মানসিক স্বাস্থ্য
৭ প্ৰবন্ধ
-
উদ্বিগ্নতা
উদ্বিগ্নতা (মানসিক উদ্বিগ্নতা, anxiety) মনোজগতৰ অস্থিৰতাৰ জৰিয়তে দেখা দিয়া এক বিশেষ অপ্ৰীতিকৰ আৰু অনাকাংক্ষিত আৱেগিক প্ৰাৱস্থা। মানসিক উদ্বিগ্নতা সাধাৰণতেই স্নায়ৱিক বিৱশতাৰ আচৰণ, যেনে উচপিচনি (লৰা-ঢপৰাকৈ অগা-পিছা কৰা), স্বেচ্ছাপ্ৰবৃত্ত বা ছ'মাটিক (somatic) উদ্বেগ, আৰু অপ্ৰত্যাশিত পৰিস্থিতি বা…
-
বৰ্ণবৈষম্য
বৰ্ণবৈষম্য (Racism) হৈছে মতবাদ, যাৰ মাধ্যমত কিছুমান জাতি বা জাতিগত গোট আন গোটবিলাকতকৈ বেছি উন্নত বুলি ধৰা হয়, আৰু সেই আধাৰত বিদ্বেষ, অপবঞ্চনা বা অন্যায় ব্যৱহাৰ কৰা হয়। এইটো সামাজিক, ৰাজনৈতিক, আৰু অৰ্থনৈতিক প্ৰেক্ষাপটৰ সমস্যা হিচাপে বিশ্বজুৰি বিদ্যমান।
-
গুৰুতৰ অৱসাদজনিত ব্যাধি
গুৰুতৰ অৱসাদজনিত ব্যাধি (Major depressive disorder-MDD), (যাক সচৰাচৰ হতাশগ্ৰস্ততা বা অৱসাদ হিচাপেও জনা যায়), হৈছে একধৰণৰ মানসিক ব্যাধি যাৰ বৈশিষ্ট্য হ'ল যে দুসপ্তাহ বা ততোধিক কালজুৰি নিম্ন মনোৱস্থা বিস্তৃত হৈ থাকে।
-
পূৰ্ণতাবাদ
পূৰ্ণতাবাদ, নিখুঁততা, বা পাৰমিতা (Perfectionism) হৈছে মানুহৰ ব্যক্তিত্বৰ এক বিশেষ চাৰিত্ৰিক বৈশিষ্ট্য। কোনো ক্ষেত্ৰত ব্যক্তিবিশেষৰ নিজস্ব নিখুঁততা আৰু উৎকৰ্ষৰ প্ৰতি দৃঢ়-প্ৰয়াসৰ সংস্ৰৱৰ জৰিয়তে পূৰ্ণতাবাদ চিহ্নিত কৰা হয়।
-
প্ৰসৱোত্তৰ বিষণ্ণতা
পʼষ্টপাৰ্টাম ডিপ্ৰেচন (Postpartum depression ) বা প্ৰসৱোত্তৰ অৱসাদ যাক প্ৰসৱৰ পিছৰ বিষণ্ণতা বুলিও কোৱা হয়, হৈছে প্ৰসৱৰ পিছত হোৱা এক অৱসাদ, যিয়ে পুৰুষ আৰু মহিলাক সমানে আক্ৰান্ত কৰিব পাৰে।
-
সৃজনশীলতা আৰু মানসিক স্বাস্থ্য
সৃজনশীলতা আৰু মানসিক স্বাস্থ্যৰ মাজৰ সংযোগৰ ধাৰণাটো মনস্তত্ত্ববিদসকল আৰু অন্যান্য গৱেষকসকলৰ মাজত কেইবা শতিকা জুৰি আলোচনা আৰু অধ্যয়নৰ বিষয় হৈ আহিছে। সৃজনশীলতা বা সৃষ্টিশীলতাক প্ৰধান মানসিক ৰোগসমূহ, যেনে দ্বিমেৰু ব্যাধি (bipolar disorder), দ্বৈত সত্তাৰ মনস্তত্ত্ব বা ছিজ'ফ্ৰেনিয়া (schizophrenia),…
-
ল’গ’থেৰাপী
ল’গ’থেৰাপী (Logotherapy) হৈছে স্নায়ুবিজ্ঞানী আৰু মনোৰোগ বিশেষজ্ঞ ভিক্টৰ ফ্ৰাঙ্কলে বিকাশ কৰা একপ্ৰকাৰৰ অস্তিত্ববাদী মনোচিকিৎসা-পদ্ধতি। ইয়াৰ মৌলিক ধাৰণা হৈছে—মানুহৰ জীৱনত প্ৰধান প্ৰেৰণাদায়ী শক্তি হ’ল অৰ্থৰ অনুসন্ধান।