ইন্দিৰা মিৰি সৰ্বজনীন বিধৱা পেন্সন আঁচনি (Indira Miri Universal Widow Pension Scheme) মহিলা সৱলীকৰণৰ বাবে অসম চৰকাৰৰ এক আঁচনি। এই আচনি অধীনত ৰাজ্যৰ ১৮ বছৰ বয়সৰ পৰা ৫৯ বছৰ বয়সৰ বিধৱা মহিলাক পেঞ্চন যোগান ধৰা হয়। এই আঁচনিৰ অধীনত শোকসন্তপ্ত পৰিয়ালবোৰৰ ৪৫ বছৰ বয়সলৈকে বিধৱা মহিলালৈ ২৫,০০০ টকাৰ একঁকালীন আৰ্থিক সাহায্য আগবঢ়োৱাৰ লগতে বিধৱা মহিলা গৰাকীৰ ৬০ বছৰ বয়সলৈকে মাহিলী ৩০০ টকাকৈ পেঞ্চন আগবঢ়োৱা হয়। ইন্দিৰা মিৰি সৰ্বজনীন বিধৱা পেন্সন আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত অসমৰ চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে মুখ্য বিভাগ হিচাপে ভূমিকা প্ৰদান কৰে।১
এই পেঞ্চন আঁচনিৰ নাম মেৰেং নামেৰে জনাজাত শিক্ষাবিদ ইন্দিৰা মিৰিৰ নামেৰে নামকৰণ কৰা হৈছে। তেওঁ নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এজেন্সিত শিক্ষাৰ প্ৰচাৰৰ বাবে ভাৰত চৰকাৰৰ পৰা দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী লাভ কৰিছিল।২
আঁচনিৰ বৈশিষ্ট্যসমূহ
২০১৯-২০২০ বৰ্ষৰ বাজেটত এই আঁচনিখন অসমৰ বিত্ত মন্ত্ৰীয়ে আৰম্ভ কৰিছিল। ইন্দিৰা মিৰি সৰ্বজনীন বিধৱা পেন্সন আঁচনি ৰাজ্যখনৰ সকলো পেঞ্চনাৰৰ বাবে তেওঁলোকৰ বিত্তীয় প্ৰয়োজনীয়তা পূৰণ কৰাৰ বাবে লাভজনক হ'ব। অসম চৰকাৰে তাৎক্ষণিক পাৰিবাৰিক সহায় আঁচনিৰ অধীনত ৪০,০০০ পৰিয়ালক সামৰি ল'বলৈ ১৩৬ কোটি টকা আৱণ্টন কৰিছে। এসময়ৰ নিষ্পত্তিৰ উপৰিও, সকলো বিধৱা ৬০ বছৰ বয়সলৈকে ২৫০ টকাৰ মাহিলী পেঞ্চনৰ বাবে যোগ্য হ'ব। পিছলৈ পেঞ্চনৰ পৰিমাণ মাহিলী ৩০০ টকালৈ বৃদ্ধি কৰা হৈছিল। এই আঁচনিখন সমাজৰ দুয়োটা শ্ৰেণীৰ বাবে দৰিদ্ৰতা ৰেখাৰ ওপৰত থকা লোক আৰু দৰিদ্ৰতা ৰেখাৰ তলত থকা লোকসকলৰ বাবে এই আঁচনি প্ৰযোজ্য। আঁচনিৰ অধীনত চৰকাৰে তেওঁলোকৰ বেংক একাউণ্টৰ জৰিয়তে হিতাধিকাৰীসকললৈ পেঞ্চনৰ পৰিমাণ স্থানান্তৰ কৰে।৩ কৰ'নাভাইৰাছ ৰোগ ২০১৯ মহামাৰী ফলত সৃষ্টি হোৱা প্ৰতিকূল পৰিস্থিতিত সমগ্ৰ ৰাজ্য খনত ১,৪৩,৩১৮ গৰাকী বিধৱাক একেলগে চাৰিমাহৰ পেন্সন প্ৰদানেৰে এই আঁচনিৰ শুভাৰম্ভ কৰা হৈছিল।৩
উদ্দেশ্য
এই আঁচনিখনৰ উদ্দেশ্যসমূহ হৈছে:
- মহিলা সকলৰ উন্নত জীৱিকা প্ৰদানৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।
- ৰাজ্যখনৰ নিৰাশ মহিলাসকলক সবল কৰা।
