অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

অৰুণাচল প্ৰদেশ ৰাজ্যিক মহিলা আয়োগ

অৰুণাচল প্ৰদেশ ৰাজ্যিক মহিলা আয়োগ (Arunachal Pradesh State Commission for Women) হৈছে অৰুণাচল প্ৰদেশ ৰাজ্যৰ মহিলাৰ বিৰুদ্ধে অপৰাধ সম্পৰ্কীয় বিষয়সমূহ মোকাবিলা কৰিবলৈ ১৯৯৩ চনত গঠন কৰা এক বিধিগত সংস্থা। অৰুণাচল প্ৰদেশ চৰকাৰে অৰ্ধ-ন্যায়িক সংস্থা হিচাপে এই আয়োগ গঠন কৰিছিল৷

হালনাগাদ: ৫ জুলাই ২০২৬ ৪০০ শব্দ · ২ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

অৰুণাচল প্ৰদেশ ৰাজ্যিক মহিলা আয়োগ (Arunachal Pradesh State Commission for Women) হৈছে অৰুণাচল প্ৰদেশ ৰাজ্যৰ মহিলাৰ বিৰুদ্ধে অপৰাধ সম্পৰ্কীয় বিষয়সমূহ মোকাবিলা কৰিবলৈ ১৯৯৩ চনত গঠন কৰা এক বিধিগত সংস্থা। অৰুণাচল প্ৰদেশ চৰকাৰে অৰ্ধ-ন্যায়িক সংস্থা হিচাপে এই আয়োগ গঠন কৰিছিল৷

ইতিহাস আৰু উদ্দেশ্য

ৰাজ্যখনৰ মহিলা সম্পৰ্কীয় বিষয়সমূহ অধ্যয়ন কৰাৰ লগতেৰ মহিলা সম্পৰ্কীয় নিৰ্দিষ্ট সমস্যাসমূহৰ তদন্তৰ বাবে ১৯৯৩ চনত অৰুণাচল প্ৰদেশ ৰাজ্যিক মহিলা আয়োগ গঠন কৰা হৈছিল।১আয়োগ নাৰী অধিকাৰ সুৰক্ষিত কৰাৰ ক্ষমতাৰে সজ্জিত৷ ইয়াৰ লগতে আয়োগে পৰিয়াল আৰু সমাজত সন্মুখীন হোৱা যিকোনো ধৰণৰ হাৰাশাস্তি আৰু সমস্যাৰ বিৰুদ্ধে নাৰীসমাজৰ সুৰক্ষা আৰু সমতা নিশ্চিত কৰে।

তলত উল্লেখ কৰা উদ্দেশ্যেৰে এই আয়োগ গঠন কৰা হৈছিল-

(১) মহিলাৰ সুৰক্ষা আৰু কল্যাণ নিশ্চিত কৰা।

(২) প্ৰাসংগিক আইন উলংঘা, সুযোগ অস্বীকাৰ কৰা বা মহিলাসকলক কোনো অধিকাৰৰ পৰা বঞ্চিত কৰাৰ ক্ষেত্ৰত সময়মতে লিংগভিত্তিক বিষয়সমূহ চম্ভালা।

(৩) মহিলাভিত্তিক বিষয়ত ৰাজ্য চৰকাৰক পৰামৰ্শ দিয়া।

(৪) আয়োগে মাজে মাজে ৰাজ্যখনৰ মহিলাভিত্তিক আইনসমূহৰ সন্দৰ্ভত ৰাজহুৱা স্থানত সজাগতা সৃষ্টিৰ পদক্ষেপ গ্ৰহণ কৰে।[3]

গঠন

অৰুণাচল প্ৰদেশ মহিলাৰ ৰাজ্যিক আয়োগ এজন অধ্যক্ষ আৰু ৪ জন সদস্যৰে গঠন কৰা হৈছিল।২৩

ৰাধিলো চ্ছাই (টেচ্ছি) অৰুণাচল প্ৰদেশ ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ।২আন সদস্যসকলৰ সৈতে তেওঁৰ কাৰ্যকালৰ সময় তিনি বছৰ।

কাৰ্যকলাপ

তলত দিয়া কাম-কাজসমূহ সম্পন্ন কৰিবলৈ অৰুণাচল প্ৰদেশ ৰাজ্যিক মহিলা আয়োগ গঠন কৰা হৈছিল:

(১) আয়োগে ভাৰতৰ সংবিধান আৰু মহিলা সম্পৰ্কীয় আইনৰ অধীনত মহিলাসকলৰ বাবে নিশ্চিত কৰা ব্যৱস্থা আৰু সুৰক্ষা মানি চলিব লাগে।৪

