প্ৰশাসনিক সুবিধাৰ বাবে অসমক পাঁচটা প্ৰশাসনিক বিভাগত ভাগ কৰা হৈছে। এই প্ৰশাসনিক বিভাগ বোৰকে সংমণ্ডল বোলা হয়। প্ৰতিটো সংমণ্ডল কেইখনমান জিলাৰ সমষ্টি। এই বিভাগ সমূহ সংমণ্ডলীয় কমিছনাৰৰ দ্বাৰা শাসিত।
ইতিহাস
১৮৭৪ চনত চিফ কমিছনাৰছ প্ৰভিডেন্স হিচাপে অসম গঠন কৰা হৈছিল। তেতিয়া অসমৰ ৰাজধানী আছিল শ্বিলং। প্ৰশাসনিক সুবিধাৰ বাবে তেতিয়া অসমক ছয়খন জিলাত বিভক্ত কৰা হয়। সেইকেইখন হল: গোৱালপাৰা, কামৰূপ, শোণিতপুৰ, নগাঁও, শিৱসাগৰ আৰু লখিমপুৰ জিলা। এই গোটেইকেখন জিলা ব্ৰহ্মপুত্ৰ উপত্যকাৰ। তেতিয়া ইয়াক অসম উপত্যকা বুলিও জনা গৈছিল। ১৮৮০ চনত অসম উপত্যকাৰ ন্যায়াধীশ জনক কমিছনাৰ ৰূপে অতিৰিক্ত দায়িত্ব দিয়া হৈছিল।১১৯০৫ চনত অসম উপত্যকাৰ ন্যায়াধীশ আৰু কমিছনাৰৰ কাৰ্যালয় পৃথক কৰা হয়।২ লগতে পাৰ্বত্য জিলা আৰু সুৰমা উপত্যকাৰ প্ৰশাসনৰ বাবে কমিছনাৰৰ কাৰ্যালয় স্থাপন কৰা হয়।৩
সংমণ্ডলৰ তালিকা
পুৰণি সংমণ্ডল (২০১৫ চনলৈ)
| সংমণ্ডলৰ নাম | বিভাগীয় কাৰ্যালয় | অন্তৰ্ভুক্ত জিলা |
|---|---|---|
| পাৰ্বত্য আৰু বৰাক উপত্যকা | দিছপুৰ | কাছাৰ, ডিমা হাছাও, হাইলাকান্দি, কাৰ্বি আংলং, আৰু কৰিমগঞ্জ |
| নামনি অসম | পাণবজাৰ | বাক্সা, বৰপেটা, বঙাইগাঁও, চিৰাং, ধুবুৰী, গোৱালপাৰা, নলবাৰী, কামৰূপ মেট্ৰ', কামৰূপ গ্ৰাম্য, আৰু কোকৰাঝাৰ |
| উত্তৰ অসম | তেজপুৰ | দৰং, মৰিগাঁও, নগাঁও, শোণিতপুৰ, আৰু ওদালগুৰি |
| উজনি অসম | যোৰহাট | ধেমাজি, ডিব্ৰুগড়, গোলাঘাট, যোৰহাট, লখিমপুৰ, শিৱসাগৰ, আৰু তিনিচুকীয়া |
বৰ্তমান সংমণ্ডল
| সংমণ্ডল | বিভাগীয় কাৰ্যালয় | অন্তৰ্ভুক্ত জিলা |
|---|---|---|
| বৰাক উপত্যকা | শিলচৰ | কাছাৰ, হাইলাকান্দি, আৰু কৰিমগঞ্জ |
| মধ্য অসম | নগাঁও | ডিমা হাছাও, হোজাই, পূব কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং, মৰিগাঁও, আৰু নগাঁও |
| নামনি অসম | পাণবজাৰ | বাক্সা, বৰপেটা, বজালী, বঙাইগাঁও, চিৰাং, ধুবুৰী, গোৱালপাৰা, নলবাৰী, কামৰূপ মেট্ৰ', কামৰূপ গ্ৰাম্য, কোকৰাঝাৰ, আৰু দক্ষিণ শালমাৰা মানকাচৰ |
| উত্তৰ অসম | তেজপুৰ | বিশ্বনাথ, দৰং, শোণিতপুৰ, আৰু ওদালগুৰি |
| উজনি অসম | যোৰহাট | চৰাইদেউ, ধেমাজি, ডিব্ৰুগড়, গোলাঘাট, যোৰহাট, লখিমপুৰ, মাজুলী, শিৱসাগৰ, আৰু তিনিচুকীয়া |
প্ৰস্তাৱিত সংমণ্ডল
| সংমণ্ডল | বিভাগীয় কাৰ্যালয় | অন্তৰ্ভুক্ত জিলা |
|---|---|---|
| পাৰ্বত্য অসম | ডিফু | ডিমা হাছাও, পূব কাৰ্বি আংলং, আৰু পশ্চিম কাৰ্বি আংলং |
| বৰাক উপত্যকা | শিলচৰ | কাছাৰ, হাইলাকান্দি, আৰু কৰিমগঞ্জ |
| বড়োলেণ্ড | কোকৰাঝাৰ | বাক্সা, চিৰাং, কোকৰাঝাৰ, আৰু ওদালগুৰি |
| মধ্য অসম | নগাঁও | হোজাই, মৰিগাঁও, আৰু নগাঁও |
| কামৰূপ | পাণবজাৰ | দৰং, কামৰূপ মেট্ৰ', আৰু কামৰূপ গ্ৰাম্য |
| নামনি অসম | বঙাইগাঁও | বৰপেটা, বজালী, বঙাইগাঁও, ধুবুৰী, গোৱালপাৰা, নলবাৰী, আৰু দক্ষিণ শালমাৰা–মানকাচৰ |
| উত্তৰ অসম | তেজপুৰ | বিশ্বনাথ, লখিমপুৰ, আৰু শোণিতপুৰ |
