স্বাস্থ্য আৰু চিকিৎসা
ৰোগ, চিকিৎসা, মানৱ শৰীৰ আৰু জনস্বাস্থ্য · ৩৫০ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
বৰআই
বৰআই (smallpox) বা বসন্ত ৰোগ'ভেৰিঅ'লা মেজৰ (Variola major) and ভেৰিঅ'লা মাইনৰ (Variola minor) নামৰ দুবিধ ভাইৰাছে কৰা এবিধ সংক্ৰামক বেমাৰ। ইয়াক লেটিন নাম variola বা variola vera নামেৰেও জনা যায়। এই নাম দুটা varius ("দাগযুক্ত") বা varus ("শালমন")ৰ পৰা উদ্ভুত হৈছে।
-
যৌনকৰ্মী
যৌনকৰ্মী (Sex worker) হ'ল সেইগৰাকী ব্যক্তি, যি নিয়মীয়াকৈ বা অনিয়মীয়াকৈ যৌন কাৰ্যৰ সৈতে জড়িত। যৌন উদ্যোগৰ সকলো সৈতে জড়িত লোকসকলক বুজাবলৈ এই শব্দটো ব্যৱহাৰ কৰা হয়।
-
শৰীৰস্থান
শৰীৰস্থান (Anatomy; এনাটমী) হৈছে জীৱৰ শৰীৰৰ অভ্যন্তৰীণ গঠন, তন্ত্ৰসমূহৰ অৱস্থান আদিৰ বিষয়ে কৰা অধ্যয়ন। ই জীৱবিদ্যা আৰু ভেষজ বিদ্যাৰ এটা ভাগ। এনাটমী শব্দটো গ্ৰীক এনাটমীয়া শব্দৰ পৰা আহিছে যাৰ মূল অৰ্থ হ’ল ana: পৃথক কৰা আৰু temnein: কাটি চোৱা।
-
স্তন কেন্সাৰ
স্তন কেন্সাৰ (Breast cancer) হৈছে স্তনৰ কোষকলাৰ পৰা বিকশিত হোৱা একপ্ৰকাৰৰ কৰ্কট ৰোগ। স্তনৰ কৰ্কট ৰোগৰ লক্ষণবোৰৰ ভিতৰত প্ৰধানকৈ স্তনত পিণ্ডৰ সৃষ্টি হোৱা, স্তনৰ আকৃতিৰ পৰিৱৰ্তন, ছালৰ ডিম্পলিং, স্তনবৃন্তৰ পৰা তৰল নিৰ্গমন, অতিৰিক্ত ভাৱে নতুনকৈ ওলোৱা স্তনবৃন্ত, বা ছালৰ ৰঙাপৰা ইত্যাদি দেখা যায়।
-
কৰ্ণ (অংগ)
কৰ্ণ বা কাণ (ইংৰাজী: ear) হৈছে শব্দ অন্তঃকৰণ কৰা একপ্ৰকাৰৰ অংগ। ইয়াক শ্ৰৱণেন্দ্ৰিয় বুলিও কোৱা হয়। ই কেৱল শব্দ শুনাৰ লগতে জড়িত নহয়, ই দেহৰ অৱস্থান আৰু ভাৰসাম্যতা ৰক্ষা কৰাতো সহায় কৰে।
-
পাচন তন্ত্ৰ
পাচন তন্ত্ৰ (Digestive system) হৈছে মানুহ আৰু আন উচ্চস্তৰৰ প্ৰাণীসমূহৰ পাচন প্ৰক্ৰিয়া সমাধা কৰা এক অংগ তন্ত্ৰ। মানুহৰ পাচন তন্ত্ৰ এডাল খাদ্যনলী আৰু কিছুমান পাচক গ্ৰন্থিৰে গঠিত। খাদ্যনলী হ'ল মুখৰপৰা আৰম্ভ কৰি পায়ু পৰ্যন্ত পাকখোৱা ন মিটাৰ মান দৈৰ্ঘ্যৰ এডাল দীঘল নলী।