(২) ৰাজ্যৰ কোনো সংস্থাই যদি মহিলাৰ বিৰুদ্ধে সুৰক্ষামূলক ব্যৱস্থা ৰূপায়ণ কৰাত ব্যৰ্থ হয়, তেন্তে মহিলাসকলে চৰকাৰী জাননীত একেখিনি ব্যৱস্থা লাভ কৰাটো আয়োগে সুনিশ্চিত কৰিব লাগে।

(৩) ৰাজ্যৰ মহিলাসকলক ন্যায় প্ৰদানৰ ক্ষেত্ৰত যিকোনো আইন বিফল হ'লে সংশোধনীৰ বাবে পৰামৰ্শ দিয়া।৫

(৪) মহিলাৰ অধিকাৰ খৰ্বৰ যিকোনো বিষয় সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে গ্ৰহণ কৰা আৰু তেওঁলোকক অনুসৰণমূলক ব্যৱস্থা গ্ৰহণৰ পৰামৰ্শ দিয়া।

(৫) ভাৰতৰ সংবিধানৰ অধীনত নিশ্চিত কৰা আত্ম-অধিকাৰ উলংঘা আৰু নিজৰ সুৰক্ষা ব্যৱস্থা ৰূপায়ণ নকৰাৰ অভিযোগ থকা মহিলাসকলে প্ৰতিকাৰৰ বাবে মহিলা আয়োগৰ সৈতে পোনপটীয়াকৈ কাষ চাপিব পাৰে।

(৬) ৰাজ্যত অত্যাচাৰ আৰু বৈষম্যৰ বলি হোৱা মহিলাসকলক পৰামৰ্শ আৰু সহায় কৰা।

(৭) মহিলাৰ গণ গোটৰ সৈতে জড়িত যিকোনো বিষয়ৰ মীমাংসাৰ খৰচৰ বিত্তীয় সাহায্য প্ৰদান কৰা আৰু মাজে-মাজে সেইবোৰৰ সৈতে জড়িত বিষয় সম্বন্ধে ৰাজ্য চৰকাৰক প্ৰতিবেদন দিয়া।

(৮) মহিলা বন্দীক দাখিল কৰা যিকোনো চৌহদ, কাৰাগাৰ বা অন্যান্য ৰিমাণ্ড হোম বা আন যিকোনো গোচৰ পৰিদৰ্শন কৰি প্ৰয়োজন হ’লে নিজ নিজ কৰ্তৃপক্ষৰ জাননীলৈ আওতালৈ অনা।

(৯) মহিলা ভিত্তিক যিকোনো নিৰ্দিষ্ট বিষয়ৰ সোধা-পোছা, অধ্যয়ন আৰু অনুসন্ধান কৰা।

(১০) শৈক্ষিক গৱেষণা আৰম্ভ কৰা বা যিকোনো প্ৰচাৰ পদ্ধতি গ্ৰহণ কৰা আৰু সকলো ক্ষেত্ৰতে মহিলাৰ প্ৰতিনিধিত্ব নিশ্চিত কৰাৰ উপায়ৰ পৰামৰ্শ দিয়া আৰু তেওঁলোকৰ অধিকাৰৰ পৰা বঞ্চিত কৰা কাৰণ চিনাক্ত কৰা।

(১১) মহিলাসকলক তেওঁলোকৰ অধিকাৰৰ পৰা বঞ্চিত কৰা কোনো বিষয় বা মহিলা সুৰক্ষা আইন কাৰ্যকৰী নোহোৱা বা তেওঁলোকৰ সৈতে জড়িত কোনো নীতি অমান্য কৰা বা তেওঁলোকৰ সৈতে জড়িত মহিলা কল্যাণ আৰু সকাহৰ সৈতে জড়িত নিৰ্দেশনা মানি চলাত ব্যৰ্থ হোৱাৰ বিষয়ে suo-moto বা যিকোনো অভিযোগৰ সোধা-পোছা কৰা।

তথ্যসূত্ৰ

  1. ↑ Rajagopalan, Swarna. (30 May 2016). Why National and State Women’s Commissions are important and should be held accountable. dnaindia.com
  2. ↑ (28 December 2018). Arunachal Pradesh govt constitutes state women commission. business-standard.com
  3. ↑ (24 November 2021). Men should know laws on women’s rights: APSCW. arunachalobserver.org
  4. ↑ (23 August 2021). Arunachal women’s panel defends draft Inheritance Bill. thehindu.com
  5. ↑ (27 June 2019). Arunachal: APSCW delegation meets Chief Minister Pema Khandu. arunachal24.in

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অৰুণাচল প্ৰদেশ ৰাজ্যিক মহিলা আয়োগ” প্ৰবন্ধৰ সংশোধন ৬১৫৮৫০ (৫ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।