধন ১০০০ টকালৈ বৃদ্ধি, মাইক্ৰ ফাইনেন্সৰ ঋণ মাফৰ সন্দৰ্ভতো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ. নিউজ১৮ অসম-নৰ্থ-ইষ্ট
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অৰুণোদয় আঁচনি” প্ৰবন্ধৰ সংশোধন ৬৩৯৪৫৩ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।