-
যোনি
যোনি (লেটিন: ভেজিনা) নাৰী শৰীৰৰ এটা গুৰুত্বপূৰ্ণ অংগ যি একেলগে প্ৰজননতন্ত্ৰ আৰু ৰেচনতন্ত্ৰৰ অংশ। যোনি হৈছে নাৰীৰ প্ৰজনন তন্ত্ৰৰ বাহিৰৰ অংশ। যৌন সম্পৰ্কৰ সময়ত পুৰুষে নিজৰ লিংগটো মাইকীজনীৰ যোনিত সুমুৱাই দিয়ে আৰু অংগ সঞ্চালনৰ মাধ্যমেৰে বীৰ্য নিক্ষেপ কৰে।
-
স্মাৰ্টফোন
স্মাৰ্টফোন হৈছে এক বিশেষ শ্ৰেণীৰ ম'বাইল ফোন বা ভ্ৰাম্যভাষ যাৰ দ্বাৰা একাধিক কাৰ্য সম্পাদন কৰিব পাৰি। সাধাৰণ ফোন আৰু স্মাৰ্টফোনৰ মাজত একাধিক বৈসাদৃশ্য আছে। যাৰ ভিতৰত শক্তিশালী হাৰ্ডৱেৰ আৰু উৎকৃষ্ট পৰ্যায়ৰ ম'বাইল অপাৰেটিঙ ছিষ্টেমেই প্ৰধান।
-
ৰজোনিবৃত্তি
ৰজোনিবৃত্তি বা মেনোপজ (Menopause) হৈছে মহিলাৰ জীৱনত এটা সময় যেতিয়া তেওঁলোকৰ মাহেকীয়া ঋতুস্ৰাৱ সম্পূৰ্ণৰূপে বন্ধ হৈ যায় যাৰ ফলত তেওঁলোকে আৰু গৰ্ভধাৰণ কৰিবলৈ সক্ষম নহয়। ৰজোনিবৃত্তি সাধাৰণতে ৪৯ ৰ পৰা ৫২ বছৰ বয়সত হয়।
-
অন্তঃস্ৰাৱী তন্ত্ৰ
অন্তঃস্ৰাৱী তন্ত্ৰ (ইংৰাজী- Endocrine System) হৈছে জীৱৰ হ'ৰমন নিঃসৰণ কৰা কিছুমান গ্ৰন্থীৰ সমষ্টি। এই অংগ তন্ত্ৰই হ'ৰমন প্ৰত্যক্ষভাৱে সংবহন তন্ত্ৰত নিঃসৰণ কৰে আৰু তেজে তাক নিৰ্দিষ্ট লক্ষকোষলৈ কঢ়িয়াই নিয়ে।
-
এইচ.আই.ভি.
এইচ.আই.ভি. (HIV) (Human immunodeficiency viruses, অৰ্থ: মানৱ প্ৰতিৰোধহীনতাৰ ভাইৰাছ) হৈছে লেণ্টিভাইৰাছ (ৰেট্ৰ’ভাইৰাছৰ এটা উপগোট)ৰ দুটা প্ৰজাতি যিয়ে মানুহক সংক্ৰমিত কৰে। সময়ৰ লগে লগে ইহঁতে এইডছ (Acquired ImmunoDeficiency Syndrome) সৃষ্টি কৰে।
-
নাক
নাক মেৰুদণ্ডী প্ৰাণীৰ দেহত থকা সংবেদনশীল অংগ আৰু শ্বাস-প্ৰশ্বাসৰ বাবে ব্যৱহৃত এক গঠন। নাকৰ নাসিকা ৰন্ধ্ৰৰে শ্বাসক্ৰিয়াৰ বায়ু প্ৰৱেশ আৰু প্ৰস্থান কৰে। ইয়াৰ ভিতৰত নাসিকা গহ্বৰ আৰু মুখৰ বাহিৰৰ নাক থাকে।
-
বসন্ত ৰোগ
বসন্ত ৰোগ হৈছে ভাইৰাছৰ দ্বাৰা হোৱা সংক্ৰামক ৰোগ। অসমত জনবিশ্বাসমতে শীতলা দেৱীক এই ৰোগৰ অধিষ্ঠাত্ৰী দেৱীৰূপে গণ্য কৰি ৰোগটোক ‘আই’ বোলা হয়। শীতকালৰ শেষৰফালে আৰু বসন্তকালৰ আৰম্ভণিতে এই ৰোগৰ আধিক্য বেছি বাবে ‘বসন্ত’ বুলি কোৱা হয়। এই ৰোগ তিনি প্ৰকাৰৰ।
