ভাইৰাছজনিত ৰোগ
৮ প্ৰবন্ধ
-
কৰ'নাভাইৰাছ ৰোগ ২০১৯
কৰ'না ভাইৰাছ ৰোগ ২০১৯ (Coronavirus disease 2019; চমুকৈ COVID-19) হ'ল severe acute respiratory syndrome coronavirus 2 (অতিকৈ তীব্ৰ শ্বাসজনীত লক্ষণীয় কৰ'নাভাইৰাছ ২) বা চমুকৈ SARS-CoV-2এ কৰা এক প্ৰকাৰৰ সংক্ৰমণ।
-
হেপাটাইটিছ বি
হেপাটাইটিছ বি হৈছে হেপাটাইটিছ বি ভাইৰাছৰ সংক্ৰমণৰ ফলত হোৱা যকৃৎৰ প্ৰদাহ (Inflammation) সৃষ্টিকাৰী ৰোগ। পূৰ্বে "ছিৰাম হেপাটাইটিছ" (serum hepatitis) নামৰে জনা যোৱা এই ৰোগে এছিয়া আৰু আফ্ৰিকাৰ কোনো কোনো অঞ্চলত মহামাৰীৰ সৃষ্টি কৰিছে, আৰু চীনত ইয়াৰ প্ৰাদুৰ্ভাৱ বেছি।
-
ইব'লা ভাইৰাছ ৰোগ
ইব'লা ভাইৰাছ ৰোগ বা ইব'লা ৰক্তক্ষৰিত ৰোগ (Ebola virus disease (EVD বা Ebola hemorrhagic fever,EHF) ইব'লা নামৰ ভাইৰাছবিধৰ বাবে হোৱা মানুহৰ এটা ৰোগ। ইয়াৰ লক্ষণ সাধাৰণতে ভাইৰাছবিধ সংক্ৰমিত হোৱাৰ ২ দিনৰ পৰা তিনি সপ্তাহৰ ভিতৰত দেখা দিব পাৰে।
-
জলাতংক
জলাতংক বা ৰেবিজ (Rabies) মানুহ আৰু আন উষ্ণ ৰক্তৰ জন্তুৰ মগজুত একিউট প্ৰদাহৰ সৃষ্টি কৰা এটা ভাইৰেল ৰোগ। প্ৰাৰম্ভিক লক্ষণবোৰ হৈছে জ্বৰ আৰু সংক্ৰমণৰ ঠাইত জিনজিননি জলাতংক ৰোগ ৰেবিজ ভাইৰাছ আৰু অষ্ট্ৰেলীয় বাদুলী লিছাভাইৰাছকে ধৰি লিছাভাইৰাছ ৰ পৰা হয়।
-
ছোৱাইন ফ্লু
ছোৱাইন ফ্লু'ক বৰ্তমান ‘ইনফ্লুৱেঞ্জা-এ(H1N1)’ অথবা ‘H1N1 ফ্লু’ বুলিও জনা যায়। আৰম্ভণিতে গাহৰিৰপৰা মানুহলৈ এই ৰোগৰ সংক্ৰমণ হৈছিল আৰু এই ৰোগবিধ সৃষ্টি কৰা ভাইৰাছ গাহৰিৰ ইনফ্লুৱেঞ্জা কৰা ভাইৰাছৰ সৈতে একে বুলি ভবা হোৱা বাবে ইয়াক ‘ছোৱাইন ফ্লু’ বুলি কোৱা হৈছিল।
-
পানীলগা জ্বৰ
সাধাৰণ পানীলগা জ্বৰ হৈছে এক প্ৰকাৰৰ ভাইৰাছজনিত সংক্ৰামক ৰোগ। ই শ্বাস নলীৰ ওপৰৰ অংশত সংক্ৰমিত হয় আৰু প্ৰাথমিকভাৱে নাকত প্ৰভাৱ পেলায়। পানীলগাৰ সাধাৰণ উপসৰ্গবোৰ হৈছে কাহ, ডিঙিৰ পিৰপিৰণি, নাকৰ পৰা পানী ওলোৱা, হাঁচি, আৰু জ্বৰ।
-
হাণ্টাভাইৰাছ সংক্ৰমণ
হাণ্টাভাইৰাছ সংক্ৰমণ বা হাণ্টাভাইৰাছ ৰোগ হৈছে অৰ্থোহাণ্টাভাইৰাছ প্ৰজাতিৰ ভাইৰাছৰদ্বাৰা হোৱা মানুহৰ সংক্ৰামক ৰোগ। ইয়াৰ ফলত ৰেনাল চিনড্ৰম (HFRS) বা হাণ্টাভাইৰাছ পালমোনাৰী চিনড্ৰম (HPS)ৰ সৈতে ৰক্তক্ষৰণজনিত জ্বৰ হ’ব পাৰে।
-
আফ্ৰিকান ছোৱাইন ফিভাৰ
আফ্ৰিকান ছোৱাইন ফিভাৰ (African swine fever) হৈছে ঘৰচীয়া আৰু বনৰীয়া গাহৰিৰ শৰীৰত ভাইৰাছৰ পৰা হোৱা এবিধ মাৰাত্মক সংক্ৰামক ৰোগ। এই বেমাৰবিধ গাহৰিৰ শৰীৰত সাধাৰণতে দেখা দিয়া ক্লাছিকেল ছোৱাইন ফিভাৰতকৈ বেলেগ আৰু এই বেমাৰবিধৰ কোনো প্ৰতিষেধক এতিয়ালৈ ওলোৱা নাই।