- বৃদ্ধ বয়সৰ মহিলাসকলক সামাজিক আৰু বিত্তীয় সুৰক্ষা প্ৰদান কৰা।
- মহিলাসকলৰ জীয়াই থকা সহজ কৰি তোলা।
- হিতাধিকাৰীক আৰ্থিকভাৱে স্বতন্ত্ৰ জীৱন যাপন কৰিবলৈ প্ৰস্তুত কৰা।৪
যোগ্যতা
এই আঁচনিৰ অধীনত লাভালাভ প্ৰাপ্ত কৰিবলৈ আবেদনকাৰী অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। আবেদনকাৰীৰ বয়স ১৮ৰ পৰা ৬০ বছৰৰ ভিতৰৰ মহিলা সকলৰ এই আঁচনিৰ বাবে যোগ্য। আবেদনকাৰীৰ নাম এপিএল বা বিপিএল তালিকাত পঞ্জীয়ন কৰিব লাগিব। আবেদনকাৰীৰ তেওঁৰ সম্পৰ্কৰ পৰা বিত্তীয় সমৰ্থন থাকিব নালাগে।৫
প্ৰয়োজনীয় নথি-পত্ৰ
এই আঁচনিৰ বাবে আবেদন কৰিব লগা নথিপত্ৰবোৰ নিম্নলিখিত ধৰণৰ:
- ঠিকনাৰ প্ৰমাণ: পঞ্চায়তৰ পৰা বাসস্থানৰ প্ৰমাণৰ প্ৰতিলিপি।
- উপাৰ্জনৰ প্ৰমাণ: পঞ্চায়তৰ পৰা প্ৰাপ্ত আবেদনকাৰীৰ উপাৰ্জনৰ প্ৰমাণপত্ৰৰ প্ৰতিলিপি।
- মৃত্যুৰ প্ৰমাণ: মৃত স্বামীৰ মৃত্যুৰ প্ৰমাণপত্ৰৰ প্ৰতিলিপি।
- আলোকচিত্ৰ: আবেদনকাৰী পাছপোৰ্ট আকাৰৰ আলোকচিত্ৰৰ প্ৰতিলিপি।
- ৰেচন কাৰ্ড: ওপৰৰ দৰিদ্ৰতা ৰেখা আৰু দৰিদ্ৰতা ৰেখাৰ তলৰ ৰেচন কাৰ্ডৰ প্ৰতিলিপি।
- বয়সৰ প্ৰমাণ: আধাৰ কাৰ্ডৰ প্ৰতিলিপি।
- একাউণ্টৰ বিৱৰণ: আবেদনকাৰী বেঙ্কৰ একাউণ্টৰ বিৱৰণ যেনে একাউণ্ট নম্বৰ, আইএফএছচি, শাখাৰ নাম আদিৰ প্ৰতিলিপি৬
আবেদকাৰীয়ে উপযুক্ত প্ৰমাণপত্ৰসহ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ৱেবচাইট বা গাঁও পঞ্চায়তৰ কাৰ্যালয়ৰ পৰা আবেদনপত্ৰ সংগ্ৰহ কৰি আবেদন কৰিব পাৰে।৭
তথ্যসূত্ৰ
- ↑ ইন্দিৰা মিৰি সৰ্বজনীন বিধৱা পেন্সন আঁচনিৰ শুভাৰম্ভ--১,৪৩,৩১৮ গৰাকী হিতাধিকাৰীয়ে লাভ কৰে এই সুবিধা
- ↑ Indira Miri Universal Widow Pension Scheme
- ↑ ইন্দিৰা মিৰি সৰ্বজনীন বিধৱা পেন্সন আঁচনি আৰু ৰাষ্ট্ৰীয় সামাজিক সাহায্য আঁচনিৰ অধীনত ১০,১৪,২৮৭ গৰাকী হিতাধিকাৰীলৈ ৯১.২২ কোটিতকৈ অধিক টকাৰ পেন্সন মুকলি
- ↑ Indira Miri Universal Widow Pension Scheme
- ↑ Assam Indira Miri Universal Widow Pension Scheme Application Form & Complete Details
- ↑ Indira Miri Universal Widow Pension (IMUWP) Yojana
- ↑ Indira Miri Universal Widow Pension Scheme
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা পেন্সন আঁচনি” প্ৰবন্ধৰ সংশোধন ৫১৮৩০৮ (১৬ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।