-
যৌন সংক্ৰামক ৰোগ
যৌন সংক্ৰামক ৰোগ হৈছে যৌনতাৰ দ্বাৰা সংক্ৰমন হোৱা একশ্ৰেণীৰ সংক্ৰামক ৰোগ। এনে বেচিভাগ ৰোগৰে কোনো প্ৰাৰম্ভিক লক্ষণ দেখা নাযায়। ইয়াৰ ফলত এই ৰোগবোৰ এজনৰ পৰা আন এজনলৈ বিয়পাৰ সম্ভাৱনা বাঢ়ি যায়। গৰ্ভাৱস্থাত বা তাৰ আগত হোৱা সংক্ৰমণৰ ফলত শিশুৰ জন্মত সমস্যাৰ সৃষ্টি হয়।
-
স্ত্ৰীৰোগ বিজ্ঞান
স্ত্ৰীৰোগ বিজ্ঞান (Gynaecology/Gynecology) হৈছে চিকিৎসা বিজ্ঞানৰ এক ক্ষেত্ৰ য'ত স্ত্ৰীৰ প্ৰজনন তন্ত্ৰৰ লগত জড়িত সমস্যা সম্পৰ্কে অধ্যয়ন, আলোচনা তথা ৰোগৰ চিকিৎসা কৰা হয়।
-
হেপাটাইটিছ বি
হেপাটাইটিছ বি হৈছে হেপাটাইটিছ বি ভাইৰাছৰ সংক্ৰমণৰ ফলত হোৱা যকৃৎৰ প্ৰদাহ (Inflammation) সৃষ্টিকাৰী ৰোগ। পূৰ্বে "ছিৰাম হেপাটাইটিছ" (serum hepatitis) নামৰে জনা যোৱা এই ৰোগে এছিয়া আৰু আফ্ৰিকাৰ কোনো কোনো অঞ্চলত মহামাৰীৰ সৃষ্টি কৰিছে, আৰু চীনত ইয়াৰ প্ৰাদুৰ্ভাৱ বেছি।
-
প'লিঅ'মায়েলাইটিছ
প'লিঅ'মায়েলাইটিছ, (প'লিঅ বা শিশুৰ পক্ষাঘাত) প'লিঅ'ভাইৰাছে কৰা এবিধ সংক্ৰামক ৰোগ। প্ৰায় ৯০%ৰ পৰা ৯৫% সংক্ৰমণৰ কোনো লক্ষণ নাথাকে। আন ৫ ৰ পৰা ১০% মানুহৰ সাধাৰণ লক্ষণ যেনে জ্বৰ, মূৰৰ বিষ, বমি, পনীয়া শৌচ, ডিঙি টানি ধৰা আৰু হাত-ভৰিৰ বিষ হ'ব পাৰে। এইসকল ৰোগী এসপ্তাহ বা দুসপ্তাহৰ ভিতৰত ভাল হৈ উঠে।
-
পাকস্থলী
পাকস্থলীটো খাদ্যনলীৰ আটাইতকৈ বহল অংশ আৰু ই মধ্যচ্ছদাৰ ঠিক তলতে বাওঁফালে অৱস্থিত। পাকস্থলীটো পেশীযুক্ত আৰু আকৃতিত ইংৰাজী J আখৰটোৰ দৰে। পূৰ্ণবয়স্ক মানুহৰ পাকস্থলীৰ আয়তন প্ৰায় 1500 মি. লি.। ই ওপৰৰ পিনে ইছ’ফেগাছৰ লগত আৰু তলৰ পিনে ডুৱ’ডেনামৰ লগত সংযুক্ত হৈ থাকে।
-
স্তন
স্তন হৈছে এক প্ৰকাৰৰ দুগ্ধ গ্ৰন্থী। প্ৰতিটো গ্ৰন্থী মাইকী আদিমানৱৰ বক্ষৰ ওপৰৰ অংশত থাকে। এই গ্ৰন্থীয়ে উৎপাদন আৰু নিঃসৰণ কৰা গাখীৰ অপত্যই খায়। মতা আৰু মাইকী উভয়ৰে একে ভ্ৰূণীয় কলাৰ পৰা ইয়াৰ বিকাশ হয়, কিন্তু যৌন সক্ষমতা লাভ কৰাৰ সময়ত, এষ্ট্ৰ'জেন আৰু অন্য বৃদ্ধিৰ লগত জড়িত হ'ৰমনৰ প্ৰভাৱত কেৱল…
