কেন্দ্ৰীয় স্নায়ু তন্ত্ৰ (central nervous system বা CNS) বুলিলে মস্তিষ্ক আৰু স্নায়ুৰজ্জুৰে গঠিত স্নায়ু তন্ত্ৰৰ অংশক বুজায়। দ্বি সমমিত প্ৰাণীৰ ক্ষেত্ৰত (bilaterally symmetric animals) বা স্প'ঞ্জ আৰু জেলীফিছৰ দৰে প্ৰাণীৰ বাহিৰে সকলো বহুকোষী প্ৰাণীৰ ক্ষেত্ৰত ই গোতেই শৰীৰৰে পৰা তথ্য গ্ৰহণ, সমন্বয়কৰণ আৰু প্ৰভাৱিত কৰা বাবে ইয়াক কেন্দ্ৰীয় স্নায়ু তন্ত্ৰ বোলা হয়। মাজত কোনো স্নায়ুগ্ৰন্থি (ganglion) নথকাকৈ মগজুৰ কলাত সংযোজিত হোৱা বাবে ৰেটিনা১ আৰু নেত্ৰ স্নায়ু (প্ৰথম কৰোটিক স্নায়ু)-ৰ,২৩ লগতে ঘ্ৰাণ স্নায়ু (প্ৰথম) আৰু ঘ্ৰাণ আচ্ছাদনকো (olfactory epithelium)৪ বহুতে কেন্দ্ৰীয় স্নায়ু তন্ত্ৰৰ অংশ হিচাপে গণ্য কৰে। এই মতে ঘ্ৰাণ স্নায়ু কেন্দ্ৰীয় স্নায়ু তন্ত্ৰৰ একমাত্ৰ কলা যি বাহিৰৰ পৰিবেশৰ সংস্পৰ্শত থাকে। ৪ কেন্দ্ৰীয় স্নায়ু তন্ত্ৰ পচ্ছাৎ দেহ গহ্বৰত (dorsal body cavity) অৱস্থিত; ইয়াৰে মস্তিষ্ক কৰোটিক গহ্বৰ (cranial cavity) আৰু স্নায়ুৰজ্জু স্নায়ু নলীত (spinal canal) থাকে। মেৰুদণ্ডী প্ৰাণীৰ ক্ষেত্ৰত মগজুক কৰোটিয়ে সুৰক্ষা দিয়ে আৰু স্নায়ুৰজ্জুক ৰাজহাড়ে ৰক্ষা কৰে। মস্তিষ্ক আৱৰণীয়ে মগজু আৰু স্নায়ুৰজ্জু দুয়োটাকে আৱৰি থাকে।৫
গঠন
কেন্দ্ৰীয় স্নায়ু তন্ত্ৰ দুটা প্ৰধান অংশৰে গঠিত: মস্তিষ্ক আৰু স্নায়ুৰজ্জু। মস্তিষ্ক কৰোটিৰ গহ্বৰৰ ভিতৰত আবদ্ধ হৈ থাকে। মস্তিষ্কৰ পৰা স্নায়ুৰজ্জু কৰোটিৰ তলৰফালে থকা বিন্ধাইদি ওলাই আহে৬ আৰু ইয়াক ৰাজহাড়ে আৱৰি ৰাখে। এই বিন্ধাটোক মহাৰন্ধ্ৰ (foramen magnum) বোলে। তললৈ আহি স্নায়ুৰজ্জু প্ৰথম বা দ্বিতীয় লাম্বাৰ ৰাজহাড়ৰ পৰ্যায়ত শেষ হয়,৬৭ আৰু ই ৰাজহাড়ৰ নলীৰ ওপৰৰ অংশ অধিকাৰ কৰে।৩
বাহ্যিক সংযোগ
- Overview of the Central Nervous System, Neuroscience Online (electronic neuroscience textbook)
- High-Resolution Cytoarchitectural Primate Brain Atlases
- Explaining the human nervous system .
- The Department of Neuroscience at Wikiversity
তথ্যসূত্ৰ
- ↑ Purves, Dale. (2000). Neuroscience, Second Edition. Sinauer Associates. ISBN 9780878937424
- ↑ Medical Subject Headings (MeSH): Optic Nerve. National Library of Medicine
- ↑ Estomih Mtui, M.J. Turlough FitzGerald, Gregory Gruener. Clinical neuroanatomy and neuroscience. Saunders. পৃ. 38. ISBN 978-0-7020-3738-2
- ↑ Gizurarson S. (2012). Anatomical and histological factors affecting intranasal drug and vaccine delivery.. Current Drug Delivery. পৃ. 566–582
- ↑ Maton, Anthea; Jean Hopkins; Charles William McLaughlin. (1993). Human Biology and Health. Prentice Hall. পৃ. 132–144. ISBN 0-13-981176-1
- ↑ (2012). Principles of neural science. McGraw Hill. পৃ. 338–343. ISBN 978-0-07-139011-8
- ↑ Huijzen, R. Nieuwenhuys, J. Voogd, C. van. (2007). The human central nervous system. Springer. পৃ. 3. ISBN 978-3-540-34686-9
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কেন্দ্ৰীয় স্নায়ু তন্ত্ৰ” প্ৰবন্ধৰ সংশোধন ৬৩২৭৫৪ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।