| উজনি অসম | যোৰহাট | চৰাইদেউ, ধেমাজি, ডিব্ৰুগড়, গোলাঘাট, যোৰহাট, মাজুলী, শিৱসাগৰ, আৰু তিনিচুকীয়া |
পৌৰ নিগম
স্বাধীনতা-উত্তৰ কালৰ নগৰ সমূহ
ভাৰতে স্বাধীনতা লাভ কৰা আগৰে পৰা অসমৰ কেইখন ঠাই নগৰ হিচাপে স্বীকৃতি পাইছিল। এই নগৰ সমূহত প্ৰশাসনৰ বাবে পৌৰসভা গঠন কৰা হৈছিল। সেই পুৰণি নগৰ সমূহৰ তালিকা তলত দিয়া হৈছে:৫৬
| ধৰণ | গঠনকাল | নগৰ |
|---|---|---|
| পৌৰসভা | ভাৰতে স্বাধীনতা লাভ কৰাৰ আগত | *গুৱাহাটী৭ *ডিব্ৰুগড়৮ *গোৱালপাৰা৯ *ধুবুৰী১০ *নগাঁও১১ *তেজপুৰ১২ *যোৰহাট১৩ *গোলাঘাট১৪ *শিলচৰ১৫ |
তথ্য উৎস
- Bose, M L. (1985). Development of Administration in Assam. Concept Publishing Company
- Press Trust of India. (October 31, 2015). Assam reorganises different divisions
তথ্যসূত্ৰ
- ↑ "In 1879, Sir Bayley, therefore, proposed to the Government of India that the Judge of Assam Valley to be the ex-officio Commissioner of Assam Valley. High Court objected to the proposal. But Government of India approved the scheme and the Chief Commissioner invested the Judge of Assam with the powers of a Commissioner of a Division." Bose 1985, পৃ. 32
- ↑ Bose 1985, পৃ. 33
- ↑ Bose 1985, পৃ. 36
- ↑ (21 December 2016). Citizens submit memo to Sonowal, The Telegraph (Calcutta – Gauhati). Avik Chakraborty
- ↑ (2005). Urbanisation and Growth of Small Towns in Assam, India. Rinku Manta, Research Scholar, Deptt. of Geography - Gauhati University and Dr. Jnanshree Borah, Associate Professor, Deptt. of Geography: Arya Vidyapeeth and Cotton College - Gauhati University
- ↑ (1921). Report on the Administration of North East India. K. M. Mittal
- ↑ Saikia, Dr Jugal. (8 April 2016). Economics Of Informal Milk Producing Units In Assam – Guwahati municipal region, 1853, reconstituted 1873.''. Notion Press
- ↑ Dibrugarh Municipal Board – Dibrugarh municipal region, 1873.
- ↑ Goalpara Municipal Board-About Us – Goalpara municipal region, 1875.
- ↑ Dhubri Municipal Board – Dhubri municipal region, 1883.
- ↑ Nagaon – History – Nagaon municipal region, 1893.
- ↑ About Municipal Board – Tezpur – Tezpur municipal region, 1894.
- ↑ Jorhat Municipal Board(JBM), Jorhat, Assam – Jorhat municipal region, 1909
- ↑ AGP lists civic poll candidates – Golaghat municipal region, 1920
- ↑ Silchar Municipal Board (Silchar Municipality) Assam – Silchar Karimganj Hailakandi – Silchar municipal region, 1922
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসমৰ সংমণ্ডল” প্ৰবন্ধৰ সংশোধন ৬২১৭৮০ (৩০ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।