-
সৰুআই
সৰুআই হৈছে মিজ'লচ্ ভাইৰাছৰ দ্বাৰা হোৱা এক প্ৰকাৰৰ সংক্ৰামক ৰোগ। এই ৰোগৰ প্ৰাথমিক লক্ষণ হৈছে জ্বৰ, প্ৰায়ে 40 °Cত কৈও অধিক, কাহ, নাকৰ পানী ওলোৱা, আৰু চকু ৰঙা পৰা। লক্ষনে দেখা দিয়াৰ দুই তিনি দিনৰ পাছত, সৰু সৰু বগা গুটি ওলায়, Koplik's spots বোলা হয়।
-
হিপ'ক্ৰেটিছ
হিপ'ক্ৰেটিছ (Hippocrates বা Hippocrates of Cos বা Hippokrates of Kos), (খ্ৰী.পূ. ৪৬০ - খ্ৰী.পূ. ৩৭০) প্ৰাচীন গ্ৰীক চিকিৎসক। এখেতক পাশ্চাত্য চিকিৎসা বিজ্ঞানৰ জনক বুলি কোৱা হয়। হিপ'ক্ৰেটিছেই চিকিৎসা-বিজ্ঞানক দৰ্শন আৰু ধৰ্ম শাস্ত্ৰৰ আয়ত্ত্বৰ বাহিৰলৈ আনি স্বকীয় বৈশিষ্ট্যৰ বিজ্ঞান বুলি চিহ্নিত কৰে।
-
অংগিৰস
অংগিৰস (अङ्गिरस्,একৱচনত अङ्गिराः) হিন্দু ধৰ্মৰ বৈদিক ঋষি আছিল। ঋগবেদত তেওঁক ঐশ্বৰিক জ্ঞানৰ গুৰু, আৰু মানুহ আৰু দেৱতাৰ মধ্যস্থতাকাৰী বুলি বৰ্ণনা কৰা হৈছে আৰু অন্যান্য গীতত তেওঁক অগ্নিদেৱ (অগ্নি দেৱতাসকলৰ ভিতৰত প্ৰথম বুলি উল্লেখ কৰা হৈছে।
-
ইনফ্লুৱেঞ্জা
ইনফ্লুৱেঞ্জা হৈছে ইনফ্লুয়েঞ্জা ভাইৰাছৰ দ্বৰা হোৱা এবিধ সংক্ৰামক ৰোগ। এই ৰোগৰ কিছুমান সাধাৰণ লক্ষণ হৈছে, অতিপাত জ্বৰ, নাকৰ পৰা পানী ওলোৱা, ডিঙিৰ পিৰপিৰণি, পেশীৰ বিষ, মুৰৰ বিষ, কাহ, আৰু ভাগৰ লগা। ভাইৰাছে আক্ৰমণ কৰা দুদিন পিছৰ পৰাই এই লক্ষণবোৰে দেখা দিয়ে আৰু প্ৰায় এক সপ্তাহ পৰ্যন্ত থাকে।
-
পেশী
পেশী হৈছে অধিকাংশ প্ৰাণীৰ দেহত থকা এক প্ৰকাৰৰ কোমল কলা। পেশী কোষবোৰ প্ৰটিনযুক্ত এক্টিন আৰু মায়চিন সূত্ৰৰে গঠিত। এই সূত্ৰহোৰৰ সংকোচনৰ বাবে পেশী কোষবোৰৰ আকাৰ আৰু আকৃতিৰ পৰিবৰ্তন হয়। বলৰ উৎপাদন কৰা আৰু চলন ক্ষমতা প্ৰদান কৰা হৈছে পেশীৰ কাৰ্য।
-
প্ৰতিৰোধ তন্ত্ৰ
