পাচন তন্ত্ৰ
৯ প্ৰবন্ধ
-
যকৃৎ
যকৃৎ হৈছে মেৰুদণ্ডী আৰু অন্য কিছু প্ৰাণীৰ এটা অত্যাৱশ্যকীয় অংগ। মানুহৰ ক্ষেত্ৰত ই মধ্যচ্ছদাৰ তলফালে পেটৰ সোঁকাষৰ ওপৰ অংশত থাকে। যকৃতৰ বহু কাৰ্য আছে, বহু দেহজ ক্ৰিয়াৰ বিষ প্ৰশমন, প্ৰ'টিন সংশ্লেষণ, পাচনৰ বাবে প্ৰয়োজনীয় জৈৱৰসায়নৰ উৎপাদন কৰে।
-
পাচন তন্ত্ৰ
পাচন তন্ত্ৰ (Digestive system) হৈছে মানুহ আৰু আন উচ্চস্তৰৰ প্ৰাণীসমূহৰ পাচন প্ৰক্ৰিয়া সমাধা কৰা এক অংগ তন্ত্ৰ। মানুহৰ পাচন তন্ত্ৰ এডাল খাদ্যনলী আৰু কিছুমান পাচক গ্ৰন্থিৰে গঠিত। খাদ্যনলী হ'ল মুখৰপৰা আৰম্ভ কৰি পায়ু পৰ্যন্ত পাকখোৱা ন মিটাৰ মান দৈৰ্ঘ্যৰ এডাল দীঘল নলী।
-
ক্ষুদ্ৰান্ত্ৰ
ক্ষুদ্ৰান্ত্ৰ হৈছে পৌষ্টিকনলীৰ এটা অংশ। ই পাকস্থলী আৰু বৃহদান্ত্ৰৰ মাজত থাকে। খাদ্যৰ সৰ্বাধিক পাচন আৰু অৱশোষণ ইয়াতেই সংঘটিত হয়। ক্ষুদ্ৰান্ত্ৰৰ তিনিটা প্ৰধান ভাগ আছে – ডুৱডেনাম, জেজুনাম, আৰু ইলিয়াম। অগ্নাশয়ৰ পাকস্থলী ৰস আৰু অগ্নাশয় ৰস অগ্নাশয় নলী জৰিয়তে ইয়াত প্ৰৱেশ কৰে।
-
পাকস্থলী
পাকস্থলীটো খাদ্যনলীৰ আটাইতকৈ বহল অংশ আৰু ই মধ্যচ্ছদাৰ ঠিক তলতে বাওঁফালে অৱস্থিত। পাকস্থলীটো পেশীযুক্ত আৰু আকৃতিত ইংৰাজী J আখৰটোৰ দৰে। পূৰ্ণবয়স্ক মানুহৰ পাকস্থলীৰ আয়তন প্ৰায় 1500 মি. লি.। ই ওপৰৰ পিনে ইছ’ফেগাছৰ লগত আৰু তলৰ পিনে ডুৱ’ডেনামৰ লগত সংযুক্ত হৈ থাকে।
-
বৃহদান্ত্ৰ
বৃহদান্ত্ৰ হৈছে মেৰুদণ্ডীৰ পাচন তন্ত্ৰৰ একেবাৰে শেষৰ অংশ। ইয়াক ক'লন বুলিও কোৱা হয়। ইয়াত পানীৰ শোষণ হয় আৰু অৱশিষ্ট খিনি মলত্যাগৰ দ্বাৰা দেহৰ পৰা বহিস্কাৰ নোহোৱা পৰ্যন্ত মল হিচাপে জমা হৈ থাকে। চিকাম, ক'লন, মলভাণ্ড, পায়ুনলীৰ সমন্বয়ত বৃহদান্ত্ৰ গঠিত বুলি বহু বিশেষজ্ঞই মত পোষণ কৰে।
-
অগ্ন্যাশয়
অগ্ন্যাশয় বা pancreas মেৰুদণ্ডী প্ৰাণীৰ পাচন তন্ত্ৰ আৰু অন্তঃস্ৰাৱী তন্ত্ৰৰ এটা অংগ। মানুহৰ দেহত ই পেটৰ পাকস্থলীৰ পিছফালে অৱস্থিত। অগ্ন্যাশয় এক মিশ্ৰ গ্ৰন্থি, কাৰণ ই অন্তঃস্ৰাৱী আৰু বহিঃস্ৰাৱী দুয়োবিধ গ্ৰন্থি হিচাপে কাম কৰিব পাৰে।
-
পৰিশেষিকা (শৰীৰস্থান)
পৰিশেষিকা বা এপেণ্ডিক্স (উপাংগ; উপান্ত্ৰ; অন্ত্ৰপুচ্ছ; ভাৰমিফৰ্ম এপেণ্ডিক্স বা কৃমিৰূপ পৰিশেষিকা আদি) হৈছে অন্ধনল বা caecumৰ সৈতে সংযুক্ত আঙুলিৰ দৰে অন্ধ-সমাপ্ত নলী, য'ৰ পৰা ই ভ্ৰূণ স্তৰত বিকশিত হয়। অন্ধনল ক্ষুদ্ৰান্ত্ৰ আৰু বৃহদান্ত্ৰৰ সংযোগস্থলত অৱস্থিত বৃহদান্ত্ৰৰ এটা মোনাৰ দৰে গঠন।
-
ক’ল’ৰেক্টেল কেন্সাৰ
ক’ল’ৰেক্টেল কেন্সাৰ (Colorectal cancer), যাক বাৱেল কেন্সাৰ, ক’লন কেন্সাৰ, অন্ত্ৰৰ কেন্সাৰ, বা মলদ্বাৰৰ কেন্সাৰ বুলিও জনা যায়, হৈছে ক’লন বা ৰেক্টাম (বৃহদান্ত্ৰৰ অংশ)ৰপৰা সৃষ্টি হোৱা কৰ্কট ৰোগ।
-
পাচন নলী
পাচন নলী (gastrointestinal tract, digestive tract, digestional tract, GI tract, GIT, gut বা alimentary canal) হৈছে খাদ্য গ্ৰহণ কৰি, পাচন ঘটাই, খাদ্যত থকা শক্তি আৰু পোষক তত্ত্ব শোষণ কৰি অপ্ৰয়োজনীয় অৱশেষক মল আকাৰে দেহৰ বাহিৰলৈ নিষ্কাষণ কৰা, মানুহ বা অন্য প্ৰাণীৰ দেহত থকা এক প্ৰকাৰৰ অংগ তন্ত্ৰ।