অন্তঃস্ৰাৱী তন্ত্ৰ (ইংৰাজী ভাষা- Endocrine System) হৈছে জীৱৰ হৰম'ন নিঃসৰণ কৰা কিছুমান গ্ৰন্থীৰ সমষ্টি। এই অংগ তন্ত্ৰই হ'ৰমন প্ৰত্যক্ষভাৱে সংবহন তন্ত্ৰত নিঃসৰণ কৰে আৰু তেজে তাক নিৰ্দিষ্ট লক্ষকোষলৈ কঢ়িয়াই নিয়ে। প্ৰধান অন্তঃস্ৰাৱী গ্ৰন্থীবোৰ হৈছে পাইনিয়েল গ্ৰন্থী, পিটুইটেৰি গ্ৰন্থী, অগ্নাশয়, ডিম্বাশয়, শুক্ৰাশয়, থাইৰয়ড গ্ৰন্থী, পেৰাথাইৰয়ড গ্ৰন্থী, হাইপথেলামাছ, খাদ্যনলী আৰু এড্ৰেনেল গ্ৰন্থী। অন্তঃস্ৰাৱী তন্ত্ৰ আৰু বহিস্ৰাৱী তন্ত্ৰ পৰস্পৰ বিপৰীত ধৰ্মী, অৰ্থাৎ বহিস্ৰাৱী গ্ৰন্থীবোৰে কিছুমান নলীৰ সহায়ত হ'ৰমন নিঃসৰণ কৰে। অন্তঃস্ৰাৱী তন্ত্ৰ, স্নায়ু তন্ত্ৰৰ দৰেই এক তথ্য সংকেট প্ৰনালী কিন্তু কাৰ্যপদ্ধতি পৃথক। অন্তঃস্ৰাৱী তন্ত্ৰৰ ক্ৰিয়াবোৰ লেহেমীয়া গতিত আৰম্ভ হয়, সৰ্বাধিক প্ৰতিক্ৰিয়া দেখুৱাই আৰু কেই ঘণ্টামানৰ পৰা কেইবা সপ্তাহ পৰ্যন্ত সক্ৰিয় হৈ থাকে। স্নায়ু তন্ত্ৰৰই ক্ষিপ্ৰগতিত তথ্য প্ৰেৰণ কৰে আৰু প্ৰতিক্ৰিয়াবোৰ ক্ষণস্থায়ী। মেৰুদণ্ডী প্ৰাণী প্ৰাণীৰ ক্ষেত্ৰত, হাইপথেলামাছ হৈছে সমগ্ৰ অন্তঃস্ৰাৱী তন্ত্ৰৰ স্নায়বিক নিয়ন্ত্ৰণ কেন্দ্ৰ।
অন্তঃস্ৰাৱী গ্ৰন্থীৰ বিশেষ বৈশিষ্ট হৈছে, ইহঁত নলীবিহীন আৰু নিঃসৰিত হ'ৰমনবোৰ অন্তৰ্কোষীয় স্থান বা গ্ৰেনুলবোৰত জমা কৰে। আনহাতে লালটি গ্ৰন্থী, ঘৰ্ম গ্ৰন্থী, আৰু খাদ্যনলীৰ গ্ৰন্থীৰ দৰে বহিস্ৰাৱী গ্ৰন্থীবোৰৰ একোডাল নলী বা ফোপোলা লুমেন থাকে।
উল্লেখিত বিশেষ অংগবোৰৰ উপৰিও হাড়, বৃক্ক, যকৃৎ, হৃদযন্ত্ৰ আৰু জনন থলীবোৰতো, গৌণ অন্তঃস্ৰাৱী কাৰ্য সংঘটিত হয়। উদাহৰণ স্বৰূপে বৃক্কই এৰিথ্ৰ'পয়েটিন আৰু ৰেনিনৰ দৰে হ'ৰমন নিঃসৰণ কৰে।
অন্তঃস্ৰাৱীৰ ইংৰাজী প্ৰতিশব্দ Endocrine শব্দটো গ্ৰীক শব্দ ἐνδο- এন্দ'- "ভিতৰত," আৰু κρίνειν ক্ৰাইনেন "পৃথক কৰা"ৰ পৰা আহৰণ কৰা হৈছে।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অন্তঃস্ৰাৱী তন্ত্ৰ” প্ৰবন্ধৰ সংশোধন ২৭০৯৭০ (১৩ এপ্ৰিল ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।