প্ৰতিৰোধ তন্ত্ৰ (Immune system) হৈছে কোনো এটা জীৱৰ দেহত থকা, বহুতো জীৱবৈজ্ঞানিক গঠন আৰু জীৱবৈজ্ঞানিক পদ্ধতিৰে গঠিত এক প্ৰকাৰৰ প্ৰতিৰোধ প্ৰণালী যি জীৱটোক ৰোগ বিৰুদ্ধে প্ৰতিৰোধ ক্ষমতা গঢ়ি তোলাত সহায় কৰে।
-
ভাৰতত ক'ভিড-১৯ বৈশ্বিক মহামাৰী
২০১৯ − ২০২০ চনৰ ক'ৰ'ণা ভাইৰাছৰ বিশ্বমাৰীৰ প্ৰথম ঘটনা ভাৰতত ৩০ জানুৱাৰী ২০২০ ত হৈছিল, ই চীনৰ পৰা আৰম্ভ হৈছিল। ১৩ এপ্ৰিল ২০২০ পৰ্যন্ত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে দেশত মুঠ ৯,১৫২টা সংক্ৰমণ, ৮৫৭জন আৰোগ্য, ১টা প্ৰৱজন আৰু ৩০৮জন মৃত্যু হোৱাৰ তথ্য নিশ্চিত কৰিছে।
-
মানসিক বিসংগতি
মানসিক বিসংগতি হৈছে একপ্ৰকাৰৰ, মানসিক অথবা আচৰণগত সমস্যা। মানসিক বিসংগতি থকা ব্যক্তিয়ে সাধাৰণ জীৱন যাপন কৰিব নোৱাৰে নাইবা সাধাৰণ জীৱন যাপনৰ ক্ষমতা হেৰুৱাই পেলায়। বিভিন্ন ধৰণৰ মানসিক বিসংগতি দেখা পোৱা যায়, আৰু এনে বিসংগতিৰ লক্ষণো বিভিন্ন ধৰণৰ হয়। মানসিক বিসংগতিৰ কাৰণবোৰ স্পষ্ট নহয়।
-
ৰূপান্তৰকামিতা
ৰূপান্তৰকামিতা (transsexual) বুলিলে এক বিশেষ প্ৰৱণতাক বুজায় য’ত ‘জৈৱ লিংগ’ ব্যক্তিৰ লিংগ বা ‘সাংস্কৃতিক লিংগ’ৰ লগত প্ৰভেদ সৃষ্টি কৰে। ৰূপান্তৰকামী ব্যক্তিসকলে এনে ধৰণৰ এক যৌন পৰিচয়ৰ অভিজ্ঞতা লাভ কৰে যে ঐতিহ্যগতভাৱে তেওঁলোকৰ নিৰ্ধাৰিত যৌনতাৰ লগত স্থিতিশীল নহয় আৰু তেওঁলোকে নিজক স্থায়ীভাৱে সেই…
-
অংগ তন্ত্ৰ
অংগ তন্ত্ৰ হৈছে কোনো জীৱদেহৰ কোনো নিৰ্দিষ্ট কাৰ্যৰ সম্পাদনৰ বাবে একত্ৰ হোৱা বিভিন্ন অংগৰ সমষ্টি। জীৱবিদ্যাত বিভিন্ন তন্ত্ৰৰ উল্লেখ পোৱা যায়, যেনে- জীৱসমষ্টি হৈছে বহু জীৱৰ সমষ্টি, কলা তন্ত্ৰ হৈছে বিভিন্ন কোষৰ সমষ্টি আদি।
-
কেন্দ্ৰীয় স্নায়ু তন্ত্ৰ
কেন্দ্ৰীয় স্নায়ু তন্ত্ৰ (central nervous system বা CNS) বুলিলে মগজু আৰু স্নায়ুৰজ্জুৰে গঠিত স্নায়ু তন্ত্ৰৰ অংশক বুজায়। দ্বি সমমিত প্ৰাণীৰ ক্ষেত্ৰত (bilaterally symmetric animals) বা স্প'ঞ্জ আৰু জেলীফিছৰ দৰে প্ৰাণীৰ বাহিৰে সকলো বহুকোষী প্ৰাণীৰ ক্ষেত্ৰত ই গোতেই শৰীৰৰে পৰা তথ্য গ্ৰহণ, সমন্বয়